হায়, অসমীয়া জাতীয়তাবাদ!

অসমীয়া পৰিচয়ৰ কথা বাদ দি অসমীয়া জাতীয়তাবাদৰ কথা ক’ব নোৱাৰি। অসমীয়া পৰিচয়ৰ  লগত অসমৰ ইতিহাসো জড়িত। কিন্তু, যেতিয়া সমসাময়িক ৰাজনীতিৰ বিষয়ে আলোচনা কৰিবলৈ আমি ইতিহাসৰ কথা কওঁ, তাৰ প্ৰাসংগিকতাৰ বাবে এটি আৰম্ভণিৰ প্ৰয়োজন। আধুনিক অসমৰ কাৰণে সেই আৰম্ভণি ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি। সেয়ে, ১৮২৬ চনৰ পৰা ১৯৪৭লৈ- এই ১২১ বছৰ অসমৰ কাৰণে গুৰুত্বপূৰ্ণ। পিছত, এই ১২১ বছৰৰ লগত আমি যোগ দিব লাগিব ১৯৪৭ পৰা বৰ্তমানলৈ ৭৬ বছৰ, তাৰমানে ১৯৭ বছৰ, অৰ্থাৎ প্ৰায় ২০০ বছৰ। এই ২০০ বছৰৰ কথা নভবাকৈ আমি আজিৰ অসমৰ কথা ভাবিব নোৱাৰোঁ, অসমীয়া জাতীয়তাবাদৰ কথা ভাবিব নোৱাৰোঁ।

এটা জাতিৰ ইতিহাসৰ দুটা দিশ গুৰুত্বপূৰ্ণ। তাৰে এটা হ’ল প্ৰব্ৰজন আৰু আনটো হ’ল সময়ে সময়ে হোৱা ৰাজনৈতিক পট পৰিবৰ্তন।বৃটিছৰ দিনত অসমলৈ হোৱা প্ৰব্ৰজনৰ কথাটো আলোচনা নকৰাকৈ আমি আজিৰ অসমীয়া পৰিচয়ৰ কথাটো ভাবিব নোৱাৰোঁ। বৃটিছে নিজৰ স্বাৰ্থতে সেই সময়ৰ পূৰ্ব বংগৰ পৰা পৰিশ্ৰমী কৃষক আনি অসমৰ মাটিত বহুৱাইছিল। এই মানুহখিনিৰ সৰহখিনি আছিল ধৰ্মীয় সংখ্যলঘু। আনহাতে ভাৰত স্বাধীন হোৱাৰ কেইদশকমান পিছত অসমৰ পৰা ফালি গৈ মেঘালয়, মিজোৰাম, নগালেণ্ড, অৰুণাচল প্ৰদেশ আদি নতুন ৰাজ্য সৃষ্টি হোৱাত  অসমৰ  জনগাঁথনি আৰু ৰাজনৈতিক মানচিত্ৰৰো পৰিবৰ্তন হৈছিল। তাৰ পিছৰ ভূ-ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ ঘটনাটো আছিল ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ ফলত সৃষ্টি হোৱা বাংলাদেশ।সেই সময়তো বাংলাদেশৰ পৰা লাখ লাখ শৰণাৰ্থী আহি অসমত সোমাইছিলহি। বাংলাদেশ সৃষ্টি হোৱাৰ পিছত সৰহ সংখ্যক শৰণাৰ্থী নিজ দেশলৈ ওভতি গৈছিল যদিও, তাৰ একাংশ অসমতে ৰৈ গৈছিল। অসমীয়া ভাষাৰ লগত বাংলা ভাষাৰ সংঘাত, গ্ৰুপিং, মুছলিম লীগৰ ৰাজনীতি-এইবোৰে যোৱা এশ বছৰে অসমৰ ৰাজনীতি প্ৰভাৱিত কৰি আহিছে। কিন্তু, একেবাৰে শেহতীয়াকৈ অসমৰ ৰাজনীতি প্ৰভাৱিত কৰা পৰিঘটনাটো আছিল ছবছৰীয়া অসম আন্দোলন।

বহিৰাগত বহিষ্কাৰৰ পৰা এই আন্দোলনটোৱে বিদেশী নাগৰিক বহিষ্কাৰ আন্দোলনৰ ৰূপ লৈছিল। অসমৰ বাহিৰৰ মানুহে অসমৰ বজাৰ আৰু চাকৰি-বাকৰি দখল কৰি অসমতে অসমীয়াক বঞ্চিত কৰাৰ বাবে ক্ষোভ উজৰা হৈছিল বহিৰাগতৰ বিৰুদ্ধে।কিন্তু, কালক্ৰমত আন্দোলনৰ নেতৃত্বই বুজি উঠিছিল যে ভাৰতৰ যিকোনো ৰাজ্যৰ নাগৰিকৰ অসমত চাকৰি আৰু বেপাৰ-বণিজ কৰাৰ অধিকাৰ  বৈধ। গতিকে আন্দোলনৰ নাম বহিৰাগতৰ পৰা বিদেশী বহিষ্কাৰ কৰা হ’ল।অসমৰ সাধাৰণ মানুহে আন্দোলনটো সমৰ্থন কৰিছিল এই ভাবি যে বহিৰাগতই হওক বা বিদেশীয়ে হওক, তেওঁলোক আঁতৰি গ’লে এৰি যোৱা সা- সুবিধা চাকৰি-বাকৰি, ব্যৱসায়- বাণিজ্য স্থানীয় মানুহৰ হাতলৈ আহিব। কোন আছিল এই  বিদেশীবোৰ? কেতিয়াবা ভাবি লোৱা হৈছিল তেওঁলোক ভাষিক সংখ্যালঘু,আৰু আন কেতিয়াবা ভাবি লোৱা হৈছিল তেওঁলোক ধৰ্মীয় সংখ্যালঘু।আচৰিত ধৰণে কেতিয়াবা আকৌ জনজাতীয় আৰু নিম্নবৰ্গৰ লোক সকলো এই আক্ৰমণৰ সন্মুখীন হৈছিল। এতিয়া ওভতি চালে আমি স্পষ্টকৈ দেখা পাওঁ যে অসম আন্দেলনৰ নেতৃত্ব আছিল উচ্চ বৰ্ণৰ মধ্যবিত্ত শ্ৰেণীটোৰ হাতত।এই আন্দোলনৰ গতি-গোত্ৰই কেৱল যে অসমৰ ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ মাজতে এক আশংকা আৰু  অবিশ্বাসৰ জন্ম দিছিল তেনে নহয়, ই একাংশ জনজাতীয় লোকৰ মাজতো এক সন্দেহৰ সৃষ্টি কৰিছিল।বড়ো সকলে ডিভাইড আচাম ফিফটি ফিফটি ধ্বনি দিছিল।আৰু এটা কথা, অসম আন্দোলনে ছাত্ৰ নেতৃত্বক  এক  অহৈতুক কৰ্তৃত্ব প্ৰদান কৰিছিল।ই তেওঁলোকৰ মাজত এটা বেপৰোৱা মনোভাবৰ জন্ম দিছিল।লাগ বুলিলেই টকা-পইছা তেওঁলোকৰ হাতলৈ আহিছিল।পিছলৈ ই এক সোঁচৰা ব্যাধিৰ ৰূপ লৈছিল।

তাৰ পিছত কি হ’ল? অসম চুক্তি হ’ল। অসম চুক্তি মতে ১৯৭১ চনৰ পিছত অসমত সোমোৱা হিন্দু-মুছলমান উভয়কে বিদেশী বুলি চিনাক্ত কৰা হ’ল। তাৰবাবে নাগৰিক পঞ্জী শুধৰণিৰ কথা আহিল। তাৰ পিছৰ ইতিহাস সহজ, সকলোৰে মনত থকা ইতিহাস। ছাত্ৰ সন্থা এৰি তেওঁলোকে এ জি পি কৰিলে।এজিপিয়ে এবাৰ নহয়, দুবাৰকৈ চৰকাৰ কৰিলে। বিদেশী নাগৰিকৰ সমস্যা  সমস্যা  হৈয়ে থাকিল। অসমৰ সকলো জনগোষ্ঠীৰ সাধাৰণ মানুহৰ সমস্যা আগতে যেনে আছিল এতিয়াও তেনে আছে।কিন্তু, আছু, এজিপি কৰি এতিয়া বিজেপিলৈ যোৱা নেতা সকলক অসমৰ ভিতৰে-বাহিৰে ধন-দৌলতে কেনেকৈ খাই মাৰিছে সেইটো আমি সকলোৱে দেখিছোঁ।অসম আন্দোলনৰ ভিতৰত আৰম্ভণিৰে পৰা আৰ এচ এচ সোমাই আছিল। অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত তেওঁলোক অলপ শ’লঠেকত পৰিছিল। কিন্তু, বিজেপি ক্ষমতালৈ অহাৰ পিছত তেওঁলোকৰ প্ৰথম কাম হৈ পৰিল অসম চুক্তি নস্যাৎ কৰা, এন আৰ চি বানচাল কৰা। এইবোৰ সকলো কৰি হিন্দু বাংলাদেশীক দলিছা পাৰি দিবলৈ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিল আনিলে। তাৰেই শেহতীয়া সংস্কৰণ হ’ল সমষ্টি পুনৰনিৰ্ধাৰণ। এই সকলোতে আছু বিজেপিৰ পিছে পিছে।আজি এওঁলোকে হীৰেন গোহাঁইক অসম বিৰোধী সজাব বিচাৰিছে। হীৰেন গোহাঁয়ে অসম চুক্তিৰ বিৰোধিতা কৰিছিল নেকি? হীৰেন গোহাঁই এন আৰ চিৰ বিৰোধী আছিল নেকি? অসমৰ উন্নয়নৰ সঁচাৰকাঠী হৈছে অসমৰ সকলো নাগৰিকৰ নাগৰিক অধিকাৰ সুনিশ্চিত কৰা আৰু জনজাতীয় জনগোষ্ঠী সমূহৰ সম বিকাশ আৰু আত্মপৰিচয়ৰ প্ৰতি সুবিচাৰ কৰা। কিন্তু, বিজেপিয়ে এইবোৰত বিশ্বাস নকৰে। বিজেপিৰ লক্ষ্য হ’ল নানা চাতুকাৰিতাৰে অসমীয়া আবেগ আৰু পৰিচয়ৰ কথা কৈ সকলোকে হিন্দুত্ব আৰু সংখ্যাগৰিষ্ঠ ৰাজনীতিৰ ফান্দত বন্দী কৰা। কালিৰ ‘অসমীয়া প্ৰতিদিন’ ত শ্ৰদ্ধেয় বসন্ত ডেকাই তেখেতৰ প্ৰবন্ধ ‘আছুৰ নেতৃত্বৰ অসম চুক্তি আৰু নিজৰ সংবিধান উলংঘন’ত কি প্ৰাঞ্জলভাবে এই কথাবোৰ ব্যাখ্যা কৰিছে ! আছুৰ আপোচ আৰু ভন্দামিৰ আৰু কি উদাহৰণ লাগে? কিয় আজি কেইমাহমান আগতে হিমন্তবিশ্ব চৰকাৰে আচুৰ ছহিদ ভৱনৰ বাবে ২ কোটি নে কিমান টকা দিয়া নাছিল জানো? হায়, অসমীয়া জাতীয়তাবাদৰ কি এক ক্ৰুৰ পৰিহাস? আচলতে নিজৰ স্বাৰ্থৰ কাৰণে এই ভণ্ডবোৰে যি কোনো কাম কৰিব পাৰে।