• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কিতাপ পঢ়ি ভালপোৱা মানুহজন

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 23, 2024 5:47 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰামকৃষ্ণই(ৰামকৃষ্ণ শৰ্মা) ফেইচবুকত উপেন্দ্ৰনাথ শৰ্মা চাৰে গোৱা বাংলা গীত এটাৰ ভিডিও এটা আপলোড কৰিছিল।গীতটো শুনি মই ভাবিলোঁ- বাহ বঢ়িয়া। তাৰমানে চাৰ সুস্থ হৈ উঠিল। এতিয়া আৰু পলম কৰাৰ কথা নহয়। দুদুলৰ লগত কথা পাতি সোনকালে চাৰৰ ঘৰলৈ যোৱাৰহে কথা। সেইটো আছিল মোৰ আশা ভংগৰ আশা। ৰামকৃষ্ণৰ পোষ্টটোৰ তলৰ ফালে চাওঁতেই গম পালোঁ চাৰ আৰু নাই। পৰিয়ালৰ মানুহে খবৰ দিছে পিছদিনা পুৱা ৮ বজাত তেখেতৰ সৎকাৰ কৰা হ’ব। সুস্থ হৈ থাকোঁতে কিয় নগ’লোঁ চাৰক লগ কৰিবলৈ! বৰ বেয়া লাগিল। মনটো সেমেকি গ’ল। বহু পুৰণি কথা মনত পৰিল।

কটন কলেজত মই উপেন্দ্ৰনাথ শৰ্মা চাৰৰ ছাত্ৰ আছিলোঁ আজিৰ পৰা ৪৭ বছৰ আগতে।তেতিয়া কটনৰ ইংৰাজী বিভাগটো কটনৰ পুৰণি পুথিভঁৰালটো য’ত আছিল তাৰ গাতে লগা পশ্চিম ফালৰ দীঘলীয়া কোঠা এটাত আছিল।বিভাগটোৰ মুৰব্বী আছিল নৱকান্ত বৰুৱা চাৰ।অন্য সকলৰ ভিতৰত আছিল উপেন্দ্ৰনাথ শৰ্মা, বসন্ত বৰুৱা, টাবুৰাম টাইড, ভূপেশ দত্ত, দেৱেন দত্ত, প্ৰদীপ আচাৰ্য, ৰবীন গোস্বামী আৰু ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী। ৰসায়ন বিভাগ হৈ আহি অধ্যাপক সকলে আমাক নিউ আৰ্টচ্ বিল্ডিঙত আমাৰ ক্লাছ লৈছিল।কটনত দুগৰাকী শিক্ষকে ইংৰাজী পঢ়ুৱাওঁতে কেতিয়াবা কেতিয়াবা অসমীয়া ভাষা ব্যৱহাৰ কৰিছিল। তেওঁলোক দুজন আছিল নৱকান্ত বৰুৱা চাৰ আৰু উপেন্দ্ৰনাথ শৰ্মা চাৰ। নৱকান্ত বৰুৱা চাৰে কি এটা পাঠ পঢ়ুৱাওঁতে জানো, আগতে যে মানুহে কল গছৰ টুকুৰা গালৈ দলিয়াই দি কেটেলা পহু ধৰিছিল, সেই কথাটো কৈছিল। ঠিক সেই কোঠাটোতে ইংৰাজীৰ পাঠ পঢ়ুৱাই থাকোঁতে কেতিয়াবা, বোধহয়, কোনো এটা কথা তুলনা কৰি বুজাই দিবলৈ উপেন্দ্ৰনাথ শৰ্মা চাৰে একোটা অসমীয়া কবিতা সৰু সৰু কৈ আবৃত্তি কৰিছিল। চাৰৰ মাতটো সৰু আছিল। আমি আগফালে বহা বোৰেহে তেখেতৰ কথা ভালকৈ শুনিছিলোঁ। অসমীয়া মাধ্যমত পঢ়ি অহা আমিবোৰে প্ৰথমৰ ফালে অধ্যাপক সকলে কেৱল ইংৰাজীত কোৱা কথা বোৰ ভালদৰে ধৰিব পৰা নাছিলোঁ।বোধহয় আমাৰ চকু-মুখ দেখিয়ে নৱ বৰুৱা চাৰ আৰু উপেন শৰ্মা চাৰে কথাটো ধৰিব পাৰিছিল। কলেজত থাকোঁতে উপেন শৰ্মা চাৰে মোক চিনি পোৱা নাছিল।আচলতে মোকে নহয় চাৰে বোধহয় কাকোকে মনত ৰখা নাছিল। তেখেতৰ মন আছিল পাঠত।পাঠটোৰ লগত সম্পৰ্কিত অনুষংগিক কথাবোৰ তেখেতে তুলনা কৰি কৈ গৈছিল। আমাৰ কাৰণে কেতিয়াবা সেই কথাবোৰ তেখেতে স্বগতোক্তি কৰা যেন লাগিছিল।কি তন্ময়তাৰে তেখেতে কথাবোৰ কৈ গৈছিল।

Apply Now

চাৰৰ লগত মোৰ সম্পৰ্ক গঢ়ি উঠিছিল কলেজৰপৰা ওলোৱাৰ পিছতহে। তেতিয়া আমি ‘অন্বেষা’ৰ পৰা ‘ডেউকা’ নামৰ এখন আলোচনী উলিয়াইছিলোঁ। আমি মানে দুদুলমণি, মই আৰু আমাৰ দুই এজন বন্ধুৱে মিলি।তেতিয়া আমি চফল ডেকা।আমাৰ জ্ঞান-বুদ্ধি কম আছিল যদিও উছাহ আছিল পাৰভঙা। আমি ‘ডেউকা’ উলিওৱা কামটো বৰ গুৰুত্বৰে লৈছিলোঁ। হাজাৰ সীমাবদ্ধতাৰ মাজত আমি আন্তৰিকতাৰে ‘ডেউকা’ উলিয়াবলৈ চেষ্টা কৰিছিলোঁ।প্ৰতিটো সংখ্যাতে আমি এটা কেন্দ্ৰীয় নিবন্ধ প্ৰকাশ কৰিছিলোঁ।কেন্দ্ৰীয় নিবন্ধত একোটাহঁত বিষয়ৰ সকলো দিশ সাঙুৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰতিটো দিশ আলোচনা কৰিবলৈ সেই বিষয়টোত দখল থকা লেখক একোজনক অনুৰোধ কৰিছিলোঁ। আকৌ সেই দিশটোৰ ভিতৰত কি কি উপ-দিশ থাকিব সেই বিষয়ে লেখকজনক আগতীয়াকৈ উনুকিয়াই দিয়াৰ বাবে আমি কিছু কথা-বিন্দু প্ৰস্তুত কৰিছিলোঁ।মোৰ মনত আছে আমি বিষয় এটা বাচি উলিওৱাৰ পিছত কেতিয়াবা সেই বিষয়টোৰ কথা-বিন্দু বোৰ ঠিক কৰিবলৈও বিভিন্ন বিষয়ৰ বিশেষজ্ঞ আৰু পণ্ডিতৰ ওচৰ চাপিছিলোঁ। ডঃ হীৰেন গোহাঁই চাৰৰ লগত বহি তেওঁ আৰু মই একেলগে কিমান বিষয়ৰ কথা-বিন্দু প্ৰস্তুত কৰিছিলোঁ। ‘ডেউকা’ৰ প্ৰথম কেন্দ্ৰীয় নিবন্ধৰ বিষয় আছিল লক্ষ্মীনাথ বেজবৰুৱা।লেখক সকল আছিল – নলিনীধৰ ভট্টাচাৰ্য (বেজবৰুৱাৰ গদ্য-শৈলী), হীৰেন গোহাঁই (বেজবৰুৱাৰ অৱদান), উপেন্দ্ৰনাথ শৰ্মা(বেজবৰুৱাৰ সাহিত্য বিচাৰ), কবীন ফুকন (কৃপাবৰী কাব্য-চিন্তাত এভূমুকি) আৰু তৰণী ডেকা( এটা যুগৰ সাহিত্যৰ সাক্ষী)। উপেন্দ্ৰনাথ শৰ্মা চাৰে তেখেতৰ প্ৰবন্ধটো কিমান বাৰ যে সংশোধন কৰিছিল! সেই সংশোধনী প্ৰক্ৰিয়াৰ বাবে দুদুল আৰু মই কিমান বাৰ যে চাৰৰ ঘৰলৈ গৈছিলোঁ।প্ৰতিবাৰেই কিমান সময় ধৰি তেখেতে বেজবৰুৱা আৰু অনুষংগিক বিষয় বা অনা-অনুষংগিক বিষয়লৈ আমাৰ লগত কিমান কথা পাতিছিল।সেই তেতিয়াই গম পাইছিলোঁ চাৰৰ সাহিত্য বিষয়ক অধ্যয়ন কিমান প্ৰসাৰিত আৰু গভীৰ আছিল।ইংৰাজী,অসমীয়া আৰু বাংলা সাহিত্যত তেখেতে কি স্বচ্ছন্দে বিচৰণ কৰিছিল।চাৰে কথা প্ৰসংগত কেতিয়াবা আমাক তেখেতৰ দেউতাক জয়নাথ শৰ্মাৰ বিষয়েও কৈছিল।ইংৰাজী ব্যাকৰণ লিখা জয়নাথ শৰ্মা এসময়ত অসম বিখ্যাত আছিল। ‘ডেউকা’ বন্ধ হোৱাৰ পিছত চাৰৰ লগত আমাৰ সম্পৰ্ক শিথিল হৈ আহিছিল।কিন্তু আজি কেইবছৰমান আগতে এবাৰ তেখেতৰ পত্নী শ্ৰীমতী এলিজা শৰ্মাৰ লগত চাৰ ‘অন্বেষা’লৈ আহিছিল।চাৰক শেষ দেখা পাইছিলোঁ আজি দুবছৰ আগতে বিশ্বজিৎ চক্ৰবৰ্তী চাৰৰ স্মৰণত কটন ইউনিয়ন হলত অনুষ্ঠিত হোৱা সভাখনত।সেইদিনা কি সুন্দৰ এটা বক্তৃতা দিছিল তেখেতে।সাহিত্য চৰ্চাৰ কথাটো বাদ দি,এজন ব্যক্তি হিচাপে, চাৰ কিমান উদাৰমনা আৰু গণতান্ত্ৰিক প্ৰমূল্যত বিশ্বাসী লোক আছিল, সেই বক্তৃতাটো আছিল তাৰ স্বাক্ষৰ।চাৰৰ কথা শুনি সেইদিনা আকৌ অজানিতে চাৰৰ ওচৰত মোৰ মূৰ দোঁখাই গৈছিল।উপেন্দ্ৰনাথ শৰ্মা চাৰে কিতাপ পঢ়ি ভাল পাইছিল। সুকুমাৰ কলাৰ প্ৰতি তেখেত বৰ আগ্ৰহী আছিল।তেখেতে প্ৰায়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুথিভঁৰাললৈ গৈ কিতাপ পঢ়িছিল।কলিকতাৰ নেশ্যনেল লাইব্ৰেৰীলৈ গৈছিল কেৱল কিতাপ পঢ়িবলৈ।এবাৰ নেশ্যনেল লাইব্ৰেৰীত তেখেতে এখন অতি পুৰণি কিতাপ পঢ়ি আছিল। তেওঁ কিতাপখন পঢ়ি থাকোঁতে পুথিভঁৰালৰ কৰ্মচাৰী এজন তেওঁৰ পিছফালে থিয় হৈ আছিল।চাৰে পঢ়া শেষ কৰি কিতাপখন সামৰি থ’ব বিচাৰোঁতে কৰ্মচাৰীজনে তেখেতৰ হাতৰ পৰা কিতাপখন লৈ কৈছিল- You are ‘the last reader of this book. Now we shall preserve this book.’ সাধুকথাৰ দৰে লগা কথা নহয়নে? ক’ব নোৱাৰোঁ এতিয়া আমাৰ মাজত উপেন্দ্ৰনাথ শৰ্মাৰ দৰে কিতাপ পঢ়া মানুহ আৰু কিমান আছে? আগতে চাৰৰ কথা ওলালে আমি প্ৰায়ে কৈছিলোঁ – ‘অ’, চাৰ, চাৰ ঠিকেই আছে।মোটামোটি আগৰ দৰে।’ কিন্তু এতিয়া চাৰ নাই!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd