• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

কেঞ্চাৰৰ চিকিৎসালৈ অহা নতুনত্ব ‎

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
May 10, 2023 8:05 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইতিপূৰ্বে কেঞ্চাৰৰোগ সম্পৰ্কে কিছু কথা আপোনালোকলৈ আগবঢ়াইছোঁ৷ পিছে আজিৰ এই লেখাত কেঞ্চাৰ ৰোগৰ চিকিৎসা-ক্ষেত্ৰলৈ অহা নতুনত্ব বা নতুন পৰিৱৰ্তনসমূহৰ বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ৷ হয়,কেঞ্চাৰ এনে এবিধ জটিল ৰোগ,যিয়ে বিশ্বব্যাপী অলেখ-অজস্ৰজনক ৰোগাক্ৰান্ত কৰি আহিছে। বৰ্তমানেও কেঞ্চাৰ ৰোগৰ লগত”দুৰাৰোগ্য”-শব্দটি সংলগ্ন হৈ আছে। মানুহে কেঞ্চাৰ ৰোগৰ নাম শুনিলেই, ই মৃত্যুৰ বতৰা লৈ আহিছে বুলিয়েই ভাবে। অৱশ্যে এনে বিশ্বাসৰ অন্তৰালতো কাৰণ আছে- দীৰ্ঘকালজুৰি এই ৰোগৰ দুৰাৰোগ্য ৰূপটিৰ লগতেই যিহেতু মানুহৰ পৰিচয়,গতিকে এই বিশ্বাসৰ ভেটিও অমূলক বুলিব নোৱাৰি। অৱশ্যে,এই কথাও সত্য যে,অলেখ চিকিৎসা-বিজ্ঞানীয়ে কেঞ্চাৰ ৰোগৰ নিৰাময় আৱিস্কাৰৰ বাবে অহৰ্নিশে গৱেষণা তথা পৰীক্ষা-নিৰীক্ষা চলাই আহিছে আৰু চলায়েই আছে। আৰু ইয়াৰে ফলস্বৰূপে কেঞ্চাৰৰ চিকিৎসাৰ বহু দিশতেই যথেষ্ট উল্লেখনীয় পৰিৱৰ্তন আহিছে,নতুনত্ব আহিছে,যিয়ে বহু কেঞ্চাৰ ৰোগীৰ চিকিৎসা প্ৰক্ৰিয়া আৰু জীৱন সহজ কৰি তুলিবলৈ সক্ষম হৈছে। আজি এনে কিছু চিকিৎসা প্ৰক্ৰিয়াৰ নতুনত্বৰ বিষয়েই জনাবলৈ ওলাইছোঁ৷

লগতে পঢ়কঃ চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসা

Apply Now

  প্ৰথমেই জনাবলৈ ওলাইছোঁ৷ কেঞ্চাৰ ৰোগ ধৰা পেলাবৰ বাবে কৰা দুবিধ পৰীক্ষণৰ ক্ষেত্ৰত অহা নতুনত্বৰ বিষয়ে। প্ৰথমেই লিকুইড বায়’পছিৰ বিষয়ে জনাবলৈ লৈছোঁ৷ কেঞ্চাৰ ৰোগ নিৰ্ধাৰণৰ ক্ষেত্ৰত বায়’পছিৰ বিষয়ে প্ৰায় সকলোৱেই অৱগত। সচৰাচৰ কৰা বায়’পছিত দেহৰ কেঞ্চাৰ সৃষ্ট যি টিউমাৰ থাকে,তাৰপৰা কিছু অংশ কাটি বা এৰুৱাই আনি পৰীক্ষা কৰা হয়। পিছে এই নব্য লিকুইড বায়’পছিত মাথোঁ তেজৰ পৰীক্ষাতেই ৰোগীৰ দেহত কেঞ্চাৰজনিত কোষ আছে নে নাই,ধৰা পেলাব পাৰি। ইয়াত কটা-চিঙাৰ প্ৰয়োজনেই নাথাকে৷ এজন ব্যক্তি কেঞ্চাৰৰোগত আক্ৰান্ত হ’লে,কেঞ্চাৰজনিত কোষবোৰ তেজতো ভাঙি মিহলি হৈ পৰে। তেনেক্ষেত্ৰত,লিকুইড বায়’পছি এক সহজ উপায়,কেঞ্চাৰ ধৰা পেলোৱাৰ। আনহাতে,আন এবিধ পৰীক্ষণ হৈছে পেট চি টি(পজিছন ইমিছন ট’ম’গ্ৰাফী)। এইবিধ পৰীক্ষণত এনেধৰণৰ ৰেডিঅ’এক্টিভ দৰৱ ব্যৱহাৰ কৰা হয়,যিয়ে দেহৰ ভিন্ন অংগ আৰু কোষিকাৰ সকলো ধৰণৰ বিসংগতি ধৰা পেলাব পাৰে। লিকুইড বায়’পছি এতিয়াও সহজলভ্য বা সুলভ হৈ উঠা নাই,পিছে যেতিয়া হ’ব-কেঞ্চাৰ ৰোগৰ পৰীক্ষণৰ ক্ষেত্ৰত ই এক যুগান্তকাৰী পৰিৱৰ্তন আনিব।

লগতে পঢ়কঃ জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

  এতিয়া জনাবলৈ ওলাইছোঁ কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ এক প্ৰক্ৰিয়া-অস্ত্ৰোপচাৰ,সেই অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অহা নতুনত্বৰ দিশলৈ। কেঞ্চাৰ ৰোগৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিছে। তেনে এক অস্ত্ৰোপচাৰ হৈছে-ৰ’ব’টিক অস্ত্ৰোপচাৰ। মই কেঞ্চাৰৰোগ আৰু ইয়াৰ শল্য বিশেষজ্ঞ হিচাপে,এই ৰ’ব’টিক অস্ত্ৰোপচাৰ নিজেও দীৰ্ঘসময়জুৰি কৰি আহিছো। ৰ’ব’টিক অস্ত্ৰোপচাৰ এক অত্যাধুনিক অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া,যাৰ জড়িয়তে জটিল অস্ত্ৰোপচাৰসমূহ বহুলাংশে সহজ হৈ পৰে। কিছুমান কেঞ্চাৰ ৰোগত,সচৰাচৰ কৰা অস্ত্ৰোপচাৰবোৰ উপযোগী নহয়। অৰ্থাৎ,মুকলিকৈ কটা-চিঙা কৰি কৰা প্ৰচলিত অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া,ৰোগীৰ ৰোগৰ জটিলতালৈ চাই কেতিয়াবা আৰু অধিক জটিলতাৰ সৃষ্টিকাৰী হ’ব পাৰে। গতিকেই এনে ক্ষেত্ৰত ৰ’ব’টিক অস্ত্ৰোপচাৰ বা ছাৰ্জাৰী এক সঠিক বাট। ৰ’ব’টিক অস্ত্ৰোপচাৰ একপ্ৰকাৰ লেপাৰ’স্ক’পিক অস্ত্ৰোপচাৰৰ দৰেই,য’ত শৰীৰৰ অস্ত্ৰোপচাৰ কৰা অংশত এটি ফুটা কৰি কেমেৰা সংলগ্ন পাইপ সেই ফুটাৰে দেহৰ অন্তৰ্ভাগলৈ সুমুৱাই দি,কম্পিউটাৰৰ মণিটৰত চাই মিহি সঁ‌জুলিৰে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। এই অস্ত্ৰোপচাৰ ৰ’ব’টৰ সহায়ত,দেহৰ ভিতৰলৈ সুমুৱাই দিয়া কেমেৰাৰ উচ্চ মান সম্পন্ন(3D)ছবি চাই চিকিৎসকে অধিক সূক্ষ্ম তথা সঠিকভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এনে অস্ত্ৰোপচাৰৰে এটি প্ৰকাৰ হৈছে-“চিংগল পট ছাৰ্জাৰী”। এই প্ৰক্ৰিয়াত,পূৰ্বে উল্লেখ কৰাৰ দৰে অস্ত্ৰোপচাৰত এটি সামান্য কটা অংশইদি ক্ষুদ্ৰ ৰ’বটসহ অস্ত্ৰোপচাৰৰ জৰুৰী সকলো সামগ্ৰী দেহৰ ভিতৰলৈ সুমুৱাই সমগ্ৰ প্ৰক্ৰিয়া সমাপন কৰে।

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ লক্ষণ, পৰীক্ষণ আৰু চিকিৎসা

  এতিয়া আহিছোঁ কেঞ্চাৰৰ আন এক চিকিৎসা প্ৰক্ৰিয়া কেম’থেৰাপীৰ ক্ষেত্ৰত অহা নব্য পৰিৱৰ্তনৰ দিশলৈ। ইতিমধ্যেই পূৰ্বৰ লিখাত কেম’থেৰাপীৰ বিষয়ে কিছু লিখা হৈছিলে। আজি এই কেম’থেৰাপীৰ মাধ্যমেৰে কৰা কেঞ্চাৰৰ চিকিৎসালৈ কি নতুন পৰিৱৰ্তন আহিছে,সেই বিষয়ে কিছু কথা জনাবলৈ লৈছোঁ৷ বৰ্তমান সময়ত কেম’থেৰাপীৰ লগত সংযুক্ত হৈছে প্ৰেচিজন মেডিচিন,অৰ্থাৎ নিৰ্ধাৰক ঔষধ। যাৰ লগত টাৰ্গেটেড  ইমিউন’থেৰাপী দৰৱ সংযুক্ত হৈ আছে। প্ৰেচিজন মেডিচিন বা দৰৱ হৈছে এনে ধৰণৰ দৰৱ,যি আক্ৰান্ত ব্যক্তিজনৰ কি কেঞ্চাৰ হৈছে,ৰোগ বা তেওঁ‌ৰ শাৰিৰীক স্বাস্থ্যৰ সামগ্ৰিক অৱস্থা-এই সকলোবোৰৰ ওপৰত ভিত্তি কৰি দিয়া হয়। ইয়াৰ লগতে প্ৰচলিত যি কেম’থেৰাপী দিয়াৰ ব্যৱস্থা-য’ত একেধৰণৰ দৰৱকেই ৰোগীৰ শৰীৰত নিৰ্দ্দিষ্ট কেঞ্চাৰৰ টিউমাৰ নিঃশেষ কৰিবলৈ প্ৰদান কৰা হয়,প্ৰেচিজন মেডিচিনত ৰোগীৰ আনকি কেঞ্চাৰজনিত নিৰ্দ্দিষ্ট জিনৰ লগতেই কেঞ্চাৰ প্ৰতিৰোধৰ বাবে দেহৰ যি প্ৰতিৰোধ ক্ষমতা থাকে,সেই বিষয়েও পৰীক্ষা কৰি সেই নিৰ্দ্দিষ্ট টিউমাৰ নিঃশেষ কৰিব পৰা দৰৱ দিয়া হয়,যাৰ কাৰ্যকৰীতা স্বাভাৱিকতেই অধিক। মাত্ৰ এই ন চিকিৎসা প্ৰক্ৰিয়া যথেষ্ট ব্যয়বহুল হোৱাৰ বাবে ই এতিয়াও সকলো ৰোগীৰ বাবে ইমান সহজলভ্য হৈ উঠা নাই৷

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক

   এতিয়া আহিছোঁ, কেঞ্চাৰৰ আন এবিধ চিকিৎসা প্ৰক্ৰিয়া ৰেডিয়েচনৰ বিষয়লৈ। ৰেডিয়েচন থেৰাপীৰ বিষয়েও ইতিপূৰ্বে লিখিছিলোঁ৷ এই ৰেডিয়েচন থেৰাপীত কেঞ্চাৰ আক্ৰান্ত ৰোগীৰ দেহত সৃষ্ট টিউমাৰত ৰঞ্জক-ৰশ্মি প্ৰয়োগ কৰি কেঞ্চাৰৰ কোষসমূহ মাৰি পেলোৱা হয়। এই ৰেডিয়েচনৰ দিশত অহা নতুনত্ব হৈছে-“আই জি আৰ টি”-প্ৰক্ৰিয়া,য’ত এম আৰ আই আৰু চি টি স্কেনৰ মাধ্যমেৰে নিৰ্দ্দিষ্ট টিউমাৰৰ সম্পূৰ্ণ সঠিক ছবি উলিয়াই লৈহে পিছত ৰেডিয়েচন প্ৰয়োগ কৰে। যাতে,এই ৰেডিয়েচনৰ মাত্ৰা,তীব্ৰতা আৰু নিৰাময়ক গুণাগুণ সম্পূৰ্ণৰূপে ৰোগীজনে পাব পাৰে। ইয়াৰ লগতেই সংযুক্ত হৈছে প্ৰট’ন থেৰাপী। প্ৰট’ন থেৰাপীত ৰেডিয়েচনৰ এক্স-ৰেৰ তীব্ৰতা বা যিখিনি কষ্ট ৰেডিয়েচন লওতে ৰোগীয়ে অনুভৱ কৰে,সেইখিনি নহয়। প্ৰ’টন কণাৰ প্ৰয়োগ কৰা হয় এই প্ৰক্ৰিয়াত। এই প্ৰক্ৰিয়াও খুবেই নতুন তথা ব্যয়বহুল হোৱা হেতুকে বৰ্তমানলৈকে সহজলভ্য হৈ উঠা নাই। যদিওবা সেই দিন বেছি দূৰৈত নহয়,যেতিয়া এনে সহজ আৰু সঠিক নব্য চিকিৎসা প্ৰক্ৰিয়াসমূহ ৰোগীৰ বাবে সহজলভ্য হৈ উঠিব।

ডাঃ বিক্ৰম কুমাৰ ডেকা।(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক,বি এল কে মেক্স হস্পিটেল,দিল্লী)চিকিৎসকৰ ফোন-৯৫৬০৬৩০২০৫

লগতে পঢ়কঃ আশাৰ বতৰা: সহজসাধ্য হোৱাৰ দিশে কেঞ্চাৰৰ চিকিৎসা; আমেৰিকাত লাভ কৰিছে সফলতা

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd