• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেঞ্চাৰৰ ৰ’ব’টিক শল্য চিকিৎসা : ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
July 4, 2023 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিমধ্যে আপোনাসৱলৈ আগবঢ়োৱা লিখনীসমূহৰ জৰিয়তে নিশ্চয় জানিব পাৰিছে যে-মই কেঞ্চাৰৰোগৰ এগৰাকী শল্য চিকিৎসক আৰু এই শল্য চিকিৎসাৰ নব্য ধাৰা- ৰ’ব’টিক শল্য চিকিৎসাৰ বিশেষজ্ঞ। অৰ্থাৎ ৰ’ব’টৰ সহায়ত, কেঞ্চাৰ ৰোগৰ যি অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়, সেই চিকিৎসা প্ৰক্ৰিয়াৰ সৈতে মই জড়িত৷ এই শল্য চিকিৎসা প্ৰক্ৰিয়া  অস্ত্ৰোপচাৰৰ ক্ষেত্ৰখনলৈ অহা এক যুগান্তকাৰী পৰিৱৰ্তন। এই চিকিৎসা প্ৰক্ৰিয়া কি,কিয় এই ৰ’ব’টিক চিকিৎসা কৰা হয় অৰ্থাৎ ইয়াৰ গুণাগুণ বা লাভালাভ কি কি আৰু কিদৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়-সেই বিষয়ে কিছু সবিশেষ কথা আজি এই লিখাৰ মাজেৰে জনাবলৈ ওলাইছোঁ৷

লগতে পঢ়কঃ কেঞ্চাৰৰ চিকিৎসালৈ অহা নতুনত্ব ‎

প্ৰথমেই জনাবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ তথ্য, সচৰাচৰ পৰম্পৰাগত ধৰণেৰে কৰা অস্ত্ৰোপচাৰত ঘটা ৰোগীৰ মৃত্যুৰ সংখ্যাতকৈ ৰ’ব’টিক অস্ত্ৰোপচাৰত ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট কম। ৰ’ব’টিক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ বিষয়ে আৰু কিছু কথা আজি আপোলোকক জনাওঁ৷ ৰ’ব’টিক অস্ত্ৰোপচাৰ হৈছে এনে এবিধ অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া, য’ত নিতান্তই কম কটা-চিঙা হয় আৰু লগতে মানৱদেহৰ যিবোৰ অংশত গতানুগতিক অস্ত্ৰোপচাৰ কৰাত জটিলতা হয়,তাতো অনায়াসে ৰ’ব’টিক অস্ত্ৰোপচাৰ কৰা সম্ভৱ। আৰু সেয়ে এই প্ৰক্ৰিয়া বৰ্তমান সময়ত শল্য চিকিৎসক আৰু ৰোগী সকলোৰে মাজতে যথেষ্ট সমাদৰ লাভ কৰিছে। এই প্ৰক্ৰিয়াই FDA(ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন)ৰ পৰা ২০০০চনত নাৰ্য্যতা লাভ কৰিবলৈ সক্ষম হৈছিল। ৰ’ব’টিক চাৰ্জাৰী বা অস্ত্ৰোপচাৰৰ মানে এইটো নহয় যে ৰ’ব’টে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এই অস্ত্ৰোপচাৰ শল্য বিশেষজ্ঞয়ে কৰে,মাথোঁ সেয়া ৰ’ব’টৰ সহায়ত কৰে৷ প্ৰথমাৱস্থাত এই ৰ’ব’টিক চাৰ্জাৰী প্ৰষ্টেক্টমী(মূত্ৰস্থলীৰ গ্ৰীবাসংলগ্ম গ্ৰন্থি-প্ৰষ্টেট),হিষ্টেক্টমী(জৰায়ুচ্ছেদ),আৰু কাৰ্ডিয়াক ভালভ্ ৰিপেয়াৰ(হৃদপিণ্ডৰ নলীকাৰ মেৰামতি)আদিত ব্যৱহাৰ কৰা হৈছিল। খুব লাহে লাহে বা ক্ৰমশঃ এই অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াক ৰোগীৰ দেহৰ সহজে অস্ত্ৰোপচাৰৰ বাবে ঢুকি নোপোৱা বা সহজসাধ্য নোহোৱা অংগ বা অংশৰ কেঞ্চাৰ ৰোগৰ অস্ত্ৰোপচাৰৰ বাবেও ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰা হ’ল। বৰ্তমান সময়ত সেয়ে এই ৰ’ব’টিক অস্ত্ৰোপচাৰ কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক অতি জনপ্ৰিয় প্ৰক্ৰিয়া। গত এক দশকতকৈ অধিক সময়ৰ ধৰি এই ৰ’ব’টিক চাৰ্জাৰী কেঞ্চাৰ ৰোগৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হৈ আহিছে। বৰ্তমান সময়ত কেঞ্চাৰ ৰোগৰ ভিন্ন অংশৰ অস্ত্ৰোপচাৰ যেনে-প্ৰষ্টেট(মূত্ৰস্থলীৰ গ্ৰীবাসংলগ্ন গ্ৰন্থি),গুহ্যদ্বাৰ,মূত্ৰাশয়,বৃক্ক, এণ্ড’মেট্ৰিয়াম(জৰায়ুৰ অভ্যন্তৰীণ জালিকা),জৰায়ুৰ মুখ,খাদ্যনলী সম্পৰ্কীয়,মেডিয়াষ্টিনেল টিউমাৰ,লবেক্টমী অৱ লাংচ(হাওঁফাওঁ) সম্পন্ন কৰা হয়।ইয়াৰ লগতে ট্ৰানজ’ৰেল ৰ’ব’টিক চাৰ্জাৰীৰ(TORS)বিষয়েও সামান্য জনাবলৈ লৈছোঁ৷ ২০০৫ চনত মস্তিষ্ক আৰু ডিঙিৰ অস্ত্ৰোপচাৰৰ বাবে দা ভিন্সি চাৰ্জিকেল ৰ’ব’টৰ প্ৰথম প্ৰয়োগ হৈছিল। TORS নামাকৰণো প্ৰথমে ২০০৫ তেই কৰা হৈছিল,প্ৰধানতঃ মুখগহ্বৰৰ অংশসমূহৰ অস্ত্ৰোপচাৰৰ বাবেই। ৰ’ব’টিক অস্ত্ৰোপচাৰ এক অত্যাধুনিক অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া,যাৰ জৰিয়তে জটিল অস্ত্ৰোপচাৰসমূহ,বহুলাংশে সহজ হৈ পৰে। কিছুমান কেঞ্চাৰ ৰোগত সচৰাচৰ কৰা অস্ত্ৰোপচাৰবোৰ উপযোগী নহয়। অৰ্থাৎ,মুকলিকৈ কটা-চিঙা কৰি কৰা প্ৰচলিত অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া,ৰোগীৰ ৰোগৰ জটিলতালৈ চাই কেতিয়াবা আৰু অধিক জটিলতা বা সমস্যাৰ সৃষ্টিকাৰী হ’ব পাৰে। গতিকেই এনে ক্ষেত্ৰত ৰ’ব’টিক অস্ত্ৰোপচাৰ বা ছাৰ্জাৰী এক সহজ উপায়। ৰ’ব’টিক অস্ত্ৰোপচাৰ একপ্ৰকাৰ লেপাৰ’স্ক’পিক অস্ত্ৰোপচাৰৰ দৰেই,য’ত শৰীৰৰ অস্ত্ৰোপচাৰ কৰা অংশত সৰু এটি ফুটা কৰি কেমেৰা সংলগ্ন পাইপ সেই ফুটাৰে দেহৰ অন্তৰ্ভাগলৈ সুমুৱাই দি,কম্পিউটাৰৰ মণিটৰত চাই মিহি সঁ‌জুলিৰে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। এই অস্ত্ৰোপচাৰ ৰ’ব’টৰ সহায়ত,দেহৰ ভিতৰলৈ সুমুৱাই দিয়া কেমেৰাৰ উচ্চ মান সম্পন্ন ত্ৰিমাত্ৰিক (3D)ছবি মণিটৰত চাই চিকিৎসকে অধিক সূক্ষ্ম তথা সঠিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। ৰ’ব’টিক ছাৰ্জাৰীক ৰ’ব’ট এছিষ্টেড ছাৰ্জাৰী(ৰ’ব’টৰ সহযোগিতাত কৰা অস্ত্ৰোপচাৰ)বুলিও কোৱা হয়। ভিন্ন কেঞ্চাৰৰ ক্ষেত্ৰত ৰ’ব’টিক ছাৰ্জাৰী সচৰাচৰ প্ৰচলিত ছাৰ্জাৰীৰ তুলনাত অধিক উপযোগী হৈ পৰে। অৱশ্যে চিকিৎসকজনেহে নিৰ্ধাৰণ কৰিব পাৰে যে-এজন ব্যক্তি যিবিধ কেঞ্চাৰত আক্ৰান্ত হৈছে-সেই কেঞ্চাৰত ৰ’ব’টিক ছাৰ্জাৰী কৰা উচিত নে গতানুগতিক অস্ত্ৰোপচাৰ কৰা উচিত। দুয়োপ্ৰকাৰৰ অস্ত্ৰোপচাৰতেই,চিকিৎসকৰ উদ্দেশ্য একেটাই-কিদৰে ৰোগীজনৰ দেহৰ পৰা কেঞ্চাৰজনিত টিউমাৰ বা কোষসমূহ গুছাই ৰোগীজনক ৰোগমুক্ত হোৱাৰ দিশত আগুৱাই নিব পাৰে। এনে অস্ত্ৰোপচাৰৰে এটি প্ৰকাৰ হৈছে-“চিংগল পট ছাৰ্জাৰী”। এই প্ৰক্ৰিয়াত,পূৰ্বে উল্লেখ কৰাৰ দৰে অস্ত্ৰোপচাৰত এটি সামান্য কটা অংশইদি ক্ষুদ্ৰ ৰ’বটসহ অস্ত্ৰোপচাৰৰ জৰুৰী সকলো সামগ্ৰী দেহৰ ভিতৰলৈ সুমুৱাই সমগ্ৰ প্ৰক্ৰিয়া সমাপন কৰে। 

লগতে পঢ়কঃ চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসা

এতিয়া আহিছোঁ ৰ’ব’টিক অস্ত্ৰোপচাৰৰ কেইটামান গুণাগুণ বা লাভালাভৰ দিশলৈ-

১) আন যিকোনো অস্ত্ৰোপচাৰৰ পাছত হোৱা ৰোগ সংক্ৰমণৰ হাৰ ৰ’ব’টিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত বহু পৰিমাণে কম হয়৷

২) পৰম্পৰাগত অস্ত্ৰোপচাৰৰ পিছত হোৱা তাৎক্ষণিক বা দীৰ্ঘকালীন বিষ বা যন্ত্ৰণাৰ তুলনাত ৰ’বটিক অস্ত্ৰোপচাৰৰ পাছত হোৱা বিষ-যন্ত্ৰণাৰ পৰিমাণ ভালেখিনি কম৷

৩) এই অস্ত্ৰোপচাৰ পাছত তুলনামূলকভাৱে কম সময়ৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈ থাকিব লাগে৷ কম সময়ৰ পাছতে ৰোগী  চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যাব পৰা হয়৷

৪) এই অস্ত্ৰোপচাৰৰ পিছত দেহৰ অংগসমূহৰ কাৰ্যকৰীতাও খুব তাৎক্ষণিকভাৱে আৰম্ভ হয়,

৫) বিশেষকৈ কেঞ্চাৰ ৰোগৰ লগতে যদিহে ৰোগীজনৰ আন আন ৰোগো থাকে,তেন্তে তেনে ৰোগীৰ বাবে ৰ’ব’টিক অস্ত্ৰোপচাৰ উত্তম পন্থা।

৬) এই অস্ত্ৰোপচাৰত কম পৰিমাণৰ কটা-চিঙা হোৱাৰ কাৰণে ৰক্তক্ষৰণো কম হয়।

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক

এতিয়া আহিছোঁ, ২০০০চনত আৱিষ্কাৰ হোৱা ৰ’ব’টিক অস্ত্ৰোপচাৰৰ সঁ‌জুলি দা ভিন্সি ৰ’ব’টিক চিষ্টেমৰ বিষয়লৈ। দা ভিন্সি ৰ’ব’টৰ এক কাৰ্যকুশলতা হৈছে যে-ই সকলোধৰণৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাত এক বৃহৎ সহযোগিতা আগবঢ়ায়। লিঅ’নাৰ্ড’ দা ভিন্সিয়ে কৰা মানৱদেহৰ এনা’টমীৰ চৰ্চাৰ সন্মানাৰ্থে এই ৰ’ব’টিক অস্ত্ৰোপচাৰ চিষ্টেমৰ নামাকৰণো তেওঁ‌ৰ নামেৰে কৰা হয়। এই ৰ’ব’টিক চিষ্টেমৰ জৰিয়তে বৰ্তমানলৈকে এক বৃহৎসংখ্যক অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে। দা ভিন্সি চিষ্টেমে চিকিৎসকৰ হাতৰ ধৰণ,গতি,সকলো অনুকৰণ কৰে৷ লগতে, একধৰণৰ গতিশীলতা চেষ্টেমটোৰ নিজৰ ক্ষেত্ৰতো থাকে। অৰ্থাৎ,চিকিৎসকে ডাঙৰকৈ এই সঁ‌জুলিবোৰ ঘুৰোৱা-মেলা বা গতি কৰাত এক বিশেষ প্ৰসাৰৰ ব্যৱস্থা উপলব্ধ। ই যিকোনো জটিল অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন কৰাত সহায় কৰে। দা ভিন্সি চিষ্টেমত এনেধৰণৰ সঁ‌জুলি থাকে,যাৰ যোগেদি অস্ত্ৰোপচাৰ কৰাৰ প্ৰক্ৰিয়টোৰ ত্ৰিমাত্ৰিক চিত্ৰ বা 3D ইমেজ মণিটৰত চাই চিকিৎসকে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এনেদৰে দেহৰ অভ্যন্তৰৰ যি অংশৰ অস্ত্ৰোপচাৰ কৰা হয়-তাৰ পুংখানুপুংখ এক ছবি স্পষ্টৰূপত চিকিৎসকৰ আগত জিলিকি থাকে। গতিকে,অস্ত্ৰোপচাৰত কোনো খুঁ‌ত ৰোৱাৰ সম্ভাৱনাও নেথাকে। এনেদৰে, ৰোগীৰ দেহত মাত্ৰ এটা বা দুই-তিনিটামান ফুটা কৰিয়েই এক বৃহৎ তথা জটিল অস্ত্ৰোপচাৰ সহজেই সম্পন্ন কৰিব পৰা যায়। চাৰ্জন কনচ’ল(চিকিৎসকৰ সহায়),পেচেন্ট কেয়াৰ(ৰোগীৰ অস্ত্ৰোপচাৰৰ সঁ‌জুলি)আৰু ভিজন কাৰ্ট(3D মণিটৰ),পেচেন্টচ্ কাৰ্ট(ৰোগীৰ সৰঞ্জাম)-এই চাৰিওটি অংশৰে দা ভিন্সি চিষ্টেম তৈয়াৰী হয়। ২০০০চনৰ পৰা দা ভিন্সিৰ ৫ বিধ ভিন ভিন ৰ’বটিক চিষ্টেম আছে,যাৰ বৰ্তমানৰ অত্যাধুনিক xi চিষ্টেমত ত মই অস্ত্ৰোপচাৰ সম্পন্ন কৰোঁ৷ এতিয়া মাত্ৰ এটি ফুটা কৰিয়েই সমগ্ৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাবিধৰ দা ভিন্সি চিষ্টেমো উপলব্ধ। 

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ লক্ষণ, পৰীক্ষণ আৰু চিকিৎসা

ৰ’ব’টিক অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ বিষয়ে আশাকৰোঁ এখন থূল-মূল ছবি আপোনালোকৰ আগত তুলি ধৰিব পাৰিছোঁ৷ পৰৱৰ্তী সময়তো কেঞ্চাৰ ৰোগ সম্পৰ্কে অন্যান্য কথা জনাই যাবৰ চেষ্টা কৰিম।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

(ডাঃ বিক্ৰম কুমাৰ ডেকা, কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী)

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

ঐশ্বৰ্য ৰায়ৰ পাছত ভুৱা এআই-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী হাইকোৰ্টৰ দ্বাৰস্থ অভিষেক বচ্চন

September 10, 2025 4:20 pm
নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd