দেশৰ প্ৰধানমন্ত্ৰীৰ মুখত এইবোৰ আমি কি শুনিছোঁ!

যোৱা দেওবাৰে ৰাজস্থানৰ বাঁশৱাৰাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক’লে শুনিলে! ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে হেনো কৈছিল যে ভাৰতৰ সকলো সম্পদ “অনুপ্ৰৱেশকাৰী” মুছলমান সকলৰ মাজত ভগাই দিব লাগে, যি সকলে বহু সন্তান জন্ম দিয়ে। তেওঁ আৰু  কৈছে যে বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ যদি শাসনলৈ আহে তেওঁলোকে সেইটোৱেই কৰিব।তেওঁলোকে তাতো ক্ষান্ত নাথাকি হিন্দু মহিলাৰ মংগলসূত্ৰ পৰ্যন্ত মুছলমানক গতাই দিব। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰতো বোলে সেই কথাটো কোৱা হৈছে। দুটা কথা- পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে কি কৈছিল? তেওঁ কৈছিল-

"I believe our collective priorities are clear: agriculture, irrigation and water resources, health, education, critical investment in rural infrastructure, and the essential public investment needs of general infrastructure, along with programmes for the upliftment of SC/STs, other backward classes, minorities and women and children. The component plans for Scheduled Castes and Scheduled Tribes will need to be revitalized. We will have to devise innovative plans to ensure that minorities, particularly the Muslim minority, are empowered to share equitably in the fruits of development. They must have the first claim on resources. The Centre has a myriad other responsibilities whose demands will have to be fitted within the over-all resource availability."

তেওঁ ইয়াত কি ভুল কৈছিল? তেওঁ ইয়াত ‘They’ অৰ্থাৎ তেওঁলোক মানে কেৱল ধৰ্মীয় সংখ্যালঘু মুছলমান সকলৰ কথা কোৱা নাছিল, তেওঁ  আমাৰ দেশৰ আটাইতকৈ নিঃস্ব অনুসূচিত জাতি, জনজাতি, অন্যান্য পিছপৰা সম্প্ৰদায়, সংখ্যালঘু, মহিলা আৰু শিশু সকলৰ কথা কৈছিল। তেওঁ কি ভুল কথা কৈছিল?  উপাৰ্জন, চাকৰি-বাকৰি আৰু সামাজিক সমতাৰ ক্ষেত্ৰত আমাৰ সমাজৰ আটাইতকৈ পিছপৰা লোক এওঁলোক হয়নে নহয়? এওঁলোকে যাতে আনৰ দৰে সম্পদৰ ভাগ পায় সেইটো সুনিশ্চিত কৰাটো কি বেয়া কথা? আৰু কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত  ক’ত কোৱা আছে যে তেওঁলোক ক্ষমতালৈ আহিলে হিন্দুৰ সম্পত্তি কাঢ়ি আনি, আনকি হিন্দু মহিলাৰ মংগলসূত্ৰ কাঢ়ি আনি মুছলমানক বিলাই দিব?  কি মিছলীয়া প্ৰধানমন্ত্ৰী? এই সন্দৰ্ভত মই এতিয়ালৈকে দুটা বৰ ভাল ভিডিও দেখিছোঁ। তাৰে এটা হ’ল কপিল চিবালৰ আৰু আনটো হ’ল অশোক কুমাৰ পাণ্ডেৰ। দেশৰ প্ৰধানমন্ত্ৰী এজনৰ মুখত এনে কথা শোভা পায়নে? যোগেন্দ্ৰ যাদৱে অৱশ্যে সঠিক কথাই কৈছে।তেওঁ কৈছে- নৰেন্দ্ৰ মোদীৰ পৰা ইয়াতকৈ বেছি কি আশা কৰিব পাৰি? 

কেইটামান কথা বৰ গুৰুত্বপূৰ্ণ।দেশ স্বাধীন হোৱাৰ পিছত সৰহখিনি সময় কংগ্ৰেছেই ক্ষমতাত আছে। তেওঁলোকে এতিয়ালৈকে হিন্দুৰ সম্পত্তি কাঢ়ি নি মুছলমানৰ মাজত ভগাই দিছেনে? নে হিন্দু মহিলাৰ মংগলসূত্ৰ কাঢ়ি আনি মুছলমানক দিছে? নাপায় মোদী ডাঙৰীয়া, ইমান মিছা কথা ক’ব নাপায়! আনহাতে, ভাৰতবৰ্ষত থকা ২০ কোটি মুছলমান লোক কি অনুপ্ৰবেশকাৰী? কি যুক্তিত মোদীয়ে এই ২০ কোটি লোকক অনুপ্ৰবেশকাৰী আখ্যা দিব পাৰে? এনে আচৰণৰ দ্বাৰা মোদীয়ে ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু মূল্যবোধত কালিমা সনা নাইনে? আজি মাত্ৰ কেইদিনমান আগতে মোদীয়ে সংবিধানৰ দোহাই দি নিৰ্বাচনী প্ৰচাৰ চলোৱা নাছিলনে? কোনো ধৰ্মীয় বিষয় উত্থাপন কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাটো নিৰ্বাচনী আচৰণ বিধি উলংঙ্ঘা কৰা। দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে বাৰে বাৰে নিৰ্বাচনী আচৰণ বিধি উলঙ্ঘা কৰি বেলেগক কি আদৰ্শ দেখুৱাব বিচাৰিছে? আচলতে মোদীৰ হৈছে কি? তেওঁ আজি দহ বছৰ শাসনত আছে। তেওঁ যোৱা দহ বছৰত দেশৰ জনগণৰ কাৰণে কি কৰিলে সেইবোৰ দেখুৱাইহে ভোট বিচাৰিব লাগে। তাৰ সলনি অনবৰতে কংগ্ৰেছক গালি পাৰি, কংগ্ৰেছৰ কুৎসা ৰটনা কৰি কিয় ভোট বিচাৰিব লগা হৈছে? তাতে আকৌ মুছলমান বহুল অঞ্চললৈ গ’লে তেওঁ মুখত হ’লেও মুছলমানৰ কথা কয়। মোদীয়ে সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাসৰ কথা কৈছিল। এই গালি গালাজ, পক্ষপাতিত্ব কি তেওঁৰ সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস।আচল কথাটো ক’ৰবাত। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পিছত ভোটাৰৰ প্ৰতিক্ৰিয়া দেখি মোদীৰ মূৰ আচন্দ্ৰাই কৰিছে। তেওঁ কি ক’ব কি কৰিব একো উৱাদিহ নোপোৱা হৈছে। তেওঁ ভাবিছে যে তেওঁৰ হাতত নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ অস্ত্ৰ মাত্ৰ এপাতেই আছে। সেই অস্ত্ৰপাত হৈছে হিন্দু-মুছলমান। মোদীয়ে দেশৰ জনগণৰ কাৰণে এতিয়ালৈ কৰিছেনো কি? ভোটাৰক নাক দেখুৱাবলৈ তেওঁৰ আছে কি? একো নাই। কৰ্মসংস্থানৰ ফালেই চাব নে মূল্যবৃদ্ধিয়ে চাব, শিক্ষাই চাব নে স্বাস্থ্যই চাব? যিফালেই চাই সেইফালেই মস্ত এটা শূণ্য। গতিকে বিভাজনবাদী আস্ফালন কৰাৰ বাহিৰে মোদীৰ জনসাধাৰণৰ ওচৰলৈ যোৱা সকলো পথ বন্ধ।আৰু এটা কথা-মোদীয়ে এই বক্তৃতাটোৰ যোগেদি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে বুলি দেশৰ হাজাৰ হাজাৰ লোকে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দিছে।কিন্তু এতিয়ালৈকে নিৰ্বাচন আয়োগ এই বিষয়ে নীৰৱ। টি এন চেচানৰ দৰে নিৰ্বাচনী আয়ুক্ত থকা হ’লে মোদীক পানী খুৱাই দিলেহেঁতেন।মই ভাবোঁ এতিয়া আমাৰ হাতত প্ৰতিবাদৰ এটাই ৰাস্তা বাকী আছে। সেইটো হ’ল মোদী চৰকাৰৰ বিৰুদ্ধে ভোট দি মোদীক গাদীচ্যুত কৰা।