• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতি নকৰা বিজেপিয়ে নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাবলৈ ইমান টকা ক’ত পালে? : তৰুণ গগৈ

‘’বহুকেইটা ডিচেম্বৰ পাৰ হৈ গ’লেও হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হ’ব নোৱাৰে। তেওঁৰ সপোন সপোন হৈয়ে থাকিব,’’-গগৈ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 6, 2018 4:33 pm
06-12-18 Guwahati- Tarun Gogoi press meet (4)

গুৱাহাটীত বৃহস্পতিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ ১৫ বছৰীয়া দুৰ্নীতি, অপশাসনৰ বিৰোধিতা কৰি বিজেপিয়ে অসমৰ ৰাইজৰ মাজলৈ আহিছিল। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি লৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে অসমত শাসন চলাই যোৱা বুলি বিজেপি নেতা-কৰ্মীসকলে সততে কৈ আহিছে। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰৰ আমোলত সঁচাকৈয়ে দুৰ্নীতি হোৱা নাই নেকি? এই প্ৰশ্ন উত্থাপিত হৈছে।

বৃহস্পতিবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ দুৰ্নীতি বিৰোধী স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে।

Apply Now

গগৈৰ প্ৰশ্ন, ‘’যদি বিজেপিয়ে দুৰ্নীতি কৰাই নাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে হেলিকপ্টাৰ উৰুৱাবলৈ আৰু নিৰ্বাচনৰ নামত ইমান খৰচ কৰিবলৈ টকাবোৰ ক’ত পালে?’’

কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱাৰ কথা পূৰ্বতে কৰাৰ দৰে আজিও নিজে স্বীকাৰ কৰি তৰুণ গগৈয়ে যোৱা দুটা বছৰত বিজেপি চৰকাৰে কংগ্ৰেছৰ কেইজন জনপ্ৰতিনিধিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিব পাৰিছে বুলি প্ৰশ্ন কৰে। তাৰ সলনি গগৈয়ে নিজেই তিতাবৰ সমষ্টিত সংঘটিত হোৱা এটা দুৰ্নীতি পোহৰলৈ আনিছিল বুলি দাবী কৰে।

ইয়াৰ বিপৰীতে তেওঁ বিজেপিকহে সকলোতকৈ দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক দল বুলি মন্তব্য কৰে।

ইপিনে, প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডিচেম্বৰত মুখ্য মন্ত্ৰী হ’ব বুলি আগৰ এখন সংবাদমেলত কোৱা কথাষাৰ আজি ওলোটাই কয়, ‘’বহুকেইটা ডিচেম্বৰ পাৰ হৈ গ’লেও হিমন্ত বিশ্ব শৰ্মা মুখ্য মন্ত্ৰী হ’ব নোৱাৰে। তেওঁৰ সপোন সপোন হৈয়ে থাকিব। অসমৰ মানুহে ইমান মিছলীয়া মানুহ এজনক মুখ্য মন্ত্ৰী নাপাতে। যদি পাতে মই ভাবিম অসমখন জহন্নামে গ’ল।‘’

উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰত মুখ্য মন্ত্ৰী হ’ব বুলি তেওঁ নিজেই দুই চাৰিজনৰ আগত কোৱা বুলি তৰুণ গগৈয়ে পূৰ্বৰ এখন সংবাদমেলত মন্তব্য কৰিছিল।

ইপিনে, বগীবিল দলঙৰ প্ৰসংগ উত্থাপন কৰি সংবাদমেলত গগৈয়ে প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বহুত বেছি অৱদান নাই বুলি মন্তব্য কৰে।

তেওঁ কয়, ‘‘বগীবিল দলঙৰ আধাৰশিলা ১৯৯৭ চনতেই স্থাপন হৈছিল। তাৰ পাছত কাম আগবঢ়া নাছিল। মই বহুবাৰ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিলো। তাৰ পাছতহে ২০০২ চনত বাজপেয়ীয়ে কাম আৰম্ভ কৰিলে। আগৰ সময়খিনিত বাজপেয়ী চৰকাৰে কিয় কাম আগবঢ়াব পৰা নাছিল?’’

তেওঁ লগতে বাজপেয়ীৰ নামত দলঙখনৰ নামাকৰণ কৰাৰো বিৰোধিতা কৰে।

ইয়াৰ উপৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰক ব্যক্তিগত খণ্ডক গতাবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰে তৰুণ গগৈয়ে।

‘‘এই চৰকাৰখনে যিধৰণে গৈ আছে এদিন অইল, অ’ এন জি চিক ব্যক্তিগত খণ্ডক গতাব। জাতি মেটি ভেটিৰ কথা কোৱা চৰকাৰখনে এতিয়া জাতি মাটি ভেটি বিক্ৰী কৰিবলৈহে ওলাইছে’’,-গগৈয়ে কয়।

অৱশ্যে তেওঁ ব্যক্তিগতকৰণৰ এশ শতাংশই বিৰোধী নহয় বুলি স্পষ্ট কৰি দি দেশৰ মূল মূল ক্ষেত্ৰ সমুহক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাটোৰহে বিৰোধিতা কৰাৰ কথা কয়।

একেখন সংবাদমেলতেই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো উভতি ধৰে তৰুণ গগৈয়ে। পাটোৱাৰীয়ে ২০১১ চনৰ নিৰ্বাচনৰ সময়ত অগপই কংগ্ৰেছৰ পৰা ২০ কোটি টকা লোৱাৰ অভিযোগ আনিছিল।

ইয়াৰ প্ৰত্যুত্তৰ দি গগৈয়ে কয়, ‘‘চন্দ্ৰমোহন পাটোৱাৰীয়ে যদি মই টকা দিয়াৰ প্ৰমাণ কৰিব পাৰে মই ৰাজনীতি ত্যাগ কৰিম। যদি নোৱাৰে তেওঁ ৰাজনীতি ত্যাগ কৰক। তেওঁলোকৰ নেতা হিমন্ত বিশ্ব শৰ্মাই দিছে যদি মই নাজানো।‘’

ইয়াৰ সলনি তেওঁ বিজেপি আৰু এ আই য়ু ডি এফৰহে গোপন বুজাবুজি আছে বুলি কয়। ‘’বদৰুদ্দিন আছে বাবে বিজেপি আছে, বিজেপি আছে বাবে বদৰুদ্দিন আছে। লোকক দেখুৱাই কেটেৰাই মাতিলেও ভিতৰি নেৰিবা বেথা’’,-গগৈৰ কটাক্ষ।

লগতে বিজেপি দলটো ‘বাংলাদেশী জনতা পাৰ্টি’ বুলি কটাক্ষ কৰি গগৈয়ে কয় যে অসমৰ কংগ্ৰেছে ‘অসম প্ৰদেশ কংগ্ৰেছ কমিটি’ বুলি কয়, কিন্তু বিজেপিয়ে অসমৰ নামটোৱে ব্যৱহাৰ নকৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

নিৰ্বাপিত আশা! ইউৰোপীয় মানৱ অধিকাৰ আদালতত পৰাজিত প্ৰৱঞ্চক নীৰৱ মোডী

July 7, 2026 9:34 am
চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

চিকিৎসাধীন স্বামীৰ কেনুলাৰে টয়লেট ক্লীনাৰ সুমুৱাই হত্যা পত্নীৰ! তেলেংগানাত চাঞ্চল্যকৰ ঘটনা

July 7, 2026 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am
অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

অসমত ‘কা’ৰ অধীনত ৬ গৰাকীলৈ নাগৰিকত্ব! বিধানসভাত চৰকাৰে সদৰী কৰিলে বিদেশী বিতাড়নৰ বৃহৎ তথ্য

July 7, 2026 10:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd