১১ হাজাৰ বিহুৱতী-বিহুৱাৰ বিহু নাচ

এতিয়া অসম চৰকাৰ ব্যস্ত বিহু পতাত। চৰকাৰে ১১,০০০ যুৱকযুৱতীক একেলগে বিহু নচুৱাই অভিলেখ সৃষ্টি কৰাৰ কাৰণে এটা অনুষ্ঠানৰ আয়োজন কৰিছে ১৪ এপ্ৰিলৰ দিনা। অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। ইয়াৰ আয়োজনত ১০০ কোটিতকৈ বেছি টকা খৰচ হ’ব। চৰকাৰী মানুহ, চৰকাৰী পইছা খৰচ কৰি বিহু। চৰকাৰী পইছা মানে আপোনাৰ মোৰ পইছা। চৰকাৰী মানুহ মানেও আপোনাৰ মোৰ পইছাৰে দৰমহা দি ৰখা মানুহ। মোৰ নিজৰ পইছাৰে মই কি কৰোঁ কি নকৰোঁ সেইটো মোৰ কথা। তাত বেলেগৰ হকাবাধা নচলে, কেৱল কামটো বেআইনী হ’ব নালাগে। কিন্তু, চৰকাৰী পইছা যিহেতু আমাৰ সকলোৰে পইছা, তাৰ প্ৰতিটো পইছাৰ হিচাপ ৰখাটো আমাৰ কৰ্তব্য। কিন্তু, এতিয়া আমাৰ গণতন্ত্ৰৰ এনে দশা হৈছেগৈ যে ভোট দি চৰকাৰ এখন পতাৰ পিছত, আমি যেন নিজেই আমাৰ সকলো দায়দায়িত্ব চৰকাৰৰ ওচৰত বন্ধকত দিছোঁ। ভোটত জিকি তেওঁলোক যেহেতু চৰকাৰত বহিছে, তেওঁলোকে এতিয়া যি মন যায় তাকে কৰিব পাৰে। তাত আমাৰ মাত মাতিবলগীয়া একো নাই। এইটো গণতন্ত্ৰ নহয়।এইটো ভোটতন্ত্ৰহে, গণতন্ত্ৰৰ নামত এক ভেঁকো ভাওনা।

এই যে গুৱাহাটীত চৰকাৰে ১১ হাজাৰ বিহুৱতীবিহুৱাৰ বিহু নাচৰ আয়োজন কৰিছে তাৰ অৰ্থ কি? বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহুৰ মূল বস্তুটো হৈছে ঋতু পৰিবৰ্তন আৰু কৃষি। আমি অতীজত আৰু এতিয়াও বহু পৰিমাণে কৃষিজীৱী সমাজ। শীতৰ অন্তত বসন্ত।চাৰিওফালে সেউজীয়া পৰিবেশ, মানুহৰ মন পুলকিত। কিন্তু, যেতিয়াই পথাৰৰ বিহু আহি চহৰৰ মঞ্চ পালে, লগে লগে বিহু এটা সাংস্কৃতিক সম্পদ হৈ পৰিল। তাৰ বাণিজ্যিকৰণ হ’ল। এতিয়া বিহুত কেৱল সুৰটোহে ৰৈছেগৈ। তাৰ পৰিবেশ, পৰম্পৰা নাই। ইমান দিনে বিহুৰ নামত ব্যৱসায় চলিছিল, এইবাৰ, প্ৰথম বাৰৰ বাবে চৰকাৰে বিহুক দলীয় ৰাজনীতিৰ আহিলা কৰি ল’লে।

এতিয়া সাধাৰণ মানুহৰ সমস্যা কি? আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে সংস্থানহীনতা, ল’ৰাছোৱালীৰ চাকৰি নাই। আৰু বেচৰকাৰী খণ্ডৰ যিবোৰ চাকৰিত বাধ্যত পৰি ল’ৰাছোৱালীয়ে মূৰ সুমুৱাই আছে, সেইবোৰ চাকৰি নহয়, দিন হাজিৰা কৰা গোলামীহে। দ্বিতীয় কথাটো হৈছে মূল্যবৃদ্ধি। গেচ আৰু পেট্ৰলৰ দাম অবিৰতভাবে বৃদ্ধি পাই আছে। ঠিক সেইদৰে, সকলো বস্তুৰে চৰকাৰী মাচুল বৃদ্ধি কৰা হৈছে। টোলগেটৰ সংখ্যা বৃদ্ধি পাই আছে। বিদ্যুতৰ পইছাও আজিকালি আগতীয়াকৈ দিব লাগে। মুঠৰ ওপৰত সকলো ফালৰ পৰা চৰকাৰে ৰাইজক চুচিছে। তিনি নম্বৰটো হৈছেশাসন,যিটোক ইংৰাজীত governance বুলি কোৱা হয়। আমাৰ প্ৰশাসন কেনেকৈ চলিছে? উচ্ছেদ, পুলিচ এনকাউন্টাৰ, বাল্য বিবাহ এইবোৰত প্ৰচলিত আইনকানুন মানি সিদ্ধান্ত লোৱা হৈছিল নে কাৰোবাৰ মইমতালি মতে এইবোৰ কৰা হৈছিল? এতিয়া, ৰাইজক আস্থাত লৈ, ৰাইজক জবাবদেহী হিচাপে চৰকাৰী সিদ্ধান্তবোৰ লোৱা হয়নে? নাই, নহয়।

এনে পৰিস্থিতিত চৰকাৰে ১১ হাজাৰ বিহুৱতীবিহুৱালৈ গুৱাহাটীত কিয় বিহু পাতিছে? আকৌ যিখন চৰকাৰে ব্যক্তিস্বাধীনতা, প্ৰতিষ্ঠানিক স্বতন্ত্ৰতা আৰু আঞ্চলিক পৰিচয়ৰ প্ৰশ্নবোৰক, গুৰুত্ব নিদিয়ে, সেইখন চৰকাৰে আমাৰ বাপতিসাহোন বিহুটো কিয় ইমান যাজোগাৰ কৰি পাতিছে? এই চৰকাৰখনৰ কামৰ কামত মতি নাই, কিন্তু তেওঁলোক হ’ল সাংঘাটিক ধৰণে প্ৰদৰ্শনকামী আৰু পৰিচয়কেন্দ্ৰিক। কা আনি, আজি ইটো কৰি কালি সিটো কৰি তেওঁলোকে অসমীয়া জাতীয় পৰিচয় নিশ্চিহ্ন কৰি সকলোকে হিন্দুত্বৰ সাঁচত ঢালিব বিচাৰিছে। তেওঁলোকে প্ৰথমে অগপক হাত কৰি আঞ্চলিক ৰাজনীতিৰ ভেটিটোকে নোহোৱা কৰিলে। তাৰ পিছত, তেওঁলোকে আছুক হাত কৰিছে, শংকৰ সংঘক হাত কৰিছে, সত্ৰ সমূহ হাত কৰিছে, অসম সাহিত্য সভা হাত কৰিছে। এই বোৰত যে তেনেকৈ কিবা সাংঘাটিক ধৰণে অসমীয়াৰ সাৰবস্তু ৰৈছিলগৈ তেনে নহয়। তথাপি নামত হ’লেও অসমীয়া আবেগ এটা জড়িত হৈ আছিল।চৰকাৰে সেইটোও শেষ কৰিলে।

যিমান যি হ’লেও, বাণিজ্যিকৰণ কৰাৰ পিছতো, বিহুৰ লগতো অসমীয়া জাতীয় পৰিচয় এটা জড়িত হৈ আছিল। এতিয়া বিহুটোকো হাত কৰি তেওঁলোকে তাকো আত্মসাৎ কৰি ল’ব বিচাৰিছে। বিচাৰিছে, মানে কৰিলেই। আজি কেইমাহমানৰ পৰা অসমৰ গাঁৱেভূঁয়ে অইন কথা নাই, কেৱল বিহু নাচৰ আখৰা। মানুহ বিহু পাগলহৈ আছে।এফালে আচল সমস্যাৰ পৰা মানুহৰ চকু আঁতৰাই আনি ফোপোলা পৰিচয়ত ব্যস্ত ৰখা আৰু আনফালে সেই পৰিচয়কো আত্মসাৎ কৰি হিন্দুত্ববাদৰ বহতীয়া কৰি লোৱা। আৰু এইবোৰ কি অভিলেখ গঢ়াৰ কথা কোৱা হৈছে! ইমানবোৰ চৰকাৰী পইছাৰ শৰাধ কৰি কৰা, এই অভিলেখটো আমাৰ কি কামত আহিব? আমি তাক খামনে পিন্ধিম? আমি জানো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কামবোৰ এনেকুৱাই। কিন্তু, চৰকাৰৰ বৰমূৰীয়া আমোলাবোৰৰ কি হ’ল? তেওঁলোকে এনে অদৰকাৰী কামত পইছা খৰচ কৰাটো কিয় সমৰ্থন কৰিলে? নে তেওঁলোকৰ কোনো দায়,দায়িত্ব নাই, কেৱল থম থম মদন গোপাল হৈ দিশপুৰত বহি আছে? এই সকলোবোৰে এইটোকে প্ৰমাণ কৰে যে অসমীয়া মধ্যবিত্তৰ মেৰুদণ্ড বোলা কোনো বস্তু নাই। সঁচাই, আমি বৰ অদ্ভুৎ, আচৰিত সময়ত বাস কৰা নাইনে?