এই কেইদিন বাতৰি কাকত পঢ়ি এনেকুৱা ধাৰণা হয় যে ১৯৭৫ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে দেশত জৰুৰীকালীন অৱস্থা জাপি দি যে গণতন্ত্ৰ খৰ্ব কৰিছিল তাৰ বিৰুদ্ধে একমাত্ৰ আপোচহীন যুঁজাৰু আছিল আৰ এছ এছ আৰু বিজেপিৰ পূৰ্বসূৰী জনসংঘ। অসমৰ যি বাতৰি কাকতে গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বুলি নিজকে জাহিৰ কৰে তেওঁলোকৰ ভূমিকাও এইক্ষেত্ৰত চাবলগীয়া হৈছে।যি কি নহওক, সেই সময়ৰ ইতিহাসৰ দুটামান পাত লুটিয়ালেই প্ৰকৃত ঘটনা বুজিব পৰা যায়।
এ জি নুৰানীৰ The RSS and the BJP:A Division of Labour নামৰ গ্ৰন্থখনত এই সম্পৰ্কে গুৰুত্বপূৰ্ণ আভাস পোৱা যায়।তেওঁ লিখিছে,জৰুৰীকালীন অৱস্থাৰ সময়ত আৰ এছ এছ প্ৰধান দেওৰচে কাৰাগাৰৰ পৰা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী এছ বি চৱন আৰু বিনোৱা ভাৱেলৈ প্ৰশংসাপূৰ্ণ পত্ৰ লিখিছিল।এই পত্ৰসমূহ ১৯৭৭চনৰ ১৮অক্টোবৰত মহাৰাষ্ট্ৰ বিধান সভাত পেছ কৰা হৈছিল। তেওঁ প্ৰধানমন্ত্ৰীলৈ ২২আগষ্টত লিখা প্ৰথমখন পত্ৰত স্বাধীনতা দিৱস উপলক্ষে ইন্দিৰা গান্ধীয়ে দিয়া ভাষণটো প্ৰশংসা কৰিছিল(“ভাৰসাম্যপূৰ্ণ আৰু দিৱসটোৰ সৈতে খাপখোৱা”)আৰু আৰ এছ এছৰ ওপৰত জাপি দিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে খাটনি জুৰিছিল। ইয়াৰ পাছত তেওঁ ইন্দিৰা গান্ধীক অভিনন্দন জনাইছিল”উচ্চতম ন্যায়ালয়ৰ পাঁচজন ন্যায়াধীশে আপোনাৰ নিৰ্বাচনক বৈধ বুলি স্বীকৃতি দিয়া বাবে”(১১নৱেম্বৰ,১৯৭৫চন)।অথচ ইন্দিৰা গান্ধীয়ে তেওঁৰ গোচৰত যোগ্যতাৰ ভিত্তিত জয়লাভ কৰা নাছিল, জয়লাভ কৰিছিল আইনৰ সম্পূৰ্ণ অনৈতিক সংশোধনৰ দ্বাৰা, যি সংশোধনী কাৰ্যকৰী কৰিছিল সংশোধনৰ পূৰ্বৰ সময়ৰ পৰা। আৰ এছ এছ কাৰাবন্দীসকলৰ মুক্তি আৰু আৰ এছ এছৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ আৱেদন তেওঁ দোহাৰিছিল। তেওঁ পিছে জৰুৰীকালীন অৱস্থাৰ প্ৰত্যাহাৰ আৱেদন জনোৱা নাছিল, সকলো কাৰাবন্দীৰ মুক্তিৰ বাবেও আৱেদন জনোৱা নাছিল। তেওঁ কৈছিল যে বিহাৰ আৰু গুজৰাটত “এই আন্দোলনবোৰৰ সৈতে আৰ এছ এছৰ কোনো সম্পৰ্ক নাই”। পৰৱৰ্তী সময়ত অৱশ্যে আৰ এছ এছ-এ ওলোটা কথাহে কৈছিল।পৰিশেষত দেওৰচে “ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে(চৰকাৰী আৰু বেচৰকাৰী)…লাখ লাখ আৰ এছ এছ স্বেচ্ছাসেৱকৰ” সেৱা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱ আগবঢ়োৱা হৈছিল জৰুৰীকালীন অৱস্থাৰ সময়ত এগৰাকী স্বৈৰতান্ত্ৰিক শাসকৰ প্ৰতি,তেওঁৰ শাসনক বৈধতা প্ৰদানৰ উদ্দেশ্যে। ইন্দিৰা গান্ধীয়ে বুজাবুজিৰ এই প্ৰস্তাৱক আওকাণ কৰিছিল।দেওৰচে তেতিয়া আৰু এখন পত্ৰ প্ৰেৰণ কৰিলে(১৬জুলাই,১৯৭৬)।এইবাৰ তেওঁক অভিনন্দন জনালে এই বুলি যে “পাকিস্তান আৰু চীনৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে আপোনাৰ প্ৰচেষ্টা প্ৰশংসনীয়”।–অথচ মুক্ত অৱস্থাত তেওঁ এনে নীতিৰ বিৰোধিতা কৰিলেহেতেন।বিনোৱা ভাৱেলৈ লিখা চিঠিত দেওৰচে “প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ প্ৰগতি আৰু উন্নয়নৰ বাবে পৰিকল্পিত কৰ্মসূচীত অংশগ্ৰহণ কৰাৰ বাবে” আৰ এছ এছৰ ইচ্ছাৰ কথা প্ৰকাশ কৰিছিল।
তেওঁ লিখা প্ৰতিখন পত্ৰত দেওৰচে কেৱল আৰ এছ এছক লৈহে উদ্বিগ্ন আছিল। এবাৰো তেওঁ সকলো কাৰাবন্দীৰ মুক্তি অথবা জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰৰ কথা কোৱা নাছিল। এই পত্ৰবোৰ কাৰাগাৰ পাইছিলগৈ আৰু আৰ এছ এছ বন্দীসকলৰ মনোবল হ্ৰাস কৰিছিল। মধু লিমায়েই তিনিখন কাৰাগাৰত১৯ মাহ কাৰাৱাস খাটিছিল।এইবোৰত আৰ এছ এছ বন্দীসকল আছিল। তাত তেওঁ আৰ এছ এছ বন্দীসকলৰ ক্ষমাপত্ৰৰ বিষয়ে জানিব পাৰিছিল।পুনেৰ শ্ৰমিক নেতা বাবা উদ্ধৱে ইয়াৰ সমৰ্থনত সাক্ষ্য দি কৈছিলঃ”য়েৰাডা কেন্দ্ৰীয় কাৰাগাৰত তিনি-চাৰিবাৰ এখন লিখিত প্ৰশ্নাৱলী( written queries)বিতৰণ কৰা হৈছিল। তাত বন্দীসকলক সোধা হৈছিল তেওঁলোকে প্ৰতিশ্ৰুতি পত্ৰত স্বাক্ষৰ কৰিবলৈ প্ৰস্তুত আছেনে নাই।মই নিজ চকুৰে দেখিছোঁ যে আৰ এছ এছ বন্দীসকলৰ সৰহভাগেই সন্মত থকা বুলি স্বাক্ষৰ কৰিছিল।”(জনতা,৬ছেপ্টেম্বৰ,১৯৭৯)।আৰ এছ এছৰ মুখপত্ৰ পাঞ্চজন্যই সঞ্জয় গান্ধীৰ ৰাজনীতিত প্ৰৱেশক উৎসাহেৰে আদৰণি জনাইছিল(২১ডিচেম্বৰ,১৯৭৫) আৰু একাধিকবাৰ তেওঁক প্ৰশংসা কৰিছিল। পুনেৰ তৰুণ ভাৰতেও একে কামকে কৰিছিল।