সোৱণশিৰি কিয় শুকাই গৈছিল?

সোৱণশিৰি কিয় শুকাই গৈছিল? সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ এখন উপনৈ। ই তিব্বতৰ পৰা ওলাই  অৰুণাচল হৈ ধেমাজিৰে অসমত সোমাইছে। তাৰ পৰা তললৈ নামি আহি জামুগুৰিঘাটত  ব্ৰহ্মপুত্ৰত পৰিছে।সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যিমান পানী বৈ যায় তাৰ প্ৰায় ৮% পানী সোৱণশিৰিৰ।হৰিণাৰ দেহেই বৈৰী হোৱাৰ দৰে সোৱণশিৰিৰ পানীয়ে সোৱণশিৰিৰ বৈৰী হ’ল নেকি? এই যে আজি কেইদিনমানৰ আগতে ২৭ অক্টোবৰৰ দিনা  কেইঘন্টামানৰ বাবে  সোৱণশিৰিৰ পানী শুকাই গৈ নদীখনৰ তলি ওলাই গৈছিল, সেইটো কি এটা স্বাভাৱিক ঘটনা আছিল? এখন নদীৰ প্ৰাণটো ক’ত থাকে?  তাৰ পানী আৰু সোঁতত। কথাতে কয়, নৈ বৈ যায়। এখন নদীৰ সোঁত আৰু পানীত তাৰ গৰ্ভৰ পৰা পানীযুঁৱলিলৈকে, আৰু পানীযুঁৱলিৰ পৰা নদীখনৰ পাৰলৈকে, এখন দৃশ্যমান আৰু অদৃশ্যমান প্ৰাণী আৰু উদ্ভিদ জগত – এক জৈৱ-বৈচিত্ৰ্য। মাছ-কাছ আমি দেখোঁ বুলিহে, আমি নেদেখা নমনা আৰু কত কি? বাৰিষাৰ পৰা শৰালি লৈ, এখন নৈ, জন্ম আৰু মৃত্যুৰ, সৃষ্টি আৰু ধ্বংসৰ, এক অবিৰত প্ৰক্ৰিয়া। নৈক লৈয়ে সভ্যতা, সংস্কৃতি, নগৰ, মহানগৰ, বেপাৰ, বণিজ। সঁচা,কেতিয়াবা হঠাৎ ঘটা প্ৰাকৃতিক দুৰ্যোগে নৈত প্ৰলয় আনিব পাৰে,মুহূৰ্ততে সকলো তচ-নচ কৰি দিব পাৰে, যেনেকৈ ১৯৫০ চনৰ ভূমিকম্পত কেইদিনমানৰ বাবে সোৱণশিৰিৰ মুখ বন্ধ হৈ গৈছিল। তেতিয়া, ডিনামাইটেৰে নদীৰ মুখ মুকলি কৰাৰ আগতে, চৰকাৰে হেনো নামনিৰ নৈ পৰীয়া ৰাইজৰ মাজত প্ৰচাৰপত্ৰ বিলাই সোৱণশিৰিত নামি মাছ নামাৰিবলৈ ৰাইজক সতৰ্ক কৰি দিছিল। সেই চৰকাৰী সতৰ্কবাণী নামানি,  সোৱণশিৰিত মাছ ধৰি থকা ৮০০ নে কিমান মানুহক, নদীৰ কোবাল সোঁতে নিমিষতে উটুৱাই নি নোহোৱা কৰি দিছিল।তেতিয়াৰ পৰা এতিয়ালৈ, আজি ৭২ বছৰে নদীখনে তাৰ স্বাভাৱিক জীৱন যাপন কৰি আহিছে।

কিন্তু, যোৱা ২৭ অক্টোৱৰৰ দিনা কি হ’ল? মানুহৰ,  মানে NHPCৰ হস্তক্ষেপৰ বাবে কেইঘন্টামানৰ বাবে নদীখন শুকাই গ’ল। পানীজীৱী জগতৰ মাজত হাহাকাৰ লাগিল।মাছ-কাছৰ মৃত্যু তাৰ চাক্ষুখ সাক্ষীহে আছিল, তাৰ অচাক্ষুখ ক্ষতি কিমান হৈছিল সেইটো এতিয়া কোনে কেনেকৈ ঠাৱৰ কৰিব? তাৰ জানো কিবা অধ্যয়ন, অনুসন্ধান হ’ব?

মাত্ৰ কেইঘন্টামানৰ বাবে সোৱণশিৰি শুকাই যোৱা এই ঘটনাটো এটা মামুলি ঘটনা নে? ইয়াৰ লগত কত কিমান প্ৰশ্ন জড়িত হৈ আছে? জড়িত হৈ আছে বহু বছৰৰ ইতিহাস? জড়িত হৈ আছে আমাৰ উন্নয়ন বিলাস।সোৱণশিৰিৰ বানে প্ৰতি বছৰে ধেমাজিৰ  ৰাইজক নাকনি-কাননি কৰিছিল। মানুহে বান প্ৰতিৰোধৰ কথা চিন্তা কৰিছিল। অসম চুক্তিততো সোৱণশিৰিত বান্ধ দি বানপানী নিয়ন্ত্ৰণৰ পৰামৰ্শ আগবঢ়োৱাৰ কথা উল্লেখ আছিল।ৰাইজেই সোৱণশিৰি বন্ধাৰ দাবী তুলিছিল। সেয়া আছিল বিগত শতিকাৰ শেষৰ দশক আৰু চলিত শতিকাৰ আৰম্ভণিৰ দশকৰ কথা। আজিৰ পৰা চাৰি দশক আগতে কোনো কোনোৱে আনকি ব্ৰহ্মপুত্ৰক বান্ধিও শক্তি উৎপাদন কৰাৰ কথা কৈছিল। কালক্ৰমত সোৱণশিৰি বান্ধৰ পৰা বানপানী নিয়ন্ত্ৰণৰ কথাটো বাদ পৰিল।সোৱণশিৰি বান্ধৰ একমাত্ৰ উদ্দেশ্য হৈ পৰিল বিদ্যুৎ উৎপাদন। তাৰ পিছত NHPCয়ে বাৰে বাৰে বান্ধ বান্ধে, বাৰে বাৰে বান্ধ খহে। পাহাৰুৱা মাটি ক্ষণভংগুৰ। কিমানবাৰ যে বান্ধৰ নক্সা সলোৱা হৈছে তাৰ হিচাপ নাই। যি ৰাইজে এসময়ত বান্ধ বিচাৰিছিল সেই ৰাইজে  পিছলৈ বান্ধৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে।দল-সংগঠন নদীবান্ধ বিৰোধী আন্দোলনত জঁপিয়াই পৰিল। সেই আন্দোলনৰ কাহিনী নতুন এক অধ্যায়! সি এতিয়া এক লোক কথা। কি যাদুৰ বলত এদিন নদীবান্ধ বিৰোধী আন্দোলনৰ কোঢ়াল নিমজ পৰিল! তথাপি এতিয়াও মাজে মাজে বান্ধৰ বেৰ খহে। সেইটো খবৰ হয়।

উপৰ্যুপৰি হোৱা দুৰ্যোগে গেৰুকামুখ প্ৰকল্পলৈ অনিশ্চয়তা মাতি আনে। মানুহৰ কামৰ বাবে  নদী এখন শুকাই যোৱাটো এটা সাধাৰণ কথা নহয়। কিন্তু, এই সকলোবোৰৰ গুৰিটো কি? গুৰিটো হ’ল উন্নয়ন।গেৰুকামুখ প্ৰকল্প পুৰণি হ’ল। কিন্তু, নিৰ্মাণ মতলীয়া চৰকাৰে এতিয়া যেনেকৈ এফালৰ পৰা সকলো মহতীয়াই নিব ধৰিছে, সি যে আমাৰ সৰ্বনাশ কৰিব সেইটো ধুৰূপ। উলম্ব উন্নয়ন- ওখ ওখ অট্টালিকা, ওখ ওখ দলং আৰু উৰণীয়া সেতু, আৰু উৰণীয়া সেঁতু। চাৰিওফালে গড়কাপ্তানী, কেৱল গড়কাপ্তানী।

এই উলম্ব উন্নয়ন আৰু গড়কাপ্তানীয়ে আমাক ক’লৈ লৈ যাব? উন্নয়ন আৰু উন্নয়ন, অথচ ল’ৰা-ছোৱালীৰ চাকৰি নাই। এতিয়া উন্নয়নৰ মাপকাঠি হৈ পৰিছে কোনে কিমান বিদ্যুৎ খৰচ কৰিব পাৰে।ই এটা ভয়ানক মাপকাঠি।আমি যদি এই মাপকাঠিৰে আগুৱাই যাওঁ, নদী শুকাই যাব, পাহাৰ, পৰ্বত, হাবি-বননি নোহোৱা হ’ব।আমাৰ বিলাস বৈভৱে আমাৰ সৰ্বনাশ সাধিব। সেয়ে, এদিনৰ বাবে হ’লেও সোৱণশিৰি শুকোৱাটো এক ভয়াবহ আগজাননী।এটা পাৰিপাৰ্শ্বিক অৱস্থা হাজাৰ বছৰৰ সৃষ্টি। আমি অনায়াসে তাক ধ্বংস কৰিব পাৰোঁ, কিন্তু, হাজাৰ চেষ্টা কৰিও আগৰ অৱস্থালৈ নিব নোৱাৰোঁ।