• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল’বলৈ বিজেপি কিয় বাধ্য হ’ল?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 7, 2022 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে আপত্তিজনক মন্তব্য কৰা বাবে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপূৰ শৰ্মা আৰু দিল্লীৰ প্ৰচাৰ বিভাগৰ মুৰব্বী নবীন জিন্দালৰ বিৰুদ্ধে বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা লৈছে৷ তাৰ আগতে ধৰ্মীয় সহনশীলতাৰ বিষয়ে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ বিবৃতি এটা প্ৰচাৰ মাধ্যমত প্ৰকাশ পাইছিল৷ এই বিবৃতিটোত কি কোৱা হৈছিল-

“ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰ্মকে সন্মান কৰে৷ কোনো ধৰ্মৰে ধৰ্মীয় ব্যক্তিক অপমান কৰাটো বিজেপিয়ে দৃঢ়তাৰে বিৰোধিতা কৰে৷ যি মতাদৰ্শই কোনো ধৰ্মীয় গোষ্ঠী বা ধৰ্মক হেয় জ্ঞান বা অপমান কৰে তেনে মতাদৰ্শক বিজেপিয়ে কঠোৰ ভাষাত গৰিহণা দিয়ে৷ বিজেপিয়ে এনে লোক আৰু মতাদৰ্শক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে৷ ভাৰতৰ সংবিধানে প্ৰত্যেককে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ দিছে৷ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত ভাৰতক এখন শক্তিশালী দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতি আমি দৃঢ় প্ৰতিজ্ঞ, য’ত সকলো সমান আৰু সকলোৱে আত্মমৰ্যাদাসহ বাস কৰিব পাৰে, য’ত সকলোৱে ভাৰতৰ ঐক্য আৰু সংহতিৰ প্ৰতি দায়বদ্ধ আৰু য’ত সকলোৱে উন্নয়ন আৰু বিকাশৰ ফল সমানে উপভোগ কৰিব পাৰিব৷“

এইবোৰ কিমান ধুনীয়া কথা! এইবোৰ দেখোন আমাৰ বহুত্ববাদী ভাৰতীয় ঐতিহ্য আৰু ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট মূল্যবোধ আৰু প্ৰমূল্যৰ কথা৷ এইটো অহৰহ ধৰ্মীয় বিভাজনেৰে ক্ষমতালৈ অহা ভাৰতীয় জনতা পাৰ্টিৰ বিবৃতি নে নে তেওঁলোকে সততে সমালোচনা কৰি থকা উদাৰ গণতন্ত্ৰী সকলৰ বিবৃতি? ভাৰতীয় জনতা পাৰ্টি ২০১৪চনত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পিছত আমি কি দেখিছোঁ? ভোটৰ ৰাজনীতিৰ বাবে সংখ্যাগুৰু সকলক তোষামোদ কৰিবলৈ অনবৰতে  তেওঁলোকে ধৰ্মীয় সংখ্যালঘু সকলক তুচ্ছ তাচ্ছিল্য কৰি আহিছে ৷ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ধৰণে সংখ্যালঘু সকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে৷ তেওঁলোকৰ ওপৰত নিপীড়ন চলোৱা হৈছে৷ আমি প্ৰায়ে লক্ষ্য কৰিছোঁ বিজেপি শাসিত ৰাজ্যসমূহত হিন্দুত্ববাদী সংগঠনৰ লোকে বা উগ্ৰ হিন্দুত্ববাদী সকলে সংখ্যালঘু  সম্প্ৰদায়ৰ লোকক লপাথপা দিলে তেওঁলোকে যদি ন্যায় আৰু সুৰক্ষা বিচাৰি পুলিচৰ ওচৰলৈ যায় ওলোটাই পুলিচে সংখ্যালঘু সকলকহে জোৰজৱৰদস্তি আৰু হাৰাশাস্তি কৰে৷ সৌ সিদিনা উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সময়ত কোনে ৮০ % আৰু ৩০% ৰ কথা কৈছিল? তেন্তে ৰাতাৰাতি বিজেপি কেনেকৈ ইমান উদাৰ আৰু মুক্তমনা হ’ল?

আমাৰ এতিয়াও মনত আছে ২০১৫ চনত তিনিদিনীয়া ভ্ৰমণ সামৰি, সেই সময়ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি, বৰাক ওবামাই ২৭ জানুৱাৰীৰ দিনা নতুন দিল্লীত কি কৈছিল৷ তেতিয়াই ভাৰতত দেখা দিয়া ধৰ্মীয় অসহিষ্ণুতাৰ কথা উল্লেখ কৰি তেওঁ কৈছিল যে “এতিয়া যদি মহাত্মা গান্ধী জীয়াই থাকিলহেঁতেন এইবোৰ দেখি শুনি তেওঁ  হতচকিত হ’লহেঁতেন৷“ আমাৰ দেশলৈ আহি আমাৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ কথা কৈ ধৰ্মীয় সহনশীলতা আৰু সম বিশ্বাসৰ কথা তেওঁ আমাকে সোঁৱৰাই দিছিল৷ তাৰ পিছতো বিদেশত কত কিমান বুদ্ধিজীৱী আৰু ৰাজনীতিকে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ধৰ্মীয় সংখ্যালঘু, দলিত আৰু জনজাতীয় সকলৰ একাষৰীয়াকৰণৰ নিন্দা কৰিছে, সমালোচনা কৰিছে৷ যোৱা এক জুনৰ দিনা জাৰ্মানীৰ বিদায়ী ৰাষ্ট্ৰদূত ওৱাল্টাৰ জে লিন্দাৰে কি কৈ গ’ল? তেওঁ আমাৰ দেশৰ যাউতিযুগীয়া সহাৱস্থান, ধৰ্মীয় সাংস্কৃতিক আৰু ভাষিক বৈচিত্ৰ্যৰ ঐতিহ্যৰ কথা আমাক উনুকিয়াই থৈ নগ’লনে?

বিজেপিয়ে যে পয়গম্বৰ হজৰত মহম্মদৰ বিষয়ে অশোভনীয় মন্তব্য কৰাৰ কাৰণে তেওঁলোকৰ দুগৰাকী ৰাষ্ট্ৰীয় মুখপাত্ৰক দলৰ পৰা বহিষ্কাৰ কৰিলে আৰু ধৰ্মীয় সহনশীলতাৰ বিষয়ে এনে উদাৰ সাংবিধানিক প্ৰমূল্যবোধক উৰ্দ্ধত তুলি ধৰা বিবৃতি দিছে তাৰ গুৰিকথা কিন্তু ক’ৰবাত৷ বিজেপি ৰাতিৰ ভিতৰতে এনে পৰমত সহিষ্ণু আৰু সহনশীল হৈ পৰা নাই৷ তেওঁলোকে বাধ্যত পৰিহে এনে সিদ্ধান্ত ল’ব লগা হৈছে৷ এনে বিবৃতি দিবলগীয়া হৈছে৷ আমি মন কৰা উচিত যে বিজেপিৰ মুখপাত্ৰৰ মন্তব্যই যে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলকে বিক্ষুব্ধ কৰিছে এনে নহয়, ই বিশ্বৰ অন্য দেশৰ মুছলমান সকলৰ ধৰ্ম বিশ্বাসকো আঘাত কৰিছে৷ বিশেষকৈ মধ্যপ্ৰাচ্যৰ উপসাগৰীয় অঞ্চলৰ মুছলিম ৰাষ্ট্ৰ সমূহত ইয়াৰ বিৰুদ্ধে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই কথাটো ৰাষ্ট্ৰ হোৱাৰ লগে লগে কুৱেইট, কাটাৰ আৰু ইৰাণৰ বিদেশ মন্ত্ৰালয়ে সেই সেই দেশৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তলব কৰি তেওঁলোকৰ পৰা কৈফিয়ৎ বিচাৰিছে৷ বিজেপি মুখপাত্ৰৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ চৌদি আৰবেও অতি চোকা ভাষাত ইয়াৰ গৰিহণা দিছে৷ কাটাৰে এই ক্ষেত্ৰত ভাৰতক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী কৰি কৈছে “এনে ইছলাম বিদ্বেষী মন্তব্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল’লে ই মানৱ অধিকাৰৰ প্ৰতি গুৰুতৰ ভাবুকি হৈ মুছলমান সকলৰ বিৰুদ্ধে অধিক গোড়ামিৰ সৃষ্টি কৰি তেওঁলোকক এফলীয়া কৰি পেলাব যিটোৱে ঘৃণা আৰু হিংসা চক্ৰৰ সৃষ্টি কৰিব৷“ চৌদি আৰবৰ বিদেশ মন্ত্ৰালয়েও অতি কাঢ়া ভাষাত বিজেপি মুখপাত্ৰৰ মন্তব্যৰ গৰিহণা দিছে৷ আৰৱ ৰাষ্ট্ৰ সমূহত থকা ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়া সকলৰ সেই দেশ সমূহক বাৰে বাৰে কৈফিয়ৎ দি থৰকাছুটি নোহোৱা অৱস্থা হৈছে৷ ভাৰতৰ লগত থকা এই দেশসমূহৰ অৰ্থনৈতিক লেনদেনৰ বাবেই দেশসমূহৰ লগত ভাৰতৰ কূটনৈতিক সম্পৰ্ক  সদ্ভাবপূৰ্ণ হোৱা দৰকাৰ৷ যোৱা ২০২০-২১ বৰ্ষত ভাৰত আৰু উপ-সাগৰীয় সহযোগিতা পৰিষদ(Gulf Cooperation Council)ৰ (য’ত ছখন আৰৱ ৰাষ্ট্ৰ জড়িত হৈ আছে )মাজৰ বাণিজ্যিক লেনদেন আছিল প্ৰায় $৮৭ মিলিয়ন ডলাৰ৷ এই দেশ সমূহত লাখ লাখ ভাৰতীয়ই কাম কৰে আৰু তেওঁলোকে প্ৰতি বছৰে কোটি কোটি টকা ভাৰতলৈ পঠিয়ায়৷ এই দেশবোৰৰ পৰাই ভাৰতে আটাইতকৈ বেছি ইন্ধন আমদানি কৰে৷ গতিকে ইছলাম বিৰোধী কৰ্মকাণ্ডৰ বাবে  আৰব ৰাষ্ট্ৰসমূহৰ লগত ভাৰতৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত হ’লে ভাৰতৰ অৰ্থনীতিৰ ওপৰত তাৰ যে বিৰূপ প্ৰভাৱ পৰিব সি নিশ্চিত৷ সেইবাবেই বিজেপি মুখপাত্ৰৰ মন্তব্যত আৰৱ ৰাষ্ট্ৰসমূহ জকি উঠা বাবে, ততাতৈয়াকৈ, বিজেপিয়ে নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ বিৰুদ্ধে অনুশাসনমূলক মূলক ব্যৱস্থা ল’ব লগা হৈছে৷ ধৰ্মনিৰপেক্ষতা আৰু ভাৰতীয় সাংবিধানিক প্ৰমূল্যৰ কথা ইমান স্পষ্টকৈ ৰাজহুৱাকৈ দোহাৰি বিবৃতি দিবলৈ বাধ্য হৈ পৰিছে৷ অথচ এইবোৰ কথাকে ইমানদিনে ভাৰতৰ বিৰোধী ৰাজনৈতিক দল আৰু ধৰ্মনিৰপেক্ষ আৰু উদাৰ গণতান্ত্ৰিক লেখক, বুদ্ধিজীৱী সকলে চিঞৰি থাকোঁতে বিজেপিয়ে তালৈ কৰ্ণপাত কৰা নাছিল৷ এই চৰকাৰখনে বুজা উচিত যে পৰমত সহিষ্ণুতা, ধৰ্মীয় সহনশীলতা আৰু বহুত্ববাদী চৰিত্ৰ ভাৰতৰ মূল বৈশিষ্ট্য আৰু পৰম্পৰা৷ ইয়াক বৰ্তাই ৰখাটো আমাৰ সামাজিক শান্তিৰ বাবেই নহয়, দেশৰ অৰ্থনৈতিক স্থিৰতা আৰু সমৃদ্ধিৰ বাবেও অপৰিহাৰ্য্য৷ এই কথাটোকে, সৌসিদিনাখন বিশিষ্ট অৰ্থনীতিবিদ আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ মুৰব্বী ৰঘুৰাম ৰাজনে কৈছিল৷ তাকে নকৰি ভোটৰ স্বাৰ্থত কেৱল সংখ্যাগুৰু তোষণৰ ৰাজনীতি কৰিলে আমাৰ দেশৰ ঐক্য সংহতিয়ে যে বিপৰ্য্যস্ত হ’ব এনে নহয়, অৰ্থনীতিও অধঃপাতে যাব৷

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm
অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

অৰুণাচল সীমান্তত পুনৰ উত্তেজনা!  ‘ভেঁকোভাওনা’ চৰকাৰৰ সীমা-বিবাদ সমাধানৰ দাবী

September 7, 2025 3:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd