NORTHEAST NOW (Assamese)

হিজাব আৰু আজান বিতৰ্ক

June 14, 2022 8:37 pm · আবু নাছাৰ চাঈদ আহমদ

ভাৰতবৰ্ষত কিছুমান ধৰ্ম আৰু সম্প্ৰদায়-কেন্দ্ৰিক বক্তব্য আৰু বিতৰ্কই অগ্ৰাধিকাৰ লাভ কৰি আহিছে। তাৰ তুলনাত দেশখনত ভয়ংকৰ দাৰিদ্ৰ, নিবনুৱা, শিক্ষা আৰু স্বাস্থ্য সমস্যা, আৰু তাৰ লগতে অনাময় সমস্যা, অৰ্থনৈতিক দূৰাৱস্থা, কাশ্মীৰ আৰু বাৰখণ্ড আদি ৰাজ্যত উগ্ৰবাদী সমস্যা, দূৰ্নীতি, আদিকৈ অলেখ উদ্বেগজনক বিষয়ে সকলো সচেতন নাগৰিকক ব্যতিব্যস্ত কৰি আহিছে। এনেবিলাক কথা তল পেলাই ধৰ্ম-কেন্দ্ৰিক ইচ্ছ্যুবিলাকে প্রাধান্য পাই আহিছে।

চাৰিওপিনে নানা ধৰণৰ বিভেদকামী শক্তিয়ে দেশৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়টোক উদ্দেশ্য কৰি আক্ৰমণাত্মক বক্তব্য প্রচাৰ কৰি থকা হৈছে; এনেহেন লাগে যে এই সম্প্ৰদায়টোহে সকলো সমস্যাৰ মূল উৎস। কেতিয়াবা তেওঁলোকক মোগল আক্ৰমণকাৰী, কেতিয়াবা ভাৰত বিভাজনৰ বাবে জগৰীয়া কৰি দেশদ্ৰোহী বুলি অভিহিত কৰা হৈ আহিছে, আন কেতিয়াবা গো-হত্যাকাৰী অপৰাধী বুলি অভিযুক্ত কৰি থিতাতে গণ-আক্ৰমণ কৰি ‘দোষী’ক চৰম শাস্তি বিহি, কেতিয়াবা হিজাবক কেন্দ্ৰ কৰি, কেতিয়াবা মছজিদত লাউদস্পীকাৰ লগাই আজান দিয়াক লৈ তেওঁলোকৰ ওপৰত আক্ৰমণ কৰি থকা হৈছে। তাৰ যোগেদি এই সম্প্ৰদায়ৰ মানুহবিলাকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ স্থানলৈ অৱনমিত কৰিবলৈ চেষ্টা কৰা হৈছে বুলি বহুতে অভিযোগ কৰিছে।

এই গতিধাৰা যোৱা ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পাছৰ পৰা ব্যাপক হাৰত চলি আছে। এইসকল মানুহৰ জনসংখ্যা প্রায় ষোল কোটি। প্রশ্ন হয় তেওঁলোকক এঘৰীয়া কৰি দেশৰ প্রগতি সাধন কৰিব পাৰি জানো? একাংশই তেওঁলোকক উদ্দেশ্য কৰি দুটা দিশত আক্ৰমণাত্মক স্থিতি লোৱাৰ কথাকে এই লিখনীত মই উপস্থাপন কৰিবলৈ বিচাৰিছোঁ।

                                                                        (১)

প্রতিটো ধৰ্মৰ একোটা বিশেষত্ব আছে। তাকে ধৰি ৰাখিবলৈ একোটা প্রতীক ব্যৱহাৰ কৰা হয়। কোনোৱে গেৰুৱা বস্ত্ৰ পৰিধান কৰি নিজৰ সুকীয়া পৰিচয় দিয়ে, আন কোনোৱে যীশুখ্ৰীষ্ট থকা ত্ৰুছ ডিঙিত পিন্ধে, কোনোৱে টাৰবান পিন্ধে আৰু এখন সৰু কটাৰী ককালত ওলোমাই ৰাখে, কোনোৱে কপালত বগা ৰঙৰ প্রলেপ বা ফোঁট লগাই, কোনো কোনো মুছলমান মহিলাই হিজাব পিন্ধি আৰু পুৰুষে দাঢ়ি ৰাখি আৰু মূৰত টুপি পিন্ধি নিজৰ সুকীয়া পৰিচয় দেখুৱাই তেওঁলোক কোন ধৰ্মৰ মানুহ তাকে প্রতিপন্ন কৰে। বহুতে ক’বলৈ বিচাৰে যে হিজাব এটুকুৰা কাপোৰৰ বাহিৰে আন একো নহয়। তাকে লৈ কিনো বিতৰ্ক কৰিবলগীয়া আছে। হিজাব আৰু বোৰ্খা একে নহয়।

পবিত্ৰ কোৰানত হিজাব আৰু বোৰ্খা পিন্ধাটো বাধ্যতামূলক কৰা নাই। তাত কোৱা হৈছে যে মহিলাই সংযত ধৰণৰ সাজপাৰ পিন্ধিব লাগে। তাত কোৱা নাই যে কেৱল চকু দুটাৰ বাহিৰে সমগ্ৰ দেহাটো কাপোৰেৰে ঢাকি ৰাখিব লাগে। বোৰ্খা পিন্ধিবলৈ বাধ্য কৰাটো মহিলাৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি ক’ব পাৰোঁ। সকলো যুগতে আৰব ভূমিত পুৰুষ-মহিলা উভয়ে উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সৰ্ব-শৰীৰ ঢাকি লোৱা সাজ-পোছাক পৰিধান কৰিছিল। যিবিলাক দেশৰ জলবায়ু মজলীয়া ধৰণৰ তাত তেনে সাজ-পাৰৰ প্রয়োজন নাথাকে। তদুপৰি পৃথিৱীৰ সকলো মুছলমান মহিলাই বোৰ্খা বা হিজাব নিপিন্ধে।

মূল কথাটো হৈছে – শালীনতা ৰক্ষা কৰি কি সাজ-পাৰ পিন্ধিব আৰু কি নিপিন্ধিব সেয়া ব্যক্তিগত বিচাৰৰ কথা। আফগানিস্তানৰ তালিবানী মানসিকতাৰে বোৰ্খা পিন্ধাটো বাধ্যতামূলক কৰিবলৈ বিচৰাটো সেই দেশৰ অগণন মহিলাই মানি লোৱা নাই যাৰ কাৰণে তেওঁলোক অত্যাচাৰী শাসকৰ হাতত লাঞ্ছিত হ’বলগীয়া আৰু শান্তি খাবলগীয়া হৈছে। তেনে ধৰণৰ মানসিকতা আৰু ব্যৱস্থা অমানৱীয় আৰু তাক বিৰোধিতা কৰিব লাগিব। মন কৰিবলগীয়া যে বোৰ্খাৰ তলতে নানা ধৰণৰ অপৰাধ আৰু কুকৰ্ম হৈ থকাৰ অলেখ উদাহৰণ আছে।

ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বহুতো মহিলাই ওৰণিৰে মূৰ ঢাকি লয়। এইটো সম্ভ্ৰম প্রদৰ্শনৰ এক প্রথা। হিজাবৰ কথাটো তেনে ধৰণৰ। হিজাব পিন্ধা মহিলা এগৰাকীৰ মুখমণ্ডল ওলাই থাকে যাৰ কাৰণে তেওঁৰ পৰিচয় গোপন হৈ নাথাকে আৰু তাত কোনো ধৰণৰ নিৰাপত্তাজনিত প্রশ্ন জড়িত নহয়। ইউক্ৰেন যুদ্ধৰ ছবিবিলাক টেলিভিশ্বন চেনেলেবিলাকত দেখুৱাই থাকোতে দেখা যায় সেই দেশৰ মহিলাৰ বহুতে হিজাবৰ নিচিনা স্কাৰ্ফ মূৰত পিন্ধে৷ ৰাছিয়ান মহিলাকো তেনে স্কাৰ্ফ পিন্ধা দেখা যায়। মুছলমান মহিলাৰ একাংশই হিজাব পিন্ধি নিজৰ ধৰ্মীয় পৰিচয় প্ৰকট কৰিলে কাৰো ক্ষতি নহয়।

হিজাবক কেন্দ্ৰ কৰি এচাম উগ্র হিন্দুৱে মুছলমান সম্প্ৰদায়টোক আক্ৰমণ কৰিবলৈ বিচাৰে আৰু তাৰ প্ৰত্যুত্তৰত আন এচাম মুছলমান কট্টৰ পন্থীয়ে ওলোটা আক্ৰমণ কৰিবলৈ বিচাৰে। সেয়ে কৰ্ণাটকৰ এগৰাকী অধিবক্তাই কৈছে -এটুকুৰা কাপোৰক লৈ কিয় ইমান হৈ-হাল্লা। আমাৰ সমস্যা অন্ন, বস্ত্ৰ, আশ্ৰয়, শিক্ষা, স্বাস্থ্য আৰু সংস্থাপন। আমাৰ এনেবিলাক কঠিন সমস্যাৰ সৈতে হিজাব পিন্ধা বা পিন্ধাত বাধা দিয়াৰ কি সম্পৰ্ক আছে? প্রশ্নটো মন কৰিব লগীয়া। হিজাব নিপিন্ধিলে কোনো মুছলমান মহিলা কম মুছলমান হৈ নাযায় আৰু পিন্ধাটো বন্ধ কৰিব পাৰিলে কোনো হিন্দু মহান হিন্দু হৈ যাব নোৱাৰে বা দেশৰ সুৰক্ষা অধিক মজবুত হ’ব নোৱাৰে। (আগলৈ)

Related News