NORTHEAST NOW (Assamese)

এজন ‘ব্যতিক্ৰম’ প্ৰাৰ্থী; দুটা নিৰ্বাচনত এহেজাৰো ভোট নোপোৱা ভাস্কৰ শৰ্মাই দেখিছে জয়ৰ ৰেঙনি

March 31, 2019 10:22 pm · কল্পজ্যোতি শইকীয়া
Updated: March 31, 2019 10:25 pm
ভাস্কৰ শৰ্মা।

লোকসভা নিৰ্বাচনৰ এগৰাকী ‘ব্যতিক্ৰম’ প্ৰাৰ্থী। নাম তেওঁৰ ভাস্কৰ শৰ্মা। ১১ নং কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়াইছে তেওঁ। তেওঁৰ ঘৰ কলিয়াবৰ মহকুমাৰ কাঠপাৰ সত্ৰত।

ইতিমধ্যে দুটাকৈ নিৰ্বাচনত (পঞ্চায়ত আৰু বিধান সভা) লাভ কৰা ভোটৰ সংখ্যাই হাজাৰৰ ঘৰ স্পৰ্শ নকৰিলেও তেওঁৰ মনক হাৰ মনাব পৰা নাই।

কোনো নিৰ্বাচনত তেওঁক সমৰ্থন জনোৱা লোকৰ সংখ্যাই ৫০-অৰ ঘৰো স্পৰ্শ নকৰিলে তেওঁ পুনৰ অন্য কোনো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাটোৱেই স্বাভাৱিক। আনকি মন মেলিলেও পূৰ্বৰ অভিজ্ঞতাই হতাশ কৰিব পাৰে ব্যক্তিজনক। কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত কলিয়াবৰৰ ভাস্কৰ শৰ্মা।

ভাস্কৰ শৰ্মাই আমাক জনোৱা অনুসৰি ২০০৮ চনত পঞ্চায়ত নিৰ্বাচনত তেওঁ লাভ কৰিছিল মাত্ৰ ৪৯টা ভোট। তথাপি তেওঁ হতাশ নহ’ল। সম্পূৰ্ণ ৮ বছৰ বিৰতিৰ মূৰত ২০১১ চনত তেওঁ পুনৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়ালে ৮৯ নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা। কিন্তু লাভ কৰিলে মাত্ৰ ৭৯৬টা ভোট। ইয়াতো তেওঁ হতাশ নহ’ল। বৰং পঞ্চায়ত নিৰ্বাচনৰ পৰা তেওঁৰ ভোটৰ সংখ্যা বৃদ্ধি পোৱা দেখি উৎসাহিত হয় আৰু তাৰ ভিত্তিতে পুনৰ মন মেলিছে লোকসভা নিৰ্বাচনলৈ।

কেৱল সেয়াই নহয়, কংগ্ৰেছৰ প্ৰাৰ্থী তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত তথা অন্যান্য সকলো প্ৰাৰ্থীতকৈ আগত মনোনয়ন পত্ৰ দাখিল কৰে শৰ্মাই। লগতে এইবাৰ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পাইছে প্ৰাৰ্থীজনে।

“পঞ্চায়ত নিৰ্বাচন খেলিলো, হাৰিলো। তাৰ পাছত ভাবিলো বিধানসভাৰটো খেলি চাওঁ। তাতো হাৰিলো। সেই কাৰণে এইবাৰ লোকসভাটো খেলি চালো। মই এইবাৰ বহু ভাল ফলাফল আশা কৰিছো। মোৰ হিচাপত এইবাৰ মই ওলাই যাব লাগে” আশাবাদী প্ৰাৰ্থীজনৰ নৰ্থ ইষ্ট নাওৰ আগত ভাষ্য।

ইয়াৰোপৰি তেওঁৰ বৰ্তমান ৰাজযোগ চলি আছে বুলি দাবী প্ৰাৰ্থীগৰাকীৰ।

তেওঁ কয়, “মোৰ ৰাজযোগ চলি আছে। মই নিজে এগৰাকী জ্যোতিষী। মোৰ মনে কৈছে আৰু জিকিম জিকিম লাগিছে।”

মন কৰিবলগীয়া যে, ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ পূৰ্বে বহুকেইটা ইচ্ছ্যু লৈ প্ৰাৰ্থী লৈ ৰাইজৰ কাষ চপাৰ চেষ্টা কৰে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় ভাস্কৰ শৰ্মা। “মোৰ বহুত ইচ্ছ্যু আছে। প্ৰথম কাজিৰঙাৰ গঁড় সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ, অধিক পৰিমাণত বিশেষ সুৰক্ষা কৰ্মীৰ নিয়োগ আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ হৈছে মোৰ মূল ইচ্ছু।” নিৰ্বাচনী ইচ্ছ্যুক লৈ এই মন্তব্য শৰ্মাৰ।

লক্ষণীয় কথা যে, কবিতাৰ চৰ্চাৰ সৈতে জড়িত হৈ থকা ভাস্কৰ শৰ্মা ইমানো টনকিয়াল নহয়। এই কথা প্ৰমাণিত হৈছে তেওঁ দাখিল কৰা শপত নামাত।

অন্যান্য নগন্য সম্পত্তিৰ ওপৰিও শপতনামাত উল্লেখ থকা অনুসৰি তেওঁৰ হাতে জমা ধনৰ পৰিমাণ মাত্ৰ ১০ হাজাৰ টকা।

Related News