গাহৰি ভালকৈ সিজাই খায়নে? ভালকৈ নিসোজোৱাকৈ গাহৰি খাই কি হ’ল চাওক এইজন ৰোগীৰ

গাহৰি সকলোৰে প্ৰয় খাদ্য। বিশেষকৈ অসমীয়া লোকে গাহৰি খাই বৰ ভাল পায়। গাহৰিত যথেষ্ট পৰিমাণে প্ৰটিন থাকে। তথাপিও গাহৰিৰ মাংসৰ বিভিন্ন অপকাৰিতা আছে। গাহৰিৰ পৰা বিভিন্ন জটিল ৰোগ হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ গাহৰি ভালকৈ সিজাই নাখালে বিভিন্ন ৰোগ হ’ব পাৰে।

শেতীয়াকৈ ফ্ল’ৰিডাৰ এজন আমেৰিকান চিকিৎসকে পোহৰলৈ আনিছে এক ভয়ংকৰ ঘটনা।

আধাসিজা গাহৰিৰ মাংস খাই বেমাৰত পৰিছিল এজন আমেৰিকান নাগৰিক তাৰপিছত চিকিৎসকগৰাকীৰ কাষ চাপিছিল ব্যক্তিজন।

ব্যক্তিজনৰ চিটি স্কেন কৰিছিল চিকিৎসকে। চিটি স্কেনত ৰোগীৰ ভৰিত গুৰুতৰ পৰজীৱীৰ সংক্ৰমণ প্ৰত্যক্ষ কৰিছে চিকিৎসকে।

ইউনিভাৰ্চিটি অৱ ফ্ল’ৰিডা হেল্থ জেকচনভিলৰ জৰুৰীকালীন চিকিৎসক ডাঃ ছেম গালিয়ে চিটি স্কেনৰ ছবিখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

চিকিৎসকগৰাকীয়ে কৈছে যে ৰোগীজনৰ শৰীৰত চিষ্টিচাৰক’ছিছ ধৰা পৰিছে। সাধাৰণতে গাহৰিৰ শৰীৰত থকা এবিধ পলুৰ বাবে চিষ্টিচাৰক’ছিছ ৰোগত আক্ৰান্ত হয়। এই পৰজীৱীৰ জীৱনচক্ৰ জটিল আৰু ই মানুহৰ শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে।

চিকিৎসক গৰাকীয়ে উল্লেখ কৰিছে গাহৰিৰ মাংস ভালকৈ সিজাই নাখালে এই পৰজীৱি গাহৰিৰ পৰা মানুহৰ শৰীৰলৈ আহিব পাৰে। পৰজীৱি ৫ৰ পৰা ১২ সপ্তাহৰ ভিতৰত গেষ্ট্ৰাইটিছ নলীত প্ৰাপ্তবয়স্ক পলুলৈ পৰিণত হয়। যাৰ ফলত ইণ্টেষ্টিনেল টেনিয়াছিছ নামৰ অৱস্থাৰ সৃষ্টি হয়।

চিকিৎসকে জনোৱা মতে এই পলুবোৰে শৰীৰৰ গুৰুত্বপূৰ্ণ কোষবোৰ নষ্ট কৰে। ইহঁতে মানুহৰ মগজুলৈও প্ৰৱেশ কৰিব পাৰে। ইহঁত মানুহৰ মগজুলৈ প্ৰৱেশ কৰি মূৰৰ বিষৰ পৰা আৰম্ভ কৰি মগজুৰ ৰক্তক্ষণলৈকে জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এনে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ আৰু কেঁচা বা কমকৈ সিজোৱা গাহৰিৰ মাংস খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে চিকিৎসকগৰাকীয়ে।