• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিযুক্তি পৰীক্ষাৰ ব্যৱস্থাপনাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ সংবাদমেল

মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতাহানিৰ ঘটনাৰ তদন্তৰ দাবী আপৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2024 5:32 pm
394
VIEWS
Share on FacebookShare on Twitter

“ৰাজ্যজুৰি ইন্টাৰনেট কৰ্তনৰ উপৰি পৰীক্ষা গৃহত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতো চৰকাৰে নিকা আৰু স্বচ্ছতাৰে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে।” আজি গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত দলটোৰ জ্যেষ্ঠ নেত্ৰী পুনম গগৈয়ে এক সংবাদমেলত এই অভিযোগ কৰে।

সংবাদমেলত আপৰ নেত্ৰী গৰাকীয়ে কয় যে পৰীক্ষা গৃহত প্ৰৱেশৰ পূৰ্বে নিৰাপত্তা বিষয়ক তালাচীৰ নামত একাংশ মহিলা পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। আম আদমী পাৰ্টিয়ে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। সংবাদমেলত আপৰ নেত্ৰী পুনম গগৈৰ অভিযোগ, “এডিআৰৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে কোনো ধৰণৰ এছ অ’ পি নাছিল।

তদুপৰি পৰীক্ষা পৰিচালনাৰ বাবে নিযুক্ত কৰ্মকৰ্তা সকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণৰ অভাৱ আছিল। ইন্টাৰনেট কৰ্তন আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এডিআৰইৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপন হোৱা ঘটনাই সমগ্ৰ ব্যৱস্থাটোৰ ওপৰতে সন্দেহৰ সৃষ্টি কৰিছে। চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ উত্তৰবহীৰ ওপৰত চাকৰি প্ৰাৰ্থীৰ নাম উল্লেখ আৰু ফটো সংলগ্ন কৰাৰ নিৰ্দেশ ৰহস্যজনক। এই ব্যৱস্থাই গভীৰ সন্দেহৰ সৃষ্টি কৰিছে।

আনহাতে,  কোনো পৰীক্ষা কেন্দ্ৰ স্থাপন নোহোৱা নগাঁও, ধুবুৰীৰ দৰে জিলাৰ প্ৰাৰ্থীসকলে গুৱাহাটীলৈ আহিবলগীয়া হোৱাত বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয়। ইন্টাৰনেট সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ বাবে গুগল মেপৰ জৰিয়তে দূৰৱৰ্তী জিলা সমূহৰ প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰ বিচাৰি উলিওৱাত সমস্যাৰ সন্মুখীন হয়। যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। মুঠতে নিযুক্তি পৰীক্ষাৰ নামত ইচ্ছাকৃতভাৱে এক বেমেজালিৰ সৃষ্টি কৰে কৰ্তৃপক্ষই। “

সংবাদমেলত আপ অসমৰ নেত্ৰীগৰাকীয়ে নিযুক্তি পৰীক্ষাৰ প্ৰতিটো অনিয়মৰ অভিযোগৰ সুকীয়া তদন্তৰ দাবী কৰে। সংবাদমেলত আপৰ আন এগৰাকী নেত্ৰী মঞ্জু ডেকা হুছেইনো উপস্থিত থাকে ।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd