ভাৰতত ধৰ্মীয় আবেগ ৰাজনৈতিক আৰু বাণিজ্যিক উদ্দেশ্যত কেনেকৈ ব্যৱহাৰ কৰা হৈছে তাৰ এক জলন্ত উদাহৰণ অযোধ্যাৰ ৰাম মন্দিৰ। শ্বাহবানু মোকৰ্দমাৰ ক্ষতিপূৰণ হিচাপে হিন্দু ধৰ্মীয় আবেগৰ তুষ্টিকৰণৰ বাবে ৰাজীৱ গান্ধীয়ে বাবৰি মছজিদৰ তলা খোলাইছিল। কিন্তু তাৰ সম্পূৰ্ণ সুবিধা আদায় কৰিছে বিজেপিয়ে। ভাৰতত বিভাজনবাদী ৰাজনীতিৰ শিপা বিয়পাই দিয়াত ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ ৰাম মন্দিৰক ব্যৱহাৰ কৰিছে সেইটো আমাৰ চকুৰ আগত জলজলপটপট হৈ ওলায় আছে। মাত্ৰ দুজন এম পিৰ পৰা, এতিয়ালৈ ৰাম মন্দিৰৰ আবেগে বিজেপিক কিমানবাৰ চৰকাৰত বহুৱালে!
ৰাজনীতিতো ৰাজনীতি, কিন্তু ৰাম মন্দিৰৰ ধৰ্মীয় আবেগ বাণিজ্যিক উদ্দেশ্যত মানুহে কেনেকৈ খটুৱাব পাৰে সেইটোহে আচৰিত।ৰঞ্জন গগৈ ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ সপক্ষে ৰায় দিছিল। তাৰ বিনিময়ত তেওঁ কি উপঢৌকন পাইছিল আমি সকলোৱে দেখিছোঁ।
উচ্চতম ন্যায়ালয়ৰ ৰায় আহিল। লগে লগে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত, সাধাৰণ নিৰ্বাচনৰ আগে আগে দিন ৰাতি একাকাৰ কৰি সমৰসদৃশ তৎপৰতাৰে ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ল। সাধাৰণ মানুহৰ মাটি অধিগ্ৰহণ কৰা হ’ল। ৰাম মন্দিৰক কেন্দ্ৰ কৰি অযোধ্যাৰ প্ৰায় দহ/ পোন্ধৰ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ অঞ্চল এটাত মাটি অধিগ্ৰহণৰ, কিনা-বিকাৰ খদমদম লাগিল। ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ভাৰতৰ, দেশ-বিদেশৰ হাজাৰ-বিজাৰ মানুহ আহিব। গতিকে ধৰ্মৰ লগত ৰাজনীতি হ’ব। সি সংখ্যাগৰিষ্ঠ হিন্দুৰ ধৰ্মীয় আবেগ সক্ৰিয় কৰি ৰাখিব যাক বিজেপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰিব পাৰিব।
আকৌ য’ত ৰাজনীতি তাত বাণিজ্য নাথাকিলে কেনেকৈ হ’ব? ৰাজনীতি অৰ্থনীতিৰ ইপিঠি-সিপিঠি নহয় জানো? বনিজৰ সিংহভাগ কাৰ? কিয় ধনীৰ/ ৰাজনীতিকৰ। ৰাজনীতিৰ লগত অৰ্থনীতিৰ সম্পৰ্কৰ বিষয়ে আমি আগৰে পৰা জানিছিলোঁ? তাক যে এই আধুনিক সময়ত ধৰ্মৰ লগতো সাঙুৰি ল’ব পাৰি সেইটোহে এতিয়া বিজেপি ৰাজত নতুনকৈ দেখিছোঁ, উপলব্ধি কৰিছোঁ। হয়, বিখ্যাত পৌৰাণিক ধৰ্মীয় মঠ, মন্দিৰ, গীৰ্জা, মছজিদ বা তেনে ধৰ্মীয় ঠাইৰ ওচৰে-পাঁজৰে শ শ বছৰৰ পিছত খুব স্বাভাৱিকভাৱে লাহে লাহে ব্যৱসায়-বাণিজ্য গঢ়ি উঠিছিল। কিন্তু অযোধ্যাৰ ৰাম মন্দিৰত যিটো হৈছে সেইটো হৈছে ভুকুতে কলটো পকোৱাৰ দৰে। আন ধৰ্মীয় ঠাইত সময়ত বণিজ গঢ়ি উঠে। ইয়াত গঢ়ি তোলা হৈছে। অযোধ্যা হিন্দুৰ পীঠস্থান হ’ব, তালৈ মানুহ আহিব, ধৰ্মৰ লগতে সি এক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব।
গতিকে চৰকাৰে অযোধ্যাৰ মাটি অধিগ্ৰহণ কৰিব আৰু বাকী সদাগৰ সকলে স্থানীয় মানুহক ভয়-ভীত খুৱাই তেওঁলোকৰ মাটি কিনিব বা যি কোনো প্ৰকাৰে হস্তগত কৰিব।ধৰ্মকেন্দ্ৰিক বাণিজ্যৰ সুবিধা কোনে ল’ব? কিয় ৰাজনীতিক, ৰাজনীতিকৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা ক্ষমতাশালী, ধনাঢ্য আমোলা আৰু বনিয়াই।সেই কথাটো আমি আগতে ভাবিহে আছিলোঁ।এতিয়া, দহ জুলাইৰ The Indian Express-ৰ এক বিস্তৃত অনুসন্ধানে তাৰ গোমৰ ফাক কৰি দিছে, তাক সত্য প্ৰমাণিত কৰিছে।কাগজখনৰ প্ৰথম পৃষ্ঠাৰ মাজতে প্ৰকাশ পোৱা প্ৰতিবেদনটো হৈছে-
AN EXPRESSS INVESTIGATION: Arunachal Deputy CM to Chief of UP Special Task Force, Brij Bhushan’s MP-son to politicians across party lines: rush to ride Ayodhhya boom
শিৰোনামত যদিও across party lines বুলি উল্লেখ কৰিছে, তাত মাত্ৰ দুজন প্ৰাক্তন বি এচ পি আৰু এজন প্ৰাক্তন এচ পি ৰ এম এল এ, এম এল চিৰ বাহিৰে বাকী আটাইবোৰ হৈছে বিজেপি নেতা, উচ্চপদস্থ কৰ্মৰত আৰু প্ৰাক্তন বিষয়া আৰু চৰকাৰৰ মিতিৰ আদানী আৰু অন্য বৃহৎ উদ্যোগপতি আৰু পুঁজিপতি। তেওঁলোকে অযোধ্যাত একৰে একৰে মাটি কিনিছে। তাৰ ভিতৰত কৃষি ভূমিও আছে। কৃষিভূমিক কেনেকৈ বাণিজ্যিক ভূমিলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ যাদু বিজেপি চৰকাৰৰ হাতৰ মুঠিত।অসমতো আপোনালোকে দেখিছেই কেনেকৈ এফালৰ পৰা বণিয়াই মাটি কিনি সকলো খাস্তাং কৰি স্থানীয় মানুহক নিঃস্ব কৰি পেলাইছে।মানে গোটেই আৰ্হিটো(Pattern) লক্ষ্য কৰিবলগীয়া! প্ৰথমে মানুহক ধৰ্মীয় উন্মাদনাৰে উত্তেজিত কৰা। সেই ধৰ্মীয় উত্তেজনাৰে ৰাজনৈতিক ক্ষমতা দখল কৰা। তাৰপিছত ৰাজনৈতিক ক্ষমতা, ৰাষ্ট্ৰ যন্ত্ৰ আৰু বণিয়া একলগ হৈ ক্ষমতা উপভোগ কৰা আৰু ধন ঘটা।কি নিখুঁত পৰিকল্পনা আৰু কৌশল! আমাৰ গুৱাহাটীত তেওঁলোকে কামাখ্যা কৰিডৰ কিয় কৰিব বিচাৰিছে, পাহাৰ ধ্বংস কৰি কামাখ্যাৰ পুৰণি ঐতিহ্য শেষ কৰি? ব্ৰহ্মপুত্ৰৰ শোভা বৰ্দ্ধন কৰি। একেই ধাণ্ডা! বেপাৰ? কাৰ বেপাৰ অলপ খবৰ ল’লে গম পাব। বাপৰে বাপ নিজৰ ৰাজনৈতিক আৰু ধন ঘটাৰ স্বাৰ্থত এওঁলোকে যি কোনো কাম কৰিব পাৰে।
কিন্তু পলমকৈ হ’লেও মানুহে কথাবোৰ ধৰিব পাৰিছে।এই চৰকাৰী যড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে।সেই কাৰণেই অযোধ্যাত বিজেপি হাৰিছে।স্থানীয় মানুহৰ প্ৰতিবাদৰ কাৰণে তেওঁলোকে এতিয়া কামাখ্যা কৰিডৰৰ কামো স্থগিত ৰাখিব লগীয়া হৈছে। Indian Express-এ এই কথাটো অনুসন্ধান কৰি উদঙাই দি ৰাইজৰ বৰ উপকাৰ সাধিলে।ইয়াৰ আগতে, ঠিক নিৰ্বাচনৰ আগে আগে কাকতখনে বিজেপিৰ ওৱাচিং মেচিনত নিকা হৈ ওলাই অহা দুৰ্নীতিপৰায়ণ ৰাজনীতিকৰ বিষয়ে প্ৰকাশ কৰা অনুসন্ধান আৰু প্ৰতিবেদনটোও বৰ সময়োপযোগী আৰু জনহিতকৰ আছিল।আচলতে সেইটোৱে হ’ব লাগে সংবাদপত্ৰৰ কাম।