ইন্দিৰা গান্ধীৰ “Emergency” আৰু মোদীৰ অঘোষিত “Emergency”ৰ মাজত পাৰ্থক্য কি?

কালি ক’ৰবাত এটা ভিডিও দেখিলোঁ য’ত প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়াই জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছে। আজিৰ পৰা ৫০ বছৰ আগতে, সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুনৰ দিনা দেশত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সংবিধানৰ প্ৰস্তাৱনাৰ ঘোষিত উদ্দেশ্যৰ বিৰুদ্ধে গৈ সংবাদপত্ৰৰ স্বাধীনতা নিষিদ্ধ কৰা হৈছিল।মানুহৰ বাকস্বাধীনতা খৰ্ব কৰা হৈছিল। ইন্দিৰা গান্ধীয়ে দেশৰ গণতান্ত্ৰিক অনুষ্ঠান প্ৰতিষ্ঠান কঢ়ামুঠিয়াকৈ নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল।

সমগ্ৰ বিশ্বই ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰিছিল।সঞ্জয় গান্ধীৰ মইমতালিত মানুহ অতিষ্ঠ হৈছিল।সঞ্জয় গান্ধীৰ নেতৃত্বত ইন্দিৰা গান্ধীৰ উগ্ৰ সমৰ্থক এচামে সংবিধান সলনি কৰি সংসদীয় পদ্ধতিৰ সলনি ৰাষ্ট্ৰপতি প্ৰধান ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা পৰিকল্পনা কৰিছিল।সঞ্জয় গান্ধীৰ মন্ত্ৰণাত উত্তৰ প্ৰদেশকে আদি কৰি কেইবাখনো কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰে বিধানসভাত তাৰ সপক্ষে প্ৰস্তাৱ গ্ৰহণ কৰছিল।ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰৱৰ্তন কৰিছিল যদিও আৰম্ভণিৰে পৰা এই বিষয়ে তেওঁ বৰ আস্বস্ত হ’ব পৰা নাছিল। সঞ্জয় গান্ধীৰ প্ৰতি থকা অতিমাত্ৰা পুত্ৰস্নেহে প্ৰথমতে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অতিচাৰবোৰৰ প্ৰতি ইন্দিৰাক অন্ধ কৰি ৰাখিছিল। কিন্তু সময়ত সঞ্জয়ৰ প্ৰতি তেওঁৰ মোহভংগ হৈছিল।

বিশেষকৈ সংসদীয় পদ্ধতিৰ চৰকাৰ সলনি কৰি সংবিধান সংশোধন কৰাৰ কাৰণে ইন্দিৰাৰ তোষামোদকাৰী কংগ্ৰেছ শাসিত ৰাজ্য চৰকাৰ কেইখনমানে সঞ্জয়ৰ উচতনিত লোৱা উদ্যোগে তেওঁক বিহ্বল কৰিছিল।দেশৰ মানুহে যে জৰুৰীকালীন অৱস্থা বেয়া পাইছিল সেই কথা তেওঁ উপলব্ধি কৰিছিল।সেইকাৰণেই সঞ্জয়ক নজনোৱাকৈ ১৯৭৭ চনৰ জানুৱাৰী মাহত জৰুৰীকালীন অৱস্থা উঠাই লৈ ইন্দিৰা গান্ধীয়ে মাৰ্চ মাহত সাধাৰণ নিৰ্বাচন পাতিছিল। হাৰিব বুলি জানিও ইন্দিৰা গান্ধীয়ে নিৰ্বাচন ঘোষণা কৰিছিল। এই সন্দৰ্ভত এসময়ত ইন্দিৰা গান্ধীৰ লগত ঘনিষ্ঠভাবে কাম কৰা তেওঁৰ কাৰ্যালয়ৰ প্ৰধান সচিব পি এন ধৰে Indira Gandhi, the Emergency and Indian Democracy নামৰ কিতাপখনত সবিস্তাৰে উল্লেখ কৰিছে। ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো কোনো গণতান্ত্ৰিক ব্যক্তিয়ে সমৰ্থন কৰা নাছিল।

কিন্তু ভাৰতৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? ইন্দিৰা গান্ধীয়ে জৰুৰী কালীন অৱস্থাত কৰা সকলো কামেই ২০১৪ পৰা ২০২৪ লৈ মোদীয়ে কৰিছে। কৰিছে মানে তাতকৈ বহু গুণ দ আৰু বিস্তাৰকৈ কৰিছে। আমি পৰিমাণে গুণ সলনি কৰে বুলি জানো।ইন্দিৰা গান্ধীৰ ঘোষিত জৰুৰীকালীন অৱস্থা আছিল মাত্ৰ ২১ মাহৰ বাবে।আৰু সেই সময়ত তেওঁ এতিয়াৰ দৰে দুটা কাম কৰা নাছিল। মোদীৰ দৰে তেওঁ দেশত সাম্প্ৰদায়িক বিভাজন আনিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল আৰু এতিয়া যেনেকৈ মোদীয়ে দেশৰ সম্পদ মুষ্টিমেয় পুঁজিপতিক গটাই দিছে তেওঁ সেইটো কৰা নাছিল। কিন্তু ইন্দিৰাৰ ২১ মহীয়া ঘোষিত জৰুৰীকালীন অৱস্থাৰ সলনি ২০১৪ চনৰ পৰা ২০২৪লৈ মোদীৰ অঘোষিত জৰুৰী অৱস্থা চলি আছে।এতিয়া দেখাত সকলো ঠিকে আছে।

কিন্তু অবৈধভাবে সকলোকে বৈধ কৰা হৈছে।দেখাত সংসদ চলি আছে। কিন্তু সংসদীয় বিতৰ্ক নোহোৱাকৈ সংখ্যাগৰিষ্ঠতাৰ দোহাই দি বিৰোধী সাংসদক সদনৰ পৰা বহিষ্কাৰ কৰি মোদীয়ে কিমান কি ভয়ানক জনবিৰোধী আইন পাছ কৰিছে? সকলো অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া বিজেপি নহয় মোদী- শ্বাহৰ কব্জাত। শীৰ্ষ আমোলা আছে। মন্ত্ৰী আছে। কিন্তু কোনেও স্বাধীনভাৱে নিজৰ বক্তব্য প্ৰকাশ কৰিব নোৱাৰে। কোনো সিদ্ধান্ত ল’ব নোৱাৰে।আৰু মোদীক সমালোচনা কৰা মানে দেশক সমালোচনা কৰা।মোদী বিৰোধী মানে দেশ বিৰোধী।জৰুৰীকালীন অৱস্থাত বাতৰি কাকতৰ স্বাধীনতাহে নাছিল।এতিয়া মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ ওপৰত মোদী-শ্বাহৰ নিয়ন্ত্ৰণ ইমানেই কপকপীয়া যে মোদী বন্দনাৰ বাহিৰে তেওঁলোকে আন একো দেখা নাপায়।সেইদিনা অৰুন্ধতী ৰায় সম্পৰ্কে আপোনালোকে অৰ্ণৱ গোস্বামী বোলাজনে কেনেকৈ চিঞৰ-বাখৰ কৰিছিল দেখিছিলনে? অৰুন্ধতী ৰায় এগৰাকী লেখিকা। তেওঁৰ মতৰ লগত আপোনাৰ মত নিমিলিব পাৰে।সেইবুলি সাংবাদিক এজনে তেওঁৰ বিষয়ে এনে অশালীন ব্যৱহাৰ কৰিব লাগেনে?

এইবোৰ অইন একো নহয় সকলো মোদীৰ প্ৰভাৱ।একমাত্ৰ উচ্চ ন্যায়পালিকাৰ বাহিৰে, সিও সকলো ক্ষেত্ৰতে নহয় এতিয়া সকলো মোদী-শ্বাহৰ একছত্ৰী নিয়ন্ত্ৰণত।দেশৰ সাংবিধানিক প্ৰমূল্য ভৰিৰে মোহাৰি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ স্বাধীনতা খৰ্ব কৰি, প্ৰচাৰ মাধ্যমক নিজৰ বহতীয়া কৰি গণতন্ত্ৰ শেষ কৰি পেলোৱা নৰেন্দ্ৰ মোদীয়ে জৰুৰীকালীন অৱস্থাৰ সমালোচনা কৰাৰ অধিকাৰ আছেনে? মোদীৰ সংবিধানৰ কথা কোৱাৰ, নাম লোৱাৰ কিবা অধিকাৰ আছেনে? ইন্দিৰা গান্ধীক ভাৰতৰ জনগণে এদিন ওফৰাই দিছিল।কিন্তু যোৱা সময়ছোৱাত মোদীয়ে ৰাষ্ট্ৰযন্ত্ৰ এনেকৈ নিজৰ দখলত ৰাখিছে যে ৰাইজৰ প্ৰতিবাদ, বিক্ষোভ সত্ত্বেও তেওঁ নিৰ্বাচনী কৌশলেৰে তৃতীয়বাৰলৈ শাসনত বহিবলৈ সক্ষম হৈছে।কিন্তু এইবাৰ ৪০০ পাৰ হোৱা নাই, মোদীৰ ৰথ ২৪০তে ৰৈ গৈছে।

আজি ২৫ জুনৰ দিনা এই অঘোষিত জৰুৰীকালীন অৱস্থাৰ অৱসানৰ বাবেহে গণতন্ত্ৰ প্ৰেমী সকলো লোক ঐক্যবদ্ধহৈ ওলাই অহা উচিত।