• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নেতিবাচক চিন্তাৰ পৰা মুক্ত হৈ কেনেকৈ আগবাঢ়ি যাব জীৱনত?

“সফলতা হৈছে একধৰণৰ মানসিক শান্তি। আৰু সেয়া তেতিয়া আহে, যেতিয়া নিজে উপলব্ধি কৰা হয় যে সফলতা লাভৰ বাবে তুমি কৰিবলগীয়া সকলোখিনি কৰিলা।” - জন বুডেন

মিনাক্ষী শইকীয়া বৰা by মিনাক্ষী শইকীয়া বৰা
November 8, 2023 8:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জীৱনত আমি সফলতা লাভ কৰাৰ প্ৰাথমিক চৰ্ত হ’ল নিজক ভাল পোৱা, নিজক সুখী কৰি ৰখা। 

যিহেতু  নিজক ভালপোৱাৰ পৰাই আৰম্ভ হয় আনক ভাল পোৱাৰ বাট এটা। যোগাসন, ব্যায়াম সুষম আহাৰ সুস্থ শৰীৰ বাবে, সুস্থ মন এটাৰ বাবে অতি প্ৰয়োজনীয়। কিয়নো নিজক সুখী কৰাৰ মন্ত্ৰ আমাৰ নিজৰ মাজতে আছে।

Apply Now

আৱেগ, যাক ইংৰাজীত কোৱা হয় emotion, আৱেগক সুস্থিৰ কৰি ৰাখিবলৈ লাগে আমাক মানসিক অনুশীলন।

মহাত্মা গান্ধীয়ে কৈছিল, “ইতিবাচক চিন্তা কৰিব, কাৰণ আপোনাৰ চিন্তাবোৰ কথা হৈ পৰে। ইতিবাচক কথা ক’ব কাৰণ আপোনাৰ কথা আচৰণ হৈ পৰে। ইতিবাচক আচৰণ কৰিব। কিয়নো আপোনাৰ আচৰণবোৰ অভ্যাস হৈ পৰিব। অভ্যাসবোৰ ইতিবাচক কৰি ৰাখিব কাৰণ আপোনাৰ অভ্যাসবোৰ মূল্যবোধ হৈ পৰিব। মূল্যবোধ ইতিবাচক কৰি ৰাখিব, কিয়নো আপোনাৰ মূল্যবোধ আপোনাৰ ভাগ্য হৈ পৰিব। “

পৃথিৱীত যিমান বিলাক ভাল কাম সংঘটিত হৈছে, সকলোবোৰেই ইতিবাচক আৱেগৰ ফলশ্ৰুতিতে সম্ভৱ হৈছে ।

এই যে শুভবোধ  ইতিবাচক চিন্তা সদৰ্থক চিন্তাবোৰ তাতেই লুকাই আছে সুখী জীৱনৰো কথা। 

জ্ঞানী লোকে কয় বৰ্তমানতোহে আমাৰ। সেয়ে ভৱিষ্যত অতীত চিন্তা কৰি বৰ্তমান বেয়া কৰাৰ কোনো প্ৰয়োজন নাই। মানুহৰ প্ৰতি মানুহৰ সঁচা আৱেগ লাগে। আৱেগৰ দুটোপাল নথকাৰ বাবে আজি কংক্ৰিটৰ পৃথিৱীত বহু জনৰ অৰণ্যৰোদন।

(Behaviour can be  modified. Emotions can be regulate.) 

যিহেতু ভুলৰ বাটতেই শুদ্ধবোৰ আজুৰি আমি মানুহ। 

কোৱা হয় পিতৃ-মাতৃ, শিক্ষা গুৰু, দীক্ষা গুৰু আৰু ভগৱান এই চাৰি গুৰুৰ আশীৰ্বাদ আমাৰ লগত থকালৈকে পৃথিৱীৰ কোনো শক্তিয়ে আমাক অসুখী কৰিব নোৱাৰে। সেয়ে আমি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাশীল তথা কৃতজ্ঞ হোৱা উচিত। 

উদাহৰণস্বৰূপে – পৃথিৱীত এনে কিছু মানুহ আছে যি মুহূৰ্তৰ বাবে আমাৰ জীৱনলৈ আহিও আমাক কৃতাৰ্থ আৰু ধন্য কৰি গৈছে। সেই মানুহবোৰ আচলতে অন্তৰৰ পৰা ধুনীয়া।

আনৰ প্ৰতি ভালপোৱা, দয়া, কৃতজ্ঞতা, আশাবাদ আনন্দ আদি ইতিবাচক আবেগবোৰৰ কিছুমান বৰ্তমানৰ লগত জড়িত, কিছুমান অতীতৰ লগত আৰু কিছুমান ভৱিষ্যতৰ লগত জড়িত। 

সন্তুষ্টি, আত্মগৌৰৱ, প্ৰশান্তিচিত্ততা, কৃতজ্ঞতা আদিবোৰ অতীতৰ লগত। ভালপোৱা, আনন্দ বৰ্তমানৰ লগত আৰু আত্মবিশ্বাস আদি ভৱিষ্যতৰ লগত জড়িত ইতিবাচক আবেগ।

এই ইতিবাচক আবেগবোৰে জীৱনবোৰক বিভিন্ন ধৰণেৰে পৰিচাৰ্য্য কৰে আৰু এটি সুখী জীৱনলৈ আমাক অগ্ৰসৰ কৰায়।

গবেষণাই প্ৰমাণ কৰে যে আশাবাদৰ দৰে ইতিবাচক আবেগে মানুহৰ জীৱনৰ হতাশা, বিমৰ্ষ আদিবোৰ দূৰ কৰে।  – ছিলিগমেন

ইতিবাচক আৱেগে সৃষ্টিশীলতা আৰু সুস্থ চিন্তাৰ জন্ম দিয়ে।ই সংকটকালত স্থিৰতা প্ৰদান কৰে।

জীৱন ভাল বেয়াৰ সমষ্টি। জীৱনৰ নেতিবাচকখিনি আমি নোহোৱা কৰি দিব নোৱাৰো। কিন্তু জীৱন ধুনীয়া সুখী আৰু অৰ্থময় কৰিবলৈ আমি ইতিবাচক চিন্তাত মনোযোগ দিব পাৰো।

যিহেতু জীৱনৰ প্ৰতিকুলতা, প্ৰত্যাহ্বান, বিফলতা, হতাশা নেওচি আমি সন্মুখলৈ বাট বুলিব পাৰো তীব্ৰ আশাবাদক দুচকুত থাপি।

যাৰ বাবে কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈ গৈছে – “আশা সেই চৰাইটোৰ নাম যিয়ে গভীৰ অন্ধকাৰতো এটা তেজোদ্দীপ্ত পুৱাৰ সপোন দেখিব পাৰে ।”

উপসংহাৰঃ  এই পৃথিৱীত একোৱেই স্থায়ী নহয়। আনকি বেয়া সময়ো। আচলতে সমস্যা থকা জীৱনবোৰেহে জীৱনটো ওচৰৰ পৰা চাব জানে।

এনেদৰেই বহু সমস্যা জৰ্জৰিত পৃথিৱীতো ভালকামবোৰ হৈ আছে, হৈ থাকক।

শেষত, পাহাৰ খন্দাৰ দৰে যিটো কঠিন কাম গভীৰ নিষ্ঠা আস্থা আৰু একাগ্ৰতাৰে কৰি অখ্যাত গাঁৱৰ দশৰথ মাঝিয়ে পত্নীৰ প্ৰতি থকা অপৰিসীম ভাল পোৱাৰ নিদৰ্শন ৰাখি থৈ গৈছিল। থিক সেইদৰে আমিও সদৰ্থক চিন্তাৰে তথা ইতিবাচক কৰ্মেৰে সুন্দৰ পৃথিৱী এখনৰ নিশ্চয় বাটকটীয়া হ’ব পাৰো আৰু দশৰথ মাঝিৰ সুৰতেই সুৰ মিলাই ক’ব পাৰো। 

“পাহাৰতকৈ মানুহ ওখ হ’ব পাৰে নিজৰ কৰ্মৰ দ্বাৰা। পাহাৰতকৈ মানুহ ওখ যাৰ আছে আত্মাৰ সৌন্দৰ্য্য।”

মিনাক্ষী শইকীয়া বৰা

মিনাক্ষী শইকীয়া বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd