কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰক হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্বৰ্ধনা
ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ নৱম মৃত্যু দিৱসৰ লগত সংগতি ৰাখি হোজাইত শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ দ্বাৰা আয়োজিত সমন্বয় দিৱসত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
সমন্বয় দিৱসৰ বিশেষ অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।
হোজাইৰ শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাপতি কেশৱ কাকতী আৰু সম্পাদক গজেন হাজৰিকা স্বাক্ষৰিত প্ৰশস্তি পত্ৰত হোজাই মহকুমাত পি শিৱকুমাৰৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে যৌথ বন পৰিচালনা সমিতি গঠন কৰি অভিলেখ সংখ্যক বৃক্ষ ৰোপন কৰি সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰাৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰে।
বন বিষয়া গৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত হাতত লোৱা বৃক্ষ ৰোপণ আঁচনিৰ সফল ৰূপায়ণৰ বাবেই ইন্দিৰা প্ৰিয়দৰ্শিনী বৃক্ষ মিত্ৰ আৰু কৰ্মশ্ৰী সন্মান ভাৰত চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল।