• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

চহৰৰ মাজ-মজিয়াত থকা ৰাজহুৱা অনুষ্ঠানবোৰ ধংস হ’লে তাৰ মাটি সম্পত্তি কাৰ হাতলৈ যাব?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 18, 2024 6:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন কলেজৰ মাটি লিজত দিবলৈ বা বিক্ৰী কৰিবলৈ ওলোৱা কথাটোৱে সমগ্ৰ অসমত এটা হুলস্থূলৰ সৃষ্টি কৰিলে, বিশেষকৈ সামাজিক মাধ্যমত।কলেজৰ পঞ্জীয়কে এটা অস্পষ্ট স্পষ্টীকৰণ দিলে।কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ টুইট কৰাৰ পিছতহে বিতৰ্কটো শাম কাটিল।এই গোটেই ঘটনাটোৰ কেইবাটাও দিশ।সেই দিশবোৰ আকৌ এটা আনটোৰ লগত জড়িত।এতিয়া কটনৰ ঘটনাটোৰ পৰা আমি অলপ আঁতৰি আহোঁচোন। ভাৰতীয় সভ্যতা এটা পুৰণি সভ্যতা। কিন্তু আধুনিক ৰাষ্ট্ৰ হিচাপে আমি নতুন। সেইকাৰণে বিভিন্ন বিষয়ে আলোচনা কৰিবলৈ আমি কেইটামান কথালৈ বাৰে বাৰে যাব লগা হয়। সেই কেইটা হৈছে- প্ৰথম, ভাৰতীয় সমাজ আৰু সভ্যতা, দ্বিতীয়, ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু তৃতীয় আমাৰ দেশৰ সংবিধানখন। ভাৰতৰ সংবিধানখন এনে এক গুৰুত্বপূৰ্ণ আৰু পৱিত্ৰ নথি বুলি ইয়াৰ আগতে আমি ভাবিবই পৰা নাছিলোঁ।বৃটিছে আমাক এক দেশ কৰিছিল।তাৰ আগেয়ে, মোগল সাম্ৰাজ্যৰ সীমাও বেছ প্ৰসাৰিত আছিল।মোগল বা বৃটিছ সাম্ৰাজ্যৰ আগতেও ভাৰত বুলি হাজাৰ হাজাৰ পুৰণি সভ্যতা আৰু সংস্কৃতি এটা আছিল।স্বাধীনতা সংগ্ৰামৰ সময়ত আমি বাৰে বাৰে সেই কথা দোহাৰিছিলোঁ।দেশ স্বাধীন হ’ল।স্বাধীনতা সংগ্ৰামৰ লক্ষ্য, উদ্দেশ্য ফলৱতী কৰিবলৈ জনসাধাৰণৰ সকলো অংশৰে প্ৰতিনিধি লৈ এখন সংবিধান প্ৰণয়ণ কৰা হ’ল।স্বাধীন ভাৰতত বিভিন্ন প্ৰতিষ্ঠানৰ জন্ম দিয়া হ’ল।

এই যে অনুষ্ঠান প্ৰতিষ্ঠান বোৰ জন্ম দিয়া হৈছিল সেইবোৰৰ মুৰব্বী সকল কোন আছিল? তেওঁলোকক কেনেকৈ নিৰ্বাচিত কৰা হৈছিল?এইটোৱেই হৈছে মূল কথা।দেশ স্বাধীন হোৱাৰ পিছতে যিসকল লোকক এই গুৰুত্বপূৰ্ণ পদবী সমূহত বহুওৱা হৈছিল তেওঁলোকৰ মূলতঃ দুটা গুণ আছিলঃ এক, তেওঁলোক স্বাধীনতা সংগ্ৰামৰ মৰ্যাদাৰ প্ৰতি আনুগত্যশীল আছিল; দুই, তেওঁলোক তেওঁলোকৰ বিষয়টোৰ এজন পাৰদৰ্শী ব্যক্তি আছিল আৰু তেওঁলোকৰ প্ৰায় আটাইখিনিয়ে ব্যক্তি হিচাপে সৎ আছিল।যদিও সততা এটা আপেক্ষিক ধাৰণা।তেওঁলোকে আনুষ্ঠানিক স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখি নিয়ম-নীতিৰ মাজেৰেহে কাৰ্য সম্পাদন কৰিছিল।পৰা পৰিশ্ৰমত তেওঁলোকে ৰাজনৈতিক হস্তক্ষেপক প্ৰশ্ৰয় নিদিছিল। তেতিয়া মূলতঃ নিয়ম-নীতি আৰু পেছাদাৰিত্বকহে গুৰুত্ব দিয়া হৈছিল।সেই অনুষ্ঠানসমূহৰ উপৰিও আন এটা কথাও গুৰুত্বপূৰ্ণ আছিল। সেইটো আছিল ভাৰতৰ শিক্ষানুষ্ঠান সমূহৰ বিশেষকৈ উচ্চ শিক্ষাৰ, বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ মুৰব্বী সকল।আপোনালোকে বিশ্ববিদ্যালয় অনুদান আয়োগৰ(ইউ জি চি) পূৰ্বৰ মুৰব্বী সকলৰ কথা মনত পেলাওকচোন।কলিকতা, বম্বে, দিল্লী, মাদ্ৰাজ, জে এন ইউৰ দৰে বিশ্ববিদ্যালয় সমূহৰ পূৰ্বৰ মুৰব্বী সকলৰ তালিকাখন চাওক।আন নালাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈৰ কথা মনত পেলাওক।ৰাজ্যপাল নালাগে, ভাৰতৰ ৰাষ্ট্ৰপতিয়েও তেওঁক কিমান সন্মান কৰিছিল! গোপীনাথ বৰদলৈৰ দৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰা আগতীয়াকৈ সময়লৈহে তেওঁৰ অফিছলৈ গৈ তেওঁক লগ কৰিছিল।কৃষ্ণকান্ত সন্দিকৈক মুখ্যমন্ত্ৰীৰ অফিছলৈ মাতি পঠিওৱাৰ কথা কোনেও কল্পনা কৰিবও নোৱাৰিছিল।বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ কথা বাদ দিয়ক।একালৰ অসমৰ বিভিন্ন অঞ্চলত থকা হাইস্কুল সমূহৰ প্ৰধান শিক্ষক সকলৰ কথা মনত পেলাওকচোন, মানে আজিৰ পৰা চাৰি দশক আগৰ।তেওঁলোকৰ সৰহ সংখ্যকেই আছিল একো একোজন আদৰ্শ ব্যক্তি।তেওঁলোক আছিল সমাজৰ ধৰণী।আৰু এতিয়া কি হৈছে? হায়াৰ চেকেণ্ডেৰী স্কুলবোৰৰ কথা বাদ দিয়ক, কলেজৰ কথাও বাদ দিয়ক। এতিয়া অসমত কিমানখন বিশ্ববিদ্যালয় আছে আপুনি জানেনে? সেই বিশ্ববিদ্যালয়বোৰৰ উপাচাৰ্য সকল কোন আপুনি ক’ব পাৰিব? আৰু এতিয়া হেনো অসমত উপাচাৰ্য হ’ব পৰা মানুহ নোহোৱা হৈছে। সেইকাৰণে হিন্দুস্থানী উপাচাৰ্য আমদানী কৰা হৈছে অসমৰ বাহিৰৰ পৰা।অসমৰ কি বিলৈ? এইবোৰ দেখি শুনিও আমি নিশ্চুপ।কলেজ শিক্ষক সংস্থাৰ কিবা আত্ম-মৰ্যাদা ৰৈছে গৈ নে? কৃষ্ণকান্ত সন্দিকৈক মুখ্যমন্ত্ৰীৰ অফিছলৈ মাতি পঠিওৱা দূৰৰ কথা তেওঁৰ আগতীয়া অনুমতি লৈহে গোপীনাথ বৰদলৈ বা তাৰ পিছৰ মুখ্যমন্ত্ৰী সকলে তেওঁক তেওঁৰ অফিছত লগ কৰিব পাৰিছিল।আৰু এতিয়া কি হৈছে? সৌসিদিনা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অধ্যক্ষ সকলক কলাক্ষেত্ৰলৈ মাতি নি ৰাজহুৱাকৈ কি ককৰ্থনা কৰিলে, কেনেকৈ অপমান কৰিলে আপোনালোকে নেদেখিলে জানো।তাত বহি থকা উপাচাৰ্য, অধ্যক্ষ সকলৰ টু শব্দ এটা কৰিবলৈ সাহস নহ’ল।সেইদিনাৰ পিছত, অসমত কোনো আত্ম-সন্মান থকা উপাচাৰ্য আৰু অধ্যক্ষ আছে বুলি আমি ভবা অনুচিত।অন্ততঃ মই নাভাবোঁ।যাৰ আত্ম-সন্মান নাই তেওঁ আকৌ এটা অনুষ্ঠানৰ মুৰব্বী কেনেকৈ হ’ব? তেওঁ তেওঁৰ অনুষ্ঠানৰ ছাত্ৰ-শিক্ষকৰ আদৰ্শ কেনেকৈ হ’ব?

শেষত মই দুটা কথা উল্লেখ কৰিব বিচাৰিছোঁ।কটনৰ বিতৰ্কটো কেনেকৈ শাম কাটিল আপোনালোকে দেখিলেনে? পঞ্জীয়কে ভুল ইংৰাজীত কিবা বেবেৰিবাং স্পষ্টীকৰণ দি আছিল। কিন্তু বেমাৰৰ জইন মাৰিলে মুখ্যমন্ত্ৰীৰ টুইটে। তাৰ মানে কটনৰ স্বতন্ত্ৰতা, উপচাৰ্য, পঞ্জীয়ন এইবোৰৰ কোনো অৰ্থ নাই।কাৰো কোনো কৰ্তৃত্ব নাই।কৰ্তৃত্ব ৰজিব কেৱল আৰু কেৱল মুখ্যমন্ত্ৰীৰ।এসময়ত ভাৰতৰ উচ্চ ন্যায়ালয়ৰ কৰ্তৃত্ব আৰু সুৰক্ষাৰ কথা ক’বলৈ গৈ প্ৰসিদ্ধ ন্যায়বিদ ফালি এচ নাৰিমাণে তেওঁৰ বিখ্যাত কিতাপ ‘God Save The Supreme Court’ত কৈছিল ‘The citadel never falls except from within’ অৰ্থাৎ ভিতৰৰ পৰা দুৰ্ৱল নহ’লে কোনো অনুষ্ঠান ধংস কৰিব নোৱাৰি।ভিতৰৰ পৰা কেনেকৈ অনুষ্ঠান ধ্বংস কৰিব পাৰি? তুমি এনে মানুহক অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া যিসকলে তোমাৰ নিৰ্দেশ মতে উঠ বুলি ক’লে উঠিব আৰু বহ বুলি ক’লে বহিব। তাৰপিছত তুমি একো নকৰিলেও হ’ব, তেওঁলোকেই ভিতৰৰ পৰাই অনুষ্ঠানটো খাই পেলাব।কিয়, আপোনালোকে দেখা নাই নিৰ্বাচন আয়োগে কি কৰি আছে? আকৌ কটনলৈ আহিছোঁ।কটন ক’ত আছে? পাণবজাৰৰ মাজ মজিয়াত। কটন থকা মাটিৰ দাম কিমান এতিয়া কিমান? কটনৰ কথা বাদ দিয়ক, অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই সমূহত থকা অনুষ্ঠানবোৰ কি? চৰকাৰী শিক্ষানুষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান সমূহ নহয় জানো? বনিয়াৰ চকু ক’ত? এই চহৰ, নগৰৰ কেন্দ্ৰস্থলত থকা মাটিবোৰ নহয়নে? অইন ঠাইৰ কথা বাদ দিয়ক। গুৱাহাটীৰ কথাই চাওক।কটন কলেজ, সন্দিকৈ কলেজ, কলেজিয়েট, পাণবজাৰ ছোৱালী স্কুল, কামৰূপ একাডেমী, টি চি স্কুল, মেঘদূত ভৱন, বি এচ এন এল অফিচ ইত্যাদি ক’ত আছে? এই অনুষ্ঠানবোৰ জহন্নামে গ’লে সেই মাটি সম্পত্তিবোৰৰ কি হ’ব? কাৰ হাতলৈ যাব? তাক ইংৰাজীত কয় ‘Privatisation’, হিন্দীত কয় ‘নিজীকৰণ’ আৰু আমি অসমীয়াত কওঁ ‘ব্যক্তিগতকৰণ’।এতিয়া আপুনি যি বুজে বুজক। মনত ৰাখিব ইতিমধ্যে আমি আমাৰ বিমান বন্দৰ আদানীক গটাইছোঁ।গতিকে কটনৰ মাটিৰ কথাটো এইবোৰ প্ৰশ্নৰ পৰা নিলগাই নাচাব।এওঁলোকে আমাক উলংগ কৰিহে এৰিব!

Apply Now
পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd