• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home স্বাস্থ্য

জৰায়ুৰ মুখৰ কেঞ্চাৰ(চাৰ্ভিকেল কেঞ্চাৰ)ৰ বিষয়ে কিছু কথা

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
March 30, 2023 5:02 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ লেখাৰ বিষয়টোও নাৰীদেহত হোৱা এবিধ কেঞ্চাৰ ৰোগৰ বিষয়েই। নাৰী এগৰাকীৰ দেহত সৃষ্টি হোৱা অন্যান্য কেঞ্চাৰ ৰোগৰ ভিতৰত বহুলভাৱে দেখা দিয়া কেঞ্চাৰৰ মাজত চাৰি নম্বৰতেই চাৰ্ভিকেল কেঞ্চাৰ। তথ্য অনুসৰি, প্ৰতিবছৰেই বিশ্বব্যাপী প্ৰায় অৰ্ধ মিলিয়ন সংখ্যক নাৰী এই ৰোগত আক্ৰান্ত হয়। আৰু সমগ্ৰ বিশ্বব্যাপী কেঞ্চাৰৰ ফলত মৃত্যু হোৱা নাৰীৰ পৰিসাংখ্যিক হিচাপৰ ক্ষেত্ৰতো চাৰ্ভিকেল কেঞ্চাৰ দ্বিতীয়বিধ কাৰণ। প্ৰতিবছৰেই বিশ্বজুৰি আক্ৰান্ত হোৱা ৫০০,০০০ নতুন চাৰ্ভিকেল কেঞ্চাৰ ৰোগীৰ মাজৰ ৭৫% য়েই মূলতঃ উন্নয়নশীল দেশসমূহৰ ৰোগী। ভাৰততো সাধাৰণ জনসংখ্যাৰ ৫% নাৰীয়েই জীৱনকালত চাৰ্ভিকেল কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

আজিৰ লিখাৰ বিষয় এই কেঞ্চাৰবিধ হৈছে-“জৰায়ুৰ মুখৰ কেঞ্চাৰ” যাক ইংৰাজীত“চাৰ্ভিকেল কেঞ্চাৰ“বুলি কোৱা হয়। নাৰী এগৰাকীৰ যোনীদ্বাৰৰ যি অংশত জৰায়ুৰ মুখখন সংযুক্ত হয়,সেই অংশতেই(জৰায়ুৰ মুখ বা cervix)এইবিধ কেঞ্চাৰৰোগ হয়।

Apply Now

এইবিধ কেঞ্চাৰত নাৰীগৰাকীৰ জৰায়ুৰ মুখত কোষৰ যি এক পাতলীয়া তৰপ থাকে,সেই অংশক আক্ৰান্ত কৰে। আৰু যদিহে এই ৰোগৰ সমুচিত চিকিৎসা নহয়,তেন্তে ৰোগীগৰাকীৰ বাবে ই প্ৰাণঘাটীও হ‘ব পাৰে। এগৰাকী নাৰী এইবিধ কেঞ্চাৰত আক্ৰান্ত হোৱাৰ শতকৰা ৯৯% ৰেই কাৰণ এবিধ যৌনভাৱে সংক্ৰমিত হোৱা ৰোগৰ ভাইৰাছ। “হিউমেন পেপিল‘মাভাইৰাছ“বা চমুকৈ HPV(এইচ পি ভি)নামৰ এইবিধ ভাইৰাছৰ সংক্ৰমণৰ ফলতেই এগৰাকী নাৰী চাৰ্ভাইকেল কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। অৰ্থাৎ এই সংক্ৰমণবিধেই চাৰ্ভিকেল কেঞ্চাৰৰ মূল কাৰক।

অসুৰক্ষিতভাৱে কৰা যৌন সম্পৰ্কৰ ফলস্বৰূপে এইবিধ ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ সংক্ৰমিত হয়। এইবিধ এবিধ অতি সুলভ যৌন সংক্ৰমিত ৰোগ(STD)। চাৰ্ভিকেল কেঞ্চাৰজনিত টিউমাৰৰ সৃষ্টিৰ ৯৯•৭% কাৰণেই এইবিধ ভাইৰাছৰ সংক্ৰমণ। এইবিধ সংক্ৰমণৰ অতি উচ্চ মাত্ৰাৰ বিপদসংকুলতা থকা প্ৰকাৰ কেইবিধমান হৈছে– ১৬,১৮,৩১ আৰু ৪১। যদিওবা চাৰ্ভিকেল কেঞ্চাৰৰ বাবে এইচ পি ভি ভাইৰাছৰ উচ্চ মাত্ৰাৰ বিপসংকুলতা বা জটিলতা থকা নিতান্তই জৰুৰী,পিছে এইখিনিয়েই যথেষ্ট নহয়। আজি এই HPV ৰ এই সংক্ৰমণক কিদৰে আগতীয়াকৈ প্ৰতিৰোধ কৰিব বা বাধা দিব পাৰি,তাৰ লগতেই এই জৰায়ুৰ মুখৰ বা চাৰ্ভাইকেল কেঞ্চাৰ ৰোগৰ পৰীক্ষণৰ বিষয়েও কিছু কথা জনাবলৈ লৈছোঁ৷

প্ৰথমে ক’ব বিচাৰিছোঁ, এইবিধ কেঞ্চাৰৰ পৰীক্ষণৰ বিষয়ে। এই কেঞ্চাৰবিধ দেহত সৃষ্টি হৈছে নে নাই জনাৰ লগতেই HPV ভাইৰাছবিধৰ দেহত উপস্থিতিক লৈ কৰা পৰীক্ষণো সমানে জৰুৰী। চাৰ্ভিকেল কেঞ্চাৰৰ পৰীক্ষণৰ ক্ষেত্ৰত প্ৰথমেই আহে পেপ টেষ্ট(পেপ স্মিয়েৰ টেষ্ট)ৰ কথা,য‘ত এডাল পাতলীয়া ব্ৰাছজায়তীয় সামগ্ৰীৰ সহায়েৰে চাৰ্ভিক্স বা জৰায়ুৰ মুখৰ অংশৰ পৰা সামান্য কোষিকা সংগ্ৰহ কৰি তাত কেঞ্চাৰজনিত কোষ আছে নে নাই,সেই পৰীক্ষা কৰা হয়। এই পৰীক্ষণ ২১ ৰ পৰা ৩০ বছৰ বয়সৰ মাজৰ নাৰীসকলে আৰু ৩০ ৰ পৰা ৬৫ বছৰ বয়সৰ মাজৰ নাৰীসকলেও প্ৰতি তিনি বছৰত এবাৰকৈ এই টেষ্ট বা পৰীক্ষণ কৰা জৰুৰী। এতিয়া আহিছো এইচ পি ভি(HPV)পৰীক্ষণৰ কথালৈ। এই পৰীক্ষণো ৩০ৰ পৰা ৬৫ বছৰ বয়সৰ মাজৰ প্ৰতিগৰাকী নাৰীয়ে পেপ টেষ্ট আৰু এইচ পি ভি পৰীক্ষণ প্ৰতি পাঁ‌চ বছৰত এবাৰকৈ একেলগে কৰোৱা জৰুৰী।

এই হিউমেন পেপিল‘মাভাইৰাছেচ বা এইচ পি ভি ভাইৰাছচবিধৰ সংক্ৰমণেই যিহেতু চাৰ্ভিকেল কেঞ্চাৰৰ মূল কাৰক,গতিকেই এইবিধ ভাইৰাছবিধৰ সংক্ৰমণক আগতেই বাধা দিব পাৰিলে,চাৰ্ভিকেল কেঞ্চাৰৰ সম্ভাৱনাই ৯৯% পৰ্যন্ত কমি যায়গৈ। গতিকে এইবিধ কেঞ্চাৰৰ সৃষ্টি হোৱাৰ আগতেই যদিহে এই ভাইৰাছবিধৰ সংক্ৰমণকেই বাধা দিব পাৰি,তেতিয়া চাৰ্ভিকেল কেঞ্চাৰত ভোগাৰ সম্ভাৱনাও সমান্তৰালকৈ কমি আহে। গতিকেই আজি এই ভাইৰাছৰ প্ৰতিৰোধক ভেকচিনৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছোঁ৷

চাৰ্ভিকেল কেঞ্চাৰ এনে এবিধ অতিকৈ তাকৰীয়া কেঞ্চাৰ,ভেকছিনৰ জড়িয়তে যাৰ প্ৰতিৰোধ সম্ভৱ। এই এইচ পি ভি ৰ প্ৰতিষেধক কেইবাবিধো ভিন্ন ভেকচিন বৰ্তমান সময়ত উপলব্ধ। এইচ পি ভি ভাইৰাছৰ প্ৰকাৰ আৰু নাৰীগৰাকীৰ বয়সৰ লগত সামঞ্জস্য ৰাখি ভিন্ন সময়ত এই ভেকচিন লব পাৰি। এনে কেইবিধমান ভেকচিন হৈছে–মাৰ্কছ গাৰ্ডেছিল আৰু জি এছ কে‘জ চাৰ্ভাৰিস্ক,গাৰ্ডাচিল কুৱাৰ্ডিভেলেন্ট,চাৰ্ভাৰিস্ক বিভালেন্ট আদি। এই ভেকচিনসমূহ এগৰাকী নাৰীয়ে লব পৰাৰ বয়সকাল ৯ বছৰৰ পৰা আৰম্ভ কৰি ১৫ বছৰৰ পৰা ২৬ বছৰ বয়সলৈকে(পিছে যতদূৰ সম্ভৱ যৌনমিলনৰ আৰম্ভণি ঘটাৰ পূৰ্বেই ভেকচিন গ্ৰহণ কৰিলে ভাল)। যদিওবা এই ভেকচিন ৪৫ বছৰ বয়স পৰ্যন্ত লব পাৰি, পিছে তেতিয়ালৈ ভেকচিনৰ কাৰ্যকৰীতা সিমান শক্তিশালী হৈ নেথাকে। ১৫ বছৰৰ অনুৰ্দ্ধসকলৰ বাবে ৬ মাহত ভিতৰত প্ৰথমটো আৰু দ্বিতীয়টো গাৰ্ডেছিল ভেকচিন আৰু ১৫ বছৰৰ উৰ্দ্ধৰসকলৰ বাবে ৬ মাহত চাৰ্ভাৰিক্সৰ তিনিটিকৈ ভেকচিন লোৱাৰ প্ৰয়োজন। ইয়াৰে প্ৰথমটো লোৱাৰ দুমাহৰ পিছত দ্বিতীয়টো ভেকচিন আৰু তৃতীয়টো ভেকচিন ৬ মাহত লব লাগে। এনে ভেকচিন এই এইচ পি ভি ভাইৰাছৰ সংক্ৰমণ হোৱাৰ আগতেই গ্ৰহণ কৰিলে,এই সংক্ৰমণৰ পৰা বাচি থাকিব পাৰি। ইয়াৰ সমান্তৰালকৈ আন পৰীক্ষণ আৰু চাইট‘লজিকেল পৰীক্ষণো কৰাই থাকিলে,চাৰ্ভিকেল কেঞ্চাৰৰ প্ৰৱণতাক বহুলাংশে হ্ৰাস কৰিব পাৰি। গতিকেই,এনেধৰণৰ সজাগতা,সচেতনতামূলক পদক্ষেপসমূহ গ্ৰহণ কৰক আৰু চাৰ্ভিকেল কেঞ্চাৰৰ পৰা নিলগত থকাৰ বাট প্ৰশস্ত কৰি ৰাখক। পৰৱৰ্তী লিখাত, চাৰ্ভিকেল কেঞ্চাৰৰ লক্ষণ আৰু চিকিৎসাৰ বিষয়ে জনাবলৈ প্ৰয়াস কৰিম।

ডাঃ বিক্ৰম কুমাৰ ডেকা।
(কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক,বি এল কে মেক্স হস্পিটেল,দিল্লী)

চিকিৎসকৰ ফোন–৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd