চৌদিশজুৰি তথাকথিত হিন্দু সাংস্কৃতিক জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ আস্ফালনৰ মাজতে ইতিহাসবিদ ৰণজিৎ গুহই চিৰদিনৰ বাবে বিদায় মাগিলে। এশ বছৰ গৰকা ৰণজিৎ গুহই স্বাধীনতা আন্দোলনৰ অভিজ্ঞতাৰ লগতে স্বৰাজোত্তৰ ভাৰতৰ সমাজ আৰু ৰাজনীতিৰ চাল-চৰিত্ৰ নিবিড়ভাৱে লক্ষ্য কৰি গৈছে।তেওঁৰ মৃত্যু প্ৰতীকী ৰূপত হ‘লেও এই দেশৰ বাবে যুগপৎ কৰুণ আৰু পৰিহাসৰ। তেওঁৰ ইতিহাস চৰ্চাৰ আঁৰত স্বাদেশিকতাৰ অভাৱ নাছিল যদিও তেওঁ সদায়ে জাতীয়তাবাদক দেশপ্ৰেম আৰু নৈতিকতাৰ নিৰিখত সন্দেহৰ চকুৰে চাইছিল। কিয়নো ইউৰোপত আধুনিকতাৰ সূচনা কালত জাতীয়তাবাদে ৰাজতন্ত্ৰ, সামন্ত তন্ত্ৰ আৰু গীৰ্জাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণাৰে যি জাতি ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা সম্ভৱ কৰিছিল, ভাৰতত বৃটিছ ঔপনিৱেশিকতাৰ ছত্ৰছায়াত জাতীয়তাবাদ সেই ঐতিহাসিক দায়িত্ব পালন কৰিব পৰাকৈ স্বতন্ত্ৰ নাছিল। তাৰ জেৰে স্বৰাজোত্তৰ জাতি ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰিছিল। সৌভাগ্যৰ কথা এয়ে যে ৰণজিৎ গুহই এৰি থৈ যোৱা বৌদ্ধিক উত্তৰাধিকাৰে আমাক এই বাহুবলী জাতীয়তাবাদ আৰু নৈতিকতাবৰ্জিত ৰাজনীতিৰ অন্ধকাৰৰ মাজত পথ দেখুওৱাৰ স্পৰ্ধা ৰাখি থৈ গৈছে।
যোৱা শতিকাৰ সত্তৰ দশকৰ নক্সাল বিদ্ৰোহে ভাৰতীয় আধুনিকতা, ৰাষ্ট্ৰ আৰু সমাজ ব্যৱস্থা সম্পৰ্কে কিছুমান মৌলিক প্ৰশ্নৰ অৱতাৰণা কৰিলেও তেওঁলোকৰ হিংসাসৰ্বস্ব আৰু মূৰ্তি ভঙা ৰাজনীতিয়ে তাৰ মীমাংসা কৰিব নোৱাৰিলে। কিন্তু এই আন্দোলন আৰু জৰুৰীকালীন অৱস্থাৰ অভিজ্ঞতাই ভাৰতৰ স্বাধীন ৰাষ্ট্ৰৰ দানৱীয় চৰিত্ৰক জনসমক্ষলৈ লৈ আনিলে। ৰণজিৎ গুহ আৰু তেওঁৰ অনুগামীসকলৰ নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ আৰম্ভণি এই বিন্দুতে। যদিও নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ কেন্দ্ৰ বিন্দু ঔপনিৱেশিক ভাৰতৰ কৃষক বিদ্ৰোহ,এই ইতিহাসবিদ্যাই পৰৱৰ্তী ভাৰতীয় ৰাষ্ট্ৰ ব্যৱস্থা আৰু ৰাজনীতিৰ কিছুমান মৌলিক দুৰ্বলতাকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল। নকলেও হ’ব, সেই ৰাজনীতি আৰু ভাবাদৰ্শৰ চালিকা শক্তি জাতীয়তাবাদৰ চৰিত্ৰ এইসকল ইতিহাসবিদৰ অন্যতম কৌতূহলৰ বিষয় হৈ পৰিছিল। আশীৰ দশকৰ শেষৰ ফালে অসম আন্দোলনৰ উগ্ৰ জাতীয়তাবাদী অসহিষ্ণুতাই সৃষ্টি কৰা ৰাজনৈতিক বন্ধ্যাত্ব আৰু আলফাৰ নৈৰাজ্যৰ মাজতে নিম্নবৰ্গৰ ইতিহাস সম্পৰ্কে মই আগ্ৰহী হৈ উঠিছিলো। ইতিমধ্যে ৰণজিৎ গুহ সম্পাদিত আৰু অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে প্ৰকাশ কৰা ‘ ছাব অল্টাৰ্ন ষ্টাডিজ ‘ৰ প্ৰথম ছটা খণ্ড প্ৰকাশিত হৈছিল। একে সময়তে অগাপিছাকৈ প্ৰকাশ পাইছিল ৰণজিৎ গুহৰ উনবিংশ শতিকাৰ কৃষক বিদ্ৰোহ বিষয়ক যুগান্তকাৰী কিতাপ ‘ এলিমেন্টাৰী এছপেক্টছ অব পিজেন্ট ইনছাৰজেন্সী ইন কলনিয়েল ইন্ডিয়া ‘ আৰু এই গোষ্ঠীৰে আন এগৰাকী প্ৰথিতযশা ইতিহাসবিদ পাৰ্থ চেটাৰ্জীৰ ‘ নেছনেলিষ্ট থট এন্ড দ্য কলনিয়েল ৱৰ্ল্ড: আ ডেৰিভেটিভ ডিছক’ৰ্ছ? ‘।
কি আছিল এইবোৰ কিতাপত ? এই তথাকথিত নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ অভিমুখ কি আছিল বাৰু ? নিম্নবৰ্গৰ ইতিহাস কেৱল ইতিহাস চৰ্চাৰ এটা ধাৰাই নাছিল, ই আছিল ইতিহাসবিদ্যাৰ সুকীয়া এক তাত্ত্বিক ঘৰানাও। নিম্নবৰ্গৰ ইতিহাসবিদ্যাই জাতীয়তাবাদী ইতিহাস চৰ্চাৰ অভ্যস্ত পৰিমণ্ডলতে নহয়, মাৰ্ক্সবাদী ইতিহাস চৰ্চাৰ ক্ষেত্ৰখনতো তুমুল জোকাৰণি তুলিছিল। গুহই প্ৰথমবাৰৰ বাবে দেখুৱাই দিলে যে ফৰাচী বিপ্লৱৰ বুৰ্জোৱা-গণতান্ত্ৰিক প্ৰেৰণাৰে জাতীয়তাবাদে পশ্চিম ইউৰোপত জাতি ৰাষ্ট্ৰৰ গঠন সম্ভৱ কৰিছিল যদিও এনে এখন জাতি ৰাষ্ট্ৰ বৃটেইনে সামৰিক ক্ষমতাৰে গঢ়া উপনিৱেশ এখনত জাতীয়তাবাদ ভাৰতবাসীৰ প্ৰকৃত স্বাধীনতাৰ অন্তৰায় হৈ পৰিল। কিয়নো সেই জাতীয়তাবাদ বহু সময়ত ঔপনিৱেশিক চৰকাৰৰ সমালোচক হোৱাৰ পৰিবৰ্তে তাৰ সহযোগী হৈ পৰিছিল। উনবিংশ শতিকাত পৰাধীন ভাৰতত সূচনা হোৱা আধুনিক ইতিহাস চৰ্চাও