• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

চিনেমা কথা: ব্ৰ’কাৰ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
February 17, 2023 5:10 pm
South Korean movie Broker
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰ’কাৰ- অৰ্থাৎ সহজ ভাষাত ক’বলৈ গ’লে মধ্যভোগী বা দালাল। আজিৰ এই দক্ষিণ কোৰিয়ান চিনেমাখনৰ বিষয়বস্তু এই মধ্যভোগীৰ ওপৰতেই। পিছে এই মধ্যভোগীসকলে যি ব্যৱসায়ৰ দালালি কৰে, সেই বিষয়টো হে অতিকৈ সংবেদনশীল। এই সংবেদনশীলতাক বজাই ৰাখি নিৰ্মিত এই ছবিখনে গত বৰ্ষৰ কাঁ‌ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতা(কাঙ-হ’-চঙ)ৰ বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য-প্ৰখ্যাত জাপানীজ পৰিচালক হিৰ’কাজু ক’ৰি-ডাৰ। ভাৰতত ছবিখনে ২০২৩বৰ্ষৰ জানুৱাৰীত মুক্তি লাভ কৰিছিলে। বৰ্তমানলৈকে কোনো অ টি টি প্লেটফৰ্মত ছবিখন উপলব্ধ হোৱা নাই।

চিনেমাৰ আৰম্ভণি এটি বৰ্ষন্মুখৰ নিশাত এটি নৱজাতক শিশুৰ হাতত এটুকুৰা কাগজত এষাৰী বাক্য লিখি গীৰ্জাৰ অনাথালয়ৰ বাকচ এটিত ভৰাই, মাকৰ প্ৰস্থানেৰে। এজন ধোবা-হা চাঙ হায়েন(কাঙ-হ’-চঙ)আৰু তেওঁ‌ৰ এজন সংগী-ডঙ চু(গেঙ ডঙ ৱন), যিয়ে অনাথালয়ত কাম কৰে, তেওঁ‌লোক দুজনে গোপনে শিশুটি লৈ আহে। মূলতঃ দুয়োৱে তোলনীয়া সন্তানৰ যি এক ক’লা ব্যৱসায় আছে, তাৰ লগত জড়িত, মানে মধ্যস্থতাকাৰী। শিশুটিক এক বৃহৎ মূল্যৰ বিনিময়ত বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু তেনেতে শিশুটিৰ মাকো(চ’য়াঙ) আহি তেওঁ‌লোকৰ যাত্ৰাৰ অংশীদাৰ হৈ পৰে। নিশা শিশুটিক বাকচত থোৱাৰ পিছত, ডঙ চুৰ মাকক অনুসৰণ, তেওঁ‌লোক আটাইকে দুগৰাকী আৰক্ষী বিষয়াৰ অনুসৰণৰ এক শৃংখল গঢ় লৈ উঠে।

Apply Now

মৃদু-মধুৰ আৱহ-সংগীতৰ লগত কাহিনীৰ এক সাৱলীল গতি। শিশুটি বিক্ৰয়ৰ যাত্ৰাত ক্ৰমশঃ ইজন-সিজনৰ সৈতে সংযুক্ত হৈ পৰে আৰু প্ৰতিটো চৰিত্ৰৰে আৱেগক একত্ৰ কৰিব পৰা আৰু এইখিনিক গ্ৰহণযোগ্যতা প্ৰদান কৰিব পৰা এখন সুন্দৰ চিত্ৰনাট্য ক’ৰি-ডাৰ। ক’ৰি-ডাৰ আন আন ছবিৰ দৰেই এই ছবিখনতো খোৱা-বোৱা কৰাৰ দৃশ্যাংশৰ প্ৰয়োগ যথেষ্ট আছে। কোনোধৰণৰ উত্তেজনা বা মেল’ড্ৰামা নোহোৱাকৈ অতি সংবেদনশীল বিষয়বস্তু এটিক খুবেই শীতল এক ট্ৰিটমেন্ট দিয়া হৈছে-এইটো ছবিখনৰ এক অতি প্ৰশংসনীয় অংশ।

মৃদুভাৱে মাজে-সময়ে স্বতঃস্ফূত হাস্যৰসৰো উপস্থাপন আছে, পিছে বিষয়বস্তুৰ গভীৰতাত সোমাই পৰিলে, পৰৱৰ্তী সময়ত এই হাস্যৰসে কাৰুণ্য হে জগাই তোলে। এনেদৰে কৰা হাস্যৰসৰ প্ৰয়োগো এক অতি সূক্ষ্ম, মননশীল কলা। ছবিখনত বহুকেইটা খুবেই উচ্চ প্ৰশংসনীয় দৃশ্যাংশ আছে, তাৰে ভিতৰত দুই মূল পুৰুষ চৰিত্ৰই নিশা সমুদ্ৰতটত নিচাগ্ৰস্ত অৱস্থাত কৰা কথোপকথন, চলন্ত ৰেলত কথা পাতি থকা চ’য়াঙ আৰু হা চাঙ-হায়েনৰ কথোপকথনত ৰেলে সুৰংগৰ মাজেৰে এন্ধাৰত গতি কৰোতে মনৰ কথাবোৰ খুলি কোৱা আৰু পোহৰত পুনৰাই তাৰ বিপৰীত কথা কোৱা, গণ্ডোলাত ডুলি ডুলি সংযুক্ত হৈয়ো সংযুক্ত হ’ব নোৱাৰা অৱস্থাক অতি সংবেদনশীলতাৰে অৰ্থৱহৰূপত তুলি ধৰা হৈছে।

সম্পৰ্ক, নিজ পিতৃ-মাতৃৰ দ্বাৰা পৰিত্যক্ত, আনকি শিশু এটা তুলি লোৱা মানুহৰো শিশুটিক বস্তুনিষ্ঠ জ্ঞান কৰা, অগ্ৰাহ্যকৰণ ইত্যাদি অতি সংবেদনশীল বিষয়ক লৈ ব্ৰ’কাৰ ছবিখন। সম্পাদনাৰ দিশ ভাল ছবিখনৰ। আলোকশিল্পৰ সুন্দৰ কাম কৰিছে-হঙ ক্যুঙ-প্য’য়ে। সংগীত জাঙ-জায়ে ইলৰ। ছবিখনৰ আটাইতকৈ ভাল লগা অংশটোৱেই হৈছে মূখ্য পুৰুষ চৰিত্ৰত অভিনয় কৰা কাঙ-হ’-চঙৰ অনবদ্য অভিনয়। আন আন চৰিত্ৰসমূহৰ অভিনয়ো স্বাভাৱিক। শেষাংশ অধিক অন্তৰ্ষ্পশী আৰু প্ৰগাঢ়। আৰু এক গতিশীলতাৰেই ছবিৰ অন্ত।

মেইল- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

পুনৰ মহামাৰীৰ আতংক! আফ্ৰিকাত ইব’লাত শতাধিকৰ মৃত্যু, ভাৰতত কিমান ভয়াৱহ হ’ব পাৰে পৰিস্থিতি?

June 25, 2026 6:57 am
ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd