আমাৰ মানুহে স্বাধীনতা দিৱসক লৈ যিমান উজ্জীৱিত হয়, ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ দিৱসটো আৰু তাৰ বছৰেকীয়া উদযাপন লৈ সিমান উৎসাহিত নহয়। ভাবে এইটোনো কি ডাঙৰ কথা? আমাৰ দেশখন ব্ৰিটিছ সম্ৰাটৰ ৰাজকীয় শাসনৰ পৰা মুক্ত হ’ল, সেইতোতো স্বাধীনতাৰ পিছত অৱধাৰিতই আছিল।
কিন্তু ‘গণৰাজ্য’ (Republic) এটা বিশেষ অৰ্থবহ শব্দ। গণৰাজ্য মানে জনতাৰ দ্বাৰা (জনতাৰ নিৰ্বাচিত প্ৰতিনিধিৰ দ্বাৰা) শাসিত দেশ তথা শাসনকৰ্তা, চৰকাৰ। এনে দেশত জনসাধাৰণৰ ওপৰত জনসাধাৰণৰ সন্মতি অবিহনে কাৰো কৰ্তৃত্ব নাখাটে। যিমানেই জ্ঞানী-গুণী মানুহ বা মানুহৰ থুপ (Group) নহওক, জনসাধাৰণৰ নিয়ন্ত্ৰণত থাকিহে দেশ শাসন কৰিব পাৰিব। যদি জনসাধাৰণৰ আস্থা হেৰুৱায় তেন্তে নিৰ্বাচনৰ দ্বাৰা জনগণেই তাক ক্ষমতাচ্যুত কৰিব।
অৰ্থাৎ সাৰ্বভৌম ক্ষমতা শেষ বিচাৰত জনগণৰে হাতত। সাময়িকভাবে এই ক্ষমতা প্ৰয়োগ আৰু ৰক্ষা কৰে কোনো দলৰ চৰকাৰে।
চৰকাৰে কি আৰ্হি, গতিপথ, গন্তব্য লৈ দেশ শাসন কৰিব? আৰ্হিটো জনগণেই (নিৰ্বাচিত সংবিধান পৰিষদে) ১৯৫০ চনত প্ৰস্তুত কৰি দিছিল। দুটা বছৰ না না ক্ষুৰধাৰ বিশ্লেষণ, গম্ভীৰ বিবেচনা, বিতৰ্ক, মত-বিনিময়ৰ জৰিয়তে। এখন লিখিত সংবিধানৰ ৰূপত। দেশৰ সকলো আইন-কানুন, শাসনৰ নিয়ম, চৰকাৰৰ ৰেহ-ৰূপৰ উৎস এই সংবিধান।
বিশুদ্ধ পুঁজিবাদত বিশ্বাসীৰ পৰা নিভাঁজ সমাজবাদীলৈ, হিন্দু-মুছলমান-খ্ৰীষ্টিয়ান সকলো ধৰ্মৰ, উচ্চ বৰ্ণৰ পৰা শূদ্ৰ, আদিবাসীলৈ, পোন্ধৰ গৰাকীকৈ বিশিষ্ট মহিলা আৰু কেইবাশ পুৰুষকে ধৰি, অগ্ৰসৰ-পশ্চাদপদ সকলো অঞ্চলকে ধৰি গঠিত হৈছিল এই সংবিধান পৰিষদ। তেওঁলোকেই সংবিধান, গণতান্ত্ৰিক চৰকাৰ, গণতান্ত্ৰিক মূল্যবোধত গুৰুত্ব দিয়া জনসাধাৰণৰ ক্ষমতাৰ পৰিসৰ নিৰ্ণয় কৰি দিছিল। কাৰো প্ৰবল ইচ্ছা, খেয়াল-খুছি বা কোনো ‘মহাপুৰুষ’ৰ নিৰ্দেশ অনুযায়ী দেশৰ শাসন নচলিব।
দুখৰ বিষয় এতিয়াও বহু মানুহে তেওঁলোকৰ পূৰ্বপুৰুষে প্ৰস্তুত কৰা সংবিধানখনৰ পৰা পোৱা নাগৰিকৰ স্বাধীনতা, মৰ্যদা আৰু অধিকাৰ সম্পৰ্কে সচেতন নহয়। ৰাজতন্ত্ৰ বা ঔপনিৱেশিক যুগৰ সাম্ৰাজ্যবাদী শাসনৰ সংস্কাৰহে মানি চলি ৰাইজে নিজকে ক্ষমতাৰ দাস বা অনুগ্ৰহপ্ৰাৰ্থী বুলি ভাবে। সেয়ে তেওঁলোকক প্ৰকৃতাৰ্থত পুনৰ দাস বা ক্ষমতাৰ আজ্ঞাবাহক প্ৰজা বুলি গণ্য কৰে। ফলত গণতন্ত্ৰবাদী প্ৰজাৰ দ্বাৰা শাসিত প্ৰজাতন্ত্ৰৰ প্ৰকৃত মূল্য, উপকাৰ আৰু প্ৰয়োজনীয়তা উপলব্ধি কৰাই নহয়।
ইয়াৰ সুযোগ লৈয়েই সাময়িক ক্ষমতাৰ অধিকাৰী কোনো দল তথা দলৰ চৰকাৰক মাত্ৰাধিক মান্যতা দি ন্যায় অন্যায় নিৰ্বিশেষে চৰকাৰৰ সকলো সিদ্ধান্ত মানি লয় বা সহ্য কৰে। সংবিধানে নাগৰিকসকলক যি মৰ্যাদা দিছে, তাক সাৰথি কৰি অনুপ্ৰাণিত তথা বলিয়ান হ’ব নোৱাৰে।
এই মনোভাৱে স্বৈৰতন্ত্ৰক সুযোগ দিয়ে। জনগণৰ ইচ্ছা-অনিচ্ছা, আশা-আকাংক্ষা ভৰিৰে গচকি নিজৰ সুবিধামতে দেশ চলাবলৈ উৎসাহিত কৰে। তেনে শাসনৰ ফল শেষত জনগণৰ বাবে বিষমেই হয়।
আজিৰ পৰিস্থিতিত এনে এক পৰিস্থিতিৰ উদ্ভৱ হৈছে য’ত গণতান্ত্ৰিক নিৰ্বাচনেৰে নিৰ্বাচিত হোৱা স্বৈৰতন্ত্ৰী দল এটাই শাসকৰ সুযোগ মতে দেশখন গঢ় দিবলৈ বিচাৰিছে। তেওঁলোকেই একপক্ষীয়ভাবে ঠিৰাং কৰিছে জনগণৰ বাবে কি ভাল, কি বেয়া, কি উপকাৰী, কি ক্ষতিকৰ। আৰু এইদৰে সকলো ক্ষমতা অৱশেষত এটা দলৰ এমুঠি প্ৰতিপত্তিশালী নেতাৰ হাতত ন্যস্ত কৰিবলৈ বিচাৰিছে। ফলত মূল সংবিধানৰ প্ৰধান লক্ষ্য আৰু নীতি-নিৰ্দেশ আৰু পৰামৰ্শ লুপ্ত হৈ যোৱাৰ গভীৰ আশংকাই দেখা দিছে।
জনগণে কি চাব, কি গ্ৰহণ কৰিব, কি আচাৰ পালন কৰিব, কি মানিব , কি নাকচ কৰিব সকলো সেই এমুঠি মানুহৰ বা এজন সৰ্বশক্তিমান নেতাৰ দ্বাৰা নিৰ্ধাৰিত হোৱাৰ পথ মুকলি হৈছে। স্বয়ং প্ৰধানমন্ত্ৰীয়েই সংসদ এৰাই চলে। আনকি সভা-সমাৱেশ পাতি চৰকাৰৰ কোনো ভুল নীতি বা অপকৰ্মৰ প্ৰতিবাদ কৰাৰ অধিকাৰ তথা সুবিধা ক্ৰমে স্তিমিত কৰা হৈছে। অৰ্থাৎ গণতন্ত্ৰৰ ঠাইত, প্ৰজাতন্ত্ৰৰ ঠাইত তাৰ বিপৰীত এক শাসনতন্ত্ৰৰ ঠাইত, প্ৰজাতন্ত্ৰৰ আশংকা ঘনায়মান হৈছে।
বৈধ-অবৈধ সকলো উপায়েৰে সংবিধানৰ চৰিত্ৰ আমূল পৰিবৰ্তন কৰাৰ অভিযান চলাইছে শাসনাধীষ্ঠ দলৰ চৰকাৰে। উদাহৰণ স্বৰূপে সংবিধানত দিয়া ৰাজ্য চৰকাৰৰ ক্ষমতা গ্ৰাস কৰি ৰাজ্যৰ ক্ষমতা প্ৰায় নিচিহ্ন কৰিব বিচৰা হৈছে। এইটো সংবিধানৰ বিধি মতেই কৰা হৈছে। কিন্তু কৰা সময়ত সংবিধানত সংবিধানৰ অভিপ্ৰায় তথা নীতি (যেনে, সংঘীয় (federal) ৰাষ্ট্ৰৰ আৰ্হি সম্পূৰ্ণ বৰ্জন কৰা হৈছে। আন কিছুমান কথা – যেনে চৰকাৰৰ ক্ষমতাৰ আতিশয্য নিয়ন্ত্ৰণ কৰিব পৰা কেতবোৰ স্বতন্ত্ৰ আয়োগক প্ৰিয়পাত্ৰ মানুহৰ নিযুক্তিৰে নখ-দন্তহীন কৰা(যেনে- নিৰ্বাচন আয়োগ) দৃষ্টিকটুভাবে চক্ৰান্তমূলক।
তদুপৰি ব্যক্তি স্বাধীনতাকো সকলো প্ৰকাৰে চেপি-খুন্দি শাহ নোহোৱা খোলাত পৰিণত কৰা হ’ব ধৰিছে। বিশেষকৈ সাৰ্থকভাবে চৰকাৰী নীতি প্ৰতিবাদ কৰাৰ অধিকাৰ, আনকি গণতন্ত্ৰত অপৰিহাৰ্য মত প্ৰকাশৰ স্বাধীনতাকো কেতবোৰ অপৰাধৰ গণ্ডলৈ আনি পংগু কৰি দিয়া হৈছে। এই আগ্ৰাসনত কিছু পৰিমাণ বাধা দি থকা উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সংবিধানৰ মূল আধাৰ(Basic Structure)কো নিৰস্ত্ৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে সংবিধান অপহৰণ ( Hijack) কৰাৰ অভিযোগ অনা হৈছে। কোৱা বাহুল্য যে এইবোৰ পদক্ষেপে গণৰাজ্যৰ মূল চৰিত্ৰক নস্যাৎ কৰি এক স্বৈৰতন্ত্ৰ গঠনৰ পৰিকল্পনা চলি থকা যেন লাগে। গতিকে এই পৰিস্থিত গণৰাজ্যৰ চৰিত্ৰ অক্ষুণ্ণ ৰাখিবলৈ জনগণ উদ্বুদ্ধ হ’ব লাগিব।