অসমতে এখন ব্যতিক্ৰমী বিবাহ: ঘোঁৰাত উঠি আহিল দৰা; কইনা আহিল দোলাত

Screenshot_2020-02-08-22-32-51-164_com.mxtech.videoplayer.ad

ফটো: নৰ্থইষ্ট নাও

এখন ব্যতিক্ৰমী বিবাহক লৈ সম্প্ৰতি গোৱালপাৰাৰ কৃষ্ণাই সৰ্বত্ৰে  চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷ নামী দামী গাড়ীৰ সলনি এইবাৰ বিবাহ কৰাবলৈ  দৰা আহিল ঘোঁৰাত,  দৰাই কইনাক লৈ গল দোলাত ৷

সচৰাচৰ নোহোৱা এই বিবাহখনত ভাগ লৈ ওলাই আহিল আত্মীয়-স্বজনৰ লগতে আন বহুজনেই ৷ দৰাৰ লগতে বৰযাত্ৰীও নাচিবাগি আহিলে কইনাৰ ঘৰলৈ ৷

এক সুন্দৰ পৰিবেশ যেন বলিউদৰ এখন চিনেমাহে চলি আছে ৷ বৰযাত্ৰীৰ কথা বাদেই বিবাহ যাত্ৰীৰ নাচ দেখি ৰব নোৱাৰি বাটৰুৱাও এপাক নাচিলে বিবাহযাত্ৰীৰ লগত ৷

মুঠতে এক অভাৱনীয় পৰিবেশৰ মাজতে শনিবাৰে সম্পন্ন হল “আতিকুত- সোণপাহি“ৰ বিবাহ।

ফটো: নৰ্থইষ্ট নাও

দৰা আছিল কৃষ্ণাই মোলানডুবীৰ আতিকুল ইছলাম আৰু কইনা নয়াপাৰাৰ সোণপাহি ৷

সম্প্ৰতি চলি থকা ব্যৱস্থাৰ বিপৰীতে একপ্ৰকাৰ ৰজা দিনীয়া প্ৰথাৰে সম্পন্ন হ’ল আতিকুল-সোণপাহিৰ বিবাহ।

ব্যতিক্ৰমী এই বিবাহ খনক লৈ এতিয়া কৃষ্ণাই অঞ্চলত সৰ্বত্ৰে চৰ্চা চলিছে ৷ দৰা আতিকুলৰ লগতে পৰিয়ালৰ ইচ্ছা আছিল কিছু ব্যতিক্ৰমীভাবে সম্পন্ন কৰিব বিবাহ।

ভবা মতেই কাম। গাড়ীৰ সলনি অনা হ’ল ঘোঁৰা আৰু দোলা আৰু লগত কেইবা শতাধিক আত্মীয় স্বজনেৰে আনন্দ স্ফুৰ্তিৰ মাজৰে উদ্‌যাপন কৰিলে এটি স্মৰণীয় দিন ৷

স্থানীয় একাংশ লোকে এই বিবাহৰ দৃশ্য দেখি মনত পেলালে পুৰণি সেইএৰি অহা  দিনবোৰৰ কথা ৷ পুৰণিক সোঁৱৰণৰ নামত আতিকুল-সোণপাহিৰ বিবাহে কৃষ্ণাইবাসীক দি গ’ল এক নতুনত্বৰ স্মৃতি।