• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2025 9:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১২ জুনত শতিকাৰ অন্যতম ভয়াৱহ বিমান দুৰ্ঘটনাত ২৪১ জন যাত্ৰী আৰু ক্ৰুকে ধৰি মুঠ ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই কাণ্ডৰ ঠিক এমাহৰ পিছত পোহৰলৈ আহিছে দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন।

আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ অন্তত ‘এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো’ই ১৫ পৃষ্ঠাৰ এক প্ৰতিবেদন দাখিল কৰিছে। ইয়াৰ পৰা পোহৰলৈ আহিছে যে ইয়াৰ মূল কাৰণ আছিল উৰণৰ পিছত বিমানখনৰ দুয়োটা ইঞ্জিন একেলগে বন্ধ হৈ যোৱাৰ ঘটনা।

Apply Now

এই ঘটনাক কেন্দ্ৰ কৰি বিমানখনৰ পাইলটসকলৰ মাজত শেষ মুহূৰ্তত হোৱা বাৰ্তালাপত গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে।

শুকুৰবাৰে মাজনিশাৰ পিছত প্ৰকাশ পোৱা এএআইবিৰ প্ৰতিবেদনত কোৱা হৈছে যে ককপিটৰ ভইচ ৰেকৰ্ডাৰটোত শুনা যায়, টেক অফৰ পিছত এজন পাইলটে আনজন পাইলটক সুধিছে, “আপুনি ইন্ধন কিয় ‘কাটঅফ’ কৰিলে?” আনজন পাইলটে উত্তৰ দিলে, “মই ইন্ধন ‘কাটঅফ’ কৰা নাই। মই একো কৰা নাই।”

এই কথাবোৰৰ মাজতেই লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ বিমানখনৰ প্ৰকৃততে কি সমস্যা হৈছিল তাৰ মূল চাবিকাঠি লুকাই আছে। এএআইবিৰ প্ৰতিবেদন অনুসৰি বিমানখনে উৰণৰ পিছত গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে ইঞ্জিন ১ আৰু ইঞ্জিন ২ৰ ইন্ধন কাটঅফ চুইচবোৰ হঠাতে ‘ৰাণ’ৰ পৰা ‘কাটঅফ’ অৱস্থালৈ গতি কৰে আৰু দুয়োটা ইঞ্জিন বন্ধ হৈ যায়।

কিন্তু এনহান্সড এয়াৰবৰ্ণ ফ্লাইট ৰেকৰ্ডাৰ (EAFR) অৰ্থাৎ ব্লেক বক্সৰ পৰা পোৱা তথ্যত কোৱা হৈছে যে সময় কম হ’লেও পাইলটসকলে পুনৰ ইন্ধন নিয়ন্ত্ৰণৰ চুইচবোৰ CUT OFF ৰ পৰা RUN লৈ ঘূৰাই আনে। ইন্ধন যোগান আৰম্ভ হোৱাৰ লগে লগে ইঞ্জিন ১ ষ্টাৰ্ট হ’লেও ই স্থিৰ নহ’ল। আৰু ইঞ্জিন ২ পুনৰ ষ্টাৰ্টেই নহ’ল। কিন্তু কেইছেকেণ্ডমানৰ পিছত ই এ এফ আৰ ৰেকৰ্ডিং বন্ধ হৈ যায়। ইয়াৰ কিছু সময়ৰ পিছতে এজন পাইলটে ATC লৈ MAYDAY ৰ সতৰ্কবাণী প্ৰেৰণ কৰে। এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল কল চাইন সন্দৰ্ভত সবিশেষ বিচাৰিছিল যদিও কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে ৬২৫ ফুট উচ্চতাৰ পৰা প্ৰতি মিনিটত ৪৭৫ ফুট বেগত নামিবলৈ আৰম্ভ কৰে বিমানখন।

বিমানবন্দৰৰ দেৱাল পাৰ হোৱাৰ আগতে বিমানখনৰ উচ্চতা আৰু গতি অতিশয় হ্ৰাস পায়। ফলত ৩২ ছেকেণ্ডৰ ভিতৰতে মেঘানগৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিশেষজ্ঞসকলৰ মতে বিমানখনৰ ইন্ধন নিয়ন্ত্ৰণ চুইচটো কেনেকৈ RUNৰ পৰা CUTOFF লৈ গ’ল সেই সন্দৰ্ভত বিতং তদন্ত কৰা হ’ব।

উল্লেখ্য যে সেইদিনা ফ্লাইট এ আই ১৭১ৰ ককপিটত আছিল কেপ্তেইন সুমিত সাৱাৰৱাল। শীতল মস্তিষ্ক আৰু মুহূৰ্ততে সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে তেওঁৰ বিশেষ সুনাম আছিল। তেওঁৰ আছিল ৮২০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা।

বিমানখনৰ সহ-পাইলট আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডৰ। ১১০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা তেওঁৰো আছিল। আহমেদাবাদত বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এই দুজন লোকৰ অভিজ্ঞতাৰ সম্যক বিশ্লেষণ চলি আছে। বিমানখনৰ পাইলট দুজনৰ সংযুক্ত উৰণ অভিজ্ঞতা আছিল প্ৰায় ১০ হাজাৰ ঘণ্টা। ইয়াৰ পিছতো দুৰ্ঘটনাটো পৰিহাৰ কৰিব পৰা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতত উপস্থিত পুটিন; চৰ্চাত মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠক

September 11, 2026 9:34 am
পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

পাৰমাণৱিক অস্ত্ৰতকৈও ডাঙৰ ভাবুকি এআই! পদত্যাগ কৰিয়েই বিস্ফোৰণ এন্থ্ৰ’পিকৰ প্ৰাক্তন গৱেষকৰ

September 11, 2026 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd