অসমৰ মুখ্যমন্ত্ৰীয়ে এইবোৰ কি কৈছে ?

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাত-কথা, আচৰণ কেনে হোৱা উচিত? মুখ্যমন্ত্ৰী এজনৰ ব্যক্তিগত জীৱন এটা থাকিবনে নাই? মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত পাৰ্থক্য থাকিবনে নাথাকে? মুখ্যমন্ত্ৰী এজনৰ মাত-কথা, আচৰণ  কেনে হোৱা উচিত, এই বিষয়ে, আমি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটোলৈ চালেই হ’ল।কিয়নো মুখ্যমন্ত্ৰী হিচাপে কৰা তেওঁৰ প্ৰথম কামটো হৈছে ভাৰতৰ সংবিধানৰ প্ৰতি ৰাজহুৱাকৈ নিজৰ আনুগত্য প্ৰকাশ কৰাটো।সংবিধানৰ নামত শপত লোৱাৰ অৰ্থই হৈছে সাংবিধানিক প্ৰমূল্যবোৰক অগ্ৰাধিকাৰ দিয়া, তেওঁৰ ৰাজহুৱা কথা-বতৰা আৰু আচৰণত সেইবোৰক গুৰুত্ব দিয়া। আৰু এটা কথা, মুখ্যমন্ত্ৰী এজনে বিধানসভাৰ ভিতৰে/বাহিৰে সদায় বিধানসভাৰ মৰ্যাদা হানি কৰা কোনো কাম কৰিব নালাগিব।তাতো সংবিধানৰ কথাটো আহিব।সংবিধান হ’ল নীতি, আদৰ্শৰ কথা, কিন্তু সংসদ বা বিধানসভা হ’ল সেই নীতি-আদৰ্শৰ অনুশীলন ক্ষেত্ৰ।

এই অনুশীলনৰ আধাৰ কি? এই অনুশীলনৰ আধাৰো সংবিধান আৰু তথ্য আৰু সত্য। সৌসিদিনা চৰকাৰে বাজেটৰ অতিৰিক্ত আৱন্টন বিচাৰি দাখিল কৰা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰোঁতে আম আদমি পাৰ্টিৰ ৰাঘৱ চাধাই চৰকাৰক তীব্ৰ সমালোচনা কৰা প্ৰসংগত ৰাজ্য সভাৰ অধ্যক্ষ আৰু ভাৰতৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধানখৰে চাধাক উদ্দেশ্য কৰি কৈছিল-“আপুনি জানেতো সদনৰ ভিতৰত কোৱা কথাৰ বাবে আপুনি জবাবদিহি” অৰ্থাৎ সদনৰ ভিতৰত যিকোনো কথা ক’ব নোৱাৰি।সাংবিধানিক প্ৰমূল্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কেৱল তথ্যগতভাবে সত্য কথাহে সদনত কোৱা উচিত।

এতিয়া আহোঁ, আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ৰাজহুৱা আচৰণ আৰু কথা-বতৰালৈ। বাঘ হাজৰিকাৰ কথা নকওঁ।সেই বিষয়ে সুকীয়াকৈ আলোচনাৰ প্ৰয়োজন আছে।ইয়াত মাত্ৰ তিনিটা উদাহৰণ দিওঁ।আজি কেইদিনমান আগতে উলুবাৰীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলৰ লগত আলোচনা কৰি থকা সময়ত মুখ্যমন্ত্ৰীয়ে কি কৈছিল?

তেওঁ কৈছিলঃ “সাতগাঁৱৰ অ’চিলৈ মোৰ ছোৱালী বিয়া দিয়া নাই। তদন্ত হ’বই।” এজন মুখ্যমন্ত্ৰীৰ মুখত এখন গুৰুত্বপূৰ্ণ চৰকাৰী পৰ্যালোচনা সভাত এনে ভাষাই কি সূচায়? তেওঁ ইয়াত কি সূত্ৰে ঘটনাটোৰ লগত কোনো ধৰণে জড়িত নোহোৱা তেওঁৰ কন্যাক টানি আনিলে? আনহাতে সাতগাঁৱৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনৰ যি দোষেই নাথাকক কিয় তেওঁৰ প্ৰতি মুখ্যমন্ত্ৰীজনৰ এই ভাষা কি ৰুচিৰ পৰিচায়ক? ভাৰতীয় জনতা পাৰ্টিয়ে সততে সংস্কৃতি আৰু সংস্কাৰৰ কথা কয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষা কি সংস্কৃতি আৰু সংস্কাৰৰ পৰিচায়ক? আমি আমাৰ ল’ৰা-ছোৱালীক এনে ভাষা আৰু আচৰণ শিকামনে? ৰাজ্যৰ পুলিচ প্ৰশাসন আৰু অসামৰিক প্ৰশাসনৰ বৰমূৰীয়া সকলে কথাটো মন কৰিছেনে নাই কৰা? আৰু আমাৰ মহিলা সংগঠন বা নাৰী অধিকাৰৰ পৰাকাষ্ঠা কৰা সংগঠন আৰু ব্যক্তিসকলে কিয় কথাটোৰ প্ৰতিবাদ কৰা নাই? কথাটোৰ আৰু এটা দিশ আছে।মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হ’লে তাৰমানে অপৰাধ কৰিলেও কোনো কথা নাই!

এতিয়া আহিছোঁ, ধানখৰ মহোদয়ে সেইদিনা ৰাজ্য সভাত ৰাজ্য সভাৰ সদস্য সকলক শুনোৱা সতৰ্কীকৰণৰ বিষয়ে। আকৌ কৈছোঁ, তেওঁ কৈছিল সদনত কোৱা কথাৰ বাবে সদস্য সকল জবাবদিহি।অলপতে স্বামী বিবেকানন্দৰ জয়ন্তী সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে কোৱা কথা এষাৰ আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ।মুখ্যমন্ত্ৰীয়ে কি কৈছিল? তেওঁ কৈছিল যে স্বামী বিবেকানন্দ হেনো ২০০১ চনৰ ১৭ এপ্ৰিলত অসমলৈ আহিছিল।তেতিয়া হেনো তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল আৰু তিনি দিন অসমত আছিল।

স্বামী বিবেকানন্দৰ জন্ম হৈছিল ১৮৬৩ চনৰ ১২ জানুৱাৰীৰ দিনা আৰু তেওঁৰ মৃত্যু হৈছিল ১৯০২ চনৰ ৪ জুলাইৰ দিনা। তেন্তে, শৰ্মা ডাঙৰীয়াই স্বামী বিবেকানন্দৰ বিষয়ে এইবোৰ কথা ক’ত পালে ? আৰু আজি পৰ্যন্ত অসম চৰকাৰ বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এই বিষয়ে কিয় সম্পূৰ্ণ নিমাত।আনকি প্ৰচাৰ মাধ্যমো এই ক্ষেত্ৰত নীৰৱ।এইটো বৰ আচৰিত আৰু আচহুৱা কথা নহয়নে? মানে ঐতিহাসিক তথ্য আৰু সত্যৰ লগত কোনো সম্পৰ্ক নথকাকৈ নিজৰ সুবিধাৰ বাবে আমি যি কোনো কথা মনে সাজি কৈ দিব পাৰোঁ, তাৰ বাবে আমাৰ কাৰো ওচৰত কোনো দায় দায়িত্ব নাই? এইটো এটা অদ্ভুত কথা নহয়নে? তাৰমানে মন গ’লে অসমৰ মুখ্যমন্ত্ৰীজনে মিছাক সঁচা কৰিব পাৰে, সঁচাক মিছা কৰিব পাৰে। তাৰ বাবে তেওঁ কাৰো ওচৰত কোনো কৈফিয়ৎ দিয়াৰ প্ৰয়োজন নাই।তেওঁৰ মুখৰ কথাই সত্যৰ মৰ্যাদা পাব।

আজি পুৱা আৰু এটা অদ্ভুত বিজ্ঞাপন আমি বাতৰিকাকত সমূহত দেখিবলৈ পালোঁ। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা প্ৰচাৰ কৰা বিজ্ঞাপনত কোৱা হ’লঃ “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰী গৰাকীলৈ অসমবাসীৰহৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।ডঃ হিমন্ত বিশ্ব শৰ্মা , মুখ্যমন্ত্ৰী, অসম” এইবাৰ মুখ্যমন্ত্ৰীৰ নামত জনসংযোগে জ্যোতিপ্ৰসাদৰ মৃত্যু দিৱসক জন্মদিৱসলৈ ৰূপান্তৰিত কৰিলে।বৰ অদ্ভুত আৰু আচৰিত কথা নহয়নে এইবোৰ! মন কৰিব, এইবোৰ আমি দেখা বা আমাৰ চকুত পৰা কথা, আমাৰ চকুত নপৰাকৈ ৰাজ্য প্ৰশাসনত কি মইমতালি চলি আছে জনাই জানে।

ইতিহাসত শাসকৰ মিথ্যাচাৰ আৰু অপশাসনৰ পৰ্বত প্ৰমাণ উদাহৰণ পোৱা যায়।সেই উদাহৰণবোৰ ঐতিহাসিক, সমাজ-বিজ্ঞানী আৰু ৰাজনীতি-বিজ্ঞানী সকলে আলোচনা কৰে সেইবোৰক যুক্তিসংগত বুলি প্ৰমাণ কৰিবলৈ নহয়; সেই বিপৰ্যয়বোৰ ইতিহাসত কিয় আৰু কেনেকৈ হ’বলৈ পালে তাক ফঁহিয়াই দেখুৱাবলৈহে। সেইবোৰ এফালৰ পৰা  চিকিৎসা বিজ্ঞানৰ জটিল ৰোগৰ অধ্যয়নৰ দৰে।সেইবোৰ মনোযোগ দি অধ্যয়ন কৰিব লাগে তাৰ নিৰাময়ৰ চিন্তা কৰিহে। ভৱিষ্যতে প্ৰশ্ন উঠিব- হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে যি মন যায় কিয় কৰিব পাৰিছিল? তেতিয়া তেওঁৰ চৰকাৰৰ বৰিষ্ঠ পদাধিকাৰী সকলে কি কৰিছিল, তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ সকলৰ, বিৰোধী ৰাজনৈতিক দলৰ, নাগৰিক সমাজৰ বা প্ৰচাৰ মাধ্যমৰ কি ভূমিকা আছিল? তেওঁলোকে কিয় এইবোৰ বাধা দিব পৰা নাছিল।বা কোনোবাই তাৰ সমালোচনা কৰিছিল যদিও কেনেকৈ মুখ্যমন্ত্ৰীজনে সেইবোৰ হেলাৰঙে আওকাণ কৰিব পাৰিছিল?এইবোৰ হ’ব ভৱিষ্যতৰ ঐতিহাসিক, সমাজ-বিজ্ঞানী আৰু ৰাজনীতি-বিজ্ঞানী সকলৰ আলোচনাৰ বিষয়।