NORTHEAST NOW (Assamese)

ফাঁচী বজাৰৰ ‘ফেন্সী’ নামৰ প্ৰয়োজন নাই

August 27, 2022 5:49 pm · কৰবী দত্ত
Updated: August 27, 2022 5:51 pm

ফাঁচী বজাৰৰ নামটো সলনি হ’ল। মুখ বাগৰি ফাঁচী বজাৰ গৈ ‘ফেন্সী বাজাৰ” হ’ল। আজিৰ প্ৰজন্মৰ বহুতে হয়তো ফাঁচী বজাৰক কেৱল ‘ফেন্সী’ বুলিয়েই জানে। কিছু বছৰ পাছত হয়তো ফাঁচী বজাৰ নামটো সম্পূৰ্ণৰূপে হেৰাই যাব, লগতে হেৰাই যাব এই নামটোৰ ইতিহাস, ইয়াৰ ঐতিহাসিক গুৰুত্ব।

পুৰণি গুৱাহাটীৰ ইতিহাস প্ৰণেতা কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ “ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী” শীৰ্ষক গ্ৰন্থত উল্লেখ কৰা মতে, “ইংৰাজৰ ৰাজত্বৰ পাতনিত গুৱাহাটীত চাৰিখন বজাৰ আছিল। সেইকেইখন হ’ল পল্টন বজাৰ, ভৰলু দলঙৰ ওচৰত দলংঘাট বজাৰ, লতাশিলৰ চ’ক বজাৰ আৰু সদৰ বজাৰ। এই সদৰ বজাৰেই বৰ্তমানৰ ফাঁচী বজাৰ। প্ৰথমে এই বজাৰ আছিল ফাঁচী বজাৰ ফেৰীঘাটৰ সমুখত (আলিটোৰ সিপাৰে)। পাছতহে বৰ্তমান অগ্নিদগ্ধ হৈ ভস্মীভূত হোৱা ঠাইলৈ স্থানান্তৰ হয়।…জেল থকা ঠাইত কোনো জনবসতি নাছিল। ইয়াৰ পৰা দক্ষিণলৈ বহু অংশ হাবি-জংঘল, খাল আৰু পিতনিৰে ভৰি আছিল। জেলত দুধৰ্ষ অপৰাধীক ফাঁচীও দিয়া হৈছিল। এই ফাঁচী দিয়া ঠাইলৈ বজাৰখন তুলি অনাৰ পাছত সদৰ বজাৰৰ নাম ফাঁচী বজাৰ হ’ল। ভাটীয়া ব‍্যৱসায়ীৰ মুখত পৰিহে ফাঁচীবজাৰৰ নাম কোনোৱা এসময়ত ফেন্সী বজাৰ হ’ল।” (পৃষ্ঠা- ৩৭-৩৮) উল্লেখযোগ্য যে ফাঁচী বজাৰত থকা জে’লত অপৰাধীক ফাঁচী দিয়াৰ দৃশ্য দেখা বুলি বিহগী কবি ৰঘূনাথ চৌধাৰীয়ে কুমুদেশ্বৰ হাজৰিকাক কোৱা বুলিও তেওঁ এই গ্ৰন্থখনতেই উল্লেখ কৰিছে।

ফাঁচী বজাৰ সম্পৰ্কে আন এক গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰা হৈছে ‘অপৰাজেয়’ শীৰ্ষক গ্ৰন্থত। এসময়ত ফাঁচী বজাৰৰ বিখ্যাত ব‍্যৱসায়িক প্ৰতিষ্ঠান ‘মাতৃ ভাণ্ডাৰ’ৰ প্ৰতিস্থাপক প্ৰয়াত নবীন চৌধুৰীৰ বৰপুত্ৰ লক্ষ্মীপ্ৰসাদ চৌধুৰীৰ এই গ্ৰন্থত উল্লেখ থকা মতে; বৃটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰাৰ বাবে সেনাবাহিনীৰ সৈনিক সকলৰ সৈতে কমিউনিষ্ট দলৰ নেতাসকলে যোগাযোগ স্থাপনৰ চেষ্টা কৰি এটা বিশেষ গোট গঠন কৰি সেনাবাহিনীৰ দুজন নন্-কমিচনদ বিষয়া হংসৰাজ আৰু মহম্মদ আনোৱাৰৰ সৈতে সংযোগ স্থাপনত সফল হৈছিল। এই দুজন বিষয়াৰ নেতৃত্বত কমিউনিষ্ট পাৰ্টীৰ সেই বিশেষ গোটৰ লগ লগা একাংশ সৈন্যক মাৰ্ক্সবাদ আৰু লেনিনবাদৰ সূত্ৰসমূহৰ লগত পৰিচয় কৰাৰ চেষ্টা কৰা হৈছিল। সময়ে সময়ে সৈনিক সকলৰ কিছুমানৰ মাজত হিন্দী আৰু উৰ্দু ভাষাৰ প্ৰচাৰ পত্ৰও গোপনে বিতৰণ কৰা হৈছিল।

কিন্তু আনোৱাৰে শিবিৰৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা কমিচনদ বিষয়াজনক নিজৰ ফলীয়া কৰাৰ উদ্দেশ্যে মনৰ কথা ব‍্যক্ত কৰাতহে কথা বিষম হ’ল। বিষয়াজনে আনোৱাৰক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিলে। গ্ৰেপ্তাৰ হ’লে সৈন্য বাহিনীৰ লোকসকলৰ লগতে বাহিৰত থকা কমিউনিষ্ট পাৰ্টীৰ সকলো কৰ্মীৰ গুৰুতৰ বিপদ হোৱাৰ আশংকাত আনোৱাৰে বিষয়াজনক হত্যা কৰিলে। পিছত গ্ৰেপ্তাৰ কৰি কোৰ্ট মাৰ্শ্বাল কৰাত দুৰ্ব‍্যৱহাৰৰ পোটক তুলিবলৈকে বিষয়াজনক হত্যা কৰা বুলি আনোৱাৰে স্বীকাৰোক্তি দিয়ে আৰু বিচাৰত তেওঁৰ ফাঁচীৰ হুকুম হয়। হংসৰাজ আৰু আন বহু সৈন্যই পলায়ন কৰে। ১৯৪৪ চনৰ প্ৰথম ভাগত গুৱাহাটী জে’লত আনোৱাৰক ফাঁচী দিয়া হয় আৰু জে’লৰ ভিতৰতে তেওঁক কবৰো দিয়া হয়। ফাঁচী দিয়াৰ আগতে গুৱাহাটী জে’লত কাৰাৰুদ্ধ হৈ থকা আনোৱাৰে পূৰ্বৰে পৰা কমিউনিষ্ট দলৰ নীতি-আদৰ্শত দীক্ষিত জেলৰ ৱাৰ্ডাৰ ব্ৰহ্মদেউ মিচিৰৰ হাতত দিয়া এখন কাগজত লিখিছিল, ” বন্ধুসকল, মই আহিলো। মৰিবলৈ মোৰ ভয় নাই। মই কৰা কোনো কামৰ বাবে আফচোচো নাই।

মোৰ কাৰণে তোমালোকে সন্ধিয়া ১০৮ ডাল মমবাতি জ্বলাবা।” আনোৱাৰৰ শেষ ইচ্ছা পূৰণ কৰি মছজিদত ১০৮ ডাল মমবাতি জ্বলোৱাৰ কথাও এই গ্ৰন্থখনত উল্লেখ আছে। (পৃষ্ঠা ৩৭-৩৮) ।
‘ফাঁচী বজাৰ’ নামটোৰ ঐতিহাসিক গুৰুত্বৰ কথা হৃদয়ংগম কৰিবলৈ এই ঘটনাটোৱেই যথেষ্ট। আনহাতে, এই ঘটনাটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰো এটা অতি উল্লেখযোগ্য ঘটনা।

ফাঁচী বজাৰৰ এই ঐতিহাসিক গুৰুত্ব অক্ষুন্ন ৰখাৰ বাবেই ইয়াৰ নামটোও অক্ষুন্ন থকাৰ প্ৰয়োজন আছিল। কিন্তু কুমুদেশ্বৰ হাজৰিকাই কোৱাৰ দৰে “ভাটীয়া ব‍্যৱসায়ী”সকলে এই ঐতিহাসিক নামটোকে সলাই পেলালে; তাত হাত উজান দিলে তথাকথিত ‘আধুনিক’ তথা ইতিহাস সচেতনতাবিহীন একাংশ অসমীয়াই।

এই বিজতৰীয়া ‘ফেন্সী বাজাৰ’ৰ পৰিবৰ্তে আমি সকলোৱে ‘ফাঁচীবজাৰ’ শব্দটোৱেই ব‍্যৱহাৰ কৰিব নোৱাৰোনে? এক গৌৰৱময় অধ‍্যায়ৰ চিহ্ন কঢ়িয়াই থকা ফাঁচীবজাৰৰ নামটো হেৰাই গ’লে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অধ‍্যায়ো চিৰদিনলৈ হেৰাই যাব। উল্লেখযোগ্য, পৌৰ নিগমৰ নথি-পত্ৰতো ফাঁচীবজাৰ বুলিয়েই উল্লেখ থকা বুলি কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ “ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী” গ্ৰন্থত লিখি থৈ গৈছে।

এইক্ষেত্ৰত দুটামান সৰু পদক্ষেপৰ সহায়ত একাংশ অবিবেচক তথা ঐতিহ্য-চেতনাহীন লোকৰ মুখত পৰি ‘ফেন্সী’ হোৱা ফাঁচীবজাৰৰ পুৰণি নামটো অক্ষুন্ন ৰাখিব পাৰে। পৰিবহন বিভাগে প্ৰতিখন চিটিবাছৰ স্বত্ত্বাধিকাৰীলৈ এখন চিঠি দি ফাঁচীবজাৰৰ নামটো সঠিকভাৱে উচ্চাৰণ কৰিবলৈ বাছৰ কৰ্মচাৰীসকলক নিৰ্দেশ দিবলৈ অনুৰোধ কৰিব পাৰে। ফাঁচীবজাৰ অঞ্চলৰ ব‍্যৱসায়ীসকলকো তেওঁলোকৰ ব‍্যৱসায়িক প্ৰতিষ্ঠানৰ ৰচিদ, ফলক, পলিথিনৰ পেকেট আদিতো ফেন্সী বাজাৰ’ৰ পৰিবৰ্তে ‘ফাঁচী বজাৰ’ শব্দটো ব‍্যৱহাৰ কৰিবলৈ অনুৰোধ জনাব পাৰি। বিদ‍্যালয়, মহাবিদ্যালয় আদিৰ সন্মুখত একোখন বেনাৰ বা নটিছ, বাতৰি কাকতৰ সৰু একোটা বিজ্ঞাপনে ‘ফেন্সী’ৰ কৱলৰ পৰা ফাঁচীবজাৰক সহজেই উদ্ধাৰ পাৰে। অন‍্যথা ‘ফেন্সী’ শব্দই ফাঁচীবজাৰ নামটো নিঃশেষ কৰি পেলাবলৈ আৰু বেছিদিন নালাগে।

পিছে মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে? ইতিহাস আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰতি আমাৰ অনীহা নতুন কথা নহয়। যিখন ৰাজ‍্যত আজি যুগ যুগ ধৰি ছপা হৈ থকা গ্ৰন্থবোৰৰ সংৰক্ষণৰেই কোনো ব‍্যৱস্থা নাই তাত এডোখৰ ঠাইৰ ঐতিহাসিক নামটো অপৰিবৰ্তিত হৈ থকাৰ আশা কৰাটো দুৰাশাহে নিশ্চয়।

               লেখিকা কৰবী দত্ত এগৰাকী নিবন্ধকাৰ

            লেখিকাৰ ফোনঃ ৭০০২৩২৫১২৪

 

Related News