• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সত্যপাল মালিকৰ বিস্ফোৰক অভিযোগৰ পাছতো মোদী চৰকাৰ “নিমাতী কন্যা” কিয়?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 20, 2023 1:38 pm
2k
VIEWS
Share on FacebookShare on Twitter

কিয় এই নীৰৱতা?

‘ৱাৰ‘ৰ কৰণ থাপাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ এটাত কেইদিনমান আগতে জম্মু–কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কিছুমান অতি বিস্ফোৰক মন্তব্য আৰু স্বীকাৰোক্তি কৰিছে। সেই দীঘলীয়া সাক্ষাৎকাৰটোত তেওঁ ভালেমান কথাই কৈছে। কিন্তু, তাৰ তিনিটা কথা অতি তাৎপৰ্যপূৰ্ণ। প্ৰথম হৈছে, পুলৱামাত ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে আবেলি ৩ বজাত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (চি আৰ পি এফ) এলানি বাছৰ ওপৰত হোৱা আক্ৰমণ।

সেইদিনা, জম্মুৰ পৰা ২৫০০ যুৱকক লৈ চি আৰ পি এফৰ বাহিনী এটা ৭৮খন বাছেৰে কাশ্মীৰলৈ গৈ থকা অৱস্থাত তেওঁলোকৰ ওপৰত পাকিস্তানৰ দ্বাৰা সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে এক ভয়াবহ আক্ৰমণ চলাইছিল। এই আক্ৰমণত, থিতাতে ৪০ জন চি আৰ পি এফ যুৱকৰ মৃত্যু হৈছিল আৰু ৩৫জন যুৱক বৰ বেয়াকৈ ঘাইল হৈছিল। মালিকৰ বক্তব্য আছিল– সেইটো পাকিস্তানৰ সীমাৰে যোৱা ৰাস্তা। সেয়ে, সেই ৰাস্তাটোৰে ইমানবোৰ বাহনেৰে চি আৰ পি এফ বাহিনীৰ লোক কাশ্মীৰলৈ লৈ যোৱাটো নিৰাপত্তাৰ ফালৰ পৰা কেতিয়াও যুক্তিসংগত সিদ্ধান্ত নাছিল।

পথ পৰিবহনৰ সলনি বিমানেৰে চি আৰ পি এফৰ যুৱকসকলক কাশ্মীৰলৈ লৈ যোৱা হ’লে এনে এক ভয়াবহ দুৰ্ঘটনাৰ পৰা সেইদিনা হাত সাৰিব পৰা গ’লহেঁতেন। মালিকৰ স্পষ্ট মত– এই বিফলতাৰ দায়িত্ব কেন্দ্ৰ চৰকাৰৰ, বিশেষকৈ গৃহ বিভাগৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাজনৰ। তেওঁৰ মতে সেই সময়ৰ জম্মু–কাশ্মীৰৰ ৰাজ্যপাল হিচাপে তেৱোঁ তাৰবাবে দায়ী।

দ্বিতীয় অভিযোগটো দুৰ্নীতি সম্পৰ্কীয়। গোৱাৰ ৰাজ্যপাল হৈ থাকোঁতে সেই সময়ৰ গোৱাৰ মুখ্যমন্ত্ৰী দুৰ্নীতিত জড়িত থকাৰ কথা তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছিল। প্ৰধানমন্ত্ৰীয়ে সেই অভিযোগৰ অনুসন্ধান কৰি বিহিত ব্যৱস্থা লোৱাৰ সলনি, যিমান সোনকালে পাৰে সিমান সোনকালে মালিকক গোৱাৰ পৰা আঁতৰাই মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ ওপৰতহে গুৰুত্ব দিছিল। দুৰ্নীতিৰ লগত জড়িত বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত সংযুক্ত ৰাজ্য মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ নামো তেওঁ সাক্ষাৎকাৰটোত উল্লেখ কৰিছে।

তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল, তেওঁ এবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব বিচাৰিছিল। তাৰবাবে বাবে তেওঁ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি আগতীয়াকৈ অনুমতি লৈছিল।কিন্তু, যিদিনা তেওঁক সাক্ষাৎকাৰৰ সময় দিয়া হৈছিল, সেইদিনা ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিবলৈ আহি থাকোঁতে তেওঁক বাটতে জনোৱা হৈছিল যে ৰাষ্ট্ৰপতি কিবা বিশেষ কামত ব্যস্ত থকা বাবে তেওঁৰ সাক্ষাৎকাৰ বাতিল কৰা হৈছে।

মালিকে কৈছে প্ৰধানমন্ত্ৰীৰ অফিছৰ হস্তক্ষেপতহে তেওঁৰ সাক্ষাৎকাৰটো বাতিল কৰা হৈছিল। তেওঁৰ মতে, এতিয়া ৰাষ্ট্ৰপতিয়ে কাক লগ কৰিব বা কাক লগ নকৰিব সেইটো প্ৰধানমন্ত্ৰীৰ অফিছে ঠিক কৰি দিয়ে। প্ৰধানমন্ত্ৰীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কোনেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব নোৱাৰে।

কৰণ থাপাৰ দেশৰ ভিতৰতে নহয়, বিদেশতো নাম থকা এগৰাকী প্ৰখ্যাত সাংবাদিক। তেওঁ দায়িত্বপূৰ্ণ সাংবাদিকতাত বিশ্বাসী। তেওঁ অনুমানৰ ওপৰত কোনো কথা নকয়।সাক্ষ্য–প্ৰমাণ নোহোৱাকৈ, কেৱল চাঞ্চল্য সৃষ্টিৰ কাৰণে কাকো একো নোসোধে। আনহাতে, আপোনালোকে সত্যপাল মালিকৰ বিষয়ে অলপ খা–খবৰ কৰিলে গম পাব যে তেওঁ এগৰাকী অতি অভিজ্ঞ ৰাজনীতিক। মেঘালয়ৰ ৰাজ্যপাল হিচাপে অৱসৰ লোৱাৰ আগতে তেওঁ কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। তেওঁৰ এটা নিজস্ব দৃষ্টিভংগী আছে।

পুলৱামা কাণ্ডৰ পিছত ভাৰতীয় জনতা পাৰ্টিয়ে কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমাৰ সকলোৰে মনত আছে। এই আক্ৰমণক তেওঁলোকে সাধাৰণ নিৰ্বাচনত কেনেকৈ ব্যৱহাৰ কৰিছিল সেইটোও আমাৰ মনত আছে।তেনেস্থলত সত্যপাল মালিকে পুলৱামা আক্ৰমণৰ বাবে যেতিয়া কেন্দ্ৰ চৰকাৰ আৰু দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা গৰাকীক জগৰীয়া কৰিছে সেই সম্পৰ্কে চৰকাৰে এতিয়ালৈ একো মাত নমতাটোৱে কি বুজায়?

সেইটোৱে নহয়, ভাৰতৰ সেনাবাহিনীৰ প্ৰাক্তন মুৰব্বী জেনেৰেল শংকৰ ৰায়চৌধুৰীয়েও সত্যপাল মালিকৰ অভিমত সমৰ্থন কৰি সেই ৰাস্তাটোৰে স্থলপথেৰে চি আৰ পি এফৰ লোক পঠিওৱাটো ভুল সিদ্ধান্ত আছিল বুলি স্পষ্টকৈ কৈছে। আচৰিত কথা, সত্যপাল মালিকে কোৱা কথাৰ বাবে তেওঁৰ বিৰুদ্ধে চৰকাৰে শাস্তিমূলক ব্যৱস্থা লোৱাটো দূৰৈৰ কথা, তেওঁ দিয়া ভাষ্যৰ বিৰোধিতা কৰিয়ে এতিয়ালৈকে চৰকাৰে স্পষ্টীকৰণ এটাও দিয়া নাই। তাৰমানে তেওঁ কোৱা কথা সঁচা!

দ্বিতীয় কথাটোলৈ আহিছোঁ। এইখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা বুলি দিনে–ৰাতিয়ে চিঞৰি আছে। কিন্তু, এতিয়া এখন ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু স্বয়ং প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে মালিকে দুৰ্নীতিৰ অভিযোগ আনিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ মন্ত্ৰী এজনৰ নামো তেওঁ উল্লেখ কৰিছে। এতিয়া চৰকাৰে কি কৰিব? হয়, মিছা অভিযোগ অনা কাৰণে চৰকাৰে মালিকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক, নহয় তেওঁ যাৰ যাৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লওক।শেষৰ কথাটোও সমানে গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰপতিৰ পদটো হ’ল দেশৰ সৰ্বোচ্চ সাংবিধানিক পদ। তেওঁ কাক লগ ধৰিব, কাক লগ নধৰিব সেইটো যদি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ঠিক কৰি দিব লগা হয়, সেইটো ৰাষ্ট্ৰপতিৰ পদটোৰ বাবে অতি অপমানজনক নহয়নে?

সত্যপাল মালিকে এই অভিযোগটো অনাৰ পিছতে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে তৎক্ষণাৎ তাক অস্বীকাৰ কৰি তাৰ বিৰোধিতা কৰা উচিত নাছিলনে? কিন্তু, আশ্চৰ্যৰ কথা যে এতিয়ালৈকে সত্যপাল মালিকৰ কথা তেওঁলোকে অস্বীকাৰ কৰা নাই।সত্যপাল মালিকে কোৱা বিস্ফোৰক কথাবোৰৰ বিষয়ে মূল সূঁতিৰ প্ৰচাৰ মাধ্যমো এতিয়ালৈকে প্ৰায় নীৰৱ। চৰকাৰেই নহয়, ভাৰতীয় জনতা পাৰ্টি আৰু তেওঁলোকৰ সমৰ্থক সকলো নীৰৱ। চৰকাৰৰ সামান্য বিৰোধিতা কৰিলেই জকজকাই উঠা চৰকাৰী পক্ষৰ এই নীৰৱতাৰ ৰহস্য কি? তাৰমানে তেওঁলোকে এই সকলো অভিযোগ মানি লৈছে নেকি? যদি মানি লৈছে, তেন্তে দেশপ্ৰেমৰ কথা কোৱাৰ অধিকাৰ তেওঁলোকৰ আছেনে? বা দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ নৈতিক অধিকাৰ তেওঁলোকৰ আছেনে?

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd