(১)
যোৱা কেইশ বছৰৰ মানৱ-ইতিহাসত প্ৰযুক্তিৰ এক অনস্বীকাৰ্য ভূমিকা আছে। দৰাচলতে, সুদূৰ অতীতৰ পৰাই সভ্যতাৰ ইতিহাসত প্ৰযুক্তিয়ে এটা প্ৰধান ভূমিকা পালন কৰি আহিছে; প্ৰস্তৰ যুগত ব্যৱহৃত শিলৰ অস্ত্ৰ-পাতি বা সা-সঁজুলিৰ পৰা আৰম্ভ কৰি গাড়ীৰ চকা বা জুইৰ আৱিষ্কাৰ আদিয়ে দৰাচলতে নিৰ্ধাৰণ কৰিছিল সেই যুগৰ উৎপাদিকা শক্তি বা উদ্বৃত্ত ( surplus ) উৎপাদনৰ স্তৰ। সভ্যতাৰ বিকাশ উদ্বৃত্ত উৎপাদনৰ ওপৰত সদায় নিৰ্ভৰশীল। যোৱা কেইশ বছৰ মানত প্ৰযুক্তিৰ ভূমিকাটো চকুতলগা ধৰণৰ হৈছে কাৰণ প্ৰযুক্তিৰ বিকাশ হৈছে অতি দ্ৰুততাৰে।
সাধাৰণভাৱে চাবলৈ গ’লে, প্ৰযুক্তিৰ বিকাশৰ লগে লগে, গোটেই বিশ্বতে জনসাধাৰণৰ জীৱন-নিৰ্বাহৰ মানদণ্ড উন্নত হৈছে (দমন-নিৰ্যাতন, শোষণ আদিৰ ক্ষেত্ৰত অৱশ্যে একে আষাৰেই এনে এটা ৰায় দিয়া কঠিন)। জীৱন-ধাৰণৰ মানদণ্ডৰ প্ৰসংগত বৰ্তমানে থকা বৈষম্যসমূহৰ ক্ষেত্ৰতো সাংখ্যিক জোখমাখ মোটামুটি উপলদ্ধ হৈছে (যেনে, আমাৰ দেশত বা চাহাৰা মৰুভূমিৰ নিম্নাংশৰ দেশবোৰত দৈনিক জনমূৰি আয়, খাদ্য, খোৱাপানী, আৱাস, শিক্ষা, স্বাস্থ্যৰ সুবিধা আদিৰ পৰিসংখ্যা) আৰু এইসমূহ সমাধান কৰাৰ বাবে প্ৰয়োজনীয় সম্পদৰ পৰিমাণৰ বিষয়ে এতিয়া মানুহৰ সম্যক জ্ঞান আছে। উৎপাদিকা শক্তিৰ বিকাশৰ চৰম মুহূৰ্তত, আজি এইবিলাক সমস্যা দৰাচলতে মুঠেই অসাধ্য হৈ থকা নাই।
কিছুদিনৰ আগতে (১ অক্টোবৰ, ২০১৯), নিউ ইয়ৰ্ক টাইমচৰ আন্তৰ্জাতিক সংস্কৰণটো হাতত পৰাত (মই বিদেশী কাকতৰ নিয়মীয়া পাঠক নহওঁ) দেখিলোঁ যে সম্পাদকীয় পৃষ্ঠাতে প্ৰযুক্তি-আধাৰিত আশাবাদ (techno-optimism) ৰ বিষয়ে মূল প্ৰবন্ধ প্ৰকাশ পাইছে। গতিকে ধৰিব পাৰি যে এই বিষয়টো অতি সীমিত গণ্ডীৰ বুদ্ধিজীৱী বা প্ৰযুক্তিবিদসকলৰ মাজত আবদ্ধ হৈ থকা বিষয় নহয়। অসমীয়াতো জলবায়ু পৰিবৰ্তন, বিজ্ঞানমনষ্কতা, বিশ্বজোৰা আৰ্থিক বৈষম্যৰ উৰ্ধগামী চৰিত্ৰ আদি বিষয়ৰ আলোচনাত প্ৰযুক্তিয়ে সঘনাই ভুমুকি মাৰিছে।
একে সময়তে প্ৰযুক্তিৰ ভূমিকাৰ বিষয়ে সন্দিহান আৰু বহু ক্ষেত্ৰত প্ৰযুক্তি-বিৰোধী মানুহৰ সংখ্যাও নগণ্য নহয়। ইয়াৰ সংগত কাৰণো আছে। প্ৰযুক্তিয়ে মানুহৰ শক্তি বঢ়াইছে— ইয়াৰে মানুহে ভাল কামো কৰিছে, বেয়া কামো কৰিছে। ব্যাপক হাৰত পৰিবেশৰ ধ্বংসযজ্ঞ, বিশ্বজুৰি দেখা দিয়া আয়ৰ উৎকট বৈষম্য, তথ্য-প্ৰযুক্তিৰ দৈত্যাকাৰ কম্পেনীবোৰৰ যোগেদি ব্যক্তিগত গোপনীয়তাৰ ব্যাপক লংঘন, ছ’চিয়েল মিডিয়াৰ যোগেদি অভাৱনীয় হাৰত মিথ্যাচাৰ আৰু অৰ্ধসত্যৰ প্ৰচাৰ আদি এই ক্ষেত্ৰত মনলৈ আহে।
এইবোৰৰ এটা সমস্যাকো তিলিকি মাৰি উৰাই দিব নোৱাৰি। তৎস্বত্বেও, বিড়ম্বনাৰ কথা এই যে, এই সমস্যাবোৰৰ বাবে প্ৰযুক্তিক কাঠগড়াত থিয় কৰাব খোজা ব্যক্তিসকলক যদি, এটা টাইম মেচিনৰ যোগেদি, সেই প্ৰযুক্তিহীন আদিম যুগ এটালৈ ঘূৰি যোৱাৰ স্বাধীনতা দিয়া হয়, কিমানজন তেনে কৰিবলৈ উদ্যত হব, সেইটো এটা গভীৰ সন্দেহৰ বিষয়।
(২)
আমেৰিকাৰ দুজন ব্যক্তিৰ মাজত সাতাইছ বছৰ মানৰ আগতে হোৱা এটা আমোদজনক বাজীৰ বিষয়ে কব খুজিছোঁ। ১৯৯৫ চনৰ ছয় মাৰ্চত, কেভিন কেলী (Kevin Kelly) আৰু কাৰ্কপেট্ৰিক চে’ল (Kirkpatrick Sale) নামৰ দুজন মানুহে এটা বাজী মাৰিছিল; এহেজাৰ ডলাৰৰ বাজী; বাজীৰ মূল কথা আছিল— প্ৰযুক্তিয়ে সভ্যতাক ধ্বংস কৰিব, পঁচিছ বছৰৰ ভিতৰত। চে’লে এই বিষয়টোৰ সপক্ষে আৰু কেলীয়ে ইয়াৰ বিপক্ষে বাজী মাৰিছিল। এই পঁচিছ বছৰ ২০২০ চনৰ মাৰ্চত ওকলি গ’ল।
কেভিন কেলী আছিল ৱায়াৰ্ড (Wired) নামৰ আমেৰিকান মাহেকীয়া আলোচনীখনৰ কাৰ্যবাহী সম্পাদক আৰু এজন প্ৰযুক্তি-আধাৰিত আশাবাদী (techno-optimist)। আনহাতেদি, চে’লৰ মতাদৰ্শ আছিল ইয়াৰ সম্পূৰ্ণ বিপৰীত। তেওঁ আছিল এজন বুদ্ধিজীৱী আৰু লেখক। তেওঁ প্ৰযুক্তি-আধাৰিত আধুনিক জীৱনৰ সম্পূৰ্ণ বিৰোধিতা কৰি এক প্ৰাক-উদ্যোগ যুগলৈ ঘূৰি যাব বিচাৰিছিল (এতিয়াও বিচাৰে)। তেওঁৰ প্ৰযুক্তি-বিৰোধিতা ইমান তীব্ৰ আছিল যে আই-বি-এম পি-চি নামৰ সেই সময়ৰ জনপ্ৰিয় কম্পিউটাৰ এটা হাতুৰীৰে ভাঙি তেওঁ ৰাজহুৱাকৈ এই বিৰোধিতা প্ৰকাশ কৰিছিল।
মন কৰিবলগীয়া কথা এই যে তেতিয়ালৈকে (মানে ১৯৯৫ চনৰ আগভাগলৈকে) মাইক্ৰ’চফটৰ উইণ্ডজ-৯৫ চফটৱেয়াৰ বজাৰলৈ অহাই নাছিল, এমাজনৰ এবছৰ হোৱাই নাছিল, এপল (Apple) কম্পিউটাৰ আছিল প্ৰচণ্ড ব্যৱসায়িক ধামখুমীয়াৰ মাজত আৰু কাৰো হাতত মোবাইল ফোন নাছিল । ইংৰাজীৰ অধ্যাপক চে’লে বহত বছৰ ধৰি প্ৰযুক্তিৰ বিৰুদ্ধে আৰু প্ৰাচীন (pristine) জীৱনৰ সপক্ষে লিখি আছিল। এইদৰে তেওঁ আধুনিক তাঁতশালৰ বিৰোধিতা কৰা উনৈছ শতিকাৰ ইংলেণ্ডৰ লুডাইটসকলৰ (Luddites) মতাদৰ্শত বিশ্বাসী আছিল।
১৯৯৫ চনৰ ছয় মাৰ্চৰ এই দুজন ব্যক্তিৰ কথোপকথন আছিল সম্পূৰ্ণ নিয়ম-মাফিক (business-like ); কোনো চাহ-পানীৰ ব্যৱস্থা নাছিল, আনকি সচৰাচৰ দেখা পোৱা কোনো সৌজন্যৰো প্ৰদৰ্শন নাছিল। প্ৰথমৰ পৰাই আছিল দুজন বিৰোধীৰ মাজৰ কথা-বাৰ্তা। শেষত চে’লে ক’লে যে মানৱ ইতিহাস নিশ্চিহ্ন হৈ যোৱা সভ্যতাসমূহৰ কাহিনীৰে ভৰা আৰু তেওঁৰ আশাবাদ নিহিত আছে বৰ্তমানৰ সভ্যতাৰ ধ্বংস তথা প্ৰাচীন সভ্যতালৈ প্ৰত্যাৱৰ্তনৰ ওপৰত; কিয়নো ইয়াৰ যোগেদিহে সুনিশ্চিত কৰিব পৰা যাব পৰম অনিষ্টকাৰী প্ৰযুক্তিৰ বিনাশ আৰু তাৰ পিচতহে আদিম সমাজ-আধাৰিত সভ্যতাৰ বিকাশ হব।
কেলী যেন এই ক্ষণটোৰ কাৰণেই বাট চাই আছিল; তেওঁ সুধিলে যে চে’লৰ মতে কেতিয়ালৈকে আধুনিক সভ্যতাৰ ধ্বংস হব পাৰে। চে’ল অকণমান অপ্ৰস্তুত হ’ল; কাৰণ তেওঁৰ অসংখ্য লিখনি আৰু বক্তৃতাসমূহত ইয়াক এক অৱশ্যম্ভাৱী সত্য হিচাপেই মানি লোৱা হৈছে যদিও ক’তো তেওঁ ইয়াৰ কোনো সময়সীমা ধৰি দিয়া নাছিল। শেষ পৰ্যন্ত তেওঁ ২০২০ চনৰ কথা ক’লে— যিটো আছিল পঁচিছ বছৰৰ পিচত থকা এটা সময়ৰেখা। কেলীয়ে সুধিলে যে কি কি লক্ষণ দেখা পালে চে’লৰ ভৱিষ্যৎ বাণী সঁচা বুলি ধৰিব পৰা যাব। চে’লে তিনিটা লক্ষণৰ কথা ক’লে—
ক) এনে এটা আৰ্থিক বিপৰ্যয় হব য’ত আমেৰিকান ডলাৰ মূল্যহীন হব আৰু ১৯৩০ ৰ মন্দাৱস্থাতকৈও অধিক শোচনীয় মন্দাৱস্থাৰ সৃষ্টি হ’ব।
খ) সমাজৰ নিঃস্বসকলৰ বিপ্লৱ হ’ব ধনবানসকলৰ বিৰুদ্ধে।
গ) বহুসংখ্যক পৰিবেশ-সম্পৰ্কীয় বিপৰ্যয় হ’ব।
কেলীয়ে লগেলগে সুধিলে, “আপুনি এই বিষয়ত বাজী মাৰিবলৈ প্ৰস্তুত নে?”
চে’লে লগেলগে সন্মতি প্ৰকাশ কৰিলে। কেলীয়ে এহেজাৰ ডলাৰৰ এখন চেক লিখি লৈয়েই গৈছিল। চে’লৰ বেংকৰ একাউণ্টত কথমপিহে এহেজাৰ ডলাৰ আছিল। তথাপি তেওঁ পিচ হুঁহুকি নাহিল; ভাবিলে যে পঁচিছ বছৰ পিচত তেওঁ যদি হাৰেও, তেতিয়ালৈকে এহেজাৰ ডলাৰৰ মূল্য বেছি নহ’বগৈ। দুয়ো এহেজাৰ ডলাৰৰ এখনকৈ চেক তেওঁলোকৰ উমৈহতীয়া প্ৰকাশন সম্পাদক উইলিয়াম পেট্ৰিকৰ হাতত দিবলৈ সিদ্ধান্ত ল’লে।
দুহেজাৰ বিছ চনৰ মাৰ্চ মাহত এই বাজীৰ সময় সীমা উকলি গ’ল। তেতিয়া উইলিয়াম পেট্ৰিকে সকলো ঘটনাপ্ৰবাহ বিশ্লেষণ কৰি কেভিন কেলীক বাজীটোৰ বিজয়ী বুলি ঘোষণা কৰিলে। কিন্তু চে’ল এই সিদ্ধান্ত মানি ল’বলৈ আৰু কেলীক তেওঁৰ প্ৰাপ্য ধন দিবলৈ অসন্মত হ’ল।
(৩)
বাজীটো বা তাৰ ফলাফল সিমান গুৰুত্বপূৰ্ণ কথা নহয়। প্ৰণিধানযোগ্য কথা হ’ল এই যে প্ৰযুক্তি-আধাৰিত আশাবাদী (techno-optimist) কেলী আৰু নব্য-লুডাইট চে’ল উভয়েই এনে কিছুমান বিষয় উত্থাপন কৰিছিল যিবোৰ পোনচাটেই নাকচ কৰিব নোৱাৰি।
কেলীৰ মতে, আধুনিক সভ্যতাৰ অগ্ৰগতি, সম্পদ সৃষ্টি আৰু দৰিদ্ৰ-সীমাৰেখাৰ ওপৰত বৰ্তমানে পৃথিৱীত বাস কৰা মানুহৰ সংখ্যালৈ মন কৰিলে প্ৰযুক্তিৰ অৱদান নুই কৰিব নোৱাৰি। সভ্যতাৰ অগ্ৰগতি আৰু উৎপাদিকা শক্তিৰ বিকাশ মোটামুটি হাতত ধৰাধৰিকৈ আগবাঢ়ে। আজিৰ বিশ্বত জনসাধাৰণৰ বুনিয়াদী সমস্যাসমূহ, যেনে, ক্ষুধা, অপৰিপুষ্টি, পৰিষ্কাৰ খোৱাপানী, আশ্ৰয়, উন্নত স্বাস্থ্য,শিক্ষা আদি সমাধান কৰিব পৰাকৈ পৰ্যাপ্ত সম্পদ আৰু সাধন মজুত আছে আৰু এনে অৱস্থা এটা সৃষ্টিত প্ৰযুক্তিৰ ভূমিকা কম নহয়। তদুপৰি বিশ্বৰ বৰ্তমানৰ প্ৰায় সাতশ নব্বৈ কোটি মানুহৰ এক মৰ্যাদাপূৰ্ণ জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় সম্পদ-সাধন আদিৰো নাটনি হোৱা নাই। তৎস্বত্বেও যদি বিশ্বৰ জনসাধাৰণৰ এক বুজন অংশই এইবিলাক সমস্যাৰ লগত যুঁজি থাকিবলগীয়া হৈছে— তাৰ কাৰণো আমি ভাবি চাব লাগিব।
আনহাতেদি, নব্য-লুডাইটপন্থীসকলৰ এজন শক্তিশালী প্ৰবক্তা চে’লে উত্থাপন কৰা কথাবোৰো মন কৰিবলগীয়া। বৰ্তমানৰ বিশ্বখন অধিক অশান্ত হৈ পৰিছে; সম্প্ৰতি চলি থকা প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ যুদ্ধ-বিগ্ৰহবোৰ ইয়াৰ এটা প্ৰধান সূচক। মানুহৰ সীমাহীন লিপ্সাৰ ফলত পৃথিৱীখন অতি দ্ৰুততাৰে এক অবাসোপযোগী গ্ৰহলৈ ৰূপান্তৰিত হোৱাৰ পথত— কিয়নো পৰিবেশৰ ধ্বংসযজ্ঞত এতিয়ালৈকে কোনেও লেকাম লগাব পৰা নাই। এই সম্পদশালী বিশ্বত এতিয়া উৎকট আৰ্থিক বৈষম্য এটা প্ৰধান সমস্যা হৈ পৰিছে; ধনবানসকল অধিক ক্ষিপ্ৰতাৰে ধনী হৈ গৈ আছে আৰু বিশ্বৰ মুঠ সম্পদৰ এক সিংহভাগ এমুঠিমান অৰ্বুদপতিৰ হাতত সোমাইছে। চে’লে এই অনস্বীকাৰ্য সমস্যাবোৰৰ কাৰণে প্ৰধানতঃ প্ৰযুক্তিকে দোষাৰোপ কৰিছে।
দৰাচলতে, কেভিন আৰু চে’ল উভয়েই বেমাৰৰ লক্ষণ (symptoms) বোৰ সঠিক ৰূপত চিনাক্ত কৰিছে। কিন্তু বেমাৰৰ কাৰণটো বিচাৰি পোৱা নাই। দৰাচলতে, প্ৰযুক্তিক দোষ দি লাভ নাই। প্ৰযুক্তিৰ উন্নতিত কোনেও বাধা দি ৰাখিব নোৱাৰে; অন্ততঃ ইতিহাসত ইয়াৰ নজীৰ নাই। কিন্তু তৎস্বত্বেও, চে’লে কোৱা কথাবোৰো সঁচা। আচলতে বৰ্তমানে বিশ্বৰ সকলো উন্নত দেশতে নব্য উদাৰতাবাদী ৰাজনৈতিক-অৰ্থনীতি (Political Economy) লাগু হৈ আছে। এই নীতিয়ে নিৰ্ধাৰণ কৰিছে সম্পদ-উৎপাদনৰ ব্যৱস্থাপনা, প্ৰাধান্যসমূহ আৰু ইয়াৰ বিতৰণ-ব্যৱস্থা। প্ৰযুক্তিয়ে মূলতঃ উৎপাদন-প্ৰক্ৰিয়াৰ দ্ৰুতি আৰু দক্ষতা নিৰ্ধাৰণ কৰে। কিন্তু উৎপাদন আৰু বিতৰণৰ নীতি-নিৰ্ধাৰণ কৰে ৰাজনৈতিক-অৰ্থনীতিয়ে। উদাহৰণ স্বৰূপে, একেটা ৰাস্তাত ক্ৰমান্বয়ে ‘ক’, ‘খ’আৰু ‘গ’তিনিখন স্থান থাকিলে, ‘খ’ৰ পৰা যাত্ৰা আৰম্ভ কৰি ‘ক’ বা ‘গ’ পাব পৰা যায়; কিন্তু তাৰ বাবে, প্ৰথমেই ঠিক কৰি লব লাগিব যাত্ৰাৰ দিশ; ‘ক’ৰ ফালে যাত্ৰা কৰিলে ‘ক’ পাব আৰু ‘গ’ ৰ ফালে যাত্ৰা কৰিলে ‘গ’পাব। লক্ষ্যস্থান নিৰ্ভৰ কৰে যাত্ৰাৰ দিশৰ ওপৰত; গাড়ীখনৰ গতিবেগ বা ম’ডেল বা হৰ্চপাৱাৰৰ ওপৰত নহয়। অৱশ্যে গতিবেগ বা হৰ্চপাৱাৰৰ ওপৰত নিৰ্ভৰ কৰি সোনকালে বা দেৰিকৈ লক্ষ্যস্থান গৈ পাব পাৰে। এই উদাহৰণত যাত্ৰাৰ দিশ ঠিক কৰাটো এখন দেশৰ ব্যৱস্থাপনাত ৰাজনৈতিক-অৰ্থনীতিৰ ভূমিকাৰ নিচিনা; আৰু প্ৰযুক্তি হ’ল গাড়ীখনৰ গতিবেগ বা হৰ্চপাৱাৰৰ নিচিনা।
বাম-ৰাজনীতিত বিশ্বাসীসকল নব্য-উদাৰবাদৰ কঠোৰ সমালোচক আৰু তেওঁলোকে সকলো ব্যাধিৰ মূল কাৰণ হিচাপে ইয়াক চিনাক্ত কৰে। যোৱা শতিকাৰ আশী দশকৰ তৈল-সংকটৰ পিচৰ পৰা ক্ৰমান্বয়ে শক্তিশালী ৰূপত বিশ্বৰ প্ৰেক্ষাপটত অৱতীৰ্ণ হোৱা এই মতাদৰ্শৰ সকলো কথা হয়তো পোনচাটেই নাকচ কৰিব নোৱাৰি। অৰ্থনীতিৰ সকলো ক্ষেত্ৰতে ৰাষ্ট্ৰযন্ত্ৰৰ নিৰংকুশ আধিপত্য আৰু তাৰ ফলত সৃষ্টি হোৱা ওপৰ-গধুৰ আমোলাতান্ত্ৰিক অদক্ষ উৎপাদন-ব্যৱস্থা আদি বিষয়বোৰ নব্য-উদাৰতাবাদে উঠাইছিল। একে সময়তে, অৰ্থনীতিক সম্পূৰ্ণৰূপে চৰকাৰী নিয়ন্ত্ৰণৰ পৰা বাহিৰ কৰি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ কুফলবোৰ যোৱা তিনি-চাৰি দশকৰ ভিতৰত পৰিষ্কাৰ ৰূপত ফুটি উঠিছে; ইয়াৰ ফলত আৰ্থিক বৈষম্য দিনক দিনে বাঢ়ি গৈছে, ৰাষ্ট্ৰৰ কল্যাণকামী চৰিত্ৰৰ বিলোপসাধন বা বৃহৎ পৰিমাণে সংকোচন ঘটিছে আৰু অন্য পন্থাই কাম নিদিলে, পশ্চাৎসত্য(Post-truth) ভিত্তিক একনায়কত্ববাদৰ জন্ম দিছে।
আধুনিক বিশ্বৰ জটিল পৰিস্থিতিত, গতিকে, কেবল প্ৰযুক্তি-কেন্দ্ৰিক বিতৰ্কত সীমাবদ্ধ হৈ থাকিলে নহব; ই হব এক বালসুলভ সৰলীকৰণ। প্ৰযুক্তি-আধাৰিত আশাবাদীসকলে ভবাৰ দৰে অধিক প্ৰযুক্তি হ’লেই সভ্যতাৰ অগ্ৰগতি বা মানৱকল্যাণ নহবও পাৰে; আৰু নব্য-লুডাইট পন্থীসকলৰ দৰেই প্ৰযুক্তিক বাধা দিলেই মানৱ-কল্যাণ নহয়। এই বিতৰ্কৰ ওপৰলৈ উঠি প্ৰযুক্তিক এক অপৰিহাৰ্য পাথেয় হিচাপে লৈ যথোচিত ৰাজনৈতিক-অৰ্থনীতিৰ সন্ধানতহে সঠিক পথৰ ৰূপৰেখা নিহিত আছে।
(ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২২ উপলক্ষে প্ৰকাশিত লেখা। লেখক এজন নিবন্ধকাৰ আৰু ৰাষ্ট্ৰীয় তথ্যবিজ্ঞান কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালকপ্ৰধান, ফোন: ৯৪৩৫৫৪১৩০০)