চেমখৰ’ বিতৰ্ক আৰু জনজাতীয়/আদিম’ প্ৰসংগ

ডিমা হাচাওৰ চেমখৰ গাঁৱৰ পটভূমিত আইমী বৰুৱাই ডিমাচা ভাষাত প্ৰস্তুত কৰা ‘চেমখৰ’ চিনেমাখনকলৈ মাজতে যথেষ্ট বিতৰ্ক হৈছিল। গোৱাত অনুষ্ঠিত ২০২১ ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত চিনেমাখন প্ৰদৰ্শিত হোৱাৰ সময়ত আইমী বৰুৱাই ডিমাচাসকল, বিশেষকৈ চেমখৰ গাঁওখনৰ চেমচাসকলৰ সমাজ, সংস্কৃতি, পৰম্পৰা, আকাংক্ষা আৰু বেশভূষাৰ বিষয়ে কেতবোৰ বিৰূপ মন্তব্য কৰিছিল। শ্ৰীমতী বৰুৱাই কৈছিল— “তেওঁলোকে (ডিমাচাসকলে) উন্নয়ন নিবিচাৰে।” আন্তৰ্জাতিক চিনেমা মহোৎসৱত চিনেমাখন প্ৰশংসিত হৈছে যদিও সাংস্কৃতিক আত্মসাৎকৰণ, ডিমাচা সমাজ আৰু পৰম্পৰাৰ ভুল উপস্থাপন, আৰু মূলসুঁতিৰ সমাজে জনজাতীয় আৰু আদিবাসী সমাজক সচৰাচৰ যি ৰোমাণ্টিক অভিভাৱকত্বৰ দৃষ্টিৰে চাই আহিছে চেমখৰো তাৰেই প্ৰতিফলন বুলি অভিযোগ উত্থাপন কৰি চিনেমাখনৰ বিৰুদ্ধে ডিমাচাসকল প্ৰতিবাদ মুখৰহৈ পৰিছে। পৰিচালক আইমী বৰুৱাই ‘চেমখৰ’ চিনেমাখন এক কাল্পনিক কাহিনীৰ আধাৰত নিৰ্মিত বোলছবি হোৱাৰ আখ্যা দিয়াৰ সত্ত্বেও ইয়াৰ প্ৰচাৰ আৰু আকৰ্ষণৰ এক অন্যতম অবিচ্ছেদ্য অংগ হৈছে এক ‘বিচ্ছিন্ন’ আৰু ‘আদিম’ জনজাতীয় সমাজৰ চিত্ৰায়ণ।

জনজাতীয় লোকসকলৰ বিষয়ে প্ৰচলিত ধাৰণাটো হ’ল তেওঁলোক ‘অতি নিমাখিত’, পৰাম্পৰাগত ৰীতি-নীতিৰ সামান্য পৰিবৰ্তনৰ বাহিৰে অতীজৰে পৰা তেওঁলোক একেই আছে। ইয়াৰ অৰ্থ হ’ল তেওঁলোক ইতিহাসবিহীন, আদিম আৰু সভ্যতাই স্পৰ্শ নকৰা (বিশেষকৈ আধুনিক চিকিৎসা বিজ্ঞান, শিক্ষা বা বিজুলীৰ ব্যৱহাৰ কৰিবলৈ আগ্ৰহী নহয় বুলি তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত হয়), নিজৰ যি আছে সেইখিনিকেলৈ সুখীহৈ থকা মানুহ। এইটো হ’ল জনজাতীয় লোকসকলক ‘পৰিবেশতান্ত্ৰিকভাবে বৰ্বৰ’ (ecologically noble savage) বুলি গণ্য কৰা এক আওপুৰণি ঔপনিৱেশিক ধাৰণা। বিজ্ঞান প্ৰযুক্তিত আগবঢ়া পশ্চিমৰ বগা চামৰাৰ মানুহৰ সমাজ সভ্যতাৰ এই ঔপনিৱেশিক আৰু বৰ্ণবাদী মতাদৰ্শত জনজাতীয় আৰু আদিবাসীসকলক “শিশুসুলভ’’ জ্ঞান কৰা হয়। নিজৰ কাৰণে কি ভাল কি বেয়া তেওঁলোকে যেন নাজানে।

সেয়ে তেওঁলোকক অনুশাসন কৰাৰ প্ৰয়োজন। জনজাতীয় আৰু আদিবাসী সমাজৰ বিষয়ে গঢ় লোৱা এই ঐতিহাসিক ধাৰণাৰ বাবেই তেওঁলোকৰ ওপৰত চলোৱা আধিপত্য আৰু দমন নিপীড়ন যুক্তিযুক্ত বুলি প্ৰতিপন্ন কৰা হয়। ইয়াৰ সহায়তে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰই বাৰে বাৰে তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰৰ হিংসাত্মক নিয়ন্ত্ৰণ জাপি দিয়ে, তেওঁলোকৰ মাটি কাঢ়ি লয়, তেওঁলোকৰ সমাজ আৰু অৰ্থনীতিৰ সংস্কাৰ কৰা হয় আৰু তেওঁলোকৰ সংস্কৃতিৰ ওপৰত জোৰ-জুলুম চলোৱা হয়। তেওঁলোক পিছপৰা বুলি কৈ তথাকথিত মূলসুঁতিৰ সমাজৰ লগত, মূলসুঁতিৰ সমাজ আৰু উন্নয়নৰ প্ৰবক্তাসকলৰ চৰ্ততে তেওঁলোকক মূলসুঁতিৰ লগত যুক্ত কৰি লোৱাৰ কথা কোৱা হয়। এই প্ৰক্ৰিয়া ঔপনিৱেশিক সময়ৰ পৰা এতিয়ালৈ ধাৰাবাহিকভাৱে চলি আহিছে।

এই অভিধাৰ ভিত্তিতে বৃহৎ নদী বান্ধ, হাইৱেই সম্প্ৰসাৰণ, খনি-খনন বা উদ্যোগ-কাৰখানাৰ বিৰুদ্ধে জনজাতীয় আৰু আদিবাসীসকলৰ প্ৰতিবাদক ‘উন্নয়ন-বিৰোধী’ আখ্যা দিয়া হয় আৰু ইয়াৰ জৰিয়তে এক গভীৰ বৈষম্যমূলক উন্নয়ন আৰ্হিৰ সমালোচনাক পোনপটীয়াকৈ নস্যাৎ কৰা হয়। জনজাতীয় আৰু আদিবাসীসকলক ‘নিৰ্দোষ’ আখ্যা দি এইটোৱে প্ৰতিপন্ন কৰিব বিচৰা হয় যেন তেওঁলোকৰ নিজৰ মতামত বোলা কোনো বস্তু নাই, তেওঁলোকে কোনো জটিল ধাৰণা বুজি নাপায় আৰু তেওঁলোকৰ যেন তথ্য সম্বলিত কোনো বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱাৰো ক্ষমতা নাই। জনজাতীয়সকলে উন্নয়ন নিবিচাৰে বুলি কোৱাৰ অৰ্থ হ’ল তেওঁলোকৰ বাস্তৱ অৱস্থাটো অৱজ্ঞা কৰা আৰু যি ঐতিহাসিক পৰিস্থিতিয়ে এক বিশেষ ধৰণে তেওঁলোকৰ অভাৱ অভিযোগবোৰ ব্যক্ত কৰিবলৈ তেওঁলোকক বাধ্য কৰিছে তাক অস্বীকাৰ কৰা। অসম আৰু বৰ্গীকৃত সমাজ ব্যৱস্থা আৰু ত্ৰুটিপূৰ্ণ উন্নয়ন আৰ্হিয়ে জনজাতীয় আৰু আদিবাসীসকলক কোনো ক্ষতিপূৰণ নিদিয়াকৈ নিজৰ ভূমি আৰু জীৱিকাৰ পৰা বঞ্চিত কৰি তেওঁলোকক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি তেওঁলোকৰ জীৱন মৰ্যাদাহীন কৰি পেলাইছে, আৰু ই তেওঁলোকৰ মাজত অভাবনীয় দাৰিদ্ৰ, নিৰক্ষৰতা আৰু পুষ্টিহীনতাৰ জন্ম দিছে। কিন্তু এই কথাবোৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ জনজাতি আৰু আদিবাসীসকলে উন্নয়ন নিবিচাৰে বুলি তেওঁলোকৰ দুৰৱস্থাৰ বাবে তেওঁলোককে জগৰীয়া কৰা হয়।

পৰিৱেশতান্ত্ৰিকভাবে বৰ্বৰ (Ecologically noble savage)’ অভিধাত, জনজাতীয় বা আদিবাসীসকলক সভ্যতাৰ বিকাশৰ ধাৰণাৰ একেবাৰে তলত স্থান দিয়া হয় আৰু শ্বেতবৰ্ণ ঔদ্যোগিক সমাজৰ নিকটৱৰ্তীসকলক অধিক সভ্য বুলি গণ্য কৰা হয়। আজি একবিংশ শতিকাতো জনজাতীয় সমাজ সম্পৰ্কে ঔপনিৱেশিক নৃতাত্ত্বিক আৰু নৃগোষ্ঠীয় পণ্ডিতসকলৰ এই ধ্যান ধাৰণাবোৰেই চলি আছে। এই গতবন্ধা ধাৰণাবোৰৰ কেৱল যে শ্বেতবৰ্ণ আধিপত্যবাদৰ ঔপনিৱেশিক বৰ্ণবাদী মতাদৰ্শৰ পৰাই উদ্ভৱ হৈছে তেনে নহয়, ইয়াৰ লগত জনজাতীয় সমাজক পিছপৰা বা অসভ্য বুলি গণ্য কৰা ব্ৰাহ্মণ্যবাদী বৰ্ণব্যৱস্থাটোও জড়িত হৈ আছে। অসমত জনজাতীয়সকলক তুচ্চ জ্ঞান কৰি ‘গাহৰি-খোৱা’ বুলি কোৱা কথাষাৰো তাৰেই উদাহৰণ। যেন নিজৰ কোনো আশা, আকাংক্ষা স্পষ্টকৈ ব্যক্ত কৰাৰ সামৰ্থ্য নথকা জনজাতীয় লোকসকল এক স্থবিৰ জনগোষ্ঠী, দীৰ্ঘদিন ধৰি চলি অহা তেনে এটা, অনাঐতিহাসিক, ৰোমন্টিক অভিভাৱকসুলভ বাগ্ধাৰাৰ বশৱৰ্তীহৈয়ে চেমখৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে। গায়ত্ৰী স্পিবাকে কোৱাৰ দৰে শ্বেতবৰ্ণ পুৰুষে কপিলবৰ্ণী মহিলাক কপিলবৰ্ণৰ পুৰুষৰ পৰা উদ্ধাৰ কৰাৰ এক ত্ৰাণকৰ্তা মানসিকতাত নিমজ্জিত ৰোমাণ্টিক অভিভাৱকত্বসুলভ পৰম্পৰাই কপিলবৰ্ণী মহিলাই নিজে নিজৰ হকে মাত মতাটো কোনোপধ্যেই সহ্য কৰিব নোৱাৰে।

এক নৈসৰ্গিক সৌন্দৰ্যৰ মাজত নিজৰ অজ্ঞতাৰ প্ৰতি কাণসাৰ নিদিয়াকৈ আনন্দমনে জীয়াই থকা, প্ৰসৱ যন্ত্ৰনাত মৃত্যু বৰণ কৰা মাতৃৰ নৱজাতকক জীয়াই জীয়াই পুতি থোৱা পৰম্পৰা বৰ্তি থকা আৰু লাহে লাহে সভ্যতাৰ পোহৰ পোৱা এনে আদিম জনগোষ্ঠী এটাৰ ৰোমাণ্টিক জীৱন প্ৰতিফলিত কৰা বোলছবি এখনে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ লগতে বাৰ্ণিল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে বিশ্বৰ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱসমূহত পোৱা সন্মান আৰু সমাদৰে এইটোৱে প্ৰমাণ কৰে যে এতিয়াও বিশ্বৰ সম্ভ্ৰান্ত চলচ্চিত্ৰ বজাৰৰ দৰ্শকসকলৰ মাজত এনে বোলছবিৰ এক ৰমৰমীয়া বজাৰ আছে। ই কিন্তু বোলছবিখনৰ গুণগত দিশটোতকৈ বিখ্যাত চলচ্চিত্ৰ মহোৎসৱসমূহত বিচাৰকৰ আখনত কেনে লোক বহি আছে সেইটোহেলৈহে আঙুলিয়াই দিয়ে। পিছে, জনজাতীয় আৰু আদিবাসী বুদ্ধিজীৱী, ছবি নিৰ্মাতা, লেখক আৰু শিল্পীসকলে এই প্ৰৱণতাটোক প্ৰত্যাহ্বান জনাইছে। কিন্তু, চেমখৰ বিতৰ্কই এইটোৱেই প্ৰমাণ কৰে যে এনে গটবন্ধা মনোভাৱ জনপ্ৰিয় সংস্কৃতিত এতিয়াও বহু পৰিমাণে বিদ্যমান আৰু এইবোৰৰ ওৰ পৰিবলৈ এতিয়াও বহু বাকী। আশাপ্ৰদ কথা এইটোৱেই যে সম্প্ৰতি ভাৰততে নহয় সমগ্ৰ বিশ্বতে জনজাতীয় আৰু আদিবাসী বুদ্ধিজীৱী, চিনেমা নিৰ্মাতা, লেখক আৰু সমাজকৰ্মীসকলে এই ধাৰাটোক ক্ৰমবৰ্দ্ধমানভাবে প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়ি আহিছে।

(লেখিকা আইআইটি গুৱাহাটীৰ সহকাৰী অধ্যাপক। লেখাটো অসমীয়ালৈ অনুবাদ কৰিছে বিশ্বজিৎ বৰাই।)