• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধী আৰু মহুৱা মৈত্ৰৰ প্ৰশ্নৰ কিয় উত্তৰ নিদিলে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
February 27, 2023 2:04 pm
167
VIEWS
Share on FacebookShare on Twitter

দুহেজাৰ চৈধ্য চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা মূল মানুহজন আছিল তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ আগেয়ে, মনমোহন সিঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে বাতৰিকাকতত প্ৰায় প্ৰতিদিনে দুৰ্নীতিৰ অভিযোগ ওলাইছিল।নিৰ্বাচনত নমাৰ আগতেই যেন কংগ্ৰেছে পৰাজয় বৰণ কৰিছিল।কোনো কোনো লোক সভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থী বিচাৰি উলিওৱাটোৱেই কংগ্ৰেছৰ বাবে সমস্যা হৈ পৰিছিল। তাৰ বিপৰীতে, দুৰ্নীতিৰ কথা কৈ নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ বিৰুদ্ধে ধুমুহাৰ দৰে এক বলিষ্ঠ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।বিজেপিৰ চৰকাৰ আহিলে ভাৰতত ‘ভাল দিন’ আহিব বুলি তেওঁ জনসাধাৰণৰ মাজত এক আশাৰ সঞ্চাৰ কৰিছিল।

এক সফল নিৰ্বাচনী প্ৰচাৰৰ অন্তত গুজৰাটলৈ উভতি যোৱাৰ আগতে, সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰাজনাথ সিঙৰ ঘৰত তেওঁক লগ ধৰি মোদীয়ে কৈছিলঃ “আপুনি মোক এটা দায়িত্ব দিছিল।সেই দায়িত্ব পালন কৰি মই এতিয়া ঘৰমুৱা হৈছোঁ।” নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ল।চাৰিওফালে বিজেপিৰ জয়জয়কাৰ অৱস্থা।এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধান মন্ত্ৰী হিচাপে শপত ল’বলৈ আহমেদাবাদৰ পৰা দিল্লীলৈ বিমানেৰে উৰা মাৰিলে।বিমানৰ ভিতৰলৈ সোমাই যোৱাৰ সময়ত তাত গোট খোৱা  জনতাক হাত জোকাৰি তেওঁ যে বিদায় লৈছিল-সেই ছবিখন এতিয়াও আমাৰ মনত আছে। তেওঁ উঠা বিমানখন আছিল আদানীৰ। আদানীৰ ব্যক্তিগত বিমানত উঠি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল’বলৈ দিল্লীলৈ আহিছিল।

তাৰ পিছত কি হ’ল আমি সকলোৱে দেখিলোঁ। ভাৰতলৈ কি ‘ভাল দিন’ আহিল সেইটোও আমি দেখিলোঁ। এতিয়া আমি আদানীৰহে ‘ভাল দিন’ দেখিছোঁ! আদানীৰ বিষয়ে ৰাহুল গান্ধীয়ে সংসদত কি ক’লে আমি শুনিলোঁ। মহুৱা মৈত্ৰৰ ভাষণো আমি শুনিলোঁ।তেওঁলোকে কোৱা কথাৰ লগত হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ কিমান মিল আছে সেইটোও দেখিলোঁ। ৰাহুল গান্ধীয়ে কোৱা কথাৰ সাৰাংশ কি? মন কৰিব, ২০১৪ত বিশ্বৰ ধনী মানুহৰ তালিকাত আদানীৰ স্থান আছিল ৬০৯ আৰু হিণ্ডেনবাৰ্গ প্ৰতিবেদন ওলোৱাৰ সময়ত আদানী আছিল বিশ্বৰ ৩ নম্বৰ ধনী মানুহ। উল্কাৰ দৰে হঠাৎ হোৱা আদানীৰ এই উত্থান- তাৰ ৰহস্য কি? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীষধন্য নোহোৱা হ’লে আদানীৰ এই উত্থান সম্ভৱ হ’লহেঁতেননে?

ৰাহুল গান্ধীয়ে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছিল। সাধাৰণতে দেখা যায় বহু বছৰৰ অভিজ্ঞতাৰ মূৰতহে মানুহে ব্যৱসায়িক সাফল্যৰ মুখ দেখে। কিন্তু আদানীৰ কাৰণে তেনে অভিজ্ঞতা, অধ্যৱসায়ৰ কোনো প্ৰয়োজন নাই। তেওঁ মন কৰিলেই চন। কাৰ সহায়ত, কি যাদুৰ  পৰশত আদানীয়ে এই শক্তি লাভ কৰিছে ? সকলোতে চৰকাৰে আদানীক ৰঙা দলিছা পাৰি নিদিলে তেওঁ এইটো কৰিব পাৰিলেহেঁতেননে? ৰাহুল গান্ধীয়ে আৰু এটা কথা কৈছিল।ভাৰতৰ বৈদেশিক নীতিৰ কি হৈছে? আজি প্ৰধানমন্ত্ৰী ইজৰাইললৈ গৈছে। তাত আদানীৰ লগত ইজৰাইলৰ ব্যৱসায়িক চুক্তি হৈছে। কাইলৈ তেওঁ বাংলাদেশ বা শ্ৰীলংকালৈ গৈছে। তাতো আদানীৰ লগত ব্যবসায়িক লেনদেন হৈছে। মাজতে আদানীক বিদ্যুৎ উৎপাদনৰ ঠিকা দিবলৈ শ্ৰীলংকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতিৰ ওপৰত প্ৰধান মন্ত্ৰী মোদীয়ে হেঁচা প্ৰয়োগ কৰাৰ কথাও ওলাইছিল। ৰাহুল গান্ধীয়ে প্ৰধান মন্ত্ৰীক তেখেতৰ বিদেশ ভ্ৰমণ সম্পৰ্কে প্ৰশ্ন কৰিছিল- Pradhan Mantriji, How many times Adaniji join you later on a visit? How many times Adaniji travelled to a country immediately after you visited the country? How many times Adaniji bagged a contract in a foreign country after you visited the country?” অতি সহজ প্ৰশ্ন।

ৰাহুল গান্ধীৰ ভাষণৰ পিছত তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰই একে ধৰণৰ প্ৰশ্ন লোক সভাত উত্থাপন কৰিছিল আৰু আদানীয়ে কেনেকৈ সকলোৰে চকুত ধূলি মাৰি নিজৰ কাম হাচিল কৰিছিল তাকো অতি সুন্দৰকৈ দাঙি ধৰিছিল।দুবছৰ জোৰা গৱেষণাৰে প্ৰস্তুত কৰা হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ পাতে পাতে তথ্য-প্ৰমাণ সহ আদানীৰ জালিয়াতিৰ কথা সবিস্তাৰে উল্লেখ আছে। লগতে এইটোও কোৱা হৈছে যে জালিয়াতিৰ সকলো তথ্যপাতি আৰু প্ৰমাণ পোৱা সত্বেও কিন্তু ভাৰত চৰকাৰে আদানী গোষ্ঠীৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। নাইবা চৰকাৰৰ এটা বিভাগে যদি কিবা ব্যৱস্থা ল’ব বিচাৰে অইন এটা বিভাগে তাত বিধিপথালি দিয়েহি (In virtually all these cases, despite what appears to be extensive evidence of wrongdoing, including documents, witnesses, and bank records, relevant investigations were eventually stonewalled or delayed by various other arms of the Indian government.)

প্ৰশ্নটো হৈছে হিণ্ডেনবাৰ্গ প্ৰতিবেদন ওলোৱাৰ পাছত এই সম্পৰ্কে আদানীৰ প্ৰতিক্ৰিয়া কি আছিল? আদানীয়ে এই প্ৰতিবেদন ভিত্তিহীন আৰু মিছা বুলি কৈছিল।হিণ্ডেনবাৰ্গৰ ফালৰ পৰা আদানীক ৮৪ টা প্ৰশ্ন কৰা হৈছিল। তাৰ কোনো স্পষ্ট আৰু পোনপতীয়া উত্তৰ আদানীয়ে দিব পৰা নাছিল।ৰাহুল গান্ধী আৰু মহুৱা মৈত্ৰই সংসদত উত্থাপন কৰা প্ৰশ্নবোৰৰ ভিত্তি আছিল হিণ্ডেনবাৰ্গ প্ৰতিবেদন। আমি আশা কৰিছিলোঁ সন্মানীয় প্ৰধান মন্ত্ৰীয়ে তেখেতৰ ভাষণত এই প্ৰশ্নবোৰৰ সঠিক উত্তৰ দিব।কিন্তু পৰিতাপৰ কথা যে প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ভাষণত ঘূণাক্ষৰেও সেই কথাবোৰ উল্লেখ নকৰিলে।আদানীৰ দৰে তেৱোঁ এই অভিযোগবোৰ ভুৱা আৰু ভিত্তিহীন বুলি দায়সৰা উত্তৰ দিলে।তেখেতে বীৰ দৰ্পে ঘোষণা কৰিলে যে সদনত তেখেতৰ বিৰুদ্ধে আক্ৰমণ কৰি লাভ নাই।কিয়নো তেখেতৰ ৰক্ষা কবচ হৈছে ভাৰতৰ ১৪০ কোটি মানুহৰ সমৰ্থন।পিছে তেওঁ পাহৰি গ’ল যে বিজেপিয়ে পোৱা ভোটৰ পৰিমাণ ৩০%হে। গতিকে তেওঁ দেশৰ প্ৰধান মন্ত্ৰী হ’লেও, তেওঁক দেশৰ ৯৮ কোটি মানুহে সমৰ্থন দিয়া নাই। সামান্য সন্দেহতে ৰাজনৈতিক নেতাৰ পিছত ই ডি লগাই দিয়া নৰেন্দ্ৰ মোদী চৰকাৰে পৰ্বত প্ৰমাণ সাক্ষ্য-প্ৰমাণ পোৱাৰ পিছতো এতিয়ালৈকে আদানীৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাই।পক্ষপাতিত্বৰ ইয়াতকৈ আৰু কি ডাঙৰ উদাহৰণ লাগে?

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd