• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজহুৱা দুৰ্যোগ এটাৰ সময়ত আমি ইমান বেছি উৎসৱ মতলীয়া হোৱাটো শোভনীয় নহয়

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 13, 2025 7:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি মাঘ বিহুৰ উৰুকা। যি কোনো উৎসৱৰ উৰুকাৰ দিনটো মূল উৎসৱৰ দিনটোতকৈ বেছি গুৰুত্বপূৰ্ণ। আগদিনাৰ দিনটো হ’ল আশা, ভৰসা কল্পনাৰ দিন। মই আপোনালোকক অসমীয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ মাঘবিহু আৰু মাঘবিহুৰ উৰুকাৰ শুভেচ্ছা যাচিছোঁ। আপোনালোক সকলোৰে উৰুকা আৰু মাঘ বিহু ভালে ভালে যাওক। কিন্তু এইবাৰ  মই মুকলি মনেৰে আপোনালোকক উৰুকা আৰু মাঘবিহুৰ শুভেচ্ছা জনাব পৰা নাই। বাৰে বাৰে মোৰ উমৰাংছ’ৰ খনিত আৱদ্ধ হৈ মৃত্যু বৰণ কৰা শ্ৰমিক চাৰিজনলৈ আৰু এতিয়াও খনিত আৱদ্ধহৈ থকা  শ্ৰমিক সকললৈ আৰু তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালবৰ্গলৈ মনত পৰি আছে।

কথাটো এইটো নহয় যে কোনো উৎসৱ পাৰ্বনতে কাৰো কোনো দুৰ্যোগ নহয়। নিশ্চয় হয়। কিন্তু সেইটো তেওঁলোকৰ পৰিয়ালৰ মাজতে থাকে বাবে সেই বিষয়ে আমি নাজানো। জনা কথাও নহয়। কিন্তু ৰাজহুৱাকৈ যেতিয়া এটা কৰুণ ঘটনা ঘটে তাৰ প্ৰতিক্ৰিয়াটোও ৰাজহুৱা হোৱা উচিত নহয় জানো? মই উমৰাংছ’ৰ ঘটনাটোৰ বাবে মাঘ বিহুৰ উৰুকা আৰু মাঘ বিহু পাতিব নালাগে বুলি কোৱা নাই। কিন্তু উমৰাংছ’ৰ ঘটনাটোৱে যদি আমাৰ ৰাজহুৱা বিবেকত কোনো কোনো প্ৰভাৱ নেপালায়, তাৰ ঘটনাটোত যদি আমাৰ কোনো বিবেকদংশন নহয় তেনেহ’লে জানিব লাগিব যে আমাৰ সমাজৰ ক’ৰবাত কিবা এটা ডাঙৰ কেৰোণে দেখা দিছে। উৰুকাৰ যিবোৰ ছবি আমি এতিয়া বাতৰিকাককতত দেখি আছোঁ, নাচ-গান আৰু মাছ মঙহ, পিঠাপনা আৰু মন্ত্ৰী সকলে মুখমন্ত্ৰীক মাছ দিয়াৰ যি উজান উঠিছে, তাৰ ছবি যেনেকৈ প্ৰচাৰ কৰা হৈছে, যি হুলস্থূলে কালিৰে পৰা টিভি কঁপাই আছে আৰু সৰ্বোপৰি ৰাজ্যৰ ৰজাঘৰে মানে চৰকাৰে গোটেই দুৰ্যোগটোৰ প্ৰতি যি মনোভাৱ আৰু দৃষ্টিভংগী লৈছে তাৰপৰা এনে লাগিছে ক’তো যেন কোনো অঘটন ঘটাই নাই।আপোনালোকৰ মনত আছেনে ২০২৩ চনৰ নবেম্বৰ মাহত উত্তৰাখণ্ডৰ চাৰধাম সুৰংগত আৱদ্ধহৈ পৰা শ্ৰমিক সকলক লৈ দেশখনত কি এক উত্তেজনাৰ সৃষ্টি হৈছিল? তাৰ দহভাগৰ এভাগ মনোযোগো উমৰাংচু কয়লাখনিৰ  দুৰ্ঘটনাটোৱে প্ৰচাৰমাধ্যমৰ পৰা পোৱা নাই। দুই/ এক ব্যতিক্ৰম বাদ দি তথাকথিত ৰাষ্ট্ৰীয় মাধ্যমত দুৰ্ঘটনাটোৰ খবৰ আৰু আলোচনা নাই বুলিয়ে ক’ব পাৰি।আজি অসমৰ ভালে কেইখন বাতৰিকাকতৰ প্ৰথম পৃষ্ঠাৰ পৰাও বাতৰিটো উধাও হ’ল। উমৰাংচুত কিমানদিনৰ পৰা এই অবৈধ কামটো চলি আছে। অথচ ৰাজ্য চৰকাৰ নিমাত। মহা প্ৰতাপী কেন্দ্ৰ চৰকাৰ নিমাত।ক’ৰবাত কিবা কৃতিত্ব ল’বৰ সময়ত সকলো তাত উবুৰিখাই পৰিব। কিন্তু যেতিয়া এটা দুৰ্যোগ হয়, ৰাইজৰ অথন্তৰ লাগে তাক সকলোৱে এৰাই চলে, যেনেদৰে মণিপুৰলৈ কোনো নাযায়। অসমৰ মুখ্যমন্ত্ৰীয়ে উমৰাংচুৰ ঘটনাটোক এটা কৰুণ মানবীয় ঘটনা বুলি সামৰি থ’ব বিচাৰিছে। কিন্তু কাৰ কাৰণে এই কৰুণ ঘটনাটো ঘটিবলৈ পালে তাক ক’ব নিবিচাৰে, ঢাকি থ’ব বিচাৰে। ৰাইজ সজাগ সতৰ্ক নহয় বুলিয়ে চৰকাৰে এইটো কৰিব পাৰিছে। আমাৰ চাৰিওফালে এনে এটা পৰিবেশ সৃষ্টি কৰা হৈছে যাতে সামাজিকভাবে  গুৰুত্বপূৰ্ণ কথাবোৰ তল পৰে আৰু আমি সকলো সময়তে উৎসৱ- পৰ্বতে ব্যস্তহৈ থাকোঁ।মই আপোনালোকক উৰুকা নাপাতিবলৈ নকওঁ মই আপোনালোকক মাঘ বিহু নাপাতিবলৈ নকওঁ। কিন্তু লগতে, এখন্তেক উমৰাংচুৰ খনিত মৃত্যু হোৱা লোক সকলৰ আৰু তেওঁলোকৰ পৰিয়ালবোৰৰ বিষয়েও আমি এবাৰ চিন্তা কৰো আহকচোন। ৰাজহুৱা দুৰ্যোগ এটাৰ সময়ত আমি ইমান বেছি উৎসৱ মতলীয়া হোৱাটো শোভনীয় নহয়।

Apply Now

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd