মৰতত অমৃতৰ সন্ধান নাই। জন্মিলে মৰিব লাগে এয়াই জীৱ জগতৰ বাবে চিৰন্তন সত্য। মানুহে সকলো মায়া এৰি এদিন গুচি যাব লাগে। কাৰণ আমাৰ কোনোৱেই চিৰদিন জীয়াই নাথাকে। এইটো কেৱল মানুহৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ জীৱ জগতৰ বাবে এক নিষ্ঠুৰ সত্য। কিন্তু অতি সোনকালে এই সত্য সলনি হ’বলৈ গৈ আছে! তেতিয়াহ’লে ভৱিষ্যতে মানৱ জাতিয়ে অমৰত্ব লাভ কৰিবলৈ গৈ আছে নেকি?
শেহতীয়াকৈ এজন বিজ্ঞানীৰ গৱেষণাত এনে অদদ্ভুত তথ্যই পোহৰলৈ আহিছে। সেই তথ্য যেতিয়া বিয়পি পৰাৰ লগে লগে ইন্টাৰনেট জগতত আলোড়নৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত চীন আৰু বাংলাদেশৰ অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া সম্পৰ্কে বক্তৃতানুষ্ঠান
গুগলৰ এজন প্ৰাক্তন বিজ্ঞানীৰ ভৱিষ্যদ্বাণী যদি সঁচা হয়, তেন্তে ই সমগ্ৰ মানৱ সভ্যতাক সলনি কৰিব পাৰে। আমি যুগ যুগ ধৰি জন্ম-মৃত্যুৰ বিষয়ে যি দেখিছো আৰু শুনিছো, সেয়া সলনি হ’ব নেকি? সেই ভৱিষ্যদ্বাণী কি? ১৪৭টা ভৱিষ্যদ্বাণী ৮৫ শতাংশতকৈ অধিক শুদ্ধ বুলি প্ৰমাণিত হোৱা ৰে কুৰ্জৱেইলে ২০২৯ চনৰ ভিতৰত মানুহ অমৰ হৈ পৰিব বুলি ভৱিষ্যদ্বাণী কৰিছে।
৭৫ বছৰীয়া কম্পিউটাৰ বিজ্ঞানীগৰাকীয়ে দীৰ্ঘদিন ধৰি বিভিন্ন বিষয়ৰ ওপৰত গৱেষণা কৰি আহিছে। মূলতঃ জেনেটিক্স, নেন’টেকন’লজী, ৰবটিক্স আদিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি মানুহৰ অমৰত্বৰ ভৱিষ্যদ্বাণী কৰা হৈছে। যিটো শেহতীয়াকৈ চেনেল আডাজিঅ’ নামৰ এটা ইউটিউব ভিডিঅ’ত পোষ্ট কৰা হৈছিল।
২০০৫ চনত লিখা ‘The Singularity is Near’ নামৰ গ্ৰন্থখনত কুৰ্জৱেইলে মানুহৰ অমৰত্বৰ বিষয়ে বাতৰি প্ৰকাশ কৰিছিল। সেই ক্ষেত্ৰত নেন’টেকন’লজীৰ উন্নতিৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে মানুহে চিৰদিন জীয়াই থাকিব পাৰিব। তেওঁ কয় যে ‘’২০২৯ চনত মই ভৱিষ্যদ্বাণী কৰিছো যে কেতিয়া এআইয়ে বৈধ টুৰিং পৰীক্ষাত উত্তীৰ্ণ হ’ব আৰু সেয়েহে মানৱ বুদ্ধিমত্তা লাভ কৰিব।‘’
লগতে পঢ়ক: শিৱসেনা উদ্ধৱ শিবিৰৰ সাংসদ সঞ্জয় ৰাউতক AK-47-ৰে উৰুৱাই দিয়াৰ ভাবুকি
শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কুৰ্জৱেইলে লগতে কয় যে নেন’টেকন’লজী আৰু ৰবটিক্সৰ ফলত ‘নেন’বট’, এনে মানুহৰ সৃষ্টি হ’ব যিয়ে ক্ষতিগ্ৰস্ত কোষ আৰু কলা মেৰামতি কৰিব। ফলত বিজ্ঞানীগৰাকীয়ে বিশ্বাস কৰে যে মানুহে মাৰাত্মক ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
কুৰ্জৱেইলৰ ভৱিষ্যদ্বাণীক লৈ এইটোৱেই প্ৰথম চাঞ্চল্য নহয়। ইয়াৰ পূৰ্বে তেওঁ বিভিন্ন সময়ত চাঞ্চল্যকৰ তথ্যৰে শিৰোনাম দখল কৰিছিল। উদাহৰণস্বৰূপে, ২০০০ চনৰ ভিতৰত বিশ্বৰ শ্ৰেষ্ঠ দবা খেলুৱৈজন কম্পিউটাৰৰ হাতত পৰাস্ত হ’ব, যিটো ১৯৯৭ চনত ক্ৰ’ৱেচিয়াৰ গেৰী কাছপাৰ’ভ কম্পিউটাৰ ডিপ ব্লুৰ হাতত পৰাস্ত হোৱাৰ সময়ত সত্য বুলি প্ৰমাণিত হৈছিল।
লগতে পঢ়ক: পৰ্ণ তাৰকাক মুখ বন্ধ কৰিবলৈ ধন দিয়াৰ অভিযোগ; আত্মসমৰ্পণৰ বাবে সাজু ড’নাল্ড ট্ৰাম্প
কিন্তু যদি অমৰত্বৰ ভৱিষ্যদ্বাণী সত্য হয়, তেন্তে ভৱিষ্যতে মানুহ অমৰ হ’বলৈ গৈ আছে নে নাই সেয়া লক্ষ্যণীয় হৈ পৰিছে।