মূল – বসুন্ধৰা জয়ৰথ
অনুবাদ – ময়ূৰ চেতিয়া
২০২৩ চনৰ ৯ অক্টোবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৱৰ্তী বৰবিলৰ ৰাইজে বোকাখাত এছ ডি অ’ কার্যালয়ৰ পৰা তেওঁলোকৰ খেতি তথা গৃহৰ বাবদ ৫,৫০,০০০ টকাৰ পৰা ৭,৩৬,০০০ টকালৈকে ক্ষতিপূৰণ লাভ কৰাৰ জাননী লাভ কৰে। লক্ষণীয় যে বৰবিলৰ সকলো লোকেই কিন্তু এই জাননী পোৱা নাছিল। জাননীখনত কোনো আইনৰ উল্লেখ নাছিল, তথা প্ৰসংগও ব্যাখ্যা কৰা হোৱা নাছিল। জাননীখনে একপ্রকাৰে ৰাইজক স্তম্ভিত কৰি তুলিছিল। আচলতে বছৰটোৰ আৰম্ভণিতে অঞ্চলটোৰ ৰাইজে বহুলভাৱে প্ৰচাৰিত মিছন বসুন্ধৰাৰ অধীনত নিজৰ মাটি নিয়মীয়াকৰণৰ বাবে আবেদন জনাইছিল। সেয়েহে তেওঁলোকৰ বাবে এই জাননীখন আছিল এক অদ্ভুত পৰিঘটনা।
ৰাইজে ভোগ কৰি থকা এই মাটিখিনি আনুষ্ঠানিকভাৱে চৰকাৰী ভূমি হিচাপে শ্ৰেণীভুক্ত হৈ আহিছে। আবেদনৰ পাছতে অঞ্চলটোৰ মণ্ডলজনে আনকি তেওঁলোকৰ গাঁৱলৈ গৈ তেওঁলোকৰ ভূমিবিলাকৰ জিঅ’-টেগিঙো কৰি আহিছিল। আচলতে এই কামফেৰা কৰা হৈছে নতুন ভূমি অধিগ্ৰহণ আইন ২০১৩ৰ অধীনত; ৰাইজক কিছু ধন-বিত দি চাৰি দশক ধৰি চলি অহা ভূমি অধিগ্রহণ প্রক্রিয়াটো সমাপ্ত কৰিব বিচৰা হৈছে।
বৰবিলৰ চৰকাৰী নাম হৈছে দুই নং চিলডুবি ৰাজহ গাঁও। গাঁওখন ক্রমবর্ধমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৯৮৫ চনত ঘোষণা কৰা দ্বিতীয় সংযোজনৰ অন্তৰ্গত। গাঁওখনত মিছিং, আদিবাসী তথা কিছু বর্ণহিন্দু অসমীয়া জনগোষ্ঠীৰ লোকে বাস কৰে। চুবুৰীয়া হাতীকুলি চাহ বাগিচাৰ কিছু শ্ৰমিকৰ কৃষিভূমিও গাওঁখনত আছে।
আজি বৰবিলৰ ৰাইজ ভীষণ ক্ষুব্ধ হৈ পৰিছে। দীর্ঘদিন ধৰি দেহৰ ঘাম মাটিত পেলাই খেতি কৰি অহা ভূমিখিনিৰ বাবে ৰাইজে আজি ন্যায্যভাবেই পট্টা দাবী কৰিছে। ৰাইজে ঘোষণা কৰিছে যে পট্টা লাভ কৰাৰ পিছতহে তেওঁলোকে চৰকাৰী কর্তৃপক্ষৰ সৈতে কথা পাতিব। তেওঁলোকে কোনো ধৰণৰ আৰ্থিক ক্ষতিপূৰণ গ্ৰহণ কৰিবলৈ আগ্ৰহী নহয়। লক্ষণীয় যে এই ক্ষতিপুৰণো কিন্তু কেৱল ঘৰ তথা কৃষি উৎপাদনখিনিৰ বাবেহে দিয়া হৈছে, স্বয়ং মাটিখিনিৰ বাবে দিয়া নাই। ৰাইজে কৈছে যে যদি তেওঁলোকক স্থানান্তৰ কৰিবই লাগে, তেন্তে তাৰ বাবদ তেওঁলোকক “মাটিৰ বিপৰীতে মাটি” দিব লাগিব।
বৰবিলৰ কাহিনীটো ষাঠিৰ দশকৰ শেষৰ ফালে তথা সত্তৰৰ দশকৰ আৰম্ভণিৰ পৰাই আৰম্ভ হৈছিল। ৰাইজৰ মতে তেতিয়া ধনশিৰীমুখৰ আশে-পাশে থকা বানপীড়িত পৰিয়ালসমূহক চৰকাৰে নিজেই এই ভূমিসমূহতে সংস্থাপিত কৰিছিল। মাটিখিনি প্রথমে হাতীকুলি চাহ বাগিচাৰ আছিল, কিন্তু বানপীড়িত জনসাধাৰণক পুনৰ সংস্থাপন দিবৰ বাবে চিলিং উদ্বৃত্ত মাটিৰ অংশ হিচাপে সেইখিনি চৰকাৰক গতাই দিয়া হৈছিল। ১৯৭২ চনৰ পৰা মানুহখিনিয়ে এই মাটিখিনিত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিলে। কোৱা হয় যে ঘৰ সাজিবলৈ এই প্ৰতিটো পৰিয়ালক ৩০০ টকাৰ লগতে দুই বাণ্ডিল টিনৰ যোগান দিয়া হৈছিল। তেওঁলোকক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি দি আনকি মাটিৰ জোখ-মাখ ৰাখিবলৈয়ো কোৱা হৈছিল, যাতে মণ্ডলে তেওঁলোকৰ নামত মাটিখিনি জুখি পঞ্জীয়ন কৰিব পাৰে। স্থানীয় ৰাইজৰ মতে আনকি প্ৰথমে মাটিখিনি পঞ্জীয়নো কৰা হৈছিল তথা তেওঁলোকে ৰাজহ দিবলৈয়ো আৰম্ভ কৰিছিল। কিন্তু ১৯৮৫ চনত অগপ চৰকাৰ গঠন হোৱাৰ পিছতে বৰবিলৰ মিছিং, আদিবাসী তথা অসমীয়া পৰিয়ালবিলাকে উচ্ছেদৰ প্ৰথমলানি জাননী লাভ কৰে। কোৱা হল – এই মাটিখিনি এতিয়া কাজিৰঙাৰ সৈতে সংযোজন কৰা হৈছে। এইবুলিও কোৱা হল যে তেওঁলোকৰ নাম বৈধ ভূমিৰ মালিক হিচাপে লিপিবদ্ধ কৰা হোৱা নাই আৰু মাটিখিনি এতিয়া বন বিভাগৰ আৰু কাজিৰঙাৰ অংশ হিচাপে গণ্য কৰা হ’ব।
চাৰি দশক ধৰি বৰবিলৰ জনসাধাৰণে উচ্ছেদৰ ভাবুকিৰ সৈতে যুঁজি আহিছে। প্ৰতিবাৰেই জাননী পোৱাৰ লগে লগে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়, সংগঠনৰ কাম-কাজ আৰম্ভ হয়, ৰাজ্যিক বিষয়া-কর্তৃপক্ষৰ সৈতে আলোচনা আৰম্ভ হয়, ৰাজনৈতিক দাবী আৰম্ভ হয়, তথা ব্যাপক ৰাইজৰ সমর্থন বিচৰা হয়। প্ৰতিবাৰেই মাত্র মৌখিক আশ্বাস দিয়া হয়, বা ৰাজনৈতিক বাগাড়ম্ভৰ আগবঢ়োৱা হয়। কোৱা হয় যে অসমৰ খিলঞ্জীয়া মানুহক ভূমিহীন হবলৈ দিয়া নহ’ব। কেইবছৰমানৰ মূৰে মূৰে এই চক্রটোৰ পুনৰাবৃত্তি হয়। পিছে এইবাৰ ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো বিকশিত হোৱাৰ পাছত অতি সোনকালেই উচ্ছেদো আৰম্ভ হোৱাৰ পূর্ণ সম্ভাৱনা দেখা গৈছে।
স্থানীয় ৰাইজে আশীৰ দশকৰ পৰাই ‘ৰাজহ’ পৰিশোধৰ সাঁচি ৰাখিছে। কিন্তু এই ৰাজহ “তৌজি বাহিৰা” (বহী বহির্ভুত) –শ্রেণীৰ অধীনত সংগ্রহ কৰা হৈছে। অর্থাৎ ৰষ্ট্রৰ দৃষ্টিৰে এয়া ৰাজহ নাছিল, চৰকাৰ মাটি দখল কৰাৰ বাবে জৰিমনাহে আছিল! সমগ্ৰ অসমতে এয়া এক সহজাত পৰম্পৰা আছিল। আইনীভাবে চৰকাৰী ভূমি হিচাপে শ্ৰেণীভুক্ত হৈ থকা মাটিত দীর্ঘদিন ধৰি স্থানীয় ৰাইজে বসবাস কৰে। পিছে এইটো পৰম্পৰাটোকে সম্প্রতি চৰকাৰে “বেদখলকাৰী” বুলি লেবেল লগাবলৈ ব্যৱহাৰ কৰিবলৈ ধৰিছে। আজি দুই নং ছিলডুবি গাওঁখন হৈছে এখন ৰাজহ গাঁও। ২০১১ চনৰ লোকপিয়লৰ তথ্যতো গাওঁখন আছিল। অসমৰ ডিজিটেল ভূমি ৰেকৰ্ড ব্যৱস্থাপনা ব্যৱস্থা “ধৰিত্ৰী”তো গাওঁখনৰ উল্লেখ আছে। পিছে আজি গাওঁখনৰ সমস্ত মাটি চৰকাৰী ভূমি হিচাপে পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত গাওঁখনৰ ১১২ টা পৰিয়ালক (২০১১ৰ পিয়ল মতে) “বেদখলকাৰী” বুলি ঘোষণা কৰা হৈছে। এনে দাবীৰ অৰ্থহীনতা, তথা নৈতিক অৱক্ষয়ৰ কথা হয়তো বহলাই নকলেও হব। নিজৰ বিশেষ প্ৰয়োজন অনুসৰি ৰাষ্ট্রই আইন আৰু নথিপত্ৰৰ পক্ষপাতদুষ্ট ব্যৱহাৰ কৰিছে, আৰু তাৰ বলি হৈছে সাধাৰণ জনগণ। মাটিৰ নিয়মীয়াকৰণ হৈছে ৰাষ্ট্রৰ দায়িত্ব। বিগত ষাঠি বছৰে এই দায়িত্বক প্ৰায় সম্পূৰ্ণৰূপে অৱহেলা কৰা হল আৰু ৰাজ্যখনৰ খাটিখোৱা জনগণৰ বৃহৎ সংখ্যকক নিজৰ দাবী আৰু মাটিৰ অধিকাৰৰ নিশ্চিতিৰ পৰা বঞ্চিত কৰি ৰখা হল।
আজি বৰবিলৰ জনসাধাৰণ আকৌ এবাৰ ৰাষ্ট্রৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে৷ যদিও জাননীখন ভূমি অধিগ্ৰহণ আইন, ২০১৩ৰ অধীনত দিয়া হৈছে, কিন্তু জাননীখনত আইনখনৰ কোনো উল্লেখ কিন্তু কৰা হোৱা নাই। বিভিন্ন পৰিয়ালক প্ৰদান কৰা ক্ষতিপূৰণৰ ভিন্ন মূল্যৰ কোনো ব্যাখ্যা দিয়া হোৱা নাই। ইয়াৰ হিচাপ কেনেকৈ কৰা হৈছে, তাৰো কোনো বিশদ বিৱৰণ নাই। কোৱা হৈছে যে ২০১৬ চনত কৰা ভূমি জৰীপৰ ভিত্তিত সম্পত্তিৰ মূল্যায়ন কৰা হৈছে। কিন্তু এই জৰীপৰ প্ৰতিবেদন ৰাইজৰ হাতত দিয়া হোৱা নাই। ঐতিহাসিকভাবেই ৰাষ্ট্রই ভাবি আহিছে শ্রমজীৱী জনগণক কোনো কৈফিয়ৎ, কোনো তথ্য, কোনো স্বচ্ছতা প্রদান কৰাৰ প্রয়োজন নাই। কৃষকক বলপূৰ্বকভাৱে মাটিৰ পৰা উচ্ছেদ কৰাৰ এই শেহতীয়া দৃষ্টান্তই সেই পুৰণা প্রবণতাকে যেন আকৌ প্রমাণিত কৰিলে।
বিগত ৪-৫ দশকত কাজিৰঙাখনে গঁড়ৰ জনসংখ্যা বৃদ্ধিৰ কৰাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভতে কৰিছে, তাৰ বাবে বিভিন্ন মহলত প্ৰশংসিত হৈছে। পিছে বৰবিলখন যতেই আছিল, তাতেই যেন স্থানু হৈ ৰৈ গৈছে। আজি প্ৰশ্ন হৈছে – এই ১১২টা পৰিয়ালৰ মাটিখিনি কাঢ়ি লোৱাটো সঁচাকৈয়ে ইমান প্রয়োজনীয় নে? কাজিৰঙাৰ ‘সুৰক্ষা’ আৰু ‘সংৰক্ষণ’ৰ বাবে এই কামফেৰা ইমানেই অপৰিহাৰ্য নে? বৰবিলৰ শ্রমজীৱী ৰাইজৰ লগত একেলগে কাজিৰঙাখন বিকশিত হব নোৱাৰেনে? আচলতে, দীর্ঘদিন ধৰি বৰবিলৰ জনসাধাৰণে কাজিৰঙাৰ জীৱ-জন্তুক লালন পালন কৰি আহিছে, বন্যপ্ৰাণী আৰু উদ্ভিদ ৰক্ষাৰ বাবে অহোপুৰূষার্থ কৰিছে। তাৰ মাত্র কেইকিলোমিটাৰমান আঁতৰত ঘাইপথটোত বিন্দু বিন্দুকৈ বাঢ়ি আহিছে সদ্যবিকশিত বৃহৎ বৃহৎ ৰিজ’ৰ্ট আৰু হোটেলসমূহ। পৰিছে। এই প্রসংগত প্রশ্ন হৈছে – কাজিৰঙাক ‘ৰক্ষা’ কৰিবলৈ হ’লে দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ পৰিয়ালক স্থানচ্যুত কৰাৰ, তেওঁলোকৰ জীৱিকাৰ উৎস কাঢ়ি লোৱাৰ সঁচাই প্ৰয়োজন আছেনে? যি সময়ত ৰাজ্যখনত ভূমিহীনতা ইতিমধ্যেই এক গুৰুতৰ বিষয় হৈ পৰিছে, তথা কৃষিজীৱী জনগনে দুঃসহ তথা কষ্টকৰ জীৱন কটাইছে, এনে সময়ত এনে উচ্ছেদ এক বৃহৎ নৈতিক অপৰাধ নহয়নে?