আজি মাঘ বিহুৰ উৰুকা। যি কোনো উৎসৱৰ উৰুকাৰ দিনটো মূল উৎসৱৰ দিনটোতকৈ বেছি গুৰুত্বপূৰ্ণ। আগদিনাৰ দিনটো হ’ল আশা, ভৰসা কল্পনাৰ দিন। মই আপোনালোকক অসমীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ মাঘবিহু আৰু মাঘবিহুৰ উৰুকাৰ শুভেচ্ছা যাচিছোঁ। আপোনালোক সকলোৰে উৰুকা আৰু মাঘ বিহু ভালে ভালে যাওক। কিন্তু এইবাৰ মই মুকলি মনেৰে আপোনালোকক উৰুকা আৰু মাঘবিহুৰ শুভেচ্ছা জনাব পৰা নাই। বাৰে বাৰে মোৰ উমৰাংছ’ৰ খনিত আৱদ্ধ হৈ মৃত্যু বৰণ কৰা শ্ৰমিক চাৰিজনলৈ আৰু এতিয়াও খনিত আৱদ্ধহৈ থকা শ্ৰমিক সকললৈ আৰু তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গলৈ মনত পৰি আছে।
কথাটো এইটো নহয় যে কোনো উৎসৱ পাৰ্বনতে কাৰো কোনো দুৰ্যোগ নহয়। নিশ্চয় হয়। কিন্তু সেইটো তেওঁলোকৰ পৰিয়ালৰ মাজতে থাকে বাবে সেই বিষয়ে আমি নাজানো। জনা কথাও নহয়। কিন্তু ৰাজহুৱাকৈ যেতিয়া এটা কৰুণ ঘটনা ঘটে তাৰ প্ৰতিক্ৰিয়াটোও ৰাজহুৱা হোৱা উচিত নহয় জানো? মই উমৰাংছ’ৰ ঘটনাটোৰ বাবে মাঘ বিহুৰ উৰুকা আৰু মাঘ বিহু পাতিব নালাগে বুলি কোৱা নাই। কিন্তু উমৰাংছ’ৰ ঘটনাটোৱে যদি আমাৰ ৰাজহুৱা বিবেকত কোনো কোনো প্ৰভাৱ নেপালায়, তাৰ ঘটনাটোত যদি আমাৰ কোনো বিবেকদংশন নহয় তেনেহ’লে জানিব লাগিব যে আমাৰ সমাজৰ ক’ৰবাত কিবা এটা ডাঙৰ কেৰোণে দেখা দিছে। উৰুকাৰ যিবোৰ ছবি আমি এতিয়া বাতৰিকাককতত দেখি আছোঁ, নাচ-গান আৰু মাছ মঙহ, পিঠাপনা আৰু মন্ত্ৰী সকলে মুখমন্ত্ৰীক মাছ দিয়াৰ যি উজান উঠিছে, তাৰ ছবি যেনেকৈ প্ৰচাৰ কৰা হৈছে, যি হুলস্থূলে কালিৰে পৰা টিভি কঁপাই আছে আৰু সৰ্বোপৰি ৰাজ্যৰ ৰজাঘৰে মানে চৰকাৰে গোটেই দুৰ্যোগটোৰ প্ৰতি যি মনোভাৱ আৰু দৃষ্টিভংগী লৈছে তাৰপৰা এনে লাগিছে ক’তো যেন কোনো অঘটন ঘটাই নাই।আপোনালোকৰ মনত আছেনে ২০২৩ চনৰ নবেম্বৰ মাহত উত্তৰাখণ্ডৰ চাৰধাম সুৰংগত আৱদ্ধহৈ পৰা শ্ৰমিক সকলক লৈ দেশখনত কি এক উত্তেজনাৰ সৃষ্টি হৈছিল? তাৰ দহভাগৰ এভাগ মনোযোগো উমৰাংচু কয়লাখনিৰ দুৰ্ঘটনাটোৱে প্ৰচাৰমাধ্যমৰ পৰা পোৱা নাই। দুই/ এক ব্যতিক্ৰম বাদ দি তথাকথিত ৰাষ্ট্ৰীয় মাধ্যমত দুৰ্ঘটনাটোৰ খবৰ আৰু আলোচনা নাই বুলিয়ে ক’ব পাৰি।আজি অসমৰ ভালে কেইখন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ পৰাও বাতৰিটো উধাও হ’ল। উমৰাংচুত কিমানদিনৰ পৰা এই অবৈধ কামটো চলি আছে। অথচ ৰাজ্য চৰকাৰ নিমাত। মহা প্ৰতাপী কেন্দ্ৰ চৰকাৰ নিমাত।ক’ৰবাত কিবা কৃতিত্ব ল’বৰ সময়ত সকলো তাত উবুৰিখাই পৰিব। কিন্তু যেতিয়া এটা দুৰ্যোগ হয়, ৰাইজৰ অথন্তৰ লাগে তাক সকলোৱে এৰাই চলে, যেনেদৰে মণিপুৰলৈ কোনো নাযায়। অসমৰ মুখ্যমন্ত্ৰীয়ে উমৰাংচুৰ ঘটনাটোক এটা কৰুণ মানবীয় ঘটনা বুলি সামৰি থ’ব বিচাৰিছে। কিন্তু কাৰ কাৰণে এই কৰুণ ঘটনাটো ঘটিবলৈ পালে তাক ক’ব নিবিচাৰে, ঢাকি থ’ব বিচাৰে। ৰাইজ সজাগ সতৰ্ক নহয় বুলিয়ে চৰকাৰে এইটো কৰিব পাৰিছে। আমাৰ চাৰিওফালে এনে এটা পৰিবেশ সৃষ্টি কৰা হৈছে যাতে সামাজিকভাবে গুৰুত্বপূৰ্ণ কথাবোৰ তল পৰে আৰু আমি সকলো সময়তে উৎসৱ- পৰ্বতে ব্যস্তহৈ থাকোঁ।মই আপোনালোকক উৰুকা নাপাতিবলৈ নকওঁ মই আপোনালোকক মাঘ বিহু নাপাতিবলৈ নকওঁ। কিন্তু লগতে, এখন্তেক উমৰাংচুৰ খনিত মৃত্যু হোৱা লোক সকলৰ আৰু তেওঁলোকৰ পৰিয়ালবোৰৰ বিষয়েও আমি এবাৰ চিন্তা কৰো আহকচোন। ৰাজহুৱা দুৰ্যোগ এটাৰ সময়ত আমি ইমান বেছি উৎসৱ মতলীয়া হোৱাটো শোভনীয় নহয়।