• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাপৰে বাপ! প্ৰথমে ধৰ্ম-ৰাজনীতি আৰু তাৰ পাছত ৰমৰমীয়া ব্যৱসায়!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
July 14, 2024 8:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ধৰ্মীয় আবেগ ৰাজনৈতিক আৰু বাণিজ্যিক উদ্দেশ্যত কেনেকৈ ব্যৱহাৰ কৰা হৈছে তাৰ এক জলন্ত উদাহৰণ অযোধ্যাৰ ৰাম মন্দিৰ। শ্বাহবানু মোকৰ্দমাৰ ক্ষতিপূৰণ হিচাপে হিন্দু ধৰ্মীয় আবেগৰ তুষ্টিকৰণৰ বাবে ৰাজীৱ গান্ধীয়ে বাবৰি মছজিদৰ তলা খোলাইছিল। কিন্তু তাৰ সম্পূৰ্ণ সুবিধা আদায় কৰিছে বিজেপিয়ে। ভাৰতত বিভাজনবাদী ৰাজনীতিৰ শিপা বিয়পাই দিয়াত ভাৰতীয় জনতা পাৰ্টিয়ে কেনেকৈ ৰাম মন্দিৰক ব্যৱহাৰ কৰিছে সেইটো আমাৰ চকুৰ আগত জলজলপটপট হৈ ওলায় আছে। মাত্ৰ দুজন এম পিৰ পৰা, এতিয়ালৈ ৰাম মন্দিৰৰ আবেগে বিজেপিক কিমানবাৰ চৰকাৰত বহুৱালে!

ৰাজনীতিতো ৰাজনীতি, কিন্তু ৰাম মন্দিৰৰ ধৰ্মীয় আবেগ বাণিজ্যিক উদ্দেশ্যত মানুহে কেনেকৈ খটুৱাব পাৰে সেইটোহে আচৰিত।ৰঞ্জন গগৈ ভাৰতৰ মুখ্য ন্যায়াধীশ হৈ থাকোঁতে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ সপক্ষে ৰায় দিছিল। তাৰ বিনিময়ত তেওঁ কি উপঢৌকন পাইছিল আমি সকলোৱে দেখিছোঁ।

Apply Now

উচ্চতম ন্যায়ালয়ৰ ৰায় আহিল। লগে লগে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত, সাধাৰণ নিৰ্বাচনৰ আগে আগে দিন ৰাতি একাকাৰ কৰি সমৰসদৃশ তৎপৰতাৰে ৰাম মন্দিৰ নিৰ্মাণ কৰা হ’ল। সাধাৰণ মানুহৰ মাটি অধিগ্ৰহণ কৰা হ’ল। ৰাম মন্দিৰক কেন্দ্ৰ কৰি অযোধ্যাৰ প্ৰায় দহ/ পোন্ধৰ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ অঞ্চল এটাত মাটি অধিগ্ৰহণৰ, কিনা-বিকাৰ খদমদম লাগিল। ৰাম মন্দিৰ দৰ্শন কৰিবলৈ ভাৰতৰ, দেশ-বিদেশৰ হাজাৰ-বিজাৰ মানুহ আহিব। গতিকে ধৰ্মৰ লগত ৰাজনীতি হ’ব। সি সংখ্যাগৰিষ্ঠ হিন্দুৰ ধৰ্মীয় আবেগ সক্ৰিয় কৰি ৰাখিব যাক বিজেপিয়ে নিৰ্বাচনত ব্যৱহাৰ কৰিব পাৰিব।

আকৌ য’ত ৰাজনীতি তাত বাণিজ্য নাথাকিলে কেনেকৈ হ’ব? ৰাজনীতি অৰ্থনীতিৰ ইপিঠি-সিপিঠি নহয় জানো? বনিজৰ সিংহভাগ কাৰ? কিয় ধনীৰ/ ৰাজনীতিকৰ। ৰাজনীতিৰ লগত অৰ্থনীতিৰ সম্পৰ্কৰ বিষয়ে আমি আগৰে পৰা জানিছিলোঁ? তাক যে এই আধুনিক সময়ত ধৰ্মৰ লগতো সাঙুৰি ল’ব পাৰি সেইটোহে এতিয়া বিজেপি ৰাজত নতুনকৈ দেখিছোঁ, উপলব্ধি কৰিছোঁ। হয়, বিখ্যাত পৌৰাণিক ধৰ্মীয় মঠ, মন্দিৰ, গীৰ্জা, মছজিদ বা তেনে ধৰ্মীয় ঠাইৰ ওচৰে-পাঁজৰে শ শ বছৰৰ পিছত খুব স্বাভাৱিকভাৱে লাহে লাহে ব্যৱসায়-বাণিজ্য গঢ়ি উঠিছিল। কিন্তু অযোধ্যাৰ ৰাম মন্দিৰত যিটো হৈছে সেইটো হৈছে ভুকুতে কলটো পকোৱাৰ দৰে। আন ধৰ্মীয় ঠাইত সময়ত বণিজ গঢ়ি উঠে। ইয়াত গঢ়ি তোলা হৈছে। অযোধ্যা হিন্দুৰ পীঠস্থান হ’ব, তালৈ মানুহ আহিব, ধৰ্মৰ লগতে সি এক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব।

গতিকে চৰকাৰে অযোধ্যাৰ মাটি অধিগ্ৰহণ কৰিব আৰু বাকী সদাগৰ সকলে স্থানীয় মানুহক ভয়-ভীত খুৱাই তেওঁলোকৰ মাটি কিনিব বা যি কোনো প্ৰকাৰে হস্তগত কৰিব।ধৰ্মকেন্দ্ৰিক বাণিজ্যৰ সুবিধা কোনে ল’ব? কিয় ৰাজনীতিক, ৰাজনীতিকৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা ক্ষমতাশালী, ধনাঢ্য আমোলা আৰু বনিয়াই।সেই কথাটো আমি আগতে ভাবিহে আছিলোঁ।এতিয়া, দহ জুলাইৰ The Indian Express-ৰ এক বিস্তৃত অনুসন্ধানে তাৰ গোমৰ ফাক কৰি দিছে, তাক সত্য প্ৰমাণিত কৰিছে।কাগজখনৰ প্ৰথম পৃষ্ঠাৰ মাজতে প্ৰকাশ পোৱা প্ৰতিবেদনটো হৈছে-

 
AN EXPRESSS INVESTIGATION:
Arunachal Deputy CM to Chief of UP Special Task Force, Brij Bhushan’s MP-son to politicians across party lines: rush to ride Ayodhhya boom 

শিৰোনামত যদিও across party lines বুলি উল্লেখ কৰিছে, তাত মাত্ৰ দুজন প্ৰাক্তন বি এচ পি আৰু এজন প্ৰাক্তন এচ পি ৰ এম এল এ, এম এল চিৰ বাহিৰে বাকী আটাইবোৰ হৈছে বিজেপি নেতা, উচ্চপদস্থ কৰ্মৰত আৰু প্ৰাক্তন বিষয়া আৰু চৰকাৰৰ মিতিৰ আদানী আৰু অন্য বৃহৎ উদ্যোগপতি আৰু পুঁজিপতি। তেওঁলোকে অযোধ্যাত একৰে একৰে মাটি কিনিছে। তাৰ ভিতৰত কৃষি ভূমিও আছে। কৃষিভূমিক কেনেকৈ বাণিজ্যিক ভূমিলৈ ৰূপান্তৰিত কৰিব পাৰি তাৰ যাদু বিজেপি চৰকাৰৰ হাতৰ মুঠিত।অসমতো আপোনালোকে দেখিছেই কেনেকৈ এফালৰ পৰা বণিয়াই মাটি কিনি সকলো খাস্তাং কৰি স্থানীয় মানুহক নিঃস্ব কৰি পেলাইছে।মানে গোটেই আৰ্হিটো(Pattern) লক্ষ্য কৰিবলগীয়া! প্ৰথমে মানুহক ধৰ্মীয় উন্মাদনাৰে উত্তেজিত কৰা। সেই ধৰ্মীয় উত্তেজনাৰে ৰাজনৈতিক ক্ষমতা দখল কৰা। তাৰপিছত ৰাজনৈতিক ক্ষমতা, ৰাষ্ট্ৰ যন্ত্ৰ আৰু বণিয়া একলগ হৈ ক্ষমতা উপভোগ কৰা আৰু ধন ঘটা।কি নিখুঁত পৰিকল্পনা আৰু কৌশল! আমাৰ গুৱাহাটীত তেওঁলোকে কামাখ্যা কৰিডৰ কিয় কৰিব বিচাৰিছে, পাহাৰ ধ্বংস কৰি কামাখ্যাৰ পুৰণি ঐতিহ্য শেষ কৰি? ব্ৰহ্মপুত্ৰৰ শোভা বৰ্দ্ধন কৰি। একেই ধাণ্ডা! বেপাৰ? কাৰ বেপাৰ অলপ খবৰ ল’লে গম পাব। বাপৰে বাপ নিজৰ ৰাজনৈতিক আৰু ধন ঘটাৰ স্বাৰ্থত এওঁলোকে যি কোনো কাম কৰিব পাৰে।

কিন্তু পলমকৈ হ’লেও মানুহে কথাবোৰ ধৰিব পাৰিছে।এই চৰকাৰী যড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে।সেই কাৰণেই অযোধ্যাত বিজেপি হাৰিছে।স্থানীয় মানুহৰ প্ৰতিবাদৰ কাৰণে তেওঁলোকে এতিয়া কামাখ্যা কৰিডৰৰ কামো স্থগিত ৰাখিব লগীয়া হৈছে। Indian Express-এ এই কথাটো অনুসন্ধান কৰি উদঙাই দি ৰাইজৰ বৰ উপকাৰ সাধিলে।ইয়াৰ আগতে, ঠিক নিৰ্বাচনৰ আগে আগে কাকতখনে বিজেপিৰ ওৱাচিং মেচিনত নিকা হৈ ওলাই অহা দুৰ্নীতিপৰায়ণ ৰাজনীতিকৰ বিষয়ে প্ৰকাশ কৰা অনুসন্ধান আৰু প্ৰতিবেদনটোও বৰ সময়োপযোগী আৰু জনহিতকৰ আছিল।আচলতে সেইটোৱে হ’ব লাগে সংবাদপত্ৰৰ কাম।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd