ব্ৰ’কাৰ- অৰ্থাৎ সহজ ভাষাত ক’বলৈ গ’লে মধ্যভোগী বা দালাল। আজিৰ এই দক্ষিণ কোৰিয়ান চিনেমাখনৰ বিষয়বস্তু এই মধ্যভোগীৰ ওপৰতেই। পিছে এই মধ্যভোগীসকলে যি ব্যৱসায়ৰ দালালি কৰে, সেই বিষয়টো হে অতিকৈ সংবেদনশীল। এই সংবেদনশীলতাক বজাই ৰাখি নিৰ্মিত এই ছবিখনে গত বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতা(কাঙ-হ’-চঙ)ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য-প্ৰখ্যাত জাপানীজ পৰিচালক হিৰ’কাজু ক’ৰি-ডাৰ। ভাৰতত ছবিখনে ২০২৩বৰ্ষৰ জানুৱাৰীত মুক্তি লাভ কৰিছিলে। বৰ্তমানলৈকে কোনো অ টি টি প্লেটফৰ্মত ছবিখন উপলব্ধ হোৱা নাই।
চিনেমাৰ আৰম্ভণি এটি বৰ্ষন্মুখৰ নিশাত এটি নৱজাতক শিশুৰ হাতত এটুকুৰা কাগজত এষাৰী বাক্য লিখি গীৰ্জাৰ অনাথালয়ৰ বাকচ এটিত ভৰাই, মাকৰ প্ৰস্থানেৰে। এজন ধোবা-হা চাঙ হায়েন(কাঙ-হ’-চঙ)আৰু তেওঁৰ এজন সংগী-ডঙ চু(গেঙ ডঙ ৱন), যিয়ে অনাথালয়ত কাম কৰে, তেওঁলোক দুজনে গোপনে শিশুটি লৈ আহে। মূলতঃ দুয়োৱে তোলনীয়া সন্তানৰ যি এক ক’লা ব্যৱসায় আছে, তাৰ লগত জড়িত, মানে মধ্যস্থতাকাৰী। শিশুটিক এক বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু তেনেতে শিশুটিৰ মাকো(চ’য়াঙ) আহি তেওঁলোকৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰে। নিশা শিশুটিক বাকচত থোৱাৰ পিছত, ডঙ চুৰ মাকক অনুসৰণ, তেওঁলোক আটাইকে দুগৰাকী আৰক্ষী বিষয়াৰ অনুসৰণৰ এক শৃংখল গঢ় লৈ উঠে।
মৃদু-মধুৰ আৱহ-সংগীতৰ লগত কাহিনীৰ এক সাৱলীল গতি। শিশুটি বিক্ৰয়ৰ যাত্ৰাত ক্ৰমশঃ ইজন-সিজনৰ সৈতে সংযুক্ত হৈ পৰে আৰু প্ৰতিটো চৰিত্ৰৰে আৱেগক একত্ৰ কৰিব পৰা আৰু এইখিনিক গ্ৰহণযোগ্যতা প্ৰদান কৰিব পৰা এখন সুন্দৰ চিত্ৰনাট্য ক’ৰি-ডাৰ। ক’ৰি-ডাৰ আন আন ছবিৰ দৰেই এই ছবিখনতো খোৱা-বোৱা কৰাৰ দৃশ্যাংশৰ প্ৰয়োগ যথেষ্ট আছে। কোনোধৰণৰ উত্তেজনা বা মেল’ড্ৰামা নোহোৱাকৈ অতি সংবেদনশীল বিষয়বস্তু এটিক খুবেই শীতল এক ট্ৰিটমেন্ট দিয়া হৈছে-এইটো ছবিখনৰ এক অতি প্ৰশংসনীয় অংশ।
মৃদুভাৱে মাজে-সময়ে স্বতঃস্ফূত হাস্যৰসৰো উপস্থাপন আছে, পিছে বিষয়বস্তুৰ গভীৰতাত সোমাই পৰিলে, পৰৱৰ্তী সময়ত এই হাস্যৰসে কাৰুণ্য হে জগাই তোলে। এনেদৰে কৰা হাস্যৰসৰ প্ৰয়োগো এক অতি সূক্ষ্ম, মননশীল কলা। ছবিখনত বহুকেইটা খুবেই উচ্চ প্ৰশংসনীয় দৃশ্যাংশ আছে, তাৰে ভিতৰত দুই মূল পুৰুষ চৰিত্ৰই নিশা সমুদ্ৰতটত নিচাগ্ৰস্ত অৱস্থাত কৰা কথোপকথন, চলন্ত ৰেলত কথা পাতি থকা চ’য়াঙ আৰু হা চাঙ-হায়েনৰ কথোপকথনত ৰেলে সুৰংগৰ মাজেৰে এন্ধাৰত গতি কৰোতে মনৰ কথাবোৰ খুলি কোৱা আৰু পোহৰত পুনৰাই তাৰ বিপৰীত কথা কোৱা, গণ্ডোলাত ডুলি ডুলি সংযুক্ত হৈয়ো সংযুক্ত হ’ব নোৱাৰা অৱস্থাক অতি সংবেদনশীলতাৰে অৰ্থৱহৰূপত তুলি ধৰা হৈছে।
সম্পৰ্ক, নিজ পিতৃ-মাতৃৰ দ্বাৰা পৰিত্যক্ত, আনকি শিশু এটা তুলি লোৱা মানুহৰো শিশুটিক বস্তুনিষ্ঠ জ্ঞান কৰা, অগ্ৰাহ্যকৰণ ইত্যাদি অতি সংবেদনশীল বিষয়ক লৈ ব্ৰ’কাৰ ছবিখন। সম্পাদনাৰ দিশ ভাল ছবিখনৰ। আলোকশিল্পৰ সুন্দৰ কাম কৰিছে-হঙ ক্যুঙ-প্য’য়ে। সংগীত জাঙ-জায়ে ইলৰ। ছবিখনৰ আটাইতকৈ ভাল লগা অংশটোৱেই হৈছে মূখ্য পুৰুষ চৰিত্ৰত অভিনয় কৰা কাঙ-হ’-চঙৰ অনবদ্য অভিনয়। আন আন চৰিত্ৰসমূহৰ অভিনয়ো স্বাভাৱিক। শেষাংশ অধিক অন্তৰ্ষ্পশী আৰু প্ৰগাঢ়। আৰু এক গতিশীলতাৰেই ছবিৰ অন্ত।
মেইল- [email protected]