• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তামিলনাডু বিধানসভাৰ অশোভনীয় পৰিস্থিতিয়ে কি ইংগিত দিয়ে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 24, 2023 7:49 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৯ জানুৱাৰীৰ দিনা তামিলনাডু বিধানসভাত এক অশোভনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। কথাটো অলপ পুৰণি হ’লেও গুৰুত্বপূৰ্ণ আৰু এতিয়াও প্ৰাসংগিক। সেইদিনা ৰাজ্যপাল আৰ এন ৰবিয়ে বিধানসভা অধিবেশন মুকলি কৰি দিয়া ভাষণত লিখিত পাঠৰ পৰা আঁতৰি গৈ তাত নথকা কথা কোৱা কাৰণে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰিছিল। তেওঁৰ ভাষণৰ ঠিক পিছতে তামিলনাডু বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰি কোৱা  হৈছিল যে কেৱল লিখিত ভাষণৰ কথাখিনিহে  বিধানসভাৰ বিৱৰণীত উল্লেখ থাকিব। মৌখিকভাবে কোৱা কথাখিনি তাৰ পৰা বাদ দিয়া হ’ব। তামিলনাডু বিধানসভাত এই প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছতে, প্ৰচলিত পৰম্পৰা উলংঘা কৰি ৰাজ্যপাল ৰবি বিধানসভাৰ পৰা উচাৎ মাৰি ওলাই গৈছিল।

এই ঘটনাটোৰ আমি কি অৰ্থ কৰিম? ইয়াত কোন সঠিক, কোন বেঠিক? সেই সিদ্ধান্তলৈ অহাৰ আগতে আমি ৰাজ্যপালৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে জানিব লাগিব। ৰাজ্যপালৰ কৰ্তব্য আৰু দায়িত্ব দুই ধৰণৰ, এটা হ’ল সাংবিধানিক দায়িত্ব (Constitutional responsibilities) আৰু আনটো হ’ল নিজৰ বিচাৰ বিবেচনা মতে  সিদ্ধান্ত লোৱাৰ ক্ষমতা (Discretionary power)। প্ৰথমটোৰ ভিতৰত কি পৰে? কেন্দ্ৰ চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তত যেনেকৈ ৰাষ্ট্ৰপতিৰ অনুমোদনৰ প্ৰয়োজন, ঠিক তেনেদৰে  ৰাজ্য চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্তত ৰাজ্যপালৰ অনুমোদনৰ প্ৰয়োজন। কেন্দ্ৰ চৰকাৰৰ আনুষ্ঠানিক মুৰব্বী যেনেকৈ ৰাষ্ট্ৰপতি ৰাজ্য চৰকাৰৰ আনুষ্ঠানিক মুৰব্বী তেনেকৈ ৰাজ্যপাল।এতিয়া আহিল ৰাজ্যপালে নিজৰ বিবেচনা মতে লোৱা সিদ্ধান্তৰ কথা। বিধানসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত কোনটো দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছে তাক লৈ যদি কিবা সন্দেহ ওপজে  বা মত পাৰ্থক্য হয়, তেতিয়া ৰাজ্যপালে  নিজৰ বিচাৰবুদ্ধি প্ৰয়োগ কৰি  কাক চৰকাৰ গঠন কৰিবলৈ মাতিব বা কাক নামাতিব সেই সিদ্ধান্ত ল’ব লাগিব। ঠিক তেনেদৰে কেতিয়াবা যদি কোনো এটা দলৰ চৰকাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা হেৰুৱায়, তেতিয়া তেওঁ তাত ৰাষ্ট্ৰপতিৰ শাসনৰ চুপাৰিচ কৰিব পাৰে বা তাৰ বিকল্পৰ অনুসন্ধান কৰিব পাৰে।

এতিয়া আহোঁ, তামিলনাডু বিধানসভাত ঘটা অস্বাভাবিক ঘটনাটোলৈ। তাৰ আগতে এটা কথা উল্লেখ কৰি থোৱা ভাল।ৰাজ্যপালৰ নিযুক্তি দিয়ে কেন্দ্ৰ চৰকাৰে।আমি প্ৰায়ে দেখোঁ কেন্দ্ৰত চৰকাৰত থকা দলটো যদি ৰাজ্যত নাথাকে তেতিয়া বিভিন্ন বিষয়লৈ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাতৰ সৃষ্টি হয়। এতিয়া বিজেপি চৰকাৰৰ দিনত এই সংঘাত তুংগত। দিল্লী, কেৰেলা, পঞ্জাৱ, সৌ সিদিনালৈ পশ্চিমবংগ আৰু এতিয়া তামিলনাডুত আমি সেই সংঘাত দেখা পাইছোঁ।

বিধানসভাৰ অধিবেশন মুকলি কৰি দিয়া ৰাজ্যপালৰ ভাষণ প্ৰকৃততে চৰকাৰৰ নীতি আৰু কৰ্মসূচীৰ খচৰা। ৰাজ্য প্ৰশাসনৰ সাংবিধানিক মুৰব্বী হিচাপে ৰাজ্যপালে বিধানসভাত সেইখন উত্থাপনহে কৰে। কিন্তু, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা অঁৰিয়াঅৰিৰ বাবে ৰাজ্যপালে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি দিয়া ভাষণ যথাযথভাবে পাঠ কৰা নকৰালৈ ইতিমধ্যে বহু বিতৰ্ক হৈছে। আৰু সেইবোৰত সময়ে সময়ে ন্যায়পালিকাই হস্তক্ষেপ কৰিবলগাও হৈছে। সেই আটাইবোৰ বিতৰ্কৰ সাৰাংশ এইটোৱে যে ৰাজ্যপালৰ ভাষণত কিছুমান অপৰিহাৰ্য (essential) অংশ থাকে আৰু আন কিছুমান এনে কথা থাকে যিবোৰ পঠিত বুলি ধৰিলেই হৈ যায়।

এতিয়া প্ৰশ্নটো হ’ল আৰ এন ৰবিয়ে তেওঁৰ ভাষণৰ পৰা বাদ দি থোৱা অংশটো তামিলনাডু চৰকাৰৰ কাৰণে এটা নীতি বা আদৰ্শৰ কথা আছিল নে সাধাৰণ কিবা এটা বৰ্ণনাত্মক কথা আছিল? ৰাজ্যপাল ৰবিয়ে বাদ দি থোৱা কথাখিনি আছিলঃ “Following the principles and ideals of stalwarts like Thanthai Periyar,Annal Ambedkar, Perunthalaviar Kamarajar, Perarignar Anna and Muthamizh Arignar Kalaingnar, this government has been delivering the much acclaimed Dravidian Model of Governance to its people.” অৰ্থাৎ ইয়াত পেৰিয়াৰ, আম্বেদকাৰ, কামৰাজ আৰু কৰুণানিধিৰ আদৰ্শৰ কথা কোৱা হৈছে। এইখিনি কথাৰ পৰা স্পষ্টকৈ ওলাই পৰিছে যে তামিলনাডুৰ বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিম্নবৰ্গৰ উন্নতিৰ ওপৰত অগ্ৰাধিকাৰ দিয়া প্ৰশাসনৰ কথা কোৱা হৈছে। সেইটো হৈছে ডি এম কে চৰকাৰৰ মূল লক্ষ্য। ৰাজ্য চৰকাৰখনৰ কাৰণে যিটো মূল গুৰুত্বৰ কথা সেইটোকে যদি চৰকাৰৰ সাংবিধানিক মুৰব্বী, ৰাজ্যপালে তেওঁৰ ভাষণৰ পৰা বাদ দি থয় তেন্তে কি হ’ল? চৰকাৰখনকে হেয় কৰা নহ’লনে? সেইটো কৰাৰ কৰ্তৃত্ব বা অধিকাৰ ৰাজ্যপালৰ আছেনে? সেইটো কৰাৰ অৰ্থ হ’ল ৰাজ্যৰ স্বাৰ্থত কেন্দ্ৰৰ দেখদেখ হস্তক্ষেপ, যিটো আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আৰু পৰম্পৰাৰ সম্পূৰ্ণ পৰিপন্থী।গতিকে কথাটো এইটো হৈছে যে ৰাজ্যপালে ৰাজ্যখনৰ সাংবিধানিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সলনি কেন্দ্ৰ চৰকাৰৰ আদৰ্শ আৰু আধিপত্যহে ৰাজ্য চৰকাৰৰ ওপৰত জাপি দিব বিচাৰিছে।সেই কাৰণেই অবিজেপি চৰকাৰ থকা প্ৰায় প্ৰতিখন ৰাজ্য চৰকাৰৰ লগতে ৰাজ্যপাল সকলৰ বিৰোধ আৰু মতানৈক্য আৰম্ভ হৈছে।এইটো আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ প্ৰতি এক ভাবুকি।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

জন্ম শতবৰ্ষত সুধাকন্ঠৰ সপোন বাস্তৱত ৰূপায়ন কৰা উচিত : অজিত কুমাৰ ভূঞা

September 9, 2025 3:56 pm
নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ টোপ! আদিবাসী জাতিৰ প্ৰমাণপত্ৰ সমস্যা সমাধানৰ ঘোষণা অসমৰ মুখ্যমন্ত্ৰীৰ

September 9, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

ঈদ মিলাদ অনুষ্ঠানত ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান! ক’ত এই বিতৰ্ক?

September 9, 2025 5:29 pm
কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

কুলগ্ৰামত সেনা-সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী : দুই সন্ত্ৰাসবাদীৰ লগতে নিহত দুই সেনা জোৱান

September 9, 2025 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd