প্রতিশ্ৰুতিৰ বানপানী আৰু গৰাখহনীয়া

ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱে বিগত বৰ্ষত চৰকাৰ গঠন কৰাৰ পাছতে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে কিছু প্রতিশ্রুতি প্রদান কৰিছিল। অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ দপ্তৰৰ মন্ত্ৰী জনায়ো অনুৰূপ প্ৰতিশ্ৰুতি প্রদান কৰিছিল। এইখন চৰকাৰ বানৰ কবলৰপৰা ৰাইজক ৰক্ষা কৰিবলৈ প্রতিশ্ৰুতিবদ্ধ বুলিও সংবাদ মাধ্যমৰ আগত সদম্ভে ঘোষণা দিয়া হৈছিল।এতিয়া প্ৰশ্ন হৈছে অসম চৰকাৰে যোৱা ১১টা মাহত এনে প্ৰতিশ্ৰুতিবোৰ ৰূপায়ণ কৰাত সফল হৈছেনে? নে পূৰ্বৰ সৰ্বানন্দ চৰকাৰৰ লেখীয়াকৈ বানপানী আৰু গৰাখহনীয়াৰ ক্ষেত্ৰত ৰখা প্ৰতিশ্ৰুতি বোৰ কেৱল প্ৰতিশ্ৰুতি হৈহে থাকিল?

কথা হৈছে— অসমত চৰকাৰ চলোৱা মানুহকেইজনৰহে অদল-বদল ঘটিছে। চৰকাৰ চলোৱা দল, বিশেষকৈ বিজেপি আৰু অসম গণ পৰিষদেই পুনৰ শাসনৰ বাঘজৰী ধৰিছে। গতিকে এই বিজেপিয়ে পূৰ্বতে বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে যিবোৰ প্রতিশ্রুতি দিছিল সেইসমূহৰ কিমানখিনিৰ ৰূপায়ণ সম্ভৱ হ’ল তাৰ এক মুকলি আলোচনা অতীৱ প্রয়োজনীয় বুলি বিবেচনা কৰিছো। প্রাৰম্ভিক প্রতিশ্ৰুতিসমূহলৈ আহিছো। ২০১৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্রকাশ কৰি উলিওৱা ‘Assam Vision Document,2016- 2020’ শীৰ্ষক দস্তাবেজখনৰ ‘বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণ’ শীৰ্ষক শিৰোনামত নিম্নোক্ত প্রতিশ্ৰুতিসমূহ প্রদান কৰা হৈছিল—

(১) মাজুলীক বেছি অগ্ৰাধিকাৰ দিব লগা অঞ্চল হিচাপে চিনাক্ত কৰি পুনৰ যাতে মাটিৰ খহনীয়া নহয় তাৰ বাবে বিশেষ কাৰ্যসূচী লোৱা।
(২) শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পৃষ্ঠ খনন। গেদ পৰাৰ সমস্যা চিনাক্ত কৰি শিপাতে তাৰ সমাধান।
(৩) ব্ৰহ্মপুত্ৰ বোৰ্ডৰ নিচিনাকৈ বৰাক বোৰ্ড গঠন।
(৪) ব্ৰহ্মপুত্ৰ বোৰ্ডৰ পুনঃ মূল্যায়ন কৰা।
(৫) এমএনৰেগা আঁচনিৰ অধীনত নদীৰ পাৰত গৰাখহনীয়া প্রতিৰোধী গছ যেনে বাঁহ আৰু দেবদালী লতা (mangrove) ৰোপনৰ বাবে এক বিশেষ আঁচনিৰ ৰূপায়ণ।
(৬) বানপানী আক্ৰান্ত এলেকাৰ লোকৰ জীৱিকাৰ সুৰক্ষাৰ ব্যৱস্থা কৰা।
(৭) বানপানী আৰু খহনীয়াত আত্ৰান্তসকলৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত বীমা আৰু পুনৰ্বাসন আঁচনিৰ সূচনা।
(৮) ৰাজ্যখনৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রণালীৰ উন্নীতকৰণ আৰু শেহতীয়া তথ্য অন্তৰ্ভুক্তিকৰণ (updating) আৰু
(৯) প্রয়োগ কৰিবপৰা মাপনীয় (scalable) দীৰ্ঘ, মধ্যমীয়া আৰু হস্বম্যাদী সমাধান সূত্ৰ বাহিৰ কৰিবলৈ নদী গৱেষণা প্রতিষ্ঠান (River Research Institute) পুনৰ জীৱিত কৰি তোলা ।
এতিয়া মূল প্ৰশ্নটোৱেই হৈছে বিগত শাসনকালত বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ উল্লিখিত নটা প্রতিশ্রুতি অসম চৰকাৰে ৰূপায়ণ কৰিব পাৰিলেনে?

তথ্যৰ জৰিয়তেই উত্তৰসমূহ দিয়াৰ প্রয়াস কৰিছো। ২০১২ চনৰ ১৮ জুলাইত অসম বিধানসভাত সৰ্বসন্মতিক্ৰমে এক চৰকাৰী প্রস্তাৱ গ্ৰহণ কৰি ভাৰত চৰকাৰক অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ আহ্লান জনোৱা হৈছিল। প্রস্তাৱটোত কোৱা হৈছিল যে স্বৰাজোত্তৰ সময়ছোৱাত যিটো কাৰণত ৰাজ্যখনৰ সামগ্রিক উন্নয়ন স্থবিৰ হৈ পৰিছে সেইয়া হৈছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা। লক্ষ লক্ষ লোক বানপানীত আক্ৰান্ত হোৱাৰ লগতে হাজাৰ-বিজাৰ হেক্টৰ মাটি খহনীয়াৰ বাবে নৈৰ বুকুত হেৰাইছে বুলি প্রস্তাৱটোত উল্লেখ কৰা হৈছিল।

ভাৰত চৰকাৰে বানপানী আৰু গৰাখহনীয়াক এক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি এই সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে কংগ্ৰেছ চৰকাৰৰ দিনত এই প্রস্তাৱ লোৱা হৈছিল। উল্লেখ্য যে ১৯৫৪ চনৰ পৰা ৰাজ্যখনে গৰাখহনীয়াত ৪,২৭,০০০ হেক্টৰ মাটি হেৰাইছে বুলি ৰাজহ মন্ত্ৰী পৃথিৱী মাবিয়ে ২০১৩ ৰ জুলাইত অসম বিধানসভাত অৱগত কৰিছিল। আনহাতে ২০১৪ ৰ জুনত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ব্ৰহ্মপুত্ৰ বোৰ্ড’ সংশোধন কৰি আৰু ইয়াক পুনৰ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰ ৰিভাৰ ভেলী অথৰিটি’ (BRVA) প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰিছিল।

আমি সকলোৱে আশা কৰিছিলো যে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ আমোলত অসমৰ বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ দিশত বৈপ্লৱিক পৰিবর্তন সংঘটিত হ’ব। কিন্তু বাস্তৱত কি হ’ল তাত এবাৰ ভুমুকি মাৰি চাওঁ আহক।

(১) মাজুলীৰ সুৰক্ষাৰ বাবে বাস্তৱত একো কাৰ্যকৰী ব্যৱস্থাই হাতত লোৱা নহ’ল। ২০১৮ চনত মাজুলীৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে মুকলি কৰি দিয়া ২০৮ কোটি টকাৰ আঁচনিখন ৰূপায়ণ কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হ’ল। মাজুলীৰ খহনীয়াই এনে ৰূপ ল’লে যে ভকত চাপৰি অঞ্চলৰ ১৬ খন গাঁৱৰ ৰাইজে ২০২০
চনৰ অক্টোবৰ মাহত ঘৰ এৰি পলাবলগীয়া হ’ল।

(২) ২০১৬ চনৰ ২৪ অক্টোবৰত ব্ৰহ্মপুত্ৰৰ খনন আৰু নদীৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালৰ উপস্থিতিত ঘোষণা কৰিছিল। ইয়াৰ বাবে গাডকাৰিয়ে ১ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। এই সমগ্র প্ৰতিশ্ৰুতি যে মিথ্যাচাৰৰ বাদে আন একো নাছিল তাক প্রমাণ কৰিলে স্বয়ং মন্ত্ৰী নীতিন গাডকাৰিয়ে। ২০২০ চনৰ ৮ ফেব্ৰুৱাৰীত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত সাংসদ অজিত কুমাৰ ভূঞাৰ এক প্র নৰ উত্তৰত স্পষ্ট কৰি দিছিল যে ব্ৰহ্মপুত্ৰ খনন আৰু দুয়োপাৰে এক্সপ্ৰেছ হাইবে নিৰ্মাণৰ কোনো প্রস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ হাতত নাই।

(৩) ২০১৬ ৰ ১৮ জুনত দিছপুৰত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ব্ৰহ্মপুত্ৰ ব্যৱস্থাপনা আৰু উন্নয়ন তথা ব্ৰহ্মপুত্ৰ নদী বিকাশ সংস্থাৰ আঠজনীয়া এক প্রতিনিধি দলৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ লগতে অসমৰ অন্য চৈধ্যখন উপনৈৰ বুকু খান্দি জলপৰিবহন ব্যৱস্থা আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰিছিল। ২০০৫ চনতে এনে এক খনন প্রকল্পৰ কাম হাতত লোৱা হৈছিল যদিও কেৱল ৰাজ্য চৰকাৰৰ হেমাহিৰ বাবে এই কাম আগনাবাঢ়িল বুলি সোণোৱালে সংস্থাটোৰ সদস্যসকলৰ আগত মত ব্যক্ত কৰিছিল। এতিয়া প্রশ্ন হ’ল— ২০১৬ চনৰ সেই জুন মাহৰ পৰা বিজেপিয়ে প্রতিশ্রুতি দিয়া খননৰ কাম কাৰ হেমাহিৰ বাবে আগনাবাঢ়িল?

(৪) অসম চৰকাৰে বিগত পাঁচটা বছৰত বানপানীত আত্ৰান্তসকলৰ জীৱিকাৰ সুৰক্ষা, বীমা আৰু পুৰ্নবাসনৰ কোনো আঁচনিকে গ্ৰহণ নকৰিলে। তাৎপৰ্যপূৰ্ণভাৱে অসমৰ বানপানী সমস্যাক এক ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰাৰ দাবী সৰ্বত্ৰ দাবী উচ্চাৰণ হোৱাৰ পিছতো কিন্তু বিগত চৰকাৰখনৰ জলসম্পদ মন্ত্ৰীজনাই কেন্দ্ৰপৰা অধিক বান সাহায্যৰ প্রয়োজন নাই বুলি কৈ কেন্দ্রীয় চৰকাৰক তুষ্ট কৰিবলৈ বিচাৰিছিল। ২০১৬ ৰ ১ আগষ্টত মন্ত্ৰীজনাই বৰপেটাৰোডৰ উত্তৰাঞ্চলৰ গৰাখহনীয়া সমস্যাৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্দিষ্ট আক্ৰান্ত এলেকা পৰিদৰ্শন কৰি কেন্দ্ৰৰপৰা বান সাহায্য বিচৰাৰ প্রয়োজন নাই বুলি ব্যক্ত কৰা মত বাতৰি কাকতত প্রকাশ পাইছিল।

১৫ সংখ্যক বিত্ত আয়োগে অসমৰ গৰাখহনীয়া সমস্যাক এক প্রাকৃতিক দুৰ্যোগৰ মান্যতা দিবলৈ অনুমোদন কৰিছে আৰু খহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক যথাযথ ক্ষতিপূৰণ আৰু পুনৰ্বাসন দিয়াৰ উপদেশ দিছে। ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি (এছ ডি আৰ এফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি (এন ডি আৰ এফ) ৰ অধীনত (আমি মনত ৰখা দৰকাৰ যে ২০১২ চনৰপৰা ২০২০ চনলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমলৈ ফুটা কড়ি এটাও আগবঢ়োৱা হোৱা নাছিল। ২০২০-২০২১ চনত হোৱা ক্ষয়ক্ষতিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰপৰা ১,০১৮.১৯ কোটি টকাৰ সহায় বিচাৰি আবেদন জনাইছিল। পিছে কেন্দ্ৰীয় চৰকাৰে সদ্যসমাপ্ত বিত্তীয় বৰ্যটোত অসমৰ বাবে মাত্ৰ ৫১.৫৩ কোটি টকাহে আবণ্টন দিছে। এনে ক্ষতিপূৰণ আৰু পুনৰ্বাসনৰ ব্যৱস্থা কৰাৰ প্রস্তাৱ লোৱা হৈছে। প্রশ্ন হ’ল– ৰাজ্য চৰকাৰ এখনে কেন্দ্ৰীয় চৰকাৰৰ সাহায্য নাপালে উল্লিখিত আঁচনিসমূহ ৰূপায়ন কৰিব কিদৰে।

শেহত, অসমৰ নতুন মুখ্যমন্ত্ৰীজনে বানমুক্ত অসমৰ কথা কৈছে আৰু লগতে পূৰ্বৰ ব্ৰহ্মপুত্ৰ খনন আদি আঁচনিক অসম্ভৱ বুলি অভিহিত কৰিছে। তদুপৰি পূৰ্বৰ ব্ৰহ্মপুত্ৰ নদীৰ খনন কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা নাছিল বুলি কৈ তেওঁ পূৰ্বৰ চৰকাৰৰ ব্যৰ্থতাক ঢাকি ৰাখিবলৈ বিচাৰিছে। যদি সেইয়াই হয় তেন্তে ঘোষণা কৰা ‘বানমুত্ত অসম’ৰ আঁচনিখনো এক সময় অনির্দিষ্টি আঁচনি হৈ ৰ’ব নেকি? প্ৰতিশ্ৰুতিৰ বানপানী আৰু তেনে প্ৰতিশ্ৰুতিৰ গৰাখহনীয়া আমি আৰু কিমান যুগ প্রত্যক্ষ কৰিব লাগিব ?

                                         (লেখকৰ e-mail : kishorassam@gmail.com)