• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

স্তন কেঞ্চাৰৰ লক্ষণ, পৰীক্ষণ আৰু চিকিৎসা

ডা° বিক্ৰম কুমাৰ ডেকা by ডা° বিক্ৰম কুমাৰ ডেকা
March 14, 2023 5:56 pm
breast cancer
101
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াৰ পূৰ্বৰ লেখাটোত স্তন কেঞ্চাৰৰ বিষয়ে কিছু কথা আৰু স্তন কেঞ্চাৰৰ কাৰকসমূহৰ বিষয়ে জনাইছিলো৷ লগতে ইয়াৰে মাজৰ জিনগত কাৰকৰ বাবে হ’ব পৰা কেঞ্চাৰক আগতীয়াকৈ প্ৰতিৰোধ কৰিবৰ বাবে যশস্বী অভিনেত্ৰী এঞ্জেলিনা জলীয়ে কি পদক্ষেপ লৈছিল, সেই বিষয়ে জনোৱা হৈছিল। আজিৰ এই লেখাত স্তন কেঞ্চাৰৰ লক্ষণসমূহৰ বিষয়ে জনোৱাৰ লগতে, ইয়াৰ পিছৰ পৰ্যায়ত কেঞ্চাৰ হৈছে নে নাই, সেই কথা নিশ্চিত কৰিবৰ বাবে কৰিবলগীয়া যাৱতীয় পৰীক্ষা-নিৰীক্ষা আৰু যদিহে হৈছে- তেন্তে ৰোগৰ চিকিৎসা কিদৰে কৰা হয়- এই দিশসমূহৰ বিষয়ে সামগ্ৰিকভাৱে কিছু কথা জনাবলৈ ওলাইছো।

স্তন কেঞ্চাৰ সম্পৰ্কে, আমাৰ দেশত বৰ্তমান সময়ত, পূৰ্বৰ তুলনাত কিছুখিনি সচেতনতা আহিছেই বুলিব পাৰি। যেনে কিছু হ’লেও নাৰীয়ে জানে- কিদৰে ঘৰতেই সময়-সাপেক্ষে নিজৰ স্তন পৰীক্ষা কৰি চাব পাৰি। তথাপিও স্তন কেঞ্চাৰৰ কেইটিমান লক্ষণৰ বিষয়ে তলত দিছো, হয়তো বহুতৰ বাবে ই সহায়ক হ’ব। কাৰণ, স্তন কেঞ্চাৰৰ পৰিসংখ্যা যদিও অধিক, পিছে স্তন কেঞ্চাৰৰ আটাইতকৈ যোগাত্মক কথাটি হৈছে যে- প্ৰাৰম্ভিক পৰ্যায়ত ধৰা পৰিলে, চিকিৎসাৰ জৰিয়তে স্তন কেঞ্চাৰৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।

Apply Now

লক্ষণসমূহ-

১)স্তন বা কাষলতি অংশত হোৱা টেমুনা(সাধাৰণতে বিষ নহয়),
২)স্তনৰ ছালত জ্বলা-পোৰা কৰা বা ছালৰ কিছু অংশ ভিতৰলৈ সোমাই যোৱা,
৩)স্তনৰ মুখ বা নিপ্প’লৰ পৰা ৰঙচুৱা জুলীয়া দ্ৰব্য নিঃসৰণ হোৱা,
৪)স্তন ৰঙা পৰা অথবা স্তনত ঘাঁ‌ লগা,
৫)স্তনৰ মুখ বা নিপ্প’লটো ভিতৰৰ ফালে,অৰ্থাৎ ওলোটাকৈ সোমাই যোৱা, ইত্যাদি।

Breast cancer: signs and symptoms of condition | NationalWorld
সাধাৰণতে, তেলেতীয়া আৰু খুব উচ্চ সমৃদ্ধ খাদ্যাভাস, সুৰাপান, মেদবহুলতা, মুখেৰে সেৱন কৰা গৰ্ভনিৰোধক দৰৱ বা পিল, সন্তান জন্ম নিদিয়া বা প্ৰথম সন্তানৰ জন্ম পলমকৈ দিয়া- আদিবোৰ কাৰণৰ বাবে নাৰী এগৰাকী স্তন কেঞ্চাৰত আক্ৰান্ত হ’ব পাৰে। যদিওবা, এইখিনিৰ পিছতো বহুতৰে নহ’বও পাৰে। তথাপিও, ওপৰোক্ত লক্ষণসমূহ দেখা দিলে ততালিকে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু চিকিৎসকে দিয়া দিহা অনুসৰি যাৱতীয় পৰীক্ষা-নিৰীক্ষা সমূহ কৰাওক। এতিয়া এই পৰীক্ষা-নিৰীক্ষাসমূহৰ বিষয়েই কিছু কথা জনাবলৈ লৈছো-

১)মেম’গ্ৰাম(স্তনৰ এবিধ বিশেষ এক্স-ৰে)অথবা স্তনৰ আলট্ৰাচাউণ্ড।
২)বায়’পছিঃ-এই প্ৰক্ৰিয়াত স্তনত চেতনাহীন দৰৱৰ প্ৰয়োগ কৰি, বেজীৰ সহায়েৰে স্তনত হোৱা টেমুনাৰ পৰা সামান্য কোষ পৰীক্ষণৰ বাবে উলিয়াই অনা হয়।
৩) কিছু বিশেষ ক্ষেত্ৰত এম আৰ আই কৰাও যায়।

Breast Cancer Tests: Detection, Screenings, Exams, and More

লগতে পঢ়ক: https://assam.nenow.in/dr-bikram-kumar-deka-writes-on-breast-cancer/

এই পৰীক্ষা-নিৰীক্ষাসমূহ কৰাৰ পিছত যদিহে ৰোগীগৰাকীৰ স্তন কেঞ্চাৰ ৰোগ ধৰা পৰে, তেতিয়া চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হয়। এই চিকিৎসা প্ৰক্ৰিয়াৰ বহুকেইটা ভিন্ন প্ৰকাৰ আছে। যেনে-অস্ত্ৰোপচাৰ, কেম’থেৰাপী, ৰেডিয়েচন আৰু হ’ৰমন থেৰাপী ইত্যাদি। কিছু কিছু কেঞ্চাৰৰ ক্ষেত্ৰত, অৰ্থাৎ ৰোগৰ প্ৰকাৰ আৰু স্তৰভেদে কেতিয়াবা ৰোগীগৰাকীৰ প্ৰথমে অস্ত্ৰোপচাৰ কৰা হয় আৰু তাৰপিছত কেম’থেৰাপী দিয়া হয়। আকৌ আন কিছু ক্ষেত্ৰত প্ৰথমেই কেম’থেৰাপী দি, পৰৱৰ্তী পৰ্যায়ত হে অস্ত্ৰোপচাৰ কৰা হয়।

১)অস্ত্ৰোপচাৰঃ- অস্ত্ৰোপচাৰত সাধাৰণতে মেছেক্টমী পদ্ধতিৰে নাৰীগৰাকীৰ স্তন দুটি দেহৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিয়া হয়, অথবা আক্ৰান্ত স্তনৰ কিছু অংশ অস্ত্ৰোপচাৰৰ যোগেদি গুছাই দিয়া হয়। এই কিছু অংশ, অৰ্থাৎ স্তনৰ কেঞ্চাৰ আক্ৰান্ত অংশখিনিহে নিৰ্দ্দিষ্ট পদ্ধতিৰে গুছাই দিয়া প্ৰক্ৰিয়াক “ব্ৰেষ্ট কনজাৰভেছন” পদ্ধতি বোলা হয়, য’ত নাৰীগৰাকীৰ স্তনৰ আকাৰত প্ৰভাৱ নপৰে। সম্পূৰ্ণৰূপে গুছাই দিয়া স্তন পুনৰাই পূৰ্বাৱস্থালৈ ঘূৰাই আনিবৰ বাবে প্লাষ্টিক চাৰ্জাৰী বা দেহৰ আন অংশৰ পৰা কিছু কোষ আনি স্তনৰ পুনৰ সৃষ্টি কৰাৰো চিকিৎসা ব্যৱস্থা উপলব্ধ। স্তনৰ অস্ত্ৰোপচাৰৰ পিছত প্ৰায়েই ৰোগীৰ কাষলতিৰ অংশ ফুলি যোৱা দেখা যায়, তাৰবাবে দীঘলীয়া সময়ৰ ফিজিঅ’থেৰাপীৰ প্ৰয়োজন হয়।

২)কেম’থেৰাপীঃ- হয় অস্ত্ৰোপচাৰৰ আগত, নতুবা অস্ত্ৰোপচাৰৰ পিছত ৰোগীক কেম’থেৰাপী প্ৰদান কৰা হয়। কেঞ্চাৰ জটিল স্তৰত থাকিলে কেম’থেৰাপী দি তাৰ পিছত অস্ত্ৰোপচাৰ কৰা হয়। নহ’লে অস্ত্ৰোপচাৰৰ পিছত কেম’থেৰাপী দিয়া হয়। স্তন কেঞ্চাৰৰ কিছু স্তৰত, যেনে চতুৰ্থ পৰ্যায় বা স্তৰত, দেহৰ যিবোৰ অংশলৈ ৰোগ বিয়পি পৰে, তাত একমাত্ৰ কেম’থেৰাপীৰহে প্ৰয়োগ কৰিব পৰা যায়। আনহাতে, কিছু ৰোগীৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পিছত কেম’থেৰাপীৰ প্ৰয়োজন নহয়। ৭০ বছৰৰ উৰ্দ্ধৰ নাৰীক কেম’থেৰাপী দিয়া নহয়।

দিনদীয়াকৈ অৰ্থাৎ দিনটোৰ বাবে ৰোগীক হস্পিটেলত ভৰ্তি কৰিও কেম’থেৰাপী দি একেদিনাই ঘৰলৈ নিব পাৰে। কেম’থেৰাপী দিয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে ৰোগীগৰাকীৰ বমি, দুৰ্বলতা, চুলি সৰি যোৱা, শিৰাৰ দুৰ্বলতা, গাঁঠিৰ দুৰ্বলতা ইত্যাদি হোৱা দেখা যায়। এই পাৰ্শ্বক্ৰিয়াসমূহ কেম’থেৰাপী দি শেষ হোৱাৰ পিছত নোহোৱা হৈ পৰে। এনেয়ো চিকিৎসা-বিজ্ঞানে এই পাৰ্শ্বক্ৰিয়াসমূহ অতীতৰ তুলনাত এতিয়া যথেষ্ট পৰিমাণে কমাব পাৰিছে।

৩)ৰেডিয়েচনঃ-যিসকল স্তন কেঞ্চাৰৰ ৰোগীৰ স্তনৰ কিছু অংশ অস্ত্ৰোপচাৰৰ জৰিয়তে গুছাই পেলোৱা হয়, সেইসকলক অস্ত্ৰোপচাৰৰ পিছত ৰেডিয়েচন দিয়াৰ প্ৰয়োজন হয়। সপ্তাহত ৫ দিনকৈ, ২-৩ সপ্তাহৰ বাবে দৈনিক এঘন্টামানকৈ ৰেডিয়েচন দিয়া হয়। ছালৰ কিছু অংশ পোৰাৰ বাদে, ইয়াৰ খুব সাংঘাতিক কোনো পাৰ্শ্বক্ৰিয়া নাই।

৪)হ’ৰমন থেৰাপীঃ- যিসকল স্তন কেঞ্চাৰৰ ৰোগীৰ কেঞ্চাৰ হ’ৰমন সংবেদনশীল হয়, তেনে ৰোগীক হ’ৰমন থেৰাপী দিয়া হয়। হ’ৰমন থেৰাপী টেবলেটৰ ৰূপত দিয়া হয়, আৰু ৫-১০ বছৰ পৰ্যন্ত দীৰ্ঘকালৰ বাবে এই থেৰাপী দিয়া যায়। পিছে এই থেৰাপীৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়া খুবেই কম আৰু সহজেই নিয়ন্ত্ৰণ কৰিব পৰা বিধৰ হয়।

Breast Cancer Treatment: Recent Trends and Advancements
চিকিৎসা বিজ্ঞান তথা চিকিৎসা-পদ্ধতিসমূহ দিনকদিনে উন্নত হৈ গৈ আছে। গতিকেই, ইয়াৰ সমান্তৰালকৈ স্তন কেঞ্চাৰৰ চিকিৎসা প্ৰক্ৰিয়াতো পূৰ্বৰ তুলনাত যথেষ্ট উন্নয়ন হৈছে, লগতে সহজো হৈছে। স্তন কেঞ্চাৰত আক্ৰান্ত হোৱা মানেই মৃত্যু আৱশ্যম্ভাৱী নহয়। লক্ষণসমূহে দেখা দিলে, অনতিপলমে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক আৰু পৰীক্ষণৰ লগতে চিকিৎসা প্ৰক্ৰিয়াৰ আৰম্ভ কৰক। স্তন কেঞ্চাৰৰ পিছতো স্বাভাৱিক জীৱন সম্ভৱ।

 

(লেখক ডা° বিক্ৰম কুমাৰ ডেকা এগৰাকী কেঞ্চাৰ ৰোগ বিশেষজ্ঞ আৰু ৰ’ব’টিক শল্য চিকিৎসক। তেওঁ দিল্লীৰ বি এল কে মেক্স হাস্পতালত কৰ্মৰত। লেখকৰ ফোন: ৯৫৬০৬৩০২০৫)

ডা° বিক্ৰম কুমাৰ ডেকা

ডা° বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

‘মোৰ বাবে নতুন খবৰ’, জেলেনস্কিক নজনোৱাকৈয়ে ৰাছিয়া-ইউক্ৰেইনৰ ‘শক্তি যুদ্ধবিৰতি’ ঘোষণা ট্ৰাম্পৰ

October 12, 2026 9:29 am
অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

অভিষেকৰ বিস্ফোৰক ইনিংছ, অৰ্শদীপৰ ৩ উইকেটেৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় টি-২০ত জয়ী ভাৰত

October 12, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

২৫ কোটি টকাৰ চিনেমাৰ ৩৩০ কোটিৰ ব্যৱসায়; কি আছে ‘বেথলেহেম কুডুম্বা ইউনিট’ত?

October 12, 2026 11:13 am
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আজি জুবিন ক্ষেত্ৰ কঁপাব অনুৰাগীয়ে

October 12, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd