ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ ভাষণ শুনা বিৰাট জনসভাক বাতৰিকাকতে “বিশাল জনসমাগম”, “বিপুল সমাৱেশ’’ আদি ডাঙৰ আখৰৰ শিৰোনামাৰে বৰ্ণনা কৰিলে।
এই ধৰণৰ জনসমাগম অৱশ্যে আজিকালি সিমান স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত নহয়। তাৰ বন্দোৱস্ত কৰা হয়। মানুহক তালৈ নিবলৈ দস্তুৰমত বহুত উদ্গণি, উচটনি আৰু কেতিয়া প্ৰলোভনো দিয়া হয়। এইটো আটায়ে টিভি আৰু বাতৰিকাকতৰ জৰিয়তে গম পাইছে যে গুৱাহাটীৰ পৰা একেকোবে দুশখন যাত্ৰীবাহী বাছ সিহঁতৰ নিৰ্দিষ্ট গতিপথৰ পৰা আঁতৰাই নি বঙাইগাওঁ, নলবাৰী, গুৱাহাটী আদি বিভিন্ন ঠাইৰ পৰা সভাস্থলী ভৰ্তি কৰিবলৈ দূৰৈৰ ডিব্ৰুগড়লৈ মানুহ বোজাই কৰি লৈ যোৱা হ’ল। ফলত তাৰ পিছত দুদিনধৰি অগণন নিয়মিত যাত্ৰীয়ে হাৰাশাস্তি ভুগিব লগা হ’ল।
টিভিত বিজেপি মুখপাত্ৰই কোৱা শুনিলো যে মানুহে প্ৰধানমন্ত্ৰীক চাবলৈ উদ্বাউল হোৱা বাবে চৰকাৰে বাছৰ ব্যৱস্থা কৰি দিয়াটো মানৱতাৰ কথা! কিন্তু এই মানৱতা ইয়াত হাৰাশাস্তি হোৱা হেজাৰ-বিজাৰ যাত্ৰীৰ প্ৰতি দেখুওৱা নহ’ল বা কিয়? কোনটো কথা চৰকাৰৰ বাবে অধিক গুৰুত্বপূৰ্ণ দায়িত্ব?
সি যি নহওক, ধৰি ল’লো যে প্ৰধানমন্ত্ৰীক দেখি আৰু তেওঁৰ ভাষণ শুনি সমবেত ৰাইজৰ চকু আৰু কাণ জুৰাই গ’ল। কিন্তু তেখেতে এনে কি কাম কৰিলে যাৰ বাবে আমি উৰ্ধবাহু হৈ নাচিব লাগে? তেওঁ কিছু ৰাজহুৱা প্ৰতিষ্ঠানৰ শিলান্যাস কৰিলে, কিন্তু এইবোৰ প্ৰতিষ্ঠানে কেতিয়া পূৰ্ণ ৰূপ লৈ ৰাইজলৈ সেৱা আগবঢ়াব পাৰে, ঠিকনা নাই। সাতখন কৰ্কট ৰোগৰ কেন্সাৰ হস্পিতাল মুকলি কৰিলে। কিন্তু তাৰ সকলো ব্যয়ভাৰ (নিৰ্মাণ,যন্ত্ৰপাতি যোগান, চিকিৎসক নিযুক্তি আৰু তেওঁলোকৰ বেতনৰ ধন যোগান) বহন কৰিছে আৰু কৰিব ৰতন টাটাই। ৰতন টাটাৰ মহানুভৱতাক সংবাদমাধ্যমে ভূয়সী প্ৰশংসা কৰিছে। যোগ্যজনকে প্ৰশংসা কৰা হৈছে। অৱশ্যে বিনিময়ত অসম চৰকাৰৰ পৰা ধন বিনিয়োগৰ ভাল কিবা সুযোগ পাইছে নেকি, তাৰো খবৰ ৰখা ভাল। যদি পাইছে, তেনেহ’লে সি যাতে অসমৰ পক্ষে ক্ষতিকৰ নহয়।
কিন্তু কাকতত পোৱা মতে, উক্ত জনসভাত এনে এজন মহানুভৱ মানুহেও যোগ্য সন্মান, সমাদৰ নাপালে। অথচ প্ৰধানমন্ত্ৰীৰ বক্তৃতাত বিশেষ উৎসাহজনক একো পোৱা নগ’ল। বক্তৃতাৰ মাজত তেওঁ খবৰ দিলে যে কেন্দ্ৰই পেট্ৰ’ল-ডিজেলৰ ওপৰত লগোৱা VAT নামৰ কৰ হ্ৰাস কৰিছে কিন্তু ৰাজ্যবোৰে পেট্ৰ’ল ডিজেলৰ নামত নিজা কৰ- কাটল লগাই আৰু মূল্যবৃদ্ধিৰ লগতে আন সকলো বস্তু বাহানিৰ দাম বৃদ্ধি কৰিছে। প্ৰায় লগে লগেই কেবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তিক্ত সুৰত উত্তৰ কাটিলে যে জিএছটিৰ পৰা নিয়মমতে ৰাজ্যসমূহে যি বৃহৎ পৰিমাণৰ ধন ন্যায্যমতে পাব লাগিছিল সেইখিনি ধন দিয়াত কেন্দ্ৰই বৰ হেমাহি কৰা বাবেহে তেওঁলোকে নিৰুপায় হৈ এনেদৰে কৰ সংগ্ৰহ কৰিব লগীয়া হৈছে। আৰু তেওঁলোকৰ মতে পেট্ৰ’ল-ডিজেলৰ দামৰ বেছ বুজন অংশ কেন্দ্ৰই লগোৱা কৰ-কাটল!
প্ৰকৃততে কেন্দ্ৰ চৰকাৰে নমো-নমোকৈ যদি কিবা ঢোলে-ডগৰে অনুষ্ঠান পাতি ঘোষণা কৰে, জনা মানুহে পূৰ্বৰ অভিজ্ঞতা সুঁৱৰি প্ৰমাদ গণে। সদায় “উল্টা বুঝিলি ৰাম!’ হয়গৈ। বিমুদ্ৰাকৰণ এনেদৰে ঘোষণা কৰা হৈছিল। ৰাইজে তাৰ পৰা একো সুফল পোৱা নাই। বৰং বহু ক্ষতিগ্ৰস্তহে হ’ল। জিএছটিৰো শুভাৰম্ভ কৰা হৈছিল দিন-ক্ষণ গণি ধূপ-ধূণা জ্বলাই। কিন্তু তাৰ খুন্দাত লাখ লাখ ব্যৱসায়, বৃত্তি, চাকৰি এন্ধাৰত বিলীন হৈ গ’ল। এতিয়া খাদ্য-সামগ্ৰীৰ ওপৰতো ১৮ শতাংশ জিএছটি আৰোপ কৰাৰ পবিত্ৰ আয়োজন কৰা হৈছে। তাৰ ঠেলাত কিমানে আত্মহত্যা কৰে, কিমান ড্ৰাগছৰ শৰণ লয়, কিমানে ডকাইতিত হাত দিয়ে, ঠিকনা নাই।
মোদীজীৰ অমৃত ভাষণে কেতিয়া বাস্তৱ সত্যক স্বৰ্গীয় মহিমাৰে বিভূষিত কৰে, ঠিকনা নাই। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰথমটো কাৰ্যকালৰ যেতিয়া অক্সিজেনৰ অভাৱত সুচিকিৎসা বা আগতীয়া সতৰ্কতাৰ অভাৱত ক’ভিড মহামাৰীত মৃত শই শই ৰোগীক শ্মশানত সৎকাৰ নকৰি নদীৰ বালিত পুতি থোৱা হৈছিল, নদীত উটুৱাই দিয়া হৈছিল, প্ৰতি ৰাতি শ শ চিতা একেলগে জ্বলাই দিয়াৰ ফলত দিনৰ দৰে পোহৰ হৈছিল, টিভিৰ পৰ্দাত সকলো মানুহে দেখিছে। অথচ তাৰ পিছত প্ৰধামন্ত্ৰীয়ে “ক’ভিড মহামাৰী নিয়ন্ত্ৰণত আদিত্যনাথৰ অভূতপূৰ্ব দক্ষতা আৰু সাফল্য’’ উল্লেখ কৰি প্ৰশংসাৰে বুৰাই পেলালে। এনে বাগ্মিতা তুলনাহীন, কিন্তু বুকুত হাত দি কওকচোন, স্বস্তিকৰ নেকি?
বাৰে বাৰে এইবোৰ অভিজ্ঞতা হোৱাৰ পাছতো অন্ততঃ এচাম মানুহৰ ভৰসা যে প্ৰধামন্ত্ৰী অতিমানৱ, তেওঁ শেষ ৰক্ষা কৰিবই কৰিব। সন্তৰ পৰিত্ৰাণ, দুষ্টক সংহাৰ কৰিবলৈ অৱতাৰৰ দৰে তেখেতে জন্মলাভ কৰিছে। অতএব তেখেতক সমালোচনা কৰা সকলো নিৰ্ঘাৎ পাপী। অন্ততঃ আৰক্ষীও এচাম মানুহৰ দৰে এনেদৰে পতিয়ন গৈছে।
বাটৰ কাষত নিৰুপায় হৈ সৰু খাদ্য আদিৰ দোকান দিয়া সকলৰ মুখত পূৰ্বতে যি অকণ আশাৰ পোহৰ দেখিছিলো, এতিয়া আৰু নাই। আটায়ে ভাগ্যৰ আঘাত আহিবলৈ যেন ৰৈ আছে। অলপতে এগৰাকী মহিলা ব্যৱসায়ীক লগ পালো। তেওঁ উৎসাহেৰে লঘূ আহাৰ, চাহ কফিৰ দোকান আৰম্ভ কৰিছিল। চলিছিলো। কিন্তু দুবছৰতে ক’ভিডে দেশৰ দুৰ্বল অৰ্থনীতি এনেদৰে ঘূণীয়া কৰিলে যে তেওঁৰ দোকান নচলা হ’ল। তেওঁ এতিয়া মাত্ৰ এজন সহকাৰী ৰাখিছে আৰু নিজেও গ্ৰাহকৰ ফাই-ফৰমাইচ খাটিছে। কথাখিনি কওঁতে তেওঁৰ মুখত ভয় আৰু উদ্বেগৰ ছাঁ বিয়পি গ’ল। মানুহৰ হাতত সঞ্চয় নাই, উপাৰ্জনেৰে জোৰা মাৰিব নোৱাৰে, কেনেকৈ এনে উদ্যোগৰ সেৱা বিচাৰিব? এনেকৈ কিমান ক্ষুদ্ৰ, মজলীয়া উদ্যোগ ব্যৱসায় জাহ গৈছে, কিমান কৰ্মচাৰীৰ কাম যোৱাত সহায়হীন হৈ বাটত থিয় দিছে, তাৰ হিচাব কোনে ৰাখে? যেতিয়া চাউল-তেল-দাইলৰ দাম ৫০-৬০ শতাংশ হাৰত বাঢ়িছে, তেতিয়া চৰকাৰী হিচাব ওলাইছে যে বস্তুৰ মূল্য ১৩ শতাংশ বাঢ়িছে। সেই হিচাব মানিলেই আমাৰ পেট ভৰিবনে?
এই প্ৰসংগতে মূল্যবৃদ্ধিৰ কথাটো অলপ টং কৰা ভাল হ’ব। ইউক্ৰেইনৰ যুদ্ধ ইত্যাদিৰ বাবে বস্তুৰ যোগান কমিছে, মানি ল’লো। কিন্তু কেৱল সেইকাৰণেই মূল্যবৃদ্ধি হৈছেনে? জনা মানুহে কৈছে যে আজি পেট্ৰ’ল-ডিজেলৰ যি মূল্য, তাৰ চল্লিছ শতাংশৰ কাৰণ চৰকাৰে আৰোপ কৰা কৰ-কাটল। কি কাৰণে এই কৰ-কাটল লগোৱা হৈছে? আদানি-আম্বানিক বিশ্বৰ আটাইতকৈ ধনৱান ব্যক্তিৰ শাৰী পূৰাবলৈ সুযোগ দিয়াৰ বাবে তেওঁলোকৰ বিশাল উপাৰ্জনৰ ওপৰত দেয় কৰ ক্ৰমাগতভাৱে হ্ৰাস কৰা হৈছে। অন্যান্য ব্যৱসায়ে লোকচান ভৰিব লগা হোৱাত তাৰ পৰা কৰ কাটলো কমি আহিছে। সেয়ে সকলো ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত নানা কৰ-কাটল লগোৱা হৈছে। চৰকাৰৰ আয়ৰ সহৰখিনি এই মূল্যবৃদ্ধিৰ পৰা আহিছে।
গভীৰ অৰ্থসংকটৰ যি ছবি ৰাইজে দৈনন্দিন জীৱনৰ পৰা দেখিবলৈ পাইছে, তাৰপৰা তেওঁলোক ভৱিষ্যতৰ সুখবৰ আশা কৰা নাই। আদানি-আম্বানিৰ বৃহৎ ব্যৱসায়ৰ লাভেৰে দেশৰ সামগ্ৰিক আয়-বৃদ্ধিৰ পৰিচিত হিচাব যিটো দিয়া হয়, সি ছলনামূলক। দেশৰ জাতীয় আয় বাঢ়িছে, অথচ দেশৰ মানুহ গড়খাৱৈত পৰিছে, এনে এটা কথা সঁচা হ’ব পাৰেনে?
আলাসতে অমুক-তমুক জনকল্যাণমুকী আঁচনি ঘোষণা কৰিলেই জনগণৰ জীৱনৰ ঘোৰ সংকট দূৰ নহয়। কোটি-কোটি মানুহৰ যেতিয়া উপাৰ্জন নাই, কৰ্মসংস্থান নাই, দুসাজ খোৱাৰ উপায় নোহোৱা হৈছে- তেতিয়া দহ হেজাৰ মানুহৰ বাবে অমুক আঁচনি, আঠ হেজাৰ মহিলাৰ বাবে তমুক আঁচনি, এইবোৰ নিষ্ঠুৰ প্ৰহসন নহয়নে? তেন্তে বিশাল জনসভা, বিপুল জনসমাগমৰ সাৰ্থকতা কি? হয়তো হতাশ জনসাধাৰণৰ মনত আকৌ এবাৰ দৈৱিক মহিমাৰে বলিয়ান নেতাৰ ভাৱমূৰ্তি জগাই তেওঁলোকৰ মনত মিছা আশাৰ প্ৰদীপ জ্বলোৱা?
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন
নিৰ্বাচনৰ খদমদম শেষ হ’ল। এতিয়া ঠাণ্ডা মগজেৰে কিছু উভতি চোৱাৰ সময়।
এটা কথা ঠিক। যিবোৰ দলে নিৰ্বাচনৰ পূৰ্বে “হাতী মাৰিম, বাঘ মাৰিম” ধৰণৰ কথা কৈ আছিল, দেখা গ’ল তেওঁলোকে নিগনি এটাও চিকাৰ কৰিব নোৱাৰিলে। তেওঁলোকে বুজা উচিত যে বৰ বেলেগ ধৰণে আৰম্ভ নকৰিলে ৰাইজৰ আস্থা আৰু ঘূৰাই নাপাব। টি-ভিত বিতৰ্ক কৰি ৰাইজৰ আস্থা লাভ কৰা নাযায়। গণ্ডগোলটো ক’ত, গভীৰভাবে বিচাৰ-বিবেচনা কৰি, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি আৱিষ্কাৰ কৰিব লাগিব। কমিটি পাতি বিফলতাৰ কাৰণ উলিয়াব নোৱাৰিব।
পৌৰ নিৰ্বাচনে মোক বৰকৈ উৎসাহিত নকৰে। কাৰণ তাৰ পৰিষদে আলোচনা আদি যিমান নকৰক, সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ক্ষমতা কেৱল পৌৰ আয়ুক্তৰহে। আৰু তেৱোঁ চৰকাৰৰ কথামতেহে কাম কৰিবলৈ বাধ্য, কাউন্সিলৰ সকলৰ কথামতে নহয়। পৌৰপতিৰ পদো নিতান্ত আলংকাৰিক। ১৯৭১ চনৰ “গুৱাহাটী পৌৰ নিগম আইন” ইন্দিৰা কংগ্ৰেছৰ অন্যতম কেৰোণ লগা অৱদান। ফলত একমাত্ৰ চৰকাৰবোৰৰহে লাভ হয়।
ৰাইজে কথাটো নাজানে। তেওঁলোকে কেৱল দেখিছে যে সকলো প্ৰতিশ্ৰুতি চাবোনৰ ফেন, ৰংচঙীয়া কিন্তু ফোঁপোলা আৰু ক্ষণস্থায়ী।
তথাপি ৫০% ৰাইজ ভোট দিবলৈ নহাটোও মই তেওঁলোকৰ সাংঘাতিক ব্যৰ্থতা আৰু অপকৰ্ম বুলি ভাবোঁ। তেওঁলোকে কাকো বিশ্বাস নকৰে, বুজিছোঁ। কিন্তু বুজন বয়স হোৱা জনা-বুজা মানুহ হিচাপে এটা নিৰ্ভীক মত প্ৰকাশ কৰাৰ সুযোগ ল’ব লাগিছিল। আঁতৰি থকাটো কাপুৰুষালি বা দায়িত্বহীনতাৰ লক্ষণ। আমি এনে চৰিত্ৰৰ গৰাকী হ’লে কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰিম। অন্তত: বিজেপিৰ প্ৰতি যে মোহভংগ হৈছে কথাটো ভোটৰ যোগেদি ৰজনজনাই দিয়া হ’লে অন্তত: বিজেপিয়ে অধিক জনবিৰোধী কাম কৰাৰ আত্মবিশ্বাস হেৰুৱালেহেঁতেন। তাকে নকৰি গা বচাই আঁতৰি থকাৰ ফলত বিজেপিৰ দৌৰাত্ম্য বাঢ়িবহে।
বিজেপিৰ পৰা নিৰ্বাচিত পাৰিষদ সকল স্বাভাৱিকতে এই ফলাফলত সুখী। তেওঁলোকে কি ভাবি নাজানোঁ, ঠিক কৰিছে যে অযথা পৌৰ আয়ুক্তৰ লগত তৰ্কাতৰ্কি নকৰে। সকলো মিলি, চৰকাৰৰ লগতো মিলি একগোট হৈ নাগৰিকৰ সেৱা কৰি যাব। চৰকাৰে কি অভিপ্ৰায় কৰিছে দেখা কথা। প্ৰয়োজন-অপ্ৰয়োজনত ফ্লাই-অভাৰ সাজিছে। নাগৰিকৰ সহায় হৈছে নে নাই, কেৰেপেই কৰা নাই। অথচ খোৱাপানী, নলা-নৰ্দমাৰ সমস্যা, নাগৰিকে পাবলগীয়া সকলো সেৱাতে বিষম ঘাটি। অৰ্থাৎ চৰকাৰে বিজেপিৰ দখলত থকা পৌৰ নিগমৰ আলম লৈ সাধাৰণ নাগৰিকৰ মূৰত আৰু কি যন্ত্ৰণা জাপি দিয়ে ঠিকনা নাই। ইমান বৃহৎ নগৰ এখনৰ বাৰ্ষিক আয় হেনো মাত্ৰ ৩৫ কোটি। অৰ্থাৎ প্ৰাপ্য কৰ-কাটলৰো ভালেখিনি নিশ্চয় আদায় নহয় অথবা দুৰ্নীতিৰ কবলত পৰে। এই দিশত মনোযোগ দিয়া নহয়। কিন্তু সুবিধা পালেই নাগৰিকৰ দেয় কৰ-কাটল মাত্ৰাধিক বৃদ্ধি কৰিব খোজে। কাকত-পত্ৰ বিলাকেও সময়ে-সময়ে একোটা বৃহৎ আৰ্থিক কেলেংকাৰী, চৰকাৰী অনিয়ম, বা ব্যৰ্থতাৰ কথা উলিয়াই হৈ-চৈ লগাই দিয়ে ঠিকেই। কিন্তু কোনো এটা কথাতে শেষলৈকে ধৰি নাথাকে। ফলত বস্তুটো দুদিনীয়া আলোড়নৰ বিষয় হৈ শেষত লয় পায়।
বিদেশত ভাল সাংবাদিকতাৰ লক্ষণ হৈছে যে একোটা সমস্যা, দুৰ্নীতি বা বৃহৎ চৰকাৰী প্ৰবঞ্চনা বা ব্যৰ্থতা উদ্ঘাটন কৰাৰ উপৰি তাৰ মূলোচ্ছেদ নোহোৱালৈকে বিষয়টো এৰি নিদিয়ে। পাঠকক এই সম্পৰ্কে সচেতন কৰাৰ উপৰি তাৰ অনুসন্ধান, বিচাৰ-বিশ্লেষণ আৰু সমাধানৰ সক্ৰিয় সহযোগীত পৰিণত কৰে। জনসচেতনতা বাঢ়ে, সমস্যাৰো কিবা এটা সমাধান হয়। এনেকৈ সৰু-সৰু চহৰৰ কাকতেও সাংবাদিকতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। আমাৰ ইয়াত তেনে নোহোৱা বাবে মানুহৰ ধাৰণা যে সাংবাদিকক বশ কৰা হৈছে।
পুনশ্চ:
বৰপেটাৰ সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে জিগনেশ মেৱানীৰ জামিন আবেদন মঞ্জুৰ কৰি যি নিৰ্ভীক ন্যায়-নিষ্ঠা আৰু সৎ সাহসৰ পৰিচয় দিছে, মই দেখি অভিভূত হৈছোঁ। এন্ধাৰৰ মাজত এগছ আশাৰ চাকি।অসম চৰকাৰে জিগনেশ মেৱানীৰ জামিন আবেদন সংক্ৰান্তত উচ্চ ন্যায়ালয়ত তৰা গোচৰত উচ্চ ন্যায়ালয়ৰ ৰায়ে বৰপেটা সত্ৰ ন্যায়াধীশৰ ৰায় নাকচ কৰা বুলি কিছুমানে এনেয়ে হৈ-চৈ লগাইছে। কথাটো বেলেগ।সত্ৰ ন্যায়াধীশৰ জামিন অনুমোদন কৰা ৰায় বাহাল আছে।কেৱল অসমৰ আৰক্ষী বিভাগৰ কাৰ্যপ্ৰণালী লৈ তেওঁ দিয়া সাধাৰণ মন্তব্য অপ্ৰাসঙ্গিক বুলি উচ্চ ন্যায়ালয়ে কৈছে।
আৰক্ষীয়ে অত্যন্ত সোপাঢিলা পদ্ধতিৰে গোচৰ তৰা বুলি কৈ সত্ৰ ন্যায়াধীশে মন্তব্য কৰা হ’লে ক’বলৈ একো নাথাকিলহেতেন। কিন্তু সাধাৰণ ভাবে আৰক্ষীক দোষাৰোপ কৰাটো আতিশয্য হ’ল বুলি উচ্চ ন্যায়ালয়ে ভাবিছে।
তেন্তে সত্ৰ ন্যায়াধীশক আমি তেওঁৰ মন্তব্যৰ বাবে গৰিহণা দিব লাগিব নেকি? মোৰ মতে নহয়।
আদালতৰ ৰীতি-নীতি অনুযায়ী নচলি অসম আৰক্ষীৰ অনিয়ন্ত্ৰিত ‘এনকাউণ্টাৰ’ নীতি সম্পৰ্কে তেওঁ অলপ সীমা চেৰাই কথা কোৱাটো একো বেয়া কথা হোৱা নাই। বৰং নাগৰিক সকলক সজাগ কৰি দিয়া হৈছে এক অতি বিপজ্জনক ধাৰা(trend) সম্পৰ্কে। অসম উত্তৰ প্ৰদেশত পৰিণত হোৱাটো আমাৰ কাম্য নহয়।