কটনৰ মাটি বিক্ৰী কৰা মানে অসমৰ সকলোৰে আত্ম-সন্মান বিক্ৰী কৰা!

মই কটন কলেজত পঢ়িছিলোঁ। কটন কলেজক বিশ্ববিদ্যালয় কৰা হৈছে যদিও মোৰ বাবে কটন এতিয়াও কটন কলেজ। কটন কলেজৰ হোষ্টেল বোৰৰ নাম সলনি কৰা হৈছে। সেই নামবোৰ মনত ৰাখিবলৈ আমি টান পাওঁ। এতিয়াও আগৰ নামবোৰেৰেহে আমি কটন হোষ্টেলবোৰক চিনি পাওঁ। তেতিয়া ১৯৭৭ চন। অসম আন্দোলন আৰম্ভ হোৱা নাই। প্ৰথম বছৰ, বাহিৰত থাকি মই কটনত পঢ়িছিলোঁ আৰু দ্বিতীয় বছৰ নিউ হোষ্টেলৰ বাসিন্দা হৈ কটনত পঢ়িছিলোঁ ১৯৭৮ চনত। হোষ্টেলত নথকাকৈ বা হোষ্টেলৰ লগত সম্পৰ্ক নৰখাকৈ কটনক বুজা নাযায়।সম্পূৰ্ণকৈ উপলব্ধি কৰিব নোৱাৰি।হোষ্টেললৈ অহাৰ পিছত বুজিছিলোঁ, অনুভৱ কৰিছিলোঁ যে সেই সময়ত কটনত এটা মেট্ৰপলিটান মানে মহানাগৰিক শৈক্ষিক আৰু সাংস্কৃতিক পৰিমণ্ডল গঢ় লৈ উঠিছিল।সেইটো আছিল কটনলৈ অহা বাহিৰৰ বতাহ। তাৰ ভিতৰৰ বতাহত আছিল অসমখন। কটন আছিল এখন জীয়া অসম। অসমৰ এনে এখন ঠাই নাছিল য’ৰ পৰা এগৰাকী নহয় এগৰাকী ছাত্ৰ বা ছাত্ৰী কটনত নাছিল।গতিকে কটনত আমি বিশ্বক, ভাৰতক আৰু অসমক একেলগে পাইছিলোঁ। ই আমাৰ দৃষ্টি প্ৰসাৰিত কৰিছিল। ই আমাক কুপমণ্ডুকতাৰ পৰা বাহিৰলৈ আনিছিল।আৰু কটনৰ যে বয়স হৈছিল, সেই বয়সে তাত এটা ঐতিহ্য আৰু কিবা এটা পৈণতা আনি দিছিল। তাত এটা পৰম্পৰাৰ জন্ম হৈছিল। সময়ত সি এটা জীৱন্ত পৰম্পৰালৈ ৰূপান্তৰিত হৈছিল।অসমলৈ যি কোনো বিষয়ৰ পণ্ডিত বা বিশেষজ্ঞ এজন আহিলে তেওঁ প্ৰথমে পদাৰ্পণ কৰিছিল কটনত। মোৰ এতিয়াও মনত আছে, এসময়ৰ পশ্চিম বংগৰ অৰ্থ মন্ত্ৰী, প্ৰখ্যাত অৰ্থনীতিবিদ অশোক মিত্ৰই কটন ইউনিয়ন হলত কটনৰ অৰ্থনীতি বিভাগৰ উদ্যোগত আয়োজন কৰা সভা এখনত কেন্দ্ৰ-ৰাজ্য সম্পৰ্কৰ বিষয়ে বক্তৃতা দিয়াৰ কথা। কিন্তু অসম আন্দোলনে কটনৰ এই জীৱন্ত পৰম্পৰাটো ভাঙি দিলে।

সৌসিদিনালৈকে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কটন আছিল অসমৰ চকুৰ মণি।কটনক এসময়ত বিশ্ববিদ্যালয় কৰা হ’ল।এতিয়া কটন এখন কলেজ নে বিশ্ববিদ্যালয়? নে দুভছীয়া কিবা এটা? লাহে লাহে কটনত চৰকাৰী হস্তক্ষেপ বাঢ়িবলৈ ল’লে। চৰকাৰী হস্তক্ষেপে যোৱা সময়ছোৱাত কটনৰ বহু ক্ষতি কৰিলে।এতিয়া পৰিস্থিতি বিষম।এতিয়া তেওঁলোকে কটনৰ অৰ্থনৈতিক সমস্যাৰ জোৰা মাৰিবলৈ কটনৰ মাটি বণিয়াক লিজত দিবলৈ ওলাইছে। লিজ মানে বিক্ৰী, সস্তাত বিক্ৰী।কটনৰ মাটি ক’ত আছে? কটনৰ দেখোন মাটিয়ে নাই।এসময়ৰ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ কটনৰ যিমান মাটি থাকিব লাগিছিল সিমান মাটি আছেনে? কটনৰ খেলপথাৰ আছিল পল্টন বজাৰৰ ওচৰত থকা নিউ ফিল্ড।সময়ত কোনে কি বদমাচি কৰি নিউ ফিল্ডখন কটনৰ পৰা লৈ গ’ল? কটন নীৰৱ হৈ থাকিল। কটন মানে কটনৰ ছাত্ৰ সমাজ, শিক্ষক সমাজ আৰু কটনৰ লগত প্ৰত্যক্ষ, পৰোক্ষভাবে জড়িত সকলো।কটনৰ পইছাৰ সমস্যা? মাজতে উচ্চ শিক্ষা মিচন ওলাল। কলেজবোৰক পইছা দিলে।ধুনীয়া অট্টালিকা, ধুনীয়া পদূলি, ধুনীয়া সভাগৃহ। ভাল কথা। কিন্তু এতিয়া কিয় পইছা নোহোৱা হ’ল? এতিয়া চাৰিওফালে ৰেৱাজ উঠিছে উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহে বোলে নিজেই নিজৰ খৰচ উলিয়াব লাগিব। চৰকাৰ এখনৰ মতলব কি? চৰকাৰৰ দুটা প্ৰধান কাম শিক্ষা আৰু স্বাস্থ্য নহয় জানো? শিক্ষাৰ অৰ্থই হৈছে ব্যক্তিৰ সৱলীকৰণ।সেই কাৰণেই স্বাধীনতা আন্দোলনৰ সময়তে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ কথা কোৱা হৈছিল। সেই অধিকাৰ কাৰ্যকৰী কৰিবলৈ আইন কৰা হৈছে এতিয়া, সৌসিদিনা ২০০৯ চনত। উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰক নিজে নিজৰ খৰচ উলিওৱাৰ কথা কোৱাৰ অৰ্থ হ’ল আওপকীয়াকৈ শিক্ষাৰ ব্যক্তিগতকৰণ কৰা। সকলো অদৰকাৰী খৰচ কৰি ভোট কিনি চৰকাৰত থাকিবলৈ চৰকাৰৰ পইছা আছে। কিন্তু কটনৰ দৰে অসমৰ উচ্চ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ এটা জীয়াই ৰাখিবলৈ চৰকাৰৰ পইছা নাই।কটনৰ লগত কেৱল অসমৰ উচ্চ শিক্ষাৰ ইতিহাস সাঙোৰ খাই আছে তেনে নহয়।কটনৰ লগত অসমৰ সাহিত্য, সংস্কৃতি, ৰাজনীতি আৰু বৌদ্ধিক ইতিহাস জড়িত হৈ আছে।সেই কটন চলিবলৈ এতিয়া পইছা নাই। নিজৰ মাটি বিক্ৰী কৰি কটন চলিব লগা অৱস্থাৰ সৃষ্টি হ’ল। কটনৰ মাটি বিক্ৰী কৰিবলৈ লোৱা কথাটো অসমৰ কাৰণে এক চৰম অপমান। কটন কেৱল কটনৰ নহয়, সমগ্ৰ অসমৰ।কটনৰ মাটি বিক্ৰী কৰাটো আমাৰ অসমৰ সকলোৰে আত্ম-সন্মান বিক্ৰী কৰা।আমি সকলোৱে ইয়াৰ বিৰোধিতা কৰিব লাগিব। ই বন্ধ হ’ব লাগিব।ইয়াক যি কোনো প্ৰকাৰে বন্ধ কৰিব লাগিব।

 

বি:দ্ৰ: প্ৰতিবেদন সম্পাদনা কৰা সময়লৈকে এই জাননী প্ৰত্যাহাৰ কৰা নাছিল বিশ্ববিদ্যালয় কতৃপক্ষই! অৱশেষত বিভিন্ন মহলত হোৱা প্ৰতিক্ৰিয়াৰ পাছতে এই জাননী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় বিশ্ববিদ্যালয় কতৃপক্ষ!