• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানীৰ জালিয়াতিৰ তদন্ত : কিয় সন্দেহৰ উৰ্দ্ধত নাছিল বিশেষজ্ঞ কমিটিৰ লোক?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 21, 2023 6:48 am
1.1k
VIEWS
Share on FacebookShare on Twitter

হিন্দেনবাৰ্গ প্ৰতিবেদনৰ পিছত আদানীৰ জালিয়াতিৰ অভিযোগবোৰৰ বিষয়ে সৰ্বত্ৰ সমালোচনা হোৱাৰ সময়ত আৰু চৰকাৰে বিষয়টো অনুসন্ধান কৰিবলৈ যুটীয়া সংসদীয় অনুসন্ধান কমিটি গঠন কৰিবলৈ সন্মতি প্ৰকাশ নকৰাত বিষয়টো লৈ বহুতেই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। সেইবাবেই, এই গোটেই বিষয়টো অনুসন্ধান কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন বিশেষজ্ঞ কমিটি গঠন কৰিছিল। তাৰ আগতে বিষয়টোলৈ উচ্চতম ন্যায়ালয়ত বাদ-বিবাদ চলি থাকোঁতে চৰকাৰে নিজে তেনে এখন কমিটি গঠন কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু, চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰি চলিত বছৰৰ মাৰ্চ মাহৰ ২ তাৰিখে উচ্চতম ন্যায়ালয়ে বিষয়টো অনুসন্ধান কৰিবলৈ এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল। কিন্তু কমিটিত যিসকল লোকক লোৱা হৈছিল তেওঁলোকৰ প্ৰায় আটাইকেইজনৰে ভাবমূৰ্তি জনচক্ষুত সন্দেহৰ উৰ্দ্ধত নাছিল।

এনে  লোকক লৈ গঠন কৰা কমিটি এখনৰ পৰা যে নিৰপেক্ষ প্ৰতিবেদন এটা পোৱা নাযাব সেইটো তেতিয়াই বহুতেই কৈছিল। কালি কমিটিৰ অন্তৰ্বৰ্তীকালীন প্ৰতিবেদন প্ৰকাশ পোৱাত তেওঁলোকৰ সন্দেহেই সত্য বুলি প্ৰমাণিত হ’ল। কিয়নো, আশংকা কৰা ধৰণেই কমিটিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা ১৭৩ পৃষ্ঠাৰ প্ৰতিবেদনত  উল্লেখ কৰিছে যে এতিয়ালৈকে তেওঁলোকে আদানীৰ  জালিয়াতিৰ  তেনে কোনো প্ৰমাণ পোৱা নাই। অৱশ্যে তেওঁলোকে এটা সতৰ্কীকৰণ(caveat) দি কৈছে- ‘এতিয়ালৈকে’ আৰু ‘দেখদেখকৈ’ কোনো বিসংগতি তেওঁলোকৰ চকুত ধৰা পৰা নাই। মানে জালিয়াতি ১০০% নাই হোৱা বুলি ক’বলৈ তেওঁলোকেও সাহস কৰা নাই।

উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিখনে আদানীৰ  বা চৰকাৰৰ ক্ষতিকাৰক বা চৰকাৰক শলঠেকত পেলোৱা কোনো প্ৰতিবেদন নিদিয়ে বুলি এই ব্যক্তি সকলে  কমিটিখন গঠন কৰাৰ সময়তে কিয় সন্দেহ প্ৰকাশ কৰিছিল? এই বিষয়ে দহ মাৰ্চৰ দিনা ADANI O WATCHত প্ৰকাশ পোৱা  সৌৰভ দাসৰ প্ৰবন্ধটো অতি গুৰুত্বপূৰ্ণ। সৌৰভ দাস হৈছে এগৰাকী স্বতন্ত্ৰ অনুসন্ধানমূলক সাংবাদিক আৰু স্বচ্চতা কৰ্মী। (Saurav is an independent investigative journalist and transparency activist. He tweets @OfficialSauravD)। প্ৰবন্ধটোত তেওঁ উল্লেখ  কৰিছে যে উচ্চতম ন্যায়ালয়ৰ কমিটিখনে হিন্দেনবাৰ্গ প্ৰতিবেদনত উল্লেখ কৰা আদানীৰ জালিয়াতিৰ অভিযোগবোৰ সত্য বুলি কেতিয়াও প্ৰমাণ নকৰে, কিয়নো কমিটিৰ সদস্য সকল নিৰপেক্ষ লোক নহয়। তেওঁলোক চৰকাৰৰ মুখাপেক্ষী লোক।তেওঁলোকৰ কেইবাজনৰো বিৰুদ্ধে অসাধু ব্যৱসায়িক লেনদেনত জড়িত থকাৰ অভিযোগ আছে। আৰু তাৰ ভিতৰৰে এজন প্ৰধানমন্ত্ৰী মোদীৰ অতি ঘনিষ্ঠ লোক। এই কমিটিৰ প্ৰতিবেদনে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে চলোৱা সমালোচনাৰ চোক ভোটাহে কৰিব।মন কৰিবলগীয়া কথাটো হ’ল- এই মতামত সৌৰভ দাসে কৰিছিল দহ মাৰ্চৰ দিনা। আৰু কমিটিৰ অন্তৰ্বতীকালীন প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ঠিক আশা কৰা ধৰণেই বিজেপিৰ ফূৰ্তিৰ সীমা নোহোৱা হৈছে।

আহক আমি চাওঁ কমিটিৰ সদস্য সকলনো কোন? কমিটিৰ অধ্যক্ষ হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ,  প্ৰাক্তন ন্যায়াধীশ এ এম চাপ্ৰে, বাকী সদস্যবোৰ হৈছে এচ বি আইৰ প্ৰাক্তন অধ্যক্ষ ও পি ভট, মোম্বাই উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে পি দেবধৰ, নিউ ডেভলপমেন্ট বেংকৰ   প্ৰাক্তন অধ্যক্ষ কে ভি কামাথ, ইনফোচিচৰ যুটীয়া প্ৰতিষ্ঠাপক নন্দন নীলেকাৰ্নী আৰু অধিবক্তা সোমাশেখৰ সুন্দৰেচন। কামাথ ICICI বেংকৰ 1996 to 2009 ৰ অধ্যক্ষ হৈ থাকোতে সেই বেংকৰ পৰিচালন সঞ্চালক চন্দ্ৰা কোচাৰে লোণ দিয়াৰ বাবে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকে ভেটি লোৱাৰ অভিযোগত তেওঁৰ ওপৰত চি বিআইৰ গোচৰ এতিয়াও চলি আছে। আনহাতে মদৰ ব্যৱসায়ী বিজয় মালীয়াৰ দেৱলীয়া অৱস্থাৰ কথা জানিও তেওঁক লোণ দিয়া বাবে ও পি ভটকো ২০১৮ চনত চি বি আই-এ সোধপোচ কৰিছিল।আকৌ নন্দন নীলেকাৰ্নী হ’ল প্ৰধানমন্ত্ৰীৰ  ‘ডিজিটেল ইণ্ডিয়া” প্ৰকল্পৰ মূল নায়ক। তেওঁ প্ৰধানমন্ত্ৰীৰ খাচ মানুহ। বাকী শোমাশেখৰ সুন্দৰেচনক কমিটিখনৰ সদস্য হিচাপে নিযুক্তি দিয়াকলৈও বহুতৰ মনত প্ৰশ্ন জাগিছে কিয়নো উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ইতিমধ্যে তেওঁক ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ চৰকাৰলৈ পৰামৰ্শ আগবঢ়াইছে।

উচ্চতম  ন্যায়ালয়ে কমিটীখনক চাৰিটা কথা চাবলৈ কৈছিল, সেইকেইটা হৈছেঃ

১)শেহতীয়াকৈ চিকিউৰিটি বজাৰত অস্থিৰতাৰ সৃষ্টি কৰা  কাৰণসমূহৰ লগতে পৰিস্থিতিৰ সামগ্ৰিক মূল্যায়ন কৰা। ২)বিনিয়োগকাৰীৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা, ৩)আদানি গ্ৰুপ বা অন্যান্য কোম্পানীসমূহে ছিকিউৰিটি বজাৰ সম্পৰ্কে মানি চলিবলগীয়া নীতি-নিয়ম মানি চলিছিল নে নাই সেইটো তদাৰক কৰাত চেবিৰ দৰে সংস্থা সমূহৰ কিবা গাফিলতি  আছিল নেকি  তদন্ত কৰা; (i) বিধিগত আৰু নিয়ন্ত্ৰণৰ পৰিকাঠামো শক্তিশালী কৰাৰ বাবে পৰামৰ্শ দিয়া (ii) বিনিয়োগকাৰীৰ সুৰক্ষাৰ বাবে বৰ্তমানৰ পৰিকাঠামোৰ পৰীক্ষা কৰা। প্ৰশ্ন হ’ল, এইবোৰৰ বেছিভাগেই  আদালতে কৰিবলগীয়া কথা নহয়। এইবোৰ চৰকাৰে ল’বলগীয়া পদক্ষেপ।মূল কথা আছিল আদানীৰ জালিয়াতি আৰু চেবিৰ গাফিলতিৰ এক নিৰপেক্ষ তদন্ত কৰা।সেইবোৰ কথা কিন্তু, ইয়াত ঠাই পোৱাই নাই। আৰু চৰকাৰৰ লগত সম্পৰ্ক থকা লোকে বা যিবোৰ লোকৰ বিৰুদ্ধে চি বি আই-এ অনুসন্ধান চলাই আছে  তেওঁলোকে জানো চৰকাৰৰ বিৰুদ্ধে কিবা ক’বলৈ যাব? গতিকে উচ্চতম ন্যায়ালয়ৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনে  চৰকাৰক সকাহহে দিব।অন্তৰ্বৰ্তী প্ৰতিবেদনে তাকেই কৈছে- যিটো মাৰ্চ মাহত কমিটি গঠন হোৱাৰ সময়তে বহুতেই সন্দেহ কৰিছিল।

 

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd