চামগুৰি আমনিৰ এটা পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

119030162_767744017360967_1907055281717086249_n

ফটো : নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি পুৱা প্ৰায় ন মান বজাত আমনিস্থিত মহাৰাজা হোটেলৰ পিছফালে থকা এটা পুখুৰীত এটা মৃতদেহ প্ৰত্যক্ষ কৰে।

লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মৃতদেহটো বস্তাত ভৰাই বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে।

টি চাৰ্ট আৰু লংপেন্ট পৰিহিত মিঠা বৰণীয়া লোকজনৰ মৃতদেহ আৰক্ষীয়ে বৰ্তমান সময়লৈকে চিনাক্ত কৰিব পৰা নাই বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

কোনো দুৰ্বৃত্তই উক্ত লোকজনক হত্যা কৰি মৃতদেহটো বস্তাত ভৰাই মঙলবাৰে নিশা পুখুৰীত পেলাই থৈ যোৱা বুলি আৰক্ষী আৰু স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে।