জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান নামৰ ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে মেঘালয়ৰ ৰাজধানী শ্বিলঙত এটা সৰ্বাধুনিক অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট স্থাপন কৰিবলৈ আগবাঢ়িছে।
শ্বিলঙত অৰ্কিডেৰিইয়ামটোৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন হৈছে। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই কয় যে এয়া মেঘালয়ৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি। নিজৰ ভাষণত মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ বিশ্বত হলেণ্ড হৈছে সৰ্বাধিক অৰ্কিড উৎপাদনকাৰী দেশ। ইয়াৰ পাছতেই স্থান হৈছে থাইলেণ্ডৰ। তেওঁ আৰু কয় যে জাপান হৈছে আটাইতকৈ অধিক অৰ্কিড আমদানিকাৰী দেশ। মুখ্য মন্ত্ৰী ছাংমাই কৈছে যে চৰকাৰৰ ‘মেক ইন মেঘালয়’ অভিযানৰ অধীনত জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে এই উদ্যোগ গ্ৰহণ কৰিছে।
আনহাতে, উপস্থিত সুধীবৃন্দক সম্ভাষণ জনাই জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক দীনবন্ধু ছাহুৱে কয় যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত ৮৫০ বিধতকৈও অধিক প্ৰজাতিৰ অৰ্কিড উপলব্ধ কিন্তু সৰ্বাধুনিক প্ৰযুক্তি সমৃদ্ধ অৰ্কিডেৰিয়াম আৰু অৰ্কিড উৎপাদন গোট যথেষ্ট নাই।
এই কথা মনত ৰাখি জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে মেঘালয়ৰ বিভিন্ন স্থানত অৰ্কিড উৎপাদন গোট স্থাপন কৰিব আৰু ইয়াত যথেষ্ট সংখ্যক নিবনুৱা যুৱক-যুৱতী, মহিলা আৰু কৃষকক অৰ্কিড উৎপাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
ইয়াৰ দ্বাৰা অকল মেঘালয়তেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই এটা অৰ্কিড-ভিত্তিক বায়-এণ্ট্ৰেপ্ৰিনিউৰশ্বিপ গঢ়ি তোলা হ’ব। সঞ্চালকগৰাকীয়ে মুখ্য মন্ত্ৰীগৰাকীক অনুৰোধ জনায় যাতে ৰাজ্যখনৰ জনসাধাৰণ উপকৃত হ’ব পৰাকৈ জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানে গ্ৰহণ কৰা জৈৱ-সম্পদ ভিত্তিক কাৰ্যসূচী আৰু মূল্য আৰোপিত কাম-কাজত মুখ্য মন্ত্ৰীজনে সহায়তা আগবঢ়ায়।
নিজৰ ভাষণত মেঘালয়ৰ নগৰ পৰিক্ৰমা মন্ত্ৰী হেমলেটছন ডহলিঙে প্ৰকল্পটোৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে জৈৱসম্পদ আৰু বহনক্ষম উন্নয়ন প্ৰতিষ্ঠানক অভিনন্দন জনায়। তেওঁ কয় যে এই উদ্যোগে ৰাজ্যখনৰ জৈৱবৈচিত্ৰ সংৰক্ষণ কৰাৰ লগতে সেউজ অৰ্থনীতি সবল কৰিব।