মই হিন্দু ৷ মোৰ হিন্দুত্বক লৈ কাৰোৰে প্ৰশ্ন কৰাৰ অধিকাৰ নাই ৷ কিয়নো ভগৱান বিষ্ণু, শ্ৰীকৃষ্ণ, শ্ৰীৰাম, হৰি–নাৰায়ন আৰু শ্ৰীমন্ত শংকৰদেৱৰ নাম নোলোৱাকৈ দিনটোৰ কাম আৰম্ভ নকৰো ৷
NCERTৰ পাঠ্যক্ৰমৰ পৰা ‘মোগলৰ ইতিহাস‘ আতৰোৱা খবৰক লৈ সমগ্ৰ দেশতে তোলপাৰ লাগিল ৷ বিজেপিয়ে হিন্দুত্ববাদৰ ভেটি শক্তিশালী কৰিবলৈকে মোগল ইতিহাস নোহোৱা কৰিবলৈ বিচাৰিছে বুলি সৰ্বত্ৰ চৰ্চা–আলোচনা হ‘ল ৷ তাতে আকৌ বিজেপি, আৰএছএছ আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক গালি পাৰিবলৈকে এচামেও যেন পালে সুৱৰ্ণ সুযোগ ৷ পিছে পলমকৈ হ‘লেও মোগল ইতিহাস প্ৰত্যাহাৰৰ খবৰ মিছা বুলি জানিবলৈ দি কোভিডকালীন পৰিস্থিতিত শিক্ষাৰ্থীৰ বোজা কমাবলৈকে কেতবোৰ সাল–সলনি কৰা বুলি স্পষ্টীকৰণ দিলে NCRRTৰ সঞ্চালক দীনেশপ্ৰসাদ ছাকলানীয়ে ৷ মানে, মোগলৰ ইতিহাস পাঠ্যক্ৰমৰ পৰা আতৰোৱা হোৱাই নাই ৷
NCERTৰ সঞ্চালকৰ স্পষ্টীকৰণৰ পিছত ইমানতে বিতৰ্কৰ অৱসান ঘটিবই লাগিছিল ৷ কিন্তু অসম মূলুকত বিতৰ্ক চলিয়েই আছে ৷ ক‘বলৈ গ‘লে, ‘মোগল ইতিহাস‘ৰ প্ৰসংগত আমাৰ অসমতেই কিজানি ব্যাপকভাৱে বাদ–বিবাদ চলি আছে ৷ শাসকপক্ষৰ একাংশ বিধায়কে মোগল ইতিহাসৰ অধ্যায় আতৰাই পেলোওৱাৰ খবৰত উল্লাস কৰি হিন্দু সভ্যতাৰ ইতিহাসকহে গুৰুত্ব দিবলৈ আহ্বান জনালে ৷ বাৰে–বাৰে মোগলক অত্যাচাৰী, আক্ৰমণকাৰী, লুণ্ঠনকাৰী বুলি আখ্যা দি মোগলৰ ইতিহাসৰ পক্ষ লোৱাসকলকো সমালোচনা কৰা দেখা গৈছে ৷ এজন জনপ্ৰতিনিধিয়ে এখোপ ওপৰলৈ গৈ তাজমহল, কুতুবমিনাৰ ভাঙি প্ৰকাণ্ড মন্দিৰ নিৰ্মান কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ আহ্বানকে জনালে ৷ মন্দিৰ নিৰ্মানৰ বাবে এবছৰৰ দৰমহাও আগবঢ়াব ৷ তাতেই ক্ষান্ত নাথাকি তাজমহলৰ নিৰ্মাতা শ্বাহজাহানৰ পত্নীপ্ৰেমক লৈ তদন্তও দাবী কৰিলে ৷ বাহ ৰূপজ্যোতি কুৰ্মী বাহ ৷ বিপৰীতে, ছ‘চিয়েল মিডিয়াত এনে একাংশ লোকৰ মন্তব্য, আলোচনাও পঢ়িবলৈ পালো, যিসকলে ভাৰত মানেই মোগলৰহে অৱদানত চলি থকা বুলি দাবী কৰিবলৈ ধৰিছে ৷ যেন, মোগলৰ স্থাপত্য, শিল্পকলাক বাদ দি বৰ্তমানৰ ভাৰত আৰু ভাৰতীয়ৰ অস্তিত্বই নাই ৷ বাহ বাহ, ধৰ্মীয় গোড়ামিৰো সীমা থাকে ৷ ইমানো ধৰ্মান্ধৰ দৰে মোগলৰ পক্ষ ল‘ব নালাগে ৷
মোগল আছিল আক্ৰমণকাৰী, লুণ্ঠনকাৰী, আগ্ৰাসী ৷ অস্বীকাৰ নকৰো ৷ বহু হিন্দু মন্দিৰ ভাঙি পেলাইছিল মোগলে ৷ এয়াও সত্য ৷ কিন্তু দেশত শাসন চলোৱাৰ পিছত তাজমহল, কুতুবমিনাৰ, লালকিল্লা, আগ্ৰা ফ‘ৰ্ট, জামা মছজিদ, ফাতেহপুৰ চিক্ৰি, এলাহবাদ ফ‘ৰ্টকে ধৰি দেশৰ পৰ্যটনত গুৰুত্বপূৰ্ণ বহু সম্পদ যে মোগলৰ অৱদান, সেয়াও সত্য আৰু কোনেও ভাঙি পেলাব নোৱাৰে ৷ একেদৰে শাস্ত্ৰীয় গায়ন–বায়ন, চিত্ৰকলাৰে বিশ্বৰ দৰবাৰত ভাৰতক উজ্বলাই তোলা শিল্প–কলাৰো সৃষ্টিও আছিল মোগলৰ ৷ বহু বাট–পথকে ধৰি বহু সম্পদ ওলাব, যিবোৰক লৈ ‘ভাৰতীয়‘ বুলি গৌৰৱবোধ কৰি আহিছো আৰু যিসমূহৰ অৱদান মোগলৰ ৷ সেইবোৰ কি আমি অস্বীকাৰ কৰিম এতিয়া?
আকৌ কৈছো ৷ মোগল আছিল আক্ৰমণকাৰী, লুণ্ঠনকাৰী, আগ্ৰাসী জাতি ৷ কিন্তু ইংৰাজসকল একা? তেওঁলোক কি আধুনিক ভাৰতৰ নিৰ্মাতা? স্বাধীন ভাৰতৰ ধ্বজ্জাবাহী? সম্পদ লুটিবলৈকে অবিভক্ত ভাৰতত ঔপৱেশিক সাম্ৰাজ্য গঢ়ি তুলি দেশৰ সাৰ্বভৌমত্বকে ইংৰাজেই নিজৰ অধীন কৰি লোৱা নাছিল জানো? ঔপনিবেশিক শাসনৰ পৰা ৰজাৰ শাসন চলোৱালৈকে ইংৰাজে কি ইখনৰ পিছত ৰাজ্য দখল কৰি লোৱা নাছিল? সেই ইংৰাজৰ পৰা দেশক স্বাধীন কৰিবলৈ সংগ্ৰাম হ‘ল ৷ কোনোৱে হাতত বন্দুক তুলি ল‘লে, অধিকাংশই গ্ৰহণ কৰিলে অহিংস আন্দোলনৰ পথ ৷ কিন্তু বন্দুকৰ সন্মুখত অহিংসাৰে আন্দোলন কৰা ভাৰতীয়ৰ ওপৰত জঁপিয়াই পৰা নাছিলনে বৃটিছ শাসক? ১৯১৯ৰ ১৩ এপ্ৰিলৰ জালিয়ানাবাগৰ গণহত্যাকাণ্ডৰ কথা আমি পাহৰিমনে? অসমৰেই মনিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা, মুকুন্দ কাকতিকে ধৰি কত কিমানজন যে শ্বহীদ হ‘ল ৷ সমগ্ৰ দেশতে ১৮৫৭ৰ পৰা ১৯৪৭লৈ কত কিমানে বৃটিছৰ বন্দুকৰ আগত বুকু পাতি শ্বহীদ হ‘ল, দেশখনক দ্বিখণ্ডিত কৰা ইংৰাজ শাসক–শোষকগোষ্ঠীৰ ইতিহাসক আমি কিদৰে ল‘ম? ১৮৪৯ত পঞ্জাৱৰ নাবালক ৰজা দুলীপ সিঙৰে কৌশলগত চুক্তি কৰি বৃটিছে অতি মূল্যবান কহিনূৰ হীৰা লৈ যোৱাৰ পিছত এতিয়াও মালিক হৈ আছে ৷ দেশৰ সম্পদ লুণ্ঠনকাৰী, স্বাধীনতা কাঢ়ি নিয়া, দেশবাসীৰ ওপৰত দমন নীতি চলোৱা বৃটিছসকলক লৈ কি ইতিহাস নিমাত হৈ আছে?
মোগলৰ দৰে বৃটিছেও দমন নীতি চলাইছিল, ভাৰতৰ সম্পদ লুট কৰিছিল ৷ হ‘লেও বৃটিছে দি থৈ যোৱা বহু সম্পদৰ ভেটিতেই আমি এতিয়া গৌৰৱৰ ধ্বজ্জা উৰুৱাই আছো ৷ আনহে নালাগে বৰ্তমানৰ ৰাষ্ট্ৰপতি ভৱন, সাংসদ ভৱন, বোম্বাই হাইকোৰ্ট ভৱন, মুম্বাইৰ গে‘ট ৱে অৱ ইণ্ডিয়া, দিল্লীৰ ইণ্ডিয়া গে‘ট, কলকতাৰ ভিক্টোৰিয়া মেম‘ৰিয়েল হল, নেশ্যনেল লাইব্ৰেৰী, ৰাইটাৰ্ছ বিল্ডিং, চেন্নাইৰ ফ‘ৰ্ট ছেইণ্ট জৰ্জকে ধৰি দেশৰ কত কিমান যে সম্পদ বৃটিছৰে অৱদান ৷ আমাৰ অসমতে শদিয়াৰ পৰা ধুবুৰীলৈ ওলাব বহু সম্পদ ৷ কিন্তু, ভাৰতৰ সম্পদ লুণ্ঠন কৰা, ভাৰতীয়ৰ ওপৰত দমন–শোষণ চলোৱা, অবিভক্ত ভাৰতক দ্বিবিভক্ত কৰা বৃটিছে দি থৈ যোৱা সম্পদৰাজিৰ অস্তিত্বক জানো অস্বীকাৰ কৰিব পাৰিম? কাইলৈ যদি এচামে দাবী কৰাৰ দৰে মোগলৰ ইতিহাসৰ দৰে বৃটিছৰ ইতিহাসৰ পাতসমূহো বুৰঞ্জীৰ পৰা আতৰাই দিবলৈ কোনোৱে দাবী কৰে, সেইসকলে কি ভাৰতৰ স্বাধীনতা দিৱসটোকো নমনাকৈ থাকিব পাৰিব? ভাৰতত শাসন চলোৱা বৃটিছক আজি শাসন চলাইছে ভাৰতীয় মূলৰ ঋষি ছোনাকে ৷ এয়াও চলতি ইতিহাস ৷
বিজেপি কিম্বা হিন্দুত্ববাদী বহুতেই এতিয়া ৰামায়ণ–মহাভাৰত, তাহানিৰ হিন্দু সভ্যতাৰ ইতিহাস পঢ়োওৱাৰ কথা কৈছে ৷ সহমত প্ৰকাশ কৰিছো ৷ ভগৱান শ্ৰীকৃষ্ণ–শ্ৰীৰামৰ নাম স্মৰণ নকৰাকৈ আমি পানী এঢোকো নামাৰো ৷ কিন্তু সমস্যা ক‘ত জানেনে? আধুনিকতাৰ গণ্ডীত সোমাই ভোগ–বিলাসত মত্ত বহুতেই কিন্তু শ্ৰীৰাম, শ্ৰীকৃষ্ণক ভগৱান বুলি মানিবলৈকে নিবিচৰা হ‘ল ৷ বিশেষকৈ বহু আধুনিকতাবাদী নাৰীৰ দৃষ্টিত পত্নীৰ সততা আৰু সতীত্বক বিশ্বাস কৰিব নোৱৰা পুৰুষোত্তম শ্ৰীৰাম ভগৱান হ‘বই নোৱাৰে ৷ সেইসকলৰ দৃষ্টিত সীতাক অপহৰণ কৰিলেও শৰীৰত হাত নিদিয়া ৰাৱণহে প্ৰকৃত সৎ পুৰুষ ৷ শ্ৰীকৃষ্ণকো বহু নাৰীগামী বুলি ক‘বলৈ বিচৰা তথাকথিত আধুনিকতাবাদীৰো অভাৱ নোহোৱা হৈছে ৷ ছ‘চিয়েল মিডিয়াতে সেইসকলৰ তেনে লেখা–মেলা মাজে–মাজে দেখি আহিছো ৷ এতিয়া তেনে আধুনিকতাবাদীক ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী কেনেকৈ পঢ়িবলৈ বাধ্য কৰিব হিন্দুত্ববাদৰ পৃষ্ঠপোষকসকলে?
ইতিহাস ইতিহাসেই ৷ ইতিহাস মানেই সত্য ঘটনা ৷ সেয়া ভালেই হওক কিম্বা বেয়াই হওক ৷ আমি অস্বীকাৰ কৰিব নোৱাৰো ৷ যদি অতীতৰ কেতবোৰ অলাগতিয়াল, বেয়া দিশ আতৰোৱাবলৈ বিচৰা হৈছে, যিবোৰৰ পৰা কাৰোৰে জীৱনত একো প্ৰভাৱ নপৰে বা উপকাৰো নাহে, তেনে দিশবোৰ আতৰোৱাত কাৰোৰে আপত্তি নাই সম্ভৱ ৷ কিন্তু ইতিহাসক বিকৃত কৰিব নালাগে ৷ অৱশ্যে, এটাহে নুবুজিলো ৷ কোভিডকালীন পৰিস্থিতিত সাল–সলনি কৰিবলৈ বিচৰা বিষয়, পাঠ্যক্ৰম এতিয়াহে প্ৰৱৰ্তনৰ ব্যৱস্থা কিয় কৰা হৈছে ? সাতৰাজ মাৰি একৰাজ কৰা টাই–আহোমসকল ক‘ৰপৰা কেনেকৈ আহি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আমি জানো ৷ শৰাইঘাটত মোগলক আহোমৰাজৰ বীৰ সেনাপতি লাচিত বৰফুকনেই পৰাভূত কৰা নাছিল জানো ? নৰীয়া গাৰেই আহোম সেনাক নেতৃত্ব দি মোগলক পৰাভূত কৰিছিল লাচিত বৰফুকনে ৷ ইংৰাজৰ আগমনৰ পূৰ্বে ভাৰতলৈ আহিছিল পৰ্টুগালৰ ব্যৱসায়ী ৷ আহিছিল ফৰাচী বণিকগোষ্ঠীও ৷ নেডাৰলেণ্ডৰ বেপাৰীও আহিছিল ৷ সেইসমূহ দেশে ভাৰতৰ মাটিৰ পৰা ঔপনিবেশিক ব্যৱস্থা এটা সময়ত আতৰালেও সেই দেশসমূহৰ একাংশ লোক থাকি গ‘ল ভাৰতত, যিসকলৰ উত্তৰপুৰুষ এতিয়া ভাৰতীয় ৷ গতিকে ‘ভাৰত‘ বুলি এতিয়াৰ পৰিচয় কেৱল হাজাৰ হাজাৰ বছৰৰ পুৰণি হিন্দুত্বৰে দিবলৈ বিচাৰিলেই হ‘বনে? হিন্দুৰ পিছতে অতীজতে ভাৰতত প্ৰৱৰ্তিত বৌদ্ধ, জৈন ধৰ্মৰ পিছৰে পৰাই শিখ, ইছলাম, খৃষ্টানকে ধৰি কত কিমান ধৰ্মাৱলম্বী লোক আছে এইখন দেশত ‘ভাৰতীয়‘ পৰিচয়ৰে ৷ আছে, আন বহু জাতি–জনগোষ্ঠীৰ লোক, যিসকলৰ ধৰ্মীয় ৰীতি–পৰম্পৰা, আচাৰ–ঐতিহ্য, কৃষ্টি–সংস্কৃতি, ভাষা ভিন ভিন ৷ হিন্দুত্ববাদৰ পোষকতা কৰি সেইসকলৰ ইতিহাসকো কি আমি মচি পেলাবলৈ বিচাৰিম?৷ আৰু হিন্দু কোন? বৈষ্ণৱ মাৰ্গৰ অনুগামীসকল, শৈৱপন্থীসকল, নে শাক্তপন্থীসকল? মূলতঃ হিন্দুসকলৰ এই তিনিপন্থীৰ মাজতেই বাদ–বিবাদ যুগ যুগ ধৰি চলি আহিছে ৷ তেন্তে হিন্দুত্ববাদৰ প্ৰবক্তাসকলে কোনটো পন্থাক গুৰুত্ব দিব, কোনটোক এৰিব? বৈচিত্ৰ্যৰ মাজত ঐক্য ৷ আমি সৰুতে এইদৰেই জানিছিলো আপোন ভাৰতৰ কথা, ভাৰতীয়ৰ কথা ৷ এতিয়া, সেইখন ভাৰতৰ ইতিহাস–ঐতিহ্যক এইদৰে হিন্দুত্ববাদৰ নাম লৈ ভাগ ভাগ কৰিবলৈ বিচৰাটো শুভ লক্ষণ হ‘বই নোৱাৰে ৷
যিখন দেশে সমগ্ৰ বিশ্বক চমক দেখুৱাই মাৰ্চ মিছন চলাবলৈ সাহস কৰিছে, যিখন দেশৰ মহাকাশ বিজ্ঞানীৰ সহায় লৈ আন দেশে উপগ্ৰহ প্ৰেৰণ কৰিবলগীয়া হৈছে, সেইখন দেশত এতিয়া ধৰ্মক লৈ ৰাজনীতি, ধৰ্মক লৈ ইতিহাসৰ পাত সলনি কৰিবলৈ বিচৰাতো ভাল হোৱা নাই ৷
লেখক – প্ৰশান্ত বল্লভ হাজৰিকা
কাহিলীপাৰা, গুৱাহাটী।
মোবাইল নম্বৰঃ 9957187258