ৰাইজে কান্দিব নোৱাৰে – কিশোৰ কুমাৰ কলিতা

“বুকুৰ বান্ধৈসকল, বিপ্লৱ কৰিবলৈ হ’লে আগতে নিজেই বিপ্লৱী হ’ব লাগিব। সৰ্বহাৰাক নেতৃত্ব দিবলৈ হ’লে আগতে নিজেও সৰ্বহাৰা হ’ব লাগিব। বিপ্লৱক তথ্যতকৈও বেছি অনুভৱেৰেহে আয়ত্ত কৰিব লাগিব। বিপ্লৱ মানে পুৰণিক সলনি কৰি নতুনক প্ৰতিষ্ঠা কৰা। সমাজ-ব্যৱস্থাৰ আমূল পৰিৱৰ্তনত যিয়েই বিশ্বাসী হ’ব পাৰিব সেইজনহে প্রকৃত বিপ্লৱী। ঠেক অসমীয়া সমাজৰ ভিতৰতেই আবদ্ধ নাথাকি সমগ্র ভাৰতবৰ্ষ তথা জগতৰ সৰ্বহাৰা সমাজখনৰ পৰিৱৰ্তনত বিশ্বাসী হ’ব লাগিব। সেইবুলি অসমীয়া সমাজখনৰ কথা বাদ দিলে নচলিব। অসমত অসমীয়া ভাষা- সংস্কৃতি ৰক্ষা কৰিহে এখন শ্ৰেণীহীন ভাতৃত্বমূলক সমাজ গঢ়িব লাগিব। ….প্রথম পৰ্যায়ত বিপ্লৱীসকলে শ্ৰেণীবিভেদ, জাতিবিভেদ, ধৰ্মবিভেদ, সাৰ শূন্য জাতি-দস্ত আদি সকলোবিলাক কু-সংস্কাৰ মনৰ পৰা দলিয়াই পেলাব পৰা অৱস্থালৈ আহিব লাগিব। নিজক সংস্কাৰ কৰাৰ পিছত সমাজ সংস্কাৰ কৰিব পৰাজনহে প্রকৃত বিপ্লৱী। কেৱল বিপ্লৱী স্বৰৰ গীত ৰচনা কৰি, গীত গাই, কবিতা লিখি, নাট লিখি আৰু সাহিত্য ৰচনা কৰিয়েই বিপ্লৱী হ’ব নোৱাৰে। সেইদৰে হোৱা হ’লে পৃথিৱীখন বিপ্লৱৰ টোত উটি-বুৰি ফুৰিলেহেঁন। ভৱিষ্যত এইখন দেশত অনেক ভুৱা বিপ্লৱীৰ সৃষ্টি হ’ব। সেইসকলক চিনি উলিয়াবৰ বাবে এই আন্দোলনে সকলোকে শিকনি দিব। ”(নখাট গাঁৱত পঞ্চায়ত কমীসকলৰ এখন সভাত বিষ্ণুপ্ৰসাদ ৰাভাই প্রদান কৰা ভাষণৰ কিয়দংশ)

গোটেই জীৱন জুৰি চৰকাৰী ৰাজকোষৰ পৰা দৰমহা খাই সমাজ পৰিৱৰ্তনৰ বাবে দীঘলীয়া বক্তৃতা দিয়া, প্রবন্ধ তথা বিদ্যায়তনিক ৰচনা কৰা মধ্যবিত্তীয় বুদ্ধিজীৱী-সাহিত্যিক, সামান্য বেশভূষা আৰু অতি সহজ সৰল জীৱন ধাৰণ কৰি ভিতৰি ভিতৰি শাসক পক্ষৰপৰা বিভিন্ন সুবিধা-কমিছন আদি আদায় কৰি থকা সাম্প্ৰতিক সময়ত আমাৰ মাজত পিয়াদি ফুৰা ছদ্মবেশী বিপ্লৱী আৰু সৰ্বোপৰি নৃত্য-গীত-অভিনয় আদিৰ জৰিয়তে খ্যাতি লাভ কৰা যিসকল পৰিবেশ্য শিল্পৰ কমমীয়ে ‘শিল্পীৰ মোহৰটো মাৰি সামাজিক-ৰাজনৈতিক-আৰ্থিক আদি অতি সংবেদনশীল বিষয়ত ওৰেটো জীৱন গাঁতৰ ভিতৰত সোমাই থাকে সেইসকলৰ বাবে সৈনিক-শিল্পী ‘ বিষ্ণু প্ৰসাদ ৰাভা’ নিঃসন্দেহে এক দুৰ্বোধ্য ব্যক্তি। বিষ্ণু প্ৰসাদ ৰাভা ৰচিত গান, কবিতা প্রবন্ধ আদি পঢ়ি এইসকল লোকে হয়তো ৰাভাৰ জীৱন-কৃতি বুজিব পাৰিব। কিন্তু কাহানিও অনুভৱ কৰিব নোৱাৰিব বিষ্ণুপ্ৰসাদ ৰাভাৰ সেই অসামান্য জীৱন – যি জীৱনে ব্যক্তিগত লাভ-লোকচান, আশা-আকাংক্ষা, খ্যাতি, যশস্যা আদি সকলো বাদ দি একনিষ্ঠভাৱে সমগ্ৰ জীৱন জুৰি কেৱল এখন সমতাৰ পৃথিৱীৰ কথা কল্পনা কৰিছিল। কল্পনা কৰিছিল এনে এখন সমাজৰ যিখনত শোষণ, নিস্পেষণৰ অৱসান ঘটিব। য’ত নাথাকিব কোনো বৈষম্য, অসমতা, সাম্প্ৰদায়িক নীচতা আৰু সকলোধৰণৰ দমনৰ মনোবৃত্তি। আজি আমি যিখন সমাজত বাস কৰিছো; যিধৰণৰ সামাজিক-ৰাজনৈতিক-সাংস্কৃতিক আৱহাৱাৰ মাজত ডাঙৰ-দীঘল হৈছে তাৰ মাজত থাকি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনক হয়তো মূল্যায়ণ কৰিব পৰা যাব কিন্তু তেনে এক জীৱন অনুশীলন কৰাটো আমাৰ নিচিনা অসমৰ মধ্যবিত্তীয় লোকৰ বাবে হ’ব এক অকল্পনীয় প্ৰত্যাহ্বান।

সমাজৰ কৃষক-বনুৱাৰ হাতত ক্ষমতা হস্তান্তৰিত হ’লেহে এইসকল লোকৰ সুৰক্ষা আৰু শান্তি নিশ্চিত হ’ব পাৰিব বুলি ৰাভাদেৱে কৈছিল। ধনতন্ত্ৰবাদ আৰু সমাজতন্ত্ৰবাদ কি তাক তেওঁ একেবাৰে সহজ ভাষাত সংজ্ঞায়িত কৰি থৈ গৈছে। আইনৰ সহায় লৈ হাজাৰজনৰ ল’ৰা-ছোৱালীৰ মুখৰ ভাত কাঢ়ি আনি এজনৰ ল’ৰা-ছোৱালীৰ মুখৰ ভাত ভৰোৱা, হাজাৰজনৰ ল’ৰা-ছোৱালীৰ গাৰ কাপোৰ-কানি খহাই এজনৰ ল’ৰা-ছোৱালীক পিন্ধোৱা, হাজাৰজনৰ ঘৰ- বাৰী ভাঙি আনি এজনৰ ঘৰ-বাৰী সজোৱা, হাজাৰজনৰ আলিৰ সীমা ঠেলি নিজৰ সম্পত্তি বঢ়োৱা, হাজাৰজনক ফীকি দি (ঠগাই) নিজৰ ধন বেছি কৰা, বেছি ধনেৰে কাৰখানা পাতি কম দৰমহাতে কুলি-কুলিয়নীক খটোৱা, কাৰখানাত বনোৱা বস্তু বেছি দামত বিক্ৰী কৰি বহু লাভ পোৱা- এইবোৰ কায়দা-কৌশলৰ নীতিকে ৰাভাদেৱে ধনতন্ত্ৰবাদ বুলি অভিহিত কৰিছিল। এই ধনীক শ্ৰেণীৰ হাততে চৰকাৰ, পুলিচ, মিলিটাৰী, আইন-আদালত, বজাৰ, কল-কাৰখানা আৰু সমাজ থাকে বুলি তেওঁ কৈ গৈছে।

আনহাতে খেতিয়ক আৰু বনুৱাৰ সমাজকে তেওঁ আচল সমাজ বুলি কৈছে। ৰাভাদেৱৰ মতে এই খেতিয়ক আৰু বনুৱাই সমাজক বচাই ৰাখিছে। আচলতে সিহঁতেই সমাজৰ ৰাজহাড়। তেওঁ কৈছে-“ বনুৱাই কুলি হৈ তেল, নিমখ, সূতা, কাপোৰ, ৰে’ল, মটৰ উৰাজাহাজ, অস্ত্ৰ সকলো ৰাইজক যোগাৰ কৰি দিয়ে। বনুৱাই কমাৰ হৈ দা, কুঠাৰ, কোৰ,নাঙলৰ ফাল আদি ৰাইজৰ কৰি দিয়ে। খেতিয়কে সেইবোৰ দা-কুঠাৰ আদি লৈ ঘৰ-বাৰী সাজি থাকে। সমাজত খেতি কৰি ধান আদি বস্তু যোগায়। সিহঁতে সমাজক জীয়াই ৰাখে। অথচ সিহঁতেই, খেতিয়ক-বনুৱাই আজি ধনীৰ কায়দাত খাবলৈ নাপায়। সিহঁতৰ হাতত চৰকাৰ,কাৰখানা, বিজ্ঞান নাহিলে খেতিয়ক-বনুৱাৰ সুখ-শান্তি হ’ব নোৱাৰে।

গতিকে যেতিয়ালৈকে দুখীয়া জাতিয়ে সমাজৰ হাতত চৰকাৰ, কাৰখানা আৰু বিজ্ঞান নানে, তেতিয়ালৈকে সমাজৰ দুখ নুগুচে ৷ কাৰণ খেতিয়ক-বনুৱা, দুখীয়া ৰাইজক লৈহে আজিৰ সমাজ। ৰাইজৰ হাতৰ মুঠিত চৰকাৰ, কল-কাৰখানা আৰু বিজ্ঞান আহিলেহে সমাজতন্ত্রবাদ হ’ব। সমাজতন্ত্ৰবাদেই কৃষক-বনুৱা পঞ্চায়ত বোলে। ”

ধনতন্ত্ৰবাদত সমাজৰ কৃষক-বনুৱা কেনেদৰে পিষ্ট হৈছে তাক ‘ ধনতন্ত্রবাদ ” শীৰ্ষক ৰচনাত এনেদৰে কৈছে – ইয়াত কাম-বন কৰিও আমি ভালকৈ খাবলৈ নাপাওঁ। জহা চাউলৰ ভাত কেনেকুৱা তাক আমি নাজানো। এবেলা খাবলৈ পাওঁ এবেলা নাপাওঁ, এই কাৰণে বল নোহোৱা হৈ যাব ধৰিছে। বেমাৰী হৈ, পিছত আমি কুকুৰ, গাহৰিৰ নিচিনাকৈ মৰিব লগাত পৰোঁ। আমাৰ বাৰীত ভাল ভাল শাক-পাচলি, ভাল ভাল মিঠালাউ, কোমোৰা, বেঙেনাবিলাক টকা-পইচাৰ কাৰণে বজাৰত বিক্ৰী কৰি কাম-বন নকৰা বাবু, বেপাৰী, মহাজন, জমিদাৰবিলাকক আমি দিওঁ। সিহঁতে ভাল ভাল শাক-পাচলি খাবলৈ পায় আৰু আমালোকৰ ল’ৰা-ছোৱালীবিলাকে পচা মিঠালাউ, পচা কোমোৰা, পোকে খোৱা বেঙেনা খাবলৈ পায়। তাৰ কাৰণে আমাৰ ল’ৰা- ছোৱালীবিলাকক ৰোগ-বেমাৰে আগুৰি ধৰে আৰু সিহঁত মৃত্যুমুখত পতিত হয়। মেকুৰীয়ে যেনেকৈ নিজৰ পোৱালিক খায়, ঠিক তেনেকৈ আমিও নিজৰ ল’ৰা-ছোৱালীৰ মূৰ চোবাই চোবাই খাওঁ। সেইকাৰণে আমি খাবলৈ নোপোৱা হৈছোঁ। ধৰিবলৈ গ’লে আমি মানুহ নহওঁ, জানোৱাৰহে।

আমি মাটিৰ বুকুৰ পৰা দুখ-কষ্ট কৰি সৰিয়হ বাহিৰ কৰোঁ, আহিয়েই তেল এটোপাকৈ খাবলৈ নাপাওঁ৷ আমিয়েই কপাহ খেতি কৰোঁ, আমিয়েই সূতা নাপাওঁ, কপোৰ নাপাওঁ। বস্তাৰ নিচিনা দোখনা পিন্ধিব লগাত পৰে। ইফালে বজাৰত চোৰাং বজাৰ, ব্লেক মাৰ্কেট চলে। বস্তুৰ দাম বেছি বেছি হৈ যায়। জুইৰ নিচিনা হৈ যায়। যেই সেই মানুহে ওচৰলৈ যাবকে নোৱাৰে। বজাৰত সূতা থাকিলেও অলপহে থাকে, থাকিলেও আমি বজাৰত গৈ কিনিব নোৱাৰোঁ। আমাৰ তিৰোতাবিলাকে কুকুৰা ডাক দিয়াৰ লগে লগে উঠি উৰালত নাইবা ঢেঁকীত ধান খুন্দি চাউল উলিয়ায়৷ আমাৰ মতাবিলাকে সেই চাউল বজাৰত বেচিবলৈ নিয়ে। চাউল বেচি যি পইচা পায় তাৰে দোকানত সূতা কিনিবলৈ গ’লে সেই ব্লেক মাৰ্কেটত বেচা সূতাবিলাক নোহোৱা হৈ যায়। ঘৰৰ শাল, গাৰী, ৰাচ, মাকোঁ এনেই বহি থাকিব লগাত পৰে। আমাৰ আৰু নতুন নতুন দখনা নোলায়। তেনেকৈ আমি আমাৰ শালত ফুল তোলা আৰু তীত বোৱা বিদ্যা পাহৰি যাওঁ। পুৰণিকলীয়া ফুল তোলাৰ কথা শুনিলে আমি সপোন দেখা যেন পাওঁ৷ সেই কাৰণে আমি পিন্ধিবলৈ কাপোৰ নোপোৱাত পৰিছোঁ। আমাৰ আতা-আবুসকলে বাঘ, ভালুক, হাতী, বান্দৰ, ধুমুহা-বতাহ, বৰষুণ, ৰ’দ, বানপানী, ভূমিকম্প, জ্বৰৰ লগত যুদ্ধ কৰি বুকুৰ তেজ পানী কৰি ইমান দুখ-কষ্ট কৰি ঘৰ-বাৰী সাজিছিল, তামোল-পাণ, আম, কঁঠাল,বাঁহ কল ইত্যাদি ৰুই এখন ভাল গাঁও স্থাপন কৰিছিল। সিহঁতৰ ল’ৰা-ছোৱালীৰ দিনত, আমাৰ দিনত মাটি ভাগ ভাগ হৈ আজি আমাৰ মাটি নোহোৱা হৈ গৈছে। মাটিৰ অভাৱত আমি খাবলৈ নোহোৱা দুখীয়া হৈ বলিয়া-বলিয়ানীৰ নিচিনাকৈ য’তে- ত’তে কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ, লখিমপুৰ ইত্যাদি ঠাইত আমি মাটিবাৰী বিচাৰিবলৈ যাওঁ। মাটি নাপাওঁ, নাপালে আমি নিজৰ অদৃষ্টকে দোষো আৰু নিজৰ কপালতে নিজে ভুকি মাৰি লওঁ। কাৰণ মাটিতো চাইকেল টিউব নহয়, ফুটবলৰ ব্লাদাৰ নহয়, ৰবৰ নহয় যে টানিলে দীঘল হ’ব, বাঢ়ি যাব। আমি এৰি যোৱা সোণৰ ঘৰ-দুৱাৰ, বাৰী-জমি যিবিলাক কাম-বন নকৰা, তামোল গছ নোৰোৱা, গছ-গছনি নোৰোৱা সেই বাবু, বেপাৰী, মহাজন, জমিদাৰবিলাকে টকাৰ বিনিময়ত বন্ধকত আমাৰ সন্মুখৰ পৰা নিয়ে, তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকে ঘৰ-বাৰী, গছ-গছনি, মাটি-জমি ভোগ কৰিবলৈ পায়। কিমান যে দুখৰ কথা। তেনেকৈয়ে আমি নিজৰ থকা ঠাইকো হেৰুৱাই লওঁ।…………. মানুহে থকা, খোৱা, পিন্ধাৰ কাৰণে যুঁজ কৰে। এই তিনিটা বস্তুৰ কাৰণে জন্মৰপৰা মৃত্যুলৈকে যুঁজ কৰে। এইটোৱেই এই তিনিটা বস্তুৰ কাৰণে অভাৱ দূৰ কৰাটো ডাঙৰ কথা, কূটনৈতিক ৰাজনীতি! কিন্তু আজি ইয়াৰ কাৰণে ৰাইজে কান্দিব নোৱাৰে। কান্দিলে চৰকাৰৰ পুলিচ:মিলিটাৰীবিলাকে সেই কন্দা মানুহবিলাকক ধৰি দিয়ে, কোবায়, ধৰি নিয়ে ফাটেকত দিয়ে। আজি মানুহবিলাকে কান্দিব নোৱাৰে। কিয়? আইনৰ কাৰণে। সেই আইন হৈছে ধনীবিলাকক ৰক্ষা কৰা, গৰীবক মৰা আইন। সেই আইনৰ পৰাই ধনতন্ত্ৰবাদী সমাজ ব্যৱস্থা চলি আছে। সেই আইনে হৈছে ধনীসকলৰ চলোৱা কায়দা-কৌশল । ”

আজি অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশটোও এনে এক অৱস্থালৈ পৰ্যবসিত হৈছে য’ত সাধাৰণ দৰিদ্ৰ কৃষক-বনুৱাই নিজৰ প্রাপ্য অধিকাৰ বিচাৰি, থকাৰ বাবে সামান্য মাটি বিচাৰি চিঞৰিব নোৱাৰে। ৰাইজে আজি নিজৰ অধিকাৰ বিচাৰি মুকলিকৈ কান্দিব নোৱাৰে। ৰাভাদেৱে কৈ থৈ যোৱা ধনতন্ত্ৰবাদে আজি এনে এক ৰূপ গ্ৰহণ কৰিছে য’ত মুষ্টিমেয় কেইজনমান উদ্যোগপতি আৰু বেপাৰীৰ স্বাৰ্থৰ বাবে সমগ্ৰ শাসনতন্ত্ৰ চলিবলৈ লৈছে। ছিণ্ডিকেট আৰু কমিছন ৰাজে আজি এনে এক পৰ্যায় পাইছে যে সাধাৰণ জনতাক গৃহবন্দী কৰি হ’লেও বিকাশ আৰু উন্নয়নৰ নামত সদায়-প্ৰতিনিয়ত বিভিন্ন প্রকাৰৰ নিৰ্মাণ নৈৰাজ্য চলি আছে। ৰাভাদেৱে কৈ থৈ যোৱা ধনতন্ত্ৰবাদে আজি কেৱল হাজাৰ- বিজাৰৰ মুখৰ ভাতকে কাঢ়িবলৈ বিচৰা নাই, কাঢ়িবলৈ বিচাৰিছে জীৱন-জীৱিকাৰ সমগ্ৰ অধিকাৰ। এতিয়া ৰাইজে কান্দিবও নোৱাৰা হ’ল। কান্দিবলৈ বিচাৰিলেই ত্ৰন্দনৰত একাংশৰ কান্দোন বন্ধ কৰিবলৈ শাসকপক্ষই সৰু ল’ৰা –ছোৱালীক ল’জেন- চকলেট দিয়াৰ নিচিনাকৈ কিছুমান টোপ দিয়ে। নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি আজিৰ ৰাইজে কান্দিব নোৱাৰে। ৰজাই হুকুম দিছে-প্রজাই কান্দিব নোৱাৰে।