NORTHEAST NOW (Assamese)
অসম

সোণালী ফোগাটৰ মৃত্যু ৰহস্যঃ চিচিটিভি ফুটেজ লাভ কৰাৰ পিছতে গোৱাৰ ৰেষ্টুৰেণ্টৰ গৰাকীৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 27, 2022 5:27 pm

নিতৌ পোহৰলৈ আহিছে অভিনেত্ৰী তথা বিজেপি নেত্ৰী সোণালা ফোগাটৰ মৃত্যুৰ ন ন তথ্য। বিজেপি নেত্ৰীগৰাকীৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীৰ জালত আৰু দুজন লোক পৰিছে। গোৱা আৰক্ষীয়ে শনিবাৰে এখন ৰেষ্টুৰেণ্টৰ মালিক আৰু ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।

চিচিটিভিৰ চাঞ্চল্যকৰ ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে তেওঁলোক দুজনক গ্ৰেপ্তাৰ কৰা হয়। হাৰিয়ানাত ফোগাটৰ মৃত্যু সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পাইছে। গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত কাৰ্লআইলেছ ৰেষ্টুৰেণ্টৰ গৰাকী এডউইন নান্সো আছে। সোণালীক মৃত্যুৰ আগতে অভিযুক্তৰ মালিকানাধীন এখন হোটেলত পাৰ্টি কৰা দেখা গৈছিল। সোণালীৰ দুজন সহকৰ্মী সুধীৰ চাংৱান আৰু সুখবিন্দৰ সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

সূত্ৰ অনুসৰি, তেওঁলোকে দত্তপ্ৰসাদ গাওঁকাৰৰ পৰা ড্ৰাগছ গ্ৰহণ কৰাৰ কথা স্বীকাৰ কৰিছে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে সোণালীৰ মৃত্যু সন্দৰ্ভত ২৫ জন লোকক সোধা-পোছা কৰা হৈছে। তেওঁলোকৰ বহুতেই ৰেষ্টুৰেণ্টৰ কৰ্মী। আৰক্ষীয়ে ৰিজৰ্টত থকা কৰ্মচাৰীসকলকো জেৰা কৰি আছে। সোমবাৰে, ‘বিগ বছ’ খ্যাত অভিনেত্ৰী আৰু বিজেপি নেত্ৰী সোণালী ফোগাটৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, অভিনেত্ৰীগৰাকীৰ শৰীৰত একাধিক আঘাতৰ চিহ্ন পোৱা গৈছিল। উক্ত প্ৰতিবেদনৰ ভিত্তিত গোৱা আৰক্ষীয়ে বৃহস্পতিবাৰে সোণালী ফোগাটৰ দুজন সহকৰ্মীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। তেওঁলোক দুয়ো সোণালীৰ সৈতে গোৱালৈ ফুৰিবলৈ গৈছিল। উল্লেখ্য সোণালী ফোগাটৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বিষয়ে আন এক ডাঙৰ কথা প্ৰকাশ কৰা হৈছে।

সোণালীৰ শৰীৰত তীক্ষ্ণ বস্তুৰে কৰা বহুতো আঘাতৰ চিহ্ন আছে আৰু লগতে আঘাত কৰাৰ দৰে চিহ্ন আছে। সোণালীৰ শৰীৰত আঘাতৰ চিহ্ন স্পষ্টভাৱে দেখা যায়। সূত্ৰ অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে সোণালীৰ শৰীৰত বহুতো আঘাতৰ চিহ্ন আছে, তেওঁক এটা তীক্ষ্ণ বস্তুৰে আঘাত কৰা হৈছে। এতিয়া অনুমান কৰা হৈছে যে সোণালীক মৃত্যুৰ আগতে নিশ্চয় অত্যাচাৰ কৰা হৈছিল।