আজি ২৮ মে’ ২০২৫, যাদৱ চন্দ্ৰ পাঠকৰ ১১২ সংখ্যক জন্ম বাৰ্ষিকী। এই পূণ্যতিথিত তেওঁক শ্রদ্ধা আৰু বিষাদেৰে স্মৰণ কৰিছোঁ। অসমীয়া জাতিলৈ মহাপুৰুষ শংকৰদেৱৰ মৌলিক অথচ সৰল অৱদান কি, কেতিয়াবা ভাবি চাইছেনে? শঙ্কৰদেৱে কৃষ্ণ সংস্কৃতি প্ৰচাৰেৰে অসমীয়া জাতিক এক পৰিশীলিত জীৱনবোধ দিছে, প্ৰত্যেকজন ভকতক ভক্তি ধৰ্মৰ উপৰিও এজন সংস্কৃত মানৱ-শিল্পী ৰূপে গঢ়ি তুলিছে; এই প্ৰভাৱ আজিও বিদ্যমান। ভাবি চালে কথাবোৰ এক শৰণ ধৰ্মটোৰ দৰেই সৰল অথচ অত্যন্ত গুৰুত্বপূৰ্ণ।যাদৱ পাঠকো ইয়াৰ ব্যতিক্ৰম নাছিল, মহাপুৰুষীয়া ধৰ্মৰ অন্যতম সত্ৰ সুন্দৰীদিয়াৰ প্ৰভাৱত ডাঙৰ – দীঘল হোৱা যাদৱ পাঠক শৈশৱৰ পৰাই সত্ৰীয়া সুৰৰ প্ৰতি আকৃষ্ট আছিল।বাৰ বছৰ বয়সত পাঠকে নামঘোষা কীৰ্তন ঘোষা আৰু বৰগীতৰ জটিল জটিল সুৰসমূহ মাক – দেউতাকৰ তত্ত্বাৱধানত শিকিবলৈ আৰম্ভ কৰিছিল। পাছলৈ এজন সাধাৰণ দোকানী হিচাপে জীৱন নিৰ্বাহ কৰা পাঠকে পিছলৈ কলা সংস্কৃতিৰ এজন সুদক্ষ শিল্পী হিচাপে স্বীকৃতি পাইছিল। সেইসময়ৰ প্ৰায় সকল শিল্পীৰে আৰ্থিক অৱস্থা ইমান স্বচ্ছল নাছিল যদিও প্ৰত্যেকজন শিল্পীয়ে এই অনাটনৰ মাজেৰে শিল্প সাধনা কৰিছিল আৰু কেতিয়াও শিল্পৰস্বাৰ্থত আপোচ কৰা নাছিল। কেয়েহে বজাৰৰ চাহিদাই নিয়ন্ত্ৰিত কৰা ‘শিল্পী’ সকলে এই সাধনাৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰিব। আজিকালি সংস্কৃতি কেৱল বাহ্যিক মনোৰঞ্জনৰ বস্তুহে অন্তৰৰ সংস্কৃতিৰ নহয়। তাত জকাটোহে আছে প্ৰাণ নাই।বৰগীত সাধনাৰ উপৰিও যাদৱ পাঠক এজন বিখ্যাত থিয়নামৰ পাঠক আৰু যাত্ৰা ভাওনাৰ অভিনেতা আছিল। তেওঁৰ মুনি দুবাৰ্শা আৰু বিশ্বামিত্ৰৰ চৰিত্ৰৰ বিচক্ষণ অভিনয় দেখা বৰিষ্ঠসকলে আজিও সেই কথা শ্ৰদ্ধাৰে সোঁৱৰে।উল্লেখ্যযোগ্য যে, ১৯৫৩ চনত অসমীয়া সংগীত ঐতিহ্যক ভাৰতৰ কলা-সংস্কৃতিৰ বিদ্বৎণ্ডলীৰ সন্মুখত দাঙি ধৰাৰ উদ্দেশ্যে অসমীয়া দল এটা মাদ্ৰাজ মিউজিক একাডেমীলৈ আমন্ত্ৰিত হৈছিল। ডিচেম্বৰ মাহত আয়োজিত ৩০ সংখ্যক মাদ্ৰাজ সংগীত অধিৱেশনৰ সপ্তম দিনা অৰ্থাৎ ২২ ডিচেম্বৰ তাৰিখে এই দলৰ প্ৰতিনিধি, অসমৰ বিশিষ্ট সংগীতজ্ঞ খগেন্দ্র নাথ দাসে “The Music of Assam” বুলি এখন উৎকৃষ্ট মানৰ সুদীৰ্ঘ গৱেষণামূলক পত্ৰ তাত পাঠ কৰিছিল।শ্ৰীদাসৰ সহযোগী হিচাপে আছিল শ্ৰীমান যাদৱ পাঠক ( সুন্দৰী দিয়া সত্ৰ) আৰু শ্ৰীমান ভগৱান বায়ন ( বৰপেটা সত্ৰ) । এই অনুষ্ঠানত তেওঁলোকে মাহুৰ-ধনশ্ৰীৰ ৰাগত এটি বৰগীত [ খুব সম্ভৱ “গোপিনী প্ৰাণ কাহেনো গেয়োৰে গোবিন্দ “ ] আৰু গৌৰী ৰাগৰ কেলিগোপাল নাটৰ এটি গীত প্ৰদৰ্শন কৰি পণ্ডিত কৃষ্ণ নাৰায়ণ ৰতন ঝংকাৰ(ভূতপূর্ব অধ্যক্ষ, ভাটখাণ্ডে সংগীত বিশ্ববিদ্যালয় ) কবিকোকিল পদ্মভূষণ ভি.ৰাঘৱন ( সংস্কৃত পণ্ডিত আৰু বিশিষ্ট সংগীতজ্ঞ ) দৰে বিশিষ্ট ব্যক্তিৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল । বোধ হয় এই অনুষ্ঠানটোৰ দ্বাৰাই পোনপ্ৰথমবাৰৰ বাবে অসমৰ সংগীত পৰম্পৰাৰ প্ৰাচীনত্ব আৰু বিশেষত্ব ভাৰতৰ পণ্ডিতসকলৰ আগত পৰিস্কাৰকৈ দাঙি ধৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজনীয় যে খগেন্দ্ৰ নাথ দাস অসমৰ সংগীত জগতৰ এজন অন্যতম বিশাৰদ।তেওঁক অসমৰ প্ৰথম কন্ঠ সংগীত বিশাৰদ (B.Mus.) বুলি জনা যায়। এই ব্যক্তিসকলৰ বিষয়ে আমি বৰ উদসীন, চৰ্চাৰ অভাৱত এওঁলোক এলাগী হৈ আছে অথচ একসময় তেওঁলোকে আমাৰ জাতিটোৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ কাম কৰি থৈ গৈছে।
আকাশবাণী যোগে অসমৰ ৰাইজৰ মাজত বৰগীত প্ৰচাৰৰ প্ৰথমচাম শিল্পীৰ মাজত যাদৱ পাঠক অন্যতম আছিল। তেওঁৰ অদ্বিতীয় কন্ঠস্বৰ আৰু বিচক্ষণ গায়নৰীতিয়েই ইয়াৰ প্ৰমাণ দিয়ে। সেইসময়ত আকাশবাণীত যাদৱ পাঠকৰ কন্ঠত ভালে কেইটা বৰগীত আৰু অঙ্কীয়া গীত বাণীবদ্ধ কৰা হৈছিল। ৰেডিঅ’ৰ এই প্ৰচেষ্টা উল্লেখনীয় আছিল কাৰণ সত্ৰৰ চাৰিবেৰ পৰা অমূল্য সম্পদসমূহ বুটলি আনি অনাতাঁৰ যোগে বৃহত্তৰ জনগণৰ মাজত প্ৰচাৰিত কৰা হৈছিল, জনগনক নিজৰ সংস্কৃতিৰ লগত চিনাকী হবলৈ সুবিধা দিয়া হৈছিল। এই ক্ষেত্রত পুৰুষোত্তম দাসৰ অৱদান অনস্বীকার্য। বোধহয় ১৯৬২ চনত, পাঠকে বৰপেটাৰ এক বিখ্যাত দলৰ সৈতে আকাশবাণী গুৱাহাটীত শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত ‘ৰামৰ বিজয়’ নাটক উপস্থাপন কৰিছিল, যি অসমীয়া আধ্যাত্মিক কলাৰ প্ৰসাৰৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লৈছিল। এই দলটোৰ শিল্পীসকল আছিল ক্ৰমে : নাৰায়ণ চন্দ্ৰ গায়ন, বসন্ত বায়ন, ঘনশ্যাম দাস, অচ্যুতানন্দ বায়ন, উপেন বায়ন , ত্ৰিদীশ পাঠক, মহাদেৱ বায়ন, ৰোহিণী দাস, ভবেন দাস , প্ৰহ্লাদ দাস, যাদৱ পাঠক, গিৰিজা প্ৰসাদ দাস, হৰি প্ৰসাদ দাস, চন্দ্ৰ দাস, গিৰীশ বায়ন, ৰমণী সূত্ৰধাৰ,সৰ্বেশ্বৰ ওজা, দিলীপ বায়ন, বীৰেন বায়ন, কুঞ্জলতা দাস, অনুৰাধা দাস, বিনোদ দাস, দয়াল চন্দ্র সূত্ৰধাৰ, গদাধৰ সূত্ৰধাৰ, অশ্বিনী বায়ন, হৰিৰাম বায়ন ( সূত্ৰধাৰ) আৰু প্ৰহ্লাদ সূত্ৰধাৰ। আমি জানো যে মহেশ্বৰ নেওগ দ্বাৰা সম্পাদিত “স্বৰ ৰেখাত বৰগীত ” অসমীয়া বৰগীতৰ সুৰ স্বৰলিপি পুথিৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ , এই স্বৰৰেখাত যাদৱ পাঠকৰ কন্ঠৰ ৬ টা বৰগীতৰ স্বৰলিপি প্ৰকাশ কৰা হৈছে। গীতকেইটা হৈছে :নাৰায়ণ কাহে ভকতি কৰো তেৰা (ৰাগ : ধন শ্ৰী) ,জয় জয় যাদৱ জলনিধিজা-ধৱ ধাতা( ৰাগ : আশোৱাৰী) ,হৰিহে বুঝলো তুহু বৰ নিদয়া(ৰাগ:সুহাই) , উঠ ৰে উঠ বাপু গোপাল হে (ৰাগ : কৌ) তেজ ৰে কমলাপতি পৰভাতে নিন্দ ( ৰাগ শ্যাম) আৰু জয় জয় জগজন তাৰণ-কাৰণ(ৰাগ: কল্যাণ)। আর্থিক অনাটনে জুৰুলা কৰা পাঠকে শেষ বয়সত দীৰ্ঘদিন ধৰি ৰোগত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল আৰু তিনি কুৰি সাতবছৰ বয়সত অৰ্থাৎ ১৯৮০ চনৰ ১১ জানুৱাৰী তাৰিখে এই ধৰাধামৰ পৰা বিদায় মাগিলে ।
আহক আমি তেওঁ গোৱা “কানাই কিনা ৰূপসিয়া” বৰগীতটো শুনি তেওঁৰ সত্ত্বাক উপলব্ধি কৰো।