এনে ইউৰোপীয় অভিজ্ঞতাৰ আধাৰতে গঢ় লৈ উঠিছিল। এই ইতিহাস চৰ্চাত ঔপনিৱেশিক শিক্ষাৰে শিক্ষিত আৰু বৃটিছ চৰকাৰৰ সহযোগী উচ্চবৰ্গৰ লোকসকলৰ ৰাজনৈতিক আকাংক্ষা , সামাজিক কৰ্ম-কাণ্ডই ৰাজনীতি আখ্যা পোৱাৰ লগতে জাতীয়তাবাদ তাৰেই স্বাভাৱিক অভিব্যক্তি বুলি স্বীকৃত হ’বলৈ ধৰে। স্বাভাৱিকতে এই বাগধাৰাত জাতীয়তাবাদী কৰ্ম-কাণ্ড তথা আন্দোলনৰ বাহিৰত চলা আন বৃটিছ-বিৰোধী আন্দোলন, বিদ্ৰোহে প্ৰাপ্য স্বীকৃতি পোৱা নাছিল। এনে আন্দোলনবোৰক অনাকাংক্ষিত, বিক্ষিপ্ত আৰু সচেতন নেতৃত্ব অবিহনে গঢ়ি উঠা স্বতঃস্ফূৰ্ত আন্দোলন ৰূপে আখ্যা দি তাৰ গুৰুত্ব হ্ৰাস কৰা হৈছিল। উনবিংশ শতিকাজুৰি ভাৰতৰ বিভিন্ন কোণত চলা কৃষক বিদ্ৰোহবোৰেও যে ভাৰতৰ বুৰ্জোৱা গণতান্ত্ৰিক বিপ্লৱৰ প্ৰতিশ্ৰুতি বহন কৰিছিল সেই কথা জাতীয়তাবাদী বাগধাৰা আৰু ইতিহাস চৰ্চাত প্ৰায়ে উপেক্ষিত হৈ ৰৈছিল।
ৰণজিৎ গুহই জাতীয়তাবাদী ঘৰানাৰ সেই আওপুৰণি , ইউৰোপীয় অভিজ্ঞতাৰ পৰা ধাৰ কৰা ইতিহাসবিদ্যাৰ আদিকল্পটো পৰিহাৰ কৰি উচ্চবৰ্গ আৰু নিম্নবৰ্গৰ দ্বৈৰথ ধাৰণাৰে আধুনিক ভাৰতৰ ইতিহাস চৰ্চাৰ পাতনি মেলিলে। মাৰ্ক্সবাদসন্মত প্ৰলেটেৰিয়েটৰ ঠাইত তেওঁ ইটালীৰ কমিউনিষ্ট গ্ৰামছিৰ অনুকৰণত নিম্নবৰ্গ (subaltern)ৰ ধাৰণাটো প্ৰয়োগ কৰি তেওঁ এনে কিছুমান সামাজিক বৰ্গক ইতিহাস চৰ্চাৰ ভিতৰুৱা কৰিলে যিসকলৰ চেতনাৰ জগতখন উচ্চবৰ্গ বা ঔপনিৱেশিক শাসক গোষ্ঠীৰ নিয়ন্ত্ৰিত নহয়। তেওঁ লোকৰ মানসিকতা আৰু জনসমাবেশৰ স্বতন্ত্ৰ উদ্যোগ কেতিয়াবা উচ্চবৰ্গৰ সহযোগী আৰু কেতিয়াবা তাৰ বিপৰীতে যায় বাবে নিম্নবৰ্গৰ আচৰণ বহু সময়ত উচ্চবৰ্গৰ বাবে দুৰ্বোধ্য হৈ ৰয়। নিম্নবৰ্গৰ চেতনাৰ এই স্বকীয়তা জাতীয়তাবাদী ইতিহাস চৰ্চাৰ মডেলটোত প্ৰায়ে খাপ খাই নপৰে। গোড়া মাৰ্ক্সবাদীসকলৰ মতেও শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামী চেতনা বাহিৰৰপৰা আমদানি কৰা চেতনা । সেয়ে আধা সামন্তবাদী পৰিবেশত আদিবাসী-কৃষক সমাজে আয়ত্ত কৰা এই বিদ্ৰোহী চেতনাৰ স্তৰত নিহিত ধৰ্মীয় আৰু জাতভিত্তিক সংস্কাৰক লৈ মাৰ্ক্সবাদীসকলৰ মাজতো অস্বস্তি আৰু দ্বিধাগ্ৰস্ততা কম নহয়। অৰ্থাৎ দুয়ো ধাৰাৰ ইতিহাস চৰ্চাত প্ৰায়ে এটা কথা প্ৰতিফলিত হয়। সেইটো হ’ল নিম্নবৰ্গৰ মানুহৰ চেতনাৰ স্বকীয়তা বুলি একো নাই – তেওঁলোকৰ আচৰণ আৰু কৰ্মকাণ্ডৰ ভাল বা বেয়া সকলো দিশ দেশী আৰু বিদেশী উচ্চবৰ্গৰপৰাই লাভ কৰা।
এই কাৰণে ৰণজিৎ গুহ আৰু নিম্নবৰ্গৰ ইতিহাস চৰ্চাত নিম্নবৰ্গৰ চেতনাৰ স্বতন্ত্ৰতাই যথেষ্ট গুৰুত্ব লাভ কৰিছে। মাৰ্ক্সে কোৱা অলীক ৰাষ্ট্ৰৰ ধাৰণা নিম্নবৰ্গৰ চেতনাত কিদৰে প্ৰতিফলিত হৈছে তাৰ আকৰ্ষণীয় ব্যাখ্যা আগবঢ়াইছে গুহই। তেনেদৰে নিম্নবৰ্গৰ চেতনাৰ এৰাব নোৱৰা অংগ হ‘ল ধৰ্ম ভাব। এই ধৰ্মীয় চেতনা কোনো প্ৰাতিষ্ঠানিক ধৰ্মৰ প্ৰতি আনুগত্য নহয়। সেই ধৰ্ম ভাব হৈছে মাৰ্ক্সে কোৱা আত্মবিচ্ছিন্নতাৰ ফলত নিম্নবৰ্গৰ চেতনাত জড় আৰু জীৱ জগত সম্পৰ্কে সৃষ্টি হোৱা ভ্ৰান্তি। গুহই ‘ ‘ছাব অল্টাৰ্ন ষ্টাডিজ ‘ৰ প্ৰথম খণ্ডৰ আৰম্ভণিত আৰু ‘ এলিমেন্টাৰী এছপেক্টছ অব পিজেন্ট ইনছাৰজেন্সী ইন কলনিয়েল ইন্ডিয়া ‘ৰ পাতনি আৰু বাংলা ‘ নিম্নবৰ্গেৰ ইতিহাস ‘ শীৰ্ষক ৰচনাখনত এই ইতিহাস তত্ত্বৰ কথা সবিস্তাৰে ব্যাখ্যা কৰিছে। তেওঁৰ মতে ঔপনিৱেশিক ৰাষ্ট্ৰ আৰু সমাজৰ এনে কোনো অভিব্যক্তি নাই যাক উচ্চবৰ্গ আৰু নিম্নবৰ্গৰ বৈপৰীত্য বা দুয়োটাৰ দ্বৈৰথ সম্পৰ্কৰ দ্বাৰা বুজিব বা বুজাব নোৱাৰি।
এই গোষ্ঠীৰ এগৰাকী ইতিহাসবিদ গৌতম ভদ্ৰ ২০০৫ চনত আলোচনা চক্ৰ এখনত ভাগ ল‘বলৈ গুৱাহাটীলৈ আহিছিল। সেই সময়ত মোৰ সৈতে হোৱা এটা দীঘলীয়া সাক্ষাৎকাৰত ভদ্ৰই নিম্নবৰ্গৰ ইতিহাস চৰ্চাৰ অৱদান সম্পৰ্কে কৈছিল, ” ভাৰতৰ ক্ষেত্ৰত ঔপনিৱেশিক আৰু উত্তৰ ঔপনিৱেশিক অভিজ্ঞতা সম্পূৰ্ণ স্বতন্ত্ৰ আৰু সেই অভিজ্ঞতা ইউৰোপীয় তত্ত্বৰে বুজা সম্ভৱ নহয়। আধুনিক আৰু উত্তৰ আধুনিকতাৰ ক্ষেত্ৰতো ভাৰতীয় অভিজ্ঞতাৰ এক বিশেষ স্বতন্ত্ৰ স্থান আছে। আমাৰ আধুনিকতা ভাৰতীয় আধুনিকতা। এই আধুনিকতা আৰু উত্তৰ আধুনিকতাৰ বৈশিষ্ট্যবোৰনো কিয় সেই বিষয়েও প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিছে এই ইতিহাস চৰ্চাই। “
” দ্বিতীয়তে ছাব অল্টাৰ্ন মুভমেণ্টৰ ক্ষেত্ৰত মাইনৰ ভইচ আৰু এজেন্সীৰ প্ৰশ্নৰ গুৰুত্বৰ কথাটো এই ইতিহাসৰ গুৰুত্বপূৰ্ণ অৱদান। এই কথা ঠিক ইউৰোপত তলৰপৰা ইতিহাস ৰচনাৰ ( history from below) এটা ধাৰা পূৰ্বতেও আছিল। বৃটিছ মাৰ্ক্সবাদী ঐতিহাসিক এডৱাৰ্ড টমছন, এৰিক হব্ ছৱম আদিয়ে এই ধাৰা জনপ্ৰিয় কৰি তুলিছিল। আমাৰ ইয়াতো জনসাধাৰণৰ ইতিহাস ৰচনাৰ চেষ্টা কৰা হৈছিল। কিন্তু এইবোৰৰ সৈতে ছাব অল্টাৰ্ন তত্ত্বৰ পাৰ্থক্য ইয়াতে যে জনসাধাৰণৰ ইতিহাস জানিবলৈ এক পৃথক মেথডোলজী অৰ্থাৎ পদ্ধতিৰ প্ৰয়োজন। পুৰণি ইতিহাস ৰচনাৰ মেথডোলজীৰে জনসাধাৰণৰ ইতিহাস ৰচনা আৰু বুজা সম্ভৱ নহয়। ” ( কথা গুৱাহাটী, ফেব্ৰুৱাৰী, ২০০৫ )
সন্দেহ নাই, ৰণজিৎ গুহই মাৰ্ক্সৰ বুনিয়াদী ধাৰণা আৰু প্ৰত্যয়ৰ আধাৰতে নিম্নবৰ্গৰ ইতিহাসবিদ্যাৰ অধ্যয়ন-প্ৰণালী যুগুত কৰিছিল। তেওঁৰ এই ক্ষেত্ৰত বিশিষ্ট প্ৰেৰণা আছিল ইটালীৰ মাৰ্ক্সবাদী তাত্ত্বিক এন্টনিঅ’ গ্ৰামছি। অষ্ট্ৰেলিয়াকে ধৰি বিদেশৰ বহু বিশ্ববিদ্যালয়ত জীৱনৰ অধিকাংশ সময় অধ্যাপনা কৰা গুহই অৱসৰৰ পাছত জাৰ্মানীত জাৰ্মান দৰ্শন অধ্যয়নত মনোনিবেশ কৰিছিল। ভাৰতীয় দৰ্শনৰ সমান্তৰাল অধ্যয়নৰ জৰিয়তে তেওঁ পাশ্চাত্য দৰ্শনৰ ইউৰোপ-কেন্দ্ৰিকতাৰ সমালোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰিছিল। তেওঁৰ প্ৰথম কিতাপ বাংলাত ৰচিত যদিও পৰৱৰ্তী ৰচনা ইংৰাজীতে আছিল। কিন্তু অৱসৰৰ পাছত তেওঁ বাংলা ভাষাত লিখা-মেলাত আত্মনিয়োগ কৰিছিল। প্ৰায় অশীতিপৰ ৰণজিৎ গুহই জীৱনৰ শেষ কুৰি-পঁচিছ বছৰত মাতৃভাষা বাংলাত এনে কেইখনমান মৌলিক চিন্তাৰ কিতাপ-প্ৰৱন্ধ লিখি থৈ গৈছে যে ভাবিলে বিস্ময় মানিব লাগে। সদ্যহতে তেওঁৰ বাংলা সকলো ৰচনাৰ একত্ৰিত সংকলন দুটা খণ্ডত প্ৰকাশ পাইছে। ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক নৰমেধৰ পাছত গুহই লিখিছিল এখন ক্ষুদ্ৰ কিতাপ ‘ দয়াঃ ৰামমোহন ৰায় ও আমাদেৰ আধুনিকতা ‘। এই কিতাপখনত তেওঁ দেখুৱাইছে উনবিংশ শতিকাৰ আৰম্ভণিতে ৰামমোহন ৰায়ে সতীদাহৰদৰে এটা নিৰ্মম প্ৰথাৰ বিৰুদ্ধে প্ৰথমে শাস্ত্ৰ, তাৰ পাছত যুক্তি আৰু শেষত দয়াৰদৰে অনুভূতিৰ প্ৰসংগ আনি লৌকিক জ্ঞান (common sense)ৰ সহায়েৰে প্ৰতিপক্ষক ধৰাশায়ী কৰাৰ লগতে জনসমাজক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। নৱলব্ধ পশ্চিমীয়া আধুনিকতাৰ পোহৰত শাস্ত্ৰৰ নতুন ব্যাখ্যা আৰু যুক্তিসৰ্বস্বতাৰ পাছত ৰামমোহন ৰায়ে মানুহৰ হৃদয়ক সম্বোধন কৰাৰ আঁৰত ভাৰতীয় আধুনিকতাৰ স্বকীয়তা নিহিত আছে বুলি ৰণজিৎ গুহই ক’ব বিচাৰিছে। কিন্তু গুজৰাটৰ নৰসংহাৰক যিদৰে ‘মহোৎসৱত পৰিণত’ কৰা হৈছিল সি আছিল গুহৰ মতে অভিনৱ। ” হত্যা এই ক্ষেত্ৰত নিৰ্লজ্জ, নিৰ্ভয়,অবাধ আনন্দৰে উচ্ছ্বসিত হৈ পৰিছিল।” তেওঁৰ প্ৰশ্ন, তেনেহলে নিষ্ঠুৰতাৰে শেষত জয় হ’ল? মানুহ হৈয়ো মানুহৰ প্ৰতি যিসকলে এনে আচৰণ কৰে তেওঁলোকৰ মনত দয়াৰ সঁচাকৈয়ে কোনো স্থান নাই?
ভাৰতীয় আধুনিকতাৰ প্ৰথম পৰ্বত স্বাদেশিকতা আৰু দেশহিতৈষনাই যি সমসমাজৰ ভেটি নিৰ্মাণ কৰিছিল পৰৱৰ্তী জাতীয়তাবাদৰ জোৱাৰে তাত বাহুবলৰ গুৰুত্ব বঢ়ালে। ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ পৰা বংকিমচন্দ্ৰৰ চিন্তা জগতৰ সূক্ষ্ম পৰিৱৰ্তনৰ মাজত ভাৰতীয় আধুনিকতাৰ এই ক্ৰমাগত ৰূপান্তৰ ৰণজিৎ গুহৰ আনখন কিতাপ ‘ প্ৰেম না প্ৰতাৰণা ‘ৰ বিষয়। এই সময়ছোৱাত গুহই সাহিত্য সম্পৰ্কীয় দুটামান লিখাৰে তেওঁৰ চিন্তা শক্তিৰ অসামান্য মৌলিকতাৰ পৰিচয় দিছে।
ইয়াৰে ভিতৰত বিশেষভাবে উল্লেখনীয় ৰবীন্দ্ৰনাথ বিষয়ক ‘ কবিৰ নাম ও সৰ্বনাম ‘। তেনেদৰে সাহিত্য সম্পৰ্কীয় লিখনিৰ ভিতৰত সমৰ সেনৰ কবিতাৰ আলোচনাৰে ‘ শান্তি নেই ‘ শীৰ্ষক ৰচনাখন স্মৰণীয়। সাহিত্যৰ আলোচনাত গভীৰ সমাজবীক্ষাৰ লগত দাৰ্শনিকতাসুলভ মননে কি ধৰণৰ বোধৰ সঞ্চাৰ কৰিব পাৰে তাৰ উদাহৰণ ৰণজিৎ গুহৰ এই বাংলা ৰচনাখিনি।