NORTHEAST NOW (Assamese)

যোৰহাটৰ বায়ুসেনা ঘাটীত অনুষ্ঠিত ‘আইএএফ পৰিবহণ বিমান আলোচনাচক্ৰ’

December 6, 2018 5:16 pm · এন ই নাও নিউজ
ফাইল ফটো

যোৰহাটৰ বায়ুসেনা ঘাটীত ৪ আৰু ৫ ডিচেম্বৰত এএন-৩২ অপাৰেটৰ্ছ কনফাৰেঞ্চ-২০১৮ অনুষ্ঠিত হৈ যায়। যোৰহাট বায়ুসেনা ঘাটীৰ এয়াৰ অফিচাৰ কামাণ্ডিং  এয়াৰ কমোডৰ এছ কে ৱাৰ্মাই (বিশিষ্ট সেৱা মেডেল)এই আলোচনাচক্ৰ উদ্বোধন কৰে।

আলোচনাচক্ৰত উপস্থিত আছিল এয়াৰফৰ্চ কামাণ্ড হেডকোৱাৰ্টাৰ, এয়াৰ হেডকোৱাৰ্টাৰ আৰু  এএন-৩২ৰ অপাৰেটিং য়ুনিটৰ প্ৰতিনিধিসকল আৰু এই ফ্লীটৰ সৈতে জড়িত বিভিন্ন এজেঞ্চিসমূহে অংশগ্ৰহণ কৰিছিল।

উদ্বোধনী ভাষণত এয়াৰ কমোডৰগৰাকীয়ে ভাৰতীয় বায়ুসেনা বাহিনীত এএন-৩২ বিমানৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে কয়। তেওঁ কয় যে এএন-৩২ হৈছে ভাৰতীয় বায়ুসেনাৰ মেৰুদণ্ড আৰু এই বিমানে দেশৰ বাহিৰে ভিতৰে বহুতো গুৰুত্বপূৰ্ণ অভিযানত অমূল্য অৱদান আবঢ়াই আহিছে।

এই আলোচনাচক্ৰত বৈমানিক, এৰ’নটিকেল ইঞ্জিনিয়াৰ আৰু এই ফ্লীটৰ সৈতে জড়িত বিশেষজ্ঞসকলৰ মাজত মত বিনিময়ৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিছিল।

ৰাছিয়াত নিৰ্মিত এএন-৩২ বিমান চালনা কৰা আৰু মেৰামতি কৰা সন্দৰ্ভত থকা বিস্তৃত সমস্যাৱলীৰ ওপৰত আলোচনা কৰা হয়।

Related